মই কিয় পদুমৰ ছবিত ভোট দিলো ?

2007

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ জয় হ’ল। কংগ্ৰেছে যদিও কিছু আসন পাইছে সেইবোৰ বেছিকৈ সংখ্যালঘু অঞ্চলৰ পৰা আহিছে। মুলসুতিৰ অসমীয়া মানুহে ২০১৬ৰ নিচিনা পদুমৰ ছবিতে পুনৰ মোহৰ লগালে। ফলাফল ঘোষণা কৰাৰ পিছত আমি বিভিন্ন সমষ্টিৰ ৰাইজৰ পৰা জানিব বিচাৰিছিলো তেওঁলোকে কিয় বিজেপিক ভোট দিলে। নাম প্ৰকাশৰ পৰা বিৰত থাকি এনে ৬ জন লোকৰ বক্তব্য আমি তলত আগবঢ়ালোঃ

বিধানসভা সমষ্টিঃ পলাশবাৰী

বয়সঃ ৩৫ বছৰ

পেচাঃ প্ৰাইভেট স্কুলৰ শিক্ষক

লিংগঃ পুৰুষ

পদুমৰ ছবিত কিয় ভোট দিলোঃ ২.৫ বছৰত চৰকাৰখনৰ পৰা যিমান আশা কৰিছিলো সিমান নাপালো। তথাপিও কংগ্ৰেছৰ আগৰ চৰকাৰখনতকৈ ভাল। কংগ্ৰেছৰ বেয়া কামবোৰ আমাৰ  মনৰ পৰা এতিয়াও আতৰ হোৱা নাই।

বিধানসভা সমষ্টিঃ পাটাচাৰকুছি

বয়সঃ ৩২ বছৰ

পেচাঃ প্ৰাইভেট বীমা কোম্পানীত চাকৰি

লিংগঃ পুৰুষ

পদুমৰ ছবিত ভোট দিয়াৰ কাৰণঃ দুটা কাৰণত ভোট দিলো। প্ৰথম কাৰণটো হ’ল আমাৰ সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকা কোনো কামৰ মানুহ নহয়। তেওঁ আমাৰ সমষ্টিৰ কোনো উন্নতি কৰিব পৰা নাই। দ্বিতীয়তে হিমন্ত বিশ্ব শৰ্মাই সাদেৰী গাওঁত যি ভাষণ দিছিল সেই ভাষণে মোৰ লগতে আমাৰ গাওঁৰ আন বহুতকে বিজেপিত ভোট দিয়াৰ বাবে প্ৰেৰণা যোগাইছিল।

বিধানসভা সমষ্টিঃ ধৰ্মপুৰ

বয়সঃ ৬০ বছৰ

পেচাঃ দৈনিক হাজিৰা

লিংগঃ মহিলা

পদুমৰ ছবিত ভোট দিয়াৰ কাৰণঃ আমাৰ চুবাটোৰ সকলোৱে বিজেপিক ভোট দিছে বাবে ময়ো দিছো। মোক কৈছে যে বিজেপিক ভোট দিলে বিনামূলীয়া গেছ আৰু বিজুলী পাম।

বিধানসভা সমষ্টিঃ তিনিচুকীয়া

বয়সঃ ৫৫ বছৰ

পেচাঃ গৃহিনী

লিংগঃ মহিলা

পদুমৰ ছবিত ভোট দিয়াৰ কাৰণঃ মোৰ লৰাই এটকাও ঘোচ নিদিয়াকৈ টেটৰ শিক্ষক হৈছে। ইয়াৰ উপৰিও চৰকাৰৰ দুৰ্নীতি বিৰোধী কাম কাজত মই সন্ত্তষ্ট হৈ বিজেপিত ভোট দিছো।

বিধানসভা সমষ্টিঃ নলবাৰী

বয়সঃ ৬৫ বছৰ

পেচাঃ অবসৰ প্ৰাপ্ত শিক্ষক

লিংগঃ পুৰুষ

পদুমৰ ছবিত ভোট দিয়াৰ কাৰণঃ মই এখন বাংলাদেশী মুক্ত অসম বিচাৰো বাবে বিজেপিক ভোট দিছো। মই আজি নহয় যোৱা ২০ বছৰৰ পৰা বিজেপিক ভোট দি আহিছো। বিজেপি যেতিয়া দুৰ্বল আছিল তেতিয়াও দিছিলো, এতিয়া সবল আছে এতিয়াও দিছো।

বিধানসভা সমষ্টিঃ ডিব্ৰুগড়

বয়সঃ ৫০ বছৰ

পেচাঃ অধ্যাপক

লিংগঃ পুৰুষ

পদুমৰ ছবিত ভোট দিয়াৰ কাৰণঃ  এজনক বাদ দি বৰ্তমান বিজেপি চৰকাৰৰ এজনৰো কৰ্মদক্ষতা নাই। তথাপিও উপায় নাপাই বিজেপিকে দিলো। কংগ্ৰেছে বাংলাদেশী আৰু দুৰ্নীতি সমস্যা সমাধান কৰিব নোৱাৰে। অগপই দুবাৰ ঠগিলে। সেয়ে অন্য বিকল্প নাপাই পদুমতে মোহৰ লগালো।