২ কৌটি বাংলাদেশী বিতাৰণ অলৌকিক নে ৰাজনৈতিক ?…..

1876

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


এগৰাকী ব্যক্তি। আচল নামটো প্ৰকাশ কৰাৰ পৰা বিৰত থাকিলোঁ কিয়নো ‘নাম’তেই মানুহে জাত-পাত-ধৰ্ম বিচাৰি পায়।
ধৰি ল’লোঁ ব্যক্তিগৰাকীৰ নাম ‘ক’।
১৯৭১ চনৰ ২৫ মাৰ্চ। সেইদিনা ‘ক’ই পত্নীৰ লগত বাংলাদেশৰ ছত্তগ্ৰামৰপৰা ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে প্ৰৱেশ কৰিছিল। তেতিয়া তেওঁৰ বয়স আছিল ৩০ বছৰ। ধুবুৰীৰপৰা আহি তেওঁ গুৱাহাটী পালে আৰু মিস্ত্ৰীৰ লগত কাম কৰিবলৈ আৰম্ভ কৰে।
দিন বাগৰিল।
১৯৭২ চনৰ এপ্ৰিলৰ ২০ তাৰিখে, মানে বহাগ মাহত তেওঁ দুজন যমজ ল’ৰা সন্তানৰ পিতৃ হয়। সিহঁত দুটাক ৫ বছৰ বয়সত বেলতলাৰ চৰকাৰী এলপি স্কুলখনত নাম লগাই দিয়ে। আৰম্ভ হ’ল জুয়ে পোৰা তিৰাশী। ৮৩’ ৰ আন্দোলনত গুৱাহাটীৰপৰা তেওঁলোকৰ পৰিয়াল গৈ ফকিৰাগ্ৰাম পালে । তাতেই ল’ৰা দুটাক ক্লাচ ফাইভত নাম লগাই দিয়ে আৰু ‘ক’ই নিজৰ কাম পুনৰ আৰম্ভ কৰে।
১৯৯৬ চন। বিশ্বকাপ ক্ৰিকেটৰ জ্বৰত ভূগিছে ভাৰতৰ যুৱ চাম ।
সেই বছৰতে এখন ৰভাৰ তলতে দুই সন্তানৰ বিয়া পাতিলে ‘ক’ দম্পত্তিয়ে। ৫৫ বছৰ বয়সৰ দেওঁনা পাৰ কৰা ‘ক’ই পিতৃ দায়িত্ব সম্পন্ন কৰিলে । অতি কষ্টকৰ জীৱন অতিবাহিত কৰা ‘ক’ দুই পুত্ৰৰ ব্যৱসায় – বানিজ্য আৰু সংসাৰত অতি সুখী পিতৃ এজন । দুবছৰ পিছত মানে ১৯৯৮ ত ‘ক’ ই নাতিৰ মুখ দেখা পালে । নাতি-পুতিৰে ‘ ক’ ৰ ঘৰখন এতিয়া জীপাল।
দিন বাগৰিল, সময় বাগৰিল।
২০১৪ চন। মোদী চৰকাৰ ক্ষমতালৈ আহিল আৰু সেই বছৰে ‘ক’ৰ ডাঙৰ নাতিয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ঘৰলৈ লেপটপ আনিলে। ২০‍১৮ চন। সেই ৭১’ ত অসমৰ মাটিত ভৰি দিয়া মানুহজনৰ বয়সে ৭৭ বছৰত ভৰি দিলে। পত্নী আৰু ৪৬ বছৰীয়া দুই পুত্ৰৰ ১৪ – ১৮ বছৰীয়া ৫ জন নাতিপুতিৰে ঘৰখন ভৰি পৰিছে।
কিন্তু সকলো ঠিকেই চলি থকা ঘৰখনত বিনামেঘে বজ্ৰপাত আনিলে এটা শব্দই ‘এন আৰ চি’!
নাম নাহিল পৰিয়ালৰ এজনৰো। সিহঁতৰ গাওঁৰ প্ৰায় ১০০০ মানুহৰ নাম নাই । বিতাৰণৰ দাবী উঠিল , মিডিয়াই ব্ৰেকিং নিউজ দেখুৱাই আছে । লাখ লাখ ‘ক’ দৰে পৰিয়ালক বিতাৰণ কৰি পাতালত ৰাখিব নে স্বৰ্গত ৰাখিব? বিতাৰণক লৈ ৰাজনীতি, কূটনীতি সম্ভৱ কিন্তু বিতাৰণ জানো সম্ভৱ? এই উত্তৰ হয়তো বিচাৰিলেও পাবলৈ কঠিন বৰ্তমান।