ভোগালীৰ বজাৰত অসমৰ নেতা

1924

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • চবিন বসুমতাৰী

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


এই বছৰৰ ভোগালী বিহুৰ আহে আগে দল সংগঠন বিলাকে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ ৰাজনীতি উত্তপ্ত কৰি ৰাখিলে। শাসক আৰু বিৰোধীৰ এই যুঁজত ত্রাহিমাম কৰিলে অসমৰ ৰাইজে। ভূতৰ ওপৰত দানহ পৰা দি দুদিন মান অসম বন্ধও হ’ল। তাৰ ফলত ক্ষতিগ্ৰস্হ হ’ল অসমৰ খাতি খোৱা শ্ৰেণীৰ লোক। ভোগালীৰ আগে আগে নিজৰ দুৰ্ভোগ দেখি হতাশ হৈ পৰিল অসমৰ ক্ষুদ্ৰ ব্যাপাৰী সকল। তেওলোকে সিদ্ধান্ত ল’লে যে ভোগালীৰ বজাৰত কোনো নেতাক বস্তু বিক্ৰী নকৰে তেওঁলোকে। নেতা বিলাকে এই কথা জানিব পাৰি চদ্মবেশত ভোগালীৰ বজাৰ কৰাৰ চেষ্টা চলালে। দোকানী বোৰো সজাগ হৈ আছে। চাও আহক কোন দোকানীয়ে চদ্মবেশত অহা নেতাবোৰক চিনাক্ত কৰিবলৈ সক্ষম হ’ল…..
(১)
গ্ৰাহক ১ঃ বগা তিল লাগিছিল…আছে নেকি?
দোকানীঃ বগাটো শেষ হ’ল। ক’লাটো লৈ যাওক। সোৱাদটো একেই।
গ্ৰাহক ১ঃ ক’লাৰ প্ৰতি মোৰ এলাৰ্জি আছে। তোমালোকে সব বস্তু সমানে ৰাখিব লাগে। গ্ৰাহকে মনত দুখ পোৱা কোনো কাম কৰিব নালাগে।
দোকানী ১ঃ সোণোৱাল ছাৰ…আপুনি???
(২)
গ্ৰাহক ২: ভাল দৈ লাগিছিল হ’ব নেকি?
দোকানী ২ঃ আমাৰ দোকানত যিমান দৈ আছে সকলো ভাল।
গ্ৰাহক ২:আপোনাৰ এই বক্তব্যটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। যোৱাকালি মই ইয়াৰ পৰাই নিছিলো কিন্তু বহুত টেঙা আছিল।
দোকানী ২ঃ কেতিয়াবা দুই এটা বেয়া আহে আৰু এদজাষ্ট কৰিব লাগিব।
গ্ৰাহক ২: সমুদ্ৰ মন্হনত ওলোৱা বিষ বোৰ মোকেই দিবি নেকি? তোৰ নাম কামৰুল নে খাইৰুল? তহতক এসেকা দিব লাগিব।
দোকানী ২ঃ  দাদা…দাদা…দাদা..
(৩)
গ্ৰাহক ৩ঃ চিৰাৰ দাম কিমান?
দোকানীঃ ৫১ টকা কিলো?
গ্ৰাহকঃ মই ৭১ টকা দিম। হবনে?
দোকানীঃ মইতো ৫১ হে কইছো, ৭১ কিয় দিয়ে?
গ্ৰাহক ৩ঃ মই তেনেকুৱাই। মোক ৫১ নহয় সব বস্তু ৭১ত লাগে।
দোকানীঃ মহন্ত…মহন্ত…
(৪)
গ্ৰাহক ৪ঃ এৱা গাখীৰ লাগিছিল?
দোকানী ৪ঃ এইটো লৈ যাওক…বঢ়িয়া হ’ব…দামটো অলপ বেছি..
গ্ৰাহক ৪ঃ  ভাল নালাগেহে! পানী থকা হলেও কথা নাই। দামটো অলপ কমত লাগে।
দোকানী ৪ঃ বিহুৰ বতৰত সকলোৱে ভাল গাখীৰ নি আছে। আপোনাক বেয়া লাগে!
গ্ৰাহক ৪ঃ অনশনত বহা মানুহৰ বাবে লাগে। গোটেই দিন নোখোৱাকৈ আছে..কি গম পাব ভালনে বেয়া?
দোকানী ৪ঃ ভূঞা….
(৫)
গ্ৰাহক ৫ঃ চিটল মাছৰ দাম কিমান?
দোকানী ৫ঃ ১০০০ টকা কিলো।
গ্ৰাহক ৫ঃ বদমাছ, অসভ্য…মুৰৰ পৰা ভৰিলৈ তই দগাবাজ..
দোকানী ৫ঃ আপোনাৰ বোলে আৰু কিবা অনশন আছিল হে অকিল দা?
(৬)
গ্ৰাহক ৬ঃ খিলঞ্জীয়া  মাছ দেখুওৱা..
দোকানী ৬ঃ ইলিছক বাদ দি সব আমাৰ খিলঞ্জীয়া মাছ।
গ্ৰাহক ৬ঃ ইলিছ মাছ কিয় বিক্ৰী কৰিছা?
দোকানী ৬ঃ খুৰা, এই মাছটো ১৯৭১ চনৰ আগতে অহা।
গ্ৰাহক ৬ঃ মোক বুৰ্বক পাইছ নেকি? এতিয়া বজাৰত বজ্ৰনিনাদ হ’ব।
দোকানী ৬ঃ ভট্ট ….