লুৰিণৰ প্ৰতি নৰম বিজেপি

1021
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


লুৰিণ জ্যোতি গগৈয়ে আছু  বাদ দি বিজেপিত যোগ দি তপন গগৈৰ দৰে অমৃত পান কৰিব পাৰিলেহেঁতেন । কিন্তু  সেয়া নকৰি অচিন সাগৰত নাওঁ মেলি নতুন দল খুলিলে । দল খুলি  সমুজ্জল ভট্টাচাৰ্য্যৰ লগত শত্ৰুতাও কৰিলে । লুৰিণে চেলেঞ্জ কৰি নতুন দল জন্ম দিলে । পুলকেশ বৰুৱাৰ দৰে ৭৫ বছৰৰ সমসামযিক ব্যক্তিক টিকট দিয়া হ’ল ।  অগপৰ পৰা  কংগ্ৰেছ ,পুনৰ কংগ্ৰেছৰ পৰা অগপ আৰু এতিয়া অজাপলৈ ঢাপলি মেলা পবিন্দ্ৰ ডেকা হৈছে দলৰ কাৰ্য্যকৰী সভাপতি । দুলু আহমেদৰ বাহিৰে এজনো  নেতাৰ লগত ৰাইজৰ সম্পৰ্ক বিশেষ ভাল নহয় । যিখন ৰাজ্যত ৩০% শতাংশতকৈ ও কম বৰ্ণ হিন্দু অসমীয়াভাষী , সেইখন ৰাজ্যত  অসমীয়াভাষীক ৰাজনীতিৰ সফলতা তেনেই সীমিত । খিলঞ্জীয়া ভুমিপুত্ৰ জনজাতি সকলে কেতিয়াবাই এই ৰাজনীতিৰ পৰা নিজকে পৃথক কৰিছে । বাকী থাকিল খিলঞ্জীয়া অসমীয়া ভাষী মুছলমান , যাৰ ভোটৰ সংখ্যা ৫% আৰু এই পাঁচ শতাংশৰ ৪% মান এতিয়াও  কংগ্ৰেছৰ দখলৰ পৰা মুক্ত নহয় ।  তেনেস্থলত লুৰিণ জ্যোতি গগৈ দুলিয়াজানৰ পৰা পৰাজিত হব আৰু নাহৰকটিয়া  কিছু প্ৰতিদ্বন্দ্বিতাৰ মাজেৰে হলেও হাৰিব ।  ২ মে’ৰ পিছত পুনৰ আছুলৈ ঘুৰি যাব নোৱাৰে । তেন্তে কি কৰিব ?  উজনিৰ ৰাইজ যিহেতু বিজেপিৰ লগত আছে সেয়ে তেওঁ বিজেপি গমন কৰাৰ বাহিৰে উপায় নাই । হিমন্ত বিশ্ব শৰ্মাইও লুৰিন জ্যোতিক ব্যক্তিগত কথাত আক্ৰমণ কৰা নাই আৰু বহু সময়ত নৰম পথেই লৈছে । যোৱা দুবছৰত মুখ্যমন্ত্ৰীক কটু সমালোচনাৰে থকা সৰকা কৰি সৰ্বানন্দ সোণোৱালৰ স্থিতিকো তেওঁ দুৰ্বল কৰিছে । প্ৰয়াত হিতেশ্বৰ শইকীয়াকো আছুৱে সমালোচনা কৰিছিল , বাতৰি কাকতে ভিলেইন বনাইছিল । কিন্তু চচিয়েল মিডিয়া নথকা স্বত্তেও শইকীয়াই আছুক বহু ভাগত বিভক্ত কৰি বাঘৰ দৰে ৰাজনীতি কৰিছিল । কিন্তু সৰ্বানন্দ সোণোৱাল এইক্ষেত্ৰত কিছু নৰম পৰিল কাৰণ সোণোৱালো আছিল আছুৰ প্ৰাক্তন সভাপতি । বিজেপিৰ ভিতৰ মহলত হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰা পক্ষটোৱেই হৈছে আছু আৰু লুৰিণ জ্যোতি গগৈ । আৰ এছ এছৰ কাৰণেও হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰাধিকাৰী এজনৰ প্ৰয়োজন অহা ১৫ বছৰত । তেনেস্থলত লুৰিণ জ্যোতিৰ বাহিৰে অন্য বিকল্প নাই আজিৰ সময়ত ।