আজ কা ৰত্নাকৰ

1818

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


ৰত্নাকৰ কেনকৈ বাল্মীকি হ’ল সেই কথা নজনা মানুহ হয়তো কম আছে। দস্যু ৰত্নাকৰে যেতিয়া পত্নী আৰু সন্তানক তেওঁৰ পাপৰ ভাগ লবনে সেই বিষয়ে প্ৰশ্ন কৰিলে তেতিয়া এজনেও পাপৰ ভাগ ল’বলৈ মান্তি নহ’ল। তেতিয়া দস্যু ৰত্নাকৰ বাল্মীকিলৈ ৰুপান্তৰিত হয়। যতীন বৰাৰ ৰত্নাকৰ ছবিখন আজিৰ বাস্তব জীবনৰ প্ৰতিফলন। প্ৰেয়সীৰ অনুৰোধ ৰক্ষা কৰি যতীন বৰাই সকলো বেয়া কাম বাদ দিলে। ৰত্নাকৰ থাকোতেও তেও কিন্তু বৃদ্ধাশ্ৰম খুলি দিছিল। তাৰমানে তেওঁৰ অন্তৰত বাল্মীকি ইতিমধ্যে সুপ্ত হৈ আছিল। বৰষাই অলপ পানী চতিয়াই দিয়াত বাল্মীকিয়ে পূৰ্ণতা পায়। চিনেমাখনৰ এটা গতি আছে আৰু সেয়ে ই হিন্দী চিনেমাক ফেৰ মাৰিব পৰা হৈছে। বাণিজ্যিক ভাবেও সফল হৈছে। নিসন্দেহে ই অসমীয়া চিনেমাৰ বাবে এটা ভাল কথা। অবশ্যে চিনেমাৰ নায়কৰ মেদবহুলতা আৰু নায়ক নায়িকাৰ বয়সকলৈ ৰাইজ অলপ চিন্তিত। ৪৯ বছৰীয়া নায়ক, ৩৭ বছৰীয়া দুয়োগৰাকী নায়িকা। বাবা ৰামদেবৰ নাম লৈ থাকিলে অহা কেইটামান বছৰলৈ চিন্তা নাই।
ৰত্নাকৰৰ বিষয়ে আমি বহু মানুহক প্ৰশ্ন কৰিছিলোঃ
ধন – বিত দাসঃ আমি নিজে বহুতকে ৰত্নাকৰৰ পৰা বাল্মীকি বনাইছো। আমাৰ দলৰ প্ৰায় ৭০% মানুহেই বাল্মীকি। ভবিষ্যতেও ৰত্নাকৰক আনি বাল্মীকি বনাই থাকিম ।
কৰুণ গগৈঃ  আমাৰ ওচৰত বাল্মীকি বনোৱা মেচিন নাই । এদিন সময় আহিব বিজেপি ৰ ঋষিসকলেই ৰত্নাকৰ হ’বলৈ বাধ্য হ’ব ।
ফ্ৰাষ্টেচন বিশ্ব শৰ্মা :  পুত্ৰ স্নেহত গগৈ  ভীষ্ম হ’ল । শৰশয্যাত থাকি  ৰত্নাকৰ- বাল্মীকি ভাবি  থাকিলে ভাল দেখায় জানো?
নিপুণ  বৰাঃ আমাৰ চৰকাৰ আহিব দিয়ক সকলো ৰত্নাকৰকে জেলত পঠাম । জেল কা বাদলা জেল। তিহাৰ কা বাদলা কালাপানী  হ’ব ।
সুদৰ্শন সোণোৱালঃ সকলোকে অনুৰোধ, নিজৰ অন্তৰত থকা ৰত্নাকৰক মাৰক। বাল্মীকিক জগাওঁক। তেতিয়াহে পাহাৰ ভৈয়ামৰ উন্নতি হ’ব , ব্ৰহ্মপুত্ৰ – বৰাকৰ সমন্বয় হ’ব ।   আমি সকলোৱে মিলি বৰ অসম গঢ়িব লাগিব।
নয়না  নিলীমঃ পৰিস্হিতিত পৰি ৰত্নাকৰ বাল্মীকি হয় আৰু বাল্মীকিও ৰত্নাকৰ হয়,
  ‘ জানমনি তোমাৰ বাবে…জানমনি তোমাৰ বাবে…’