অখিল গগৈৰ চক্ৰবেহুত ভৰি দিলে কংগ্ৰেছ নেতৃত্ব

1042

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


হিৰেণ  গোঁহাইয়ে  ৰাইজৰ দল ত্যাগ কৰিছে অখিলৰ লগত মতানক্যৰ কাৰণে । কমল কুমাৰ মেধীয়ে কংগ্ৰেছ দল ত্যাগ কৰি পুৰণি সংগী অখিল গগৈৰ কাষ চাপিছে ।   বদৰুদ্দিন আজমল , বাওঁপন্থীৰ লগত কংগ্ৰেছে মিত্ৰতা কৰি কিছু সমষ্টি বাওঁ দলক এৰি দিছে । সৰভোগত মহাজোঁটৰ প্ৰাৰ্থী চিপিএম দলৰ মনোৰঞ্জন তালুকদাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।উমৈহতীয়া প্ৰাৰ্থী তালুকদাৰৰ জয় প্ৰায় নিশ্চিত ।  এতিয়া আহিছো কমল মেধীৰ প্ৰসংগলৈ । ৰাইজৰ দলৰ মঞ্চৰ পৰা কমল মেধীয়ে ব্ৰাহ্মণ বিৰোধী মন্তব্য কৰিছে , মাদ্ৰাছা বন্ধ কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বাৰম্বাৰ কটু মন্তব্য কৰি ধৰ্মীয় সংখ্যালঘুৰ মন জয় কৰিছে । ভবানীপুৰ সমষ্টিত কমল কুমাৰ মেধীয়ে নিৰ্বাচন খেলিছে ।  হিন্দু ভোট বিভাজন কৰি ইউডিএফৰ প্ৰাৰ্থী জনৰ জয়ত সহায় হব কমল মেধীৰ প্ৰক্ষেপ । আন এটা সমষ্টি হৈছে সৰুক্ষেত্ৰী ।  প্ৰধান যুঁজ হব কংগ্ৰেছ জাকিৰ হুছেইন চিকদাৰ আৰু ইউডিএফৰ মীনাক্ষী ৰহমানৰ মাজত । গায়িকা কল্পনা পাটোৱাৰী ১৮ % ৰ পৰা ২০ % ভোট লৈ পৰাজিত হোৱাৰ আশা সৰ্বাধিক । কিন্তু জাকিৰ হুছেইনৰ সন্মুখত প্ৰত্যাহ্বান হৈ উঠিছে ৰাইজৰ দলৰ বড়ো ভাষী  প্ৰাৰ্থীজন । কংগ্ৰেছ আৰু ইউডিএফৰ মাজত তীব্ৰ প্ৰতিদন্দিতা হব কাৰণ মুছলমান ভোটৰ উলম্ব বিভাজন হব । জয়ৰ কাৰণে লাগিব কিছু শতাংশ হিন্দু ভোট । এই ক্ষেত্ৰত জাকিৰ হুছেইন যদিও আগবাঢ়ি থাকে তথাপি এইবাৰ ৰাইজৰ দলৰ হিন্দু প্ৰাৰ্থীজনে কংগ্ৰেছৰ অংকত আউল লগাব ।শিবসাগৰ সমষ্টিত অখিল গগৈৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰাইছে অন্যহাতে কংগ্ৰেছৰ জেষ্ঠ্য নেতা ভুমিধৰ পুত্ৰৰ পুত্ৰ দিগন্ত বৰ্মনে থিয় হোৱা সমষ্টিত বদৰুদ্দিন আজমলে প্ৰাৰ্থী দিছে ।  দিগন্ত  বৰ্মনৰ জয়ৰ পথ ৰুদ্ধ কৰি দিব পাৰে ইউডিএফৰ প্ৰাৰ্থীজনে । কংগ্ৰেছৰ বহু কেইজন প্ৰাৰ্থীৰ বাবে নামনি অসমত বদৰুদ্দিন আজমল , ৰাইজৰ দল বা অখিল গগৈ হেঙাৰ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত নামনি অসমত বদৰুদ্দিন আজমলে যদি তীব্ৰ সাম্প্ৰদায়িক ভাষণ দিয়ে তেন্তে বুজা যাব যে নামনি অসমত কংগ্ৰেছক শুন্যত ৰাখি ইউডিএফক শক্তিশালী কৰাটো আজমলৰ পৰিকল্পনা ।বাওঁপন্থী কানহায়া কুমাৰ,অখিল গগৈ আৰু বদৰুদ্দিন আজমলৰ চক্ৰবেহুত কংগ্ৰেছ অসমত দুৰ্বল হৈ পৰাটো প্ৰায় খাতাং।উজনিৰ পৰাজিত কংগ্ৰেছী নেতা সমুহ বিজেপিত যোগ দিবলৈ বাধ্য হব আৰু নামনিৰ পৰাজিত ধৰ্মীয় সংখ্যালঘু কংগ্ৰেছীবিলাক লাহে লাহে আজমলৰ কাশ চাপিবলৈ বাধ্য হব ।  নিৰ্বাচনৰ ফলাফলৰ এবছৰ পিছত অখিল গগৈ আৰু বদৰুদ্দিন আজমলৰ মাজত থকা বুজাবুজি মুকলি হব বুলি ৰাজনৈতিক মহলত উচ্চাৰিত হৈছে ।