হিমা, জন গণ, জুবিন ইত্যাদি

2394

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


মিলখা সিংএ পৰা নাছিল। পৰা নাছিল পি.টি উচাইও। কিন্তু অসম কন্যা হিমা দাসে কৰি দেখুৱালে। ট্ৰেক ইভেন্টত প্ৰথম বাৰৰ বাবে সোনৰ মেডেল আজুৰি আনিলে এজন ভাৰতীয়ই। গোটেই ভাৰতবৰ্ষ আজি হিমাক লৈ গৌৰবান্নিত। হিমাই যেতিয়া হাৰিকেনৰ দৰে দৌৰি নিজৰ প্ৰতিদ্বন্দ্বী বিলাকক চেৰ পেলাই ৪০০ মিটাৰ দৌৰত প্ৰথম স্হান অধিকাৰ কৰিলে বহু ভাৰতীয়ৰ নিচিনা আমিও আনন্দত আত্মহাৰা হৈ পৰিলো। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী আদিকে ধৰি অনেক গণ্য মান্য ব্যক্তিয়ে হিমাক শুভেচ্ছা জনালে। নিসন্দেহে হিমাৰ এই জয়ে ভাৰতৰ খেল জগতত এক সোনালী অধ্যায়ৰ সুচনা কৰিলে। হিমাৰ এই জয়ৰ পিছত হোৱা কিছুমান ঘটনাৰ ওপৰত অ‍ামাৰ দৃষ্টিপাত:

১) হিমাই বিশ্বজয় কৰাৰ পিছত অসমীয়া গামোচাক যেনেদৰে সন্মান প্ৰদৰ্শন কৰিলে সেয়া দেখি আবেগিক হৈ পৰিলো। গলত গামোচা আৰু হাতত জাতীয় পতাকা লৈ হিমাই ডাঙি ধৰিলে প্ৰকৃত জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ চৰিত্র।
২) পদক লোৱাৰ সময়ত যেতিয়া ৰাষ্ট্ৰগাণ চলি আছিল , তেতিয়া নিজৰ চকুলো ৰখাব পৰা নাছিল হিমাই। হিমাৰ অন্তৰত থকা ৰাষ্ট্ৰপ্ৰেমৰ নমুনা দেখি গোটেই দেশ অভিভূত হৈ পৰিল। বিড়ম্বনা চাওক; যাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বিশ্বৰ দৰবাত সসন্মানে বাজি উঠিল সেইজনী হিমাৰ জন্মস্হান অসমৰ উল্লেখ নাই ৰাষ্ট্ৰীয় সংগীতত।
৩) প্ৰধানমন্ত্রীয়ে উত্তৰ প্ৰদেশৰ জনসভাত হিমাক প্ৰশংসাৰে উপচাই পেলালে। অকল প্ৰশংসা কৰাই নহয় খুব সুন্দৰ ভাবে বৰ্ণনা কৰিলা হিমাৰ বিজয়ক। ধিং, অসম, গামোচা, ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় সংগীত, হিমাৰ চকুলো সকলো আছিল এই ভাষনত। প্ৰতিজন অসমীয়াৰ হৃদয় জয় কৰিলে মোডী ডাঙৰীয়াই। ‘মন কি বাত’তো হিমা দাসক প্ৰশংসা কৰিছে মোডীয়ে।
৪) জুবিনে হিমাক গৰু খাবলৈ উপদেশ দি সূচনা কৰিলে অাৰু এটা বিতৰ্কৰ। জুবিনৰ উদ্দেশ্য বেয়া নহব পাৰে কিন্তু সামাজিক ভাবে মুকলিকৈ তেনে কথা কোৱা গ্ৰহণযোগ্য নহয়।
৫) হিমাৰ ইংৰাজীক লৈ ফেদাৰচনে কৰা মন্তব্যৰ প্ৰতিবাদ কৰিলে গোটেই দেশে। শেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল তেওঁলোক। সংসদত গৌৰৱ গগৈয়েও ইয়াক লৈ প্ৰশ্ন কৰা দেখা গ’ল।
৬) গুগলত হিমাৰ জাতি কি সেয়া জানিবলৈ চেষ্টা কৰিছে বহু লোকে। এই কথাই হতবম্ব কৰিছে আমাৰ দৰে বহুতক। জাত পাতৰ ঠেক গণ্ডীৰ পৰা এতিয়াও যেন ওলাই আহিব পৰা নাই আমাৰ দেশ।
৭) মেৰি কম, মিলখা সিং আদিৰ দৰে ভবিষ্যতে হিমাক লৈও হয়তো নিৰ্মাণ হ’ব চিনেমা। নাম কি হ’ব ? ধিং এক্সপ্ৰেছ, অসম এক্সপ্ৰেছ নে ভাৰত এক্সপ্ৰেছ ?

শেষত অলপ ধেমালি। আমাৰ ৰাস্তা বনাবৰ বাবে হেনো চৰকাৰৰ টকাৰ অভাব। হিমাৰ বিজয়ে মোডী ডাঙৰীয়াক অত্যন্ত প্ৰফুল্লিত কৰিছে। হিমাই অসম চৰকাৰক এটা সুযোগ আনি দিছে। হিমাৰ বাবে কিজানি ৰাস্তাবোৰ নিৰ্মাণ হইয়েই।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)