২০২০ ত বিটিচি : হাগ্ৰামা নে হীৰা ?

1868

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০২১ ত অসম বিধান সভাৰ নিৰ্বাচন আৰু ২০২০ ত হ’ব বিটিচি পৰিষদীয় নিৰ্বাচন । বিধান সভাৰ নিৰ্বাচন হ’ব সম্পুৰ্ণ একপক্ষীয় । বংগীয় মুছলমান প্ৰধান সমষ্টি কেইটাৰ বাহিৰে আন সমষ্টিসমুহত বিজেপি মিত্ৰজোঁটৰ স্থিতি অত্যন্ত ভাল আন দলতকৈ । বিধান সভা নিৰ্বাচন   সেৰেকা হোৱাৰ আশাই বেছি যদিও   ২০২০ ৰ বিটিচি নিৰ্বাচনত কিন্তু অতি তীব্ৰ প্ৰতিদন্দীতা হোৱাটো খাতাং । বিটিচি গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে হাগ্ৰামা মহিলাৰী অগ্নিপৰীক্ষাৰ সন্মুখিন হ’ব । ২০১৫ বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ প্ৰত্যাহ্বান আছিল ইউপিপিএল । ২০১৪  লোকসভা নিৰ্বাচনত ৰেকৰ্ড ভোটৰ ব্যৱধানত জয়ী হোৱা নব কুমাৰ শৰণীয়া ( হীৰা শৰণীয়া ) ৰ দলে বিপিএফক শলঠেকত পেলাব পৰা নাছিল কাৰণ লোকসভা নিৰ্বাচনত হীৰা শৰনীয়াৰ লগত ঐক্যবদ্ধ সংগ্ৰাম কৰা দল – সংগঠনবোৰৰ মাজত বিভাজন আহিছিল ।  সেইবাৰ বিপিএফৰ জয়ত মুখ্য ভুমিকা লৈছিল অজনজাতি ভোট বেংকটোৱে । যিটো ভোটবেংকে হীৰা শৰনীয়াক ২০১৪ ত জয়ী কৰাইছিল , সেই একেই ভোট বেংকটোৱে যোৱাবাৰৰ বিটিচি নিৰ্বাচনত বিপিএফৰ জয়ৰ কাৰণ আছিল ।
‌আকৌ আহিছে বিটিচি নিৰ্বাচন দুই মেৰুত দুজন কেপ্তেইন । থিক আইপিএল টাইপ ।  এফালে হাগ্ৰামা মহিলাৰী আৰু আনফালে হীৰা শৰণীয়া ।  ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰী ২০২০ ত হ’ব বিটিচি পৰিষদীয়  নিৰ্বাচনত সকলো পক্ষই সফলতা দাবী কৰিব পাৰে । বিপিএফ আৰু  ইউপিপিএলৰ মাজত কথাবৰ্তা আৰম্ভ হৈছে । যদি মিত্ৰতা হয় তেন্তে দুয়োটা দলৰ মাজত প্ৰায় সমান সমান আসন ভাগবতোৱাৰা হ’ব লাগিব আৰু সমষ্টি বুজাবুজি হোৱা মানেই বিপিএফত প্ৰথম বাৰৰ বাবে সংগঠিত বিসম্বাদ আৰম্ভ হোৱাটো স্বাভাবিক । এই ক্ষেত্ৰত লক্ষণীয় হ’ব যে এই দুটা দলৰ মিত্ৰতাই বিটিএডি অঞ্চলৰ অজনজাতি ভোটাৰখিনিক পুনৰবাৰ সংগঠিত কৰিব নেকি ? নব কুমাৰ শৰণীয়াৰ ভুমিকা এইবাৰ হ’ব লক্ষণীয় ।  ২০১৫ ত নব কুমাৰ শৰণীয়াৰ ভোট বেংকত আন দলবোৰে  দখল দিয়াৰ বাবেই বিপিএফ জয়ী হৈছিল । কিন্তু ২০১৯ ৰ ফলাফলে হীৰা শৰণীয়াকো শংকিত নকৰা নহয় । জয়ী হৈছে যদিও ভোটৰ ব্যৱধান এক চতুৰ্থাংশলৈ কমি আহিল ।  কংগ্ৰেছৰ ভোট শ্বেয়াৰেও নিৰ্ণায়ক ভুমিকা লোৱাটো খাতাং । কাৰণ ২০১৯ ত কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছৰ ভোটৰ সংখ্যাই প্ৰমাণ কৰিছে কংগ্ৰেছৰ স্থিতি এতিয়াও দুৰ্বল নহয় । ধৰ্মীয় সংখ্যালঘুৰ ভোটৰ ভাগ কম বেছি পৰিমাণে হ’লেও  সকলো দলেই পাইছিল যোৱাবাৰ । বড়ো ভাষী ভোট খিনি বিপিএফ , ইউপিপিএল আৰু কংগ্ৰেছৰ মাজত ভাগ হয় ।  বাকী থাকিল ৰাজবংশী ভোট , বঙালী ভোট , অসমীয়া ভাষী ভোট __ এই ভোটখিনি কোনো দলৰে ভোট বেংক নহয় । কিন্তু বিজেপিৰ সদস্য ভৰ্তীয়ে নিশ্চয়কৈ এখন বিজেপি সপক্ষে ছবি তৈয়াৰ কৰিব বুলি ধাৰণা হয় ।  আগন্তুক বিটিচি  নিৰ্বাচনৰ এতিয়াও স্পষ্ট ছবি এখন আবিষ্কাৰ হোৱা নাই যদিও নব কুমাৰ শৰনীয়া আৰু হাগ্ৰামা মহিলাৰীৰ দলৰ জয় পৰাজয় নিৰ্ভৰ কৰিব বিজেপি আৰু কংগ্ৰেছৰ ভোট শ্বেয়াৰৰ ওপৰত । আনহাতে কংগ্ৰেছ আৰু বিজেপিৰ ভোট শ্বেয়াৰ নিৰ্ভৰ কৰিব , বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতাৰ ওপৰত ।কাৰণ বড়ো ভোট মেৰুকৰণ হ’ব বুলি যদি ভোটাৰৰ মাজত ধাৰণা হয় , তেন্তে আন জনগোষ্ঠীৰ ভোটৰ মেৰুকৰণ হোৱাটো স্বাভাবিক ।  সেয়ে গোটেই ফলাফল নিৰ্ভৰ কৰিব কংগ্ৰেছ আৰু বিজেপি দলে কেনেদৰে বিটিচি নিৰ্বাচনত অংশ লয় ।