Saturday, May 4, 2024
Home Blog Page 61

দুটা দশক পিছত কংগ্ৰেছ সভাপতিৰ নাথাকিব গান্ধী উপাধি

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কংগ্ৰেছ মুক্ত ভাৰতৰ শ্লোগান আছিল ভাৰতীয় জনতা পাৰ্টীৰ। ২০১৪ত শাসনলৈ অহাৰ পিছৰে পৰা বিভিন্ন সময়ত এই শ্লোগান দি আছে বিজেপিয়ে। ২০১৪ আৰু ২০১৯ চনৰ নিৰ্বাচনত কংগ্ৰেছক শোচনীয়ভাবে পৰাস্ত কৰি বিজেপিয়ে ভাৰতত হিন্দুত্বৰ ধ্বজা উৰুৱাবলৈ সক্ষম হ’য়। কংগ্ৰেছৰ পৰাজয়ৰ অন্যতম প্ৰধান কাৰণ আছিল নেতৃত্বৰ দুৰ্বলতা। ৰাহুল গান্ধীৰ সিমীত ৰাজনৈতিক জ্ঞানেৰে কংগ্ৰেছে দুবাৰ মোদীৰ বিৰুদ্ধে যুঁজ দি মুখথেকেছা খালে। এতিয়া ইয়াৰ নেতাসকলেও বুজি উঠিছে যে ৰাহুল গান্ধীৰ দ্বাৰা আৰু নহব। কেবল গান্ধী পৰিয়ালৰ ভৰসাত থাকিলে দলটো ভাৰতৰ মানচিত্রৰ পৰা হেৰাই যাব। সেইবাবে কেইবাজনো বৰিষ্ঠ কংগ্ৰেছ নেতা গুলাম নৱী আজাদ, আনন্দ শৰ্মা আদিয়ে দলত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ ছোনীয়া গান্ধীলৈ চিঠি লিখে। জানুৱাৰী মাহতে কংগ্ৰেছ ৱৰ্কি কমিটিৰ বৈঠকত ইয়াকে লৈ গৰম আলোচনা হয়। শেষত সিদ্ধান্ত লোৱা হয় যে চাৰি ৰাজ্যৰ নিৰ্বাচনৰ পিছত মে মাহত কংগ্ৰেছ সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। কংগ্ৰেছৰ পৰবৰ্তী সভাপতিৰ বাবে যিসকলৰ নাম ওলাইছে তাৰ ভিতৰত পি চিদাম্বৰম, আনন্দ শৰ্মা , মনীষ তিৱাৰী , শশী থৰুৰ, ভুপিন্দৰ সিং হুদা অন্যতম। পি চিদাম্বৰম আৰু শশী থৰুৰ হিন্দী কোৱাত সিদ্ধসস্ত নহয় বাবে সভাপতি হোৱাত অসুবিধা আছে। ভুপিন্দৰ সিং হুদাৰ বসয় হৈছে। সেইফালৰ পৰা সভাপতিৰ দৌৰত সকলোতকৈ আগত আছে মনীষ তিৱাৰী। হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে দখল থকা তথা বাকপতু যুৱ নেতা মনীষ তিৱাৰী পৰবৰ্তী কংগ্ৰেছ সভাপতি হ’লে ভাৰতৰ ৰাজনীতিৰ দিশ সলনি হৈ যাব পাৰে। ছোনীয়া গান্ধীলৈ ২৩জন চিঠি লিখা মানুহৰ ভিতৰৰ পৰা সকলোতকৈ শক্তিশালী দাবীদাৰ হ’ম তিৱাৰী। কিন্তু গান্ধী পৰিয়ালে বিচাৰিব তেওলোকৰ অনুগত তথা তেওঁলোকৰ কথামতে উঠা বহা কৰা কোনো নেতা সভাপতিৰ আসনত বহাটো। ছোনীয়া গান্ধীয়ে কমল নাথ বা কে.চি বেনুগোপালৰ নামক সমৰ্থন কৰিব পাৰে। কিন্তু দলৰ ভিতৰত থিকমতে ভোটদান হ’লে আৰু কিবা জটিল সমীকৰণ নহলে মনীষ তিৱাৰী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাটো প্ৰায় নিশ্চিত। তেওঁ সভাপতি হ’লে গান্ধী পৰিয়ালৰ শ্ৰুতলিপি মতে কাম নকৰে। সেয়েহে গান্ধী পৰিয়ালৰ হাতৰ পৰা কংগ্ৰেছ দল ওলাই যোৱাৰ সম্ভাবনা নুই কৰিব নোৱাৰি। প্ৰায় দুটা দশক কাল পিছত যদি গান্ধী পৰিয়ালৰ বাহিৰত কোনোবা সভাপতি হয় সেয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ।

হিমন্ত বিশ্ব শৰ্মা = ৫২% ; সোণোৱাল = ৪৮%

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ৰাজনীতি অসমে যোৱা তিনি বছৰে বহু বাৰ ৰাইজৰ মাজত অ’পিনিয়ন প’ল চলাইছে। আমাৰ বিভিন্ন অ’পিনিয়ন প’লৰ পৰা প্ৰায় স্পষ্ট হৈছে যে ২০২১ত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ হ’বলৈ গৈ আছে। নিৰ্বাচনৰ আগত কিবা চমৎকাৰ নহ’লে ২০২১ত চৰকাৰ পৰিবৰ্তনৰ কোনো সম্ভাবনা নাই। তেনে পৰিস্থিতিত অসমৰ মুখ্যমন্ত্রীৰ বাবে দুজন মাত্র দাবীদাৰ আছে। বৰ্তমানৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত, স্বাস্থ্য আদি বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাও মুখ্যমন্ত্রীত্বৰ দাবীদাৰ। বিভিন্ন সভাই সমিতিয়ে ড° শৰ্মাই অসমত পুনৰ বিজেপিৰ চৰকাৰ হ’ব, দলে ১০০+ আসন পাব ইত্যাদি কথা কৈ আছে যদিও ‘সৰ্বানন্দ সোণোৱাল ২০২১ত মুখ্যমন্ত্রী হ’ব’  বুলি কেতিয়াও কোৱা নাই। ইয়াৰ পৰা বুজা যায় যে মুখ্যমন্ত্রী হোৱাৰ বাসনা তেওঁ মনতে পুহি ৰাখিছে। ই অত্যন্ত স্বাভাবিক কাৰণ কংগ্ৰেছত থাকোতে তেওঁ মুখ্যমন্ত্রীৰ আসনখন অলপমানৰ কাৰণে হেৰুৱাইছিল। ১২ বছৰ মন্ত্রীত্বৰ অভিজ্ঞতা থকা শৰ্মাৰ বাবে সোণোৱালৰ অধীনত ৫ বছৰ মন্ত্রী হৈ থকা ইমান সহজ নাছিল। ২০১৯ত লোকসভালৈ যাব খুজিও কেন্দ্ৰীয় নেতৃত্বৰ হেচাত থমকি ৰ’ব লগা হ’ল। হিমন্ত বিশ্ব শৰ্মাই ২০২১ৰ নিৰ্বাচনৰ পিছত কি কৰিব সেয়া জানিবলৈ সকলো উৎসুক। তেওঁ মুখ্যমন্ত্রী হ’বনে সোণোৱালৰ মন্ত্রীসভাত অৰ্ন্তভুক্ত হ’ব নে দিল্লীলৈ যাব সেয়া বৰ্তমান কৌটি টকীয়া প্ৰশ্ন। আকৌ ৫ বছৰ যে সোণোৱালৰ মন্ত্রীসভাত থাকি কাম কৰিবলৈ তেখেতৰ ইচ্ছা নাই সেইটো সকলোৱে জানে। মুখ্যমন্ত্রী নাইবা ৰাষ্ট্ৰীয় ৰাজনীতি ইয়াৰ ভিতৰৰ কিবা এটা তেওঁক দিয়াৰ সিদ্ধান্ত মোদী-শ্বাহে ল’ব লাগিব। দেখা গৈছে যে অসমৰ ৰাইজো এই ক্ষেত্রত নিশ্চিত নহয়। অসমৰ পৰবৰ্তী মুখ্যমন্ত্রী কোন হ’ব আৰু বিকল্প হিচাপে সোণোৱাল আৰু শৰ্মাৰ নাম দিয়াত ৰাইজ সমানে দুটা ভাগত বিভক্ত। ৫২% যদি পৰবৰ্তী মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা হ’ব বুলি ভাবে আন ৪৮% লোকে সোণোৱালৰ সপক্ষে ভোটদান কৰিছে। ২০১২ চনৰ পৰা Chief minister in waiting হিমন্ত বিশ্ব শৰ্মাৰ মনোবাঞ্ছা ৯ বছৰৰ মুৰত পুৰন হ’বনে? গম পোৱা মতে কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ সিদ্ধান্ত নিৰ্বাচনৰ পিছত ল’ব। সকলো সমীকৰণ চালি জাৰি চাই মোদী-শ্বাহে মোহৰ মাৰিব অসমৰ দুইজন নেতাৰ ভবিষ্যত কাৰ্যক্ৰমত।

মোদী, শ্বাহৰ মুখ চাই অসমীয়াই ভোট নিদিয়ে

  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে যে ২০২১ৰ নিৰ্বাচন হিন্দু বনাম মুছলমান হ’ব। হিন্দুৱে মোদী-শ্বাহৰ মুখলৈ চাই ভোট দিব আৰু মুছলমানে কংগ্ৰেছ -এআইউডিএফক চকু মুদি ভোট দিব। আমি কিন্তু এই কথাত একমত নহয়। অসমৰ ৰাইজ ৰাজনৈতিক ভাবে খুব সচেতন। ২০০১ চনৰ পৰা ২০১৬ চনলৈ ১৫ বছৰ কাল অসমৰ ৰাইজে কংগ্ৰেছ দলৰ হাতত শাসনৰ বাঘজৰী অৰ্পন কৰিছিল। অসমৰ ৰাইজে বুজি উঠিছিল যে অসম গণ পৰিষদৰ দ্বাৰা অসমৰ উন্নয়ন সম্ভব নহয়। প্ৰবল জাতীয়তাবাদী চিন্তাধাৰাৰ লোকেৰে পৰিপূৰ্ণ গুৱাহাটীৰ চাৰি সমষ্টি , নলবাৰী, কমলপুৰৰ নিচিনা ঠাইটো কংগ্ৰেছে ৰাইজৰ ব্যাপক সমৰ্থন লাভ কৰিছিল। একে সময়তে অনুষ্ঠিত হোৱা লোকসভাৰ নিৰ্বাচন বিলাকত কোনো সাংগঠনিক ভেটি নোহোৱাকৈয়ে বিজেপিয়ে ভাল ফল দেখুৱাইছিল। ইয়ে প্ৰমাণ কৰে যে অসমৰ ৰাইজে উন্নয়নক গুৰুত্ব দি আহিছে। ২০১৬ ৰ বিধানসভা নিৰ্বাচনত ৰাইজে মোদীৰ মুখলৈ চাই ভোট দিয়া নাছিল আৰু ২০২১টো নিদিয়ে। ২০১৬ত অসমৰ ৰাইজে লক্ষ্য কৰিছিল যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰূপত বিজেপি দলত দুজন শক্তিশালী ৰাজ্যিক নেতা আছে। অসমৰ ৰাইজে বুজিছিল যে এই দুয়োজন নেতাই দিল্লীৰ পৰা নিজৰ প্ৰাপ্ত আদায় কৰি আনিব পাৰিব। চৰকাৰী চাকৰিয়ালে সময়মতে দৰমহা পাব, ঠিকাদাৰে বিল পাব, ৰাস্তা ঘাটৰ উন্নয়ন হ’ব, নিবনুৱাই কৰ্মসংস্থাপন পাব। তাৰ আশাতে ২০১৬ত ৰাইজে বিজেপিক সমৰ্থন কৰিছিল। সেইবাবেই সোণাইৰ নিচিনা সংখ্যালঘু বসতি প্ৰধান সমষ্টিটো বিজেপিৰ প্ৰাৰ্থী জয়ী হৈ আহিবলৈ সক্ষম হৈছিল। ২০২১টো অনুৰূপ পৰিস্থিতি। এই পৰ্য্যন্ত বিজেপি মিত্রজোঁট নিৰ্বাচনী যুঁজত আগবাঢ়ি থকাৰ মুল কাৰণ হ’ল ইয়াৰ সবল ৰাজ্যিক নেতৃত্ব। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সমকক্ষ নেতা অসম কংগ্ৰেছত বিচাৰি পাবলৈ নাই। বিজেপিয়ে মুকলি ভাবে মিঞাৰ ভোট নালাগে বুলি কোৱাৰ পিছত পূৰ্ববংগীয় মূলৰ মুছলমানৰ ৯৫% শতাংই বিজেপিক ভোট নিদিয়ে। কিন্তু বিজেপিয়ে যদি তেওলোকৰ বাবে দুৱাৰখন মুকলি কৰি দিলে হেতেনে তেন্তে তেওঁলোকৰ মাজৰ বুজন সংখ্যকে বিজেপিক সমৰ্থন কৰাৰ সম্ভাবনা আছিল। বিজেপিয়ে নিজৰ দীৰ্ঘম্যাদী নীতিৰ বাবে তেনে কৰিব নোৱাৰে বা নুখুজে। অসমৰ বাকী থকা হিন্দু , মুছলমান , খ্ৰীষ্টান সকলো ধৰ্মৰ লোকে অহা দুইমাহত লক্ষ্য কৰিব কোনটো দল অসমৰ বাবে মংগলজনক আৰু কোনে অসমক আগুৱাই লৈ যাব পাৰে। মোদী-শ্বাহ- ৰাহুল গান্ধী আদিৰ হাতত গোটেই দেশৰ দায়িত্ব আছে। তেওঁলোকে অনপৰতে অসমৰ চিন্তা কৰি থাকিব নোৱাৰে। অসমক উন্নতিৰ পথত আগুৱাই নিবলৈ দৰকাৰ এজন শক্তিশালী মুখ্যমন্ত্রী তথা শক্তিশালী ৰাজ্যিক কেবিনেট। সেই কথা অসমৰ ৰাইজে খুব ভালকৈ বুজে। সেয়েহে হিন্দু -মুছলমানৰ বিভাদকামী কথা বা মোদী-শ্বাহ-গান্ধীৰ আশ্বাসত ভোল গৈ অসমৰ ৰাইজে ভোটকৰন্দ্ৰলৈ নাযায়।

অৰ্ণৱ গোস্বামীৰ ৰাজহুৱা স্বীকাৰোক্তি দেখি মনলৈ আহিছে এই প্ৰশ্ন

  • ৰঞ্জন লাল শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সত্য কি-অসত্য কি সময়ে নিশ্চয় প্ৰমাণ কৰিবই। ক’ব খুজিছোঁ অৰ্ণৱ গোস্বামীৰ কথা। অৰ্ণৱ গোস্বামীক লৈ বিতৰ্কৰ শেষ নাই। শেহতীয়া বিতৰ্ক BARC ৰ  ভূতপূৰ্ব পদাধিকাৰী পাৰ্থ দাসগুপ্তৰ এক স্বীকাৰোক্তিক লৈ। পাৰ্থ দাসগুপ্তৰ কি সেই স্বীকাৰোক্তি সেই কথা সংবাদ মাধ্যমৰ সামান্য খা-খবৰ ৰখা সকলে  জানিছেই।
BARC ( Broadcast Audience Research Council ) হৈছে এটা বেচৰকাৰী কোম্পানী বা অনুষ্ঠান । এই কোম্পানীটোৱে দেশৰ বিভিন্ন টিভি চেনেলৰ দৰ্শকৰ হিচাপ ৰাখে । সাধাৰণ অৰ্থত কোনটো টিভি চেনেলৰ কোনটো অনুষ্ঠান অধিক জনপ্ৰিয় তাৰ আনুমানিক হিচাপ এটা এই কোম্পানীটোৱে ৰাখে আৰু এই কোম্পানীৰ পৰা তথ্যৰ ওপৰত ভিত্তি কৰি বিজ্ঞাপন ব্যৱসায় খন চলে । পাৰ্থ দাসগুপ্তই আৰক্ষীক স্বীকাৰোক্তি দিছে  যে অৰ্নব গোস্বামীয়ে তেওঁক লক্ষাধিক টকাৰ উপঢৌকন দিছে একমাত্ৰ নিজৰ চেনেলৰ টিআৰপি ৰেটিং বেছি বুলি তথ্য দিয়াৰ কাৰণে । টিআৰপি হৈছে চেনেলৰ বিলাকৰ দৰ্শকৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ৰেটিং লিষ্ট । কোনটো চেনেল দৰ্শকৰ ভিত্তিত এক নম্বৰত বা কোনটো দুই নম্বৰত ইত্যাদি। পাৰ্থ দাসগুপ্তই আৰক্ষীক দিয়া স্বীকাৰোক্তিক লৈ দেশজুৰি ধুমুহা বলিছে। নিশাৰ ভিতৰতে অৰ্ণৱ গোস্বামী হৈ পৰিছে ভিলেইন। ধনৰ বিনিময়ত TRP মেনুপুলেট কৰাৰ দৰে ভয়ংকৰ কাণ্ডত জড়িত থকাৰ চাঞ্চল্যকৰ অভিযোগ উঠিছে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে। সেয়ে কৈছোঁ – সত্য কি-অসত্য কি সময়ে প্ৰমাণ কৰিবই। কিন্তু, অৰ্ণৱ-পাৰ্থৰ কথা-কাহিনীক লৈ এতিয়া দেশজুৰি অনেকে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আৰম্ভ কৰিছে চৰম বিষোদগাৰ। কেবাখনো প্ৰসিদ্ধ কাকত-পত্ৰিকা আৰু সাংবাদিক-সম্পাদকে আৰম্ভ কৰিছে অৰ্ণৱ বিৰোধী অভিযান। দেশজুৰি বিয়পাইছে অৰ্ণৱ-বিদ্বেষ। ছছিয়েল মিডিয়া ভৰি পৰিছে অৰ্ণৱ-ঘৃণাৰে। ফেচবুক-টুইটাৰ চাবই নোৱাৰি। এককথাত আজিৰ তাৰিখত দেশৰ সবাতোকৈ হট এণ্ড হিট ট্ৰেণ্ডিং – অৰ্ণৱ-বিদ্বেষ, অৰ্ণৱ-ঘৃণা, অৰ্ণৱ-নিন্দা। ইণ্টাৰেষ্টিং কথাটো হ’ল- অৰ্ণৱৰ গৃহৰাজ্য হিচাপে ব্যতিক্ৰম নহয় এই ৰাজ্য অসমো। এই ৰাজ্যতো এতিয়া অৰ্ণৱ-নিন্দাত পিছ পৰি ৰোৱা নাই একাংশ সাংবাদিক-সম্পাদক। কোনো কোনোৱে অৰ্ণৱ-পাৰ্থৰ হোৱাটচএপ চাটিঙৰ শ শ পৃষ্ঠা পঢ়িছে বুকাৰ বিজয়ী উপন্যাসৰ দৰেই। তাৰ পিছত সেই চাটিঙৰ পাঠোদ্ধাৰ বিলাবলৈ উদ্বাউল হৈ পৰিছে সেইসকল অৰ্ণৱ-নিন্দুকে। ঠিক আছে- অৰ্ণৱ-নিন্দা কৰক, ঘৃণাৰে ওপচাই দিয়ক অৰ্ণৱ গোস্বামী নামৰ সাংবাদিক-সম্পাদক জনক।
কিন্তু প্ৰশ্নটো হ’ল- এই যে অৰ্ণৱ গোস্বামীয়ে নিজৰ টেলিভিচন ষ্টুডিঅ’ত বহি দেশৰ কোটি কোটি দৰ্শকক উদ্দেশ্যি নিজৰ উপাৰ্জনৰ তথ্য ব্লেক এণ্ড হোৱাইট দাঙি ধৰিব পাৰে  সেই কামটো অসমৰ কেইজন অৰ্ণৱ-নিন্দুক সাংবাদিক-সম্পাদকে কৰিব পাৰে? পাৰিবনে?? পাৰিব ??? তেনেই অৰ্ডিনেৰী উপাৰ্জনৰ পিতৃৰ পুত্ৰই গুৱাহাটীলৈ আহি কেৱল সাংবাদিক হোৱাৰ যহতে বিপুল বিলাস-বৈভৱৰ গৰাকী হ’ব পাৰিছে? কেনেকৈ হ’ব পাৰিছে নিজৰ আয়-উপাৰ্জনৰে সংগতি নথকা বিশাল ধন-ঐশ্বৰ্য্যৰ গৰাকী? পাৰিবনে এয়া ৰাজহুৱা কৰিব? অৰ্ণৱ গোস্বামীৰ আজি ৰাজহুৱা স্বীকাৰোক্তি দেখি মনলৈ আহিছে এই প্ৰশ্ন। কোনোবাই বেয়া পালেও নোকোৱাকৈ থাকিব নোৱাৰিলোঁ এই কথা।

ৰহস্যজনক মৃত্যু আৰু অবহেলিত গান্ধী পৰিয়ালৰ ফিৰোজ

  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


এজন প্ৰাক্তন প্ৰধানমন্ত্রীৰ জোৱাই, এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্রীৰ স্বামী তথা এজন প্ৰাক্তন প্ৰধানমন্ত্রীৰ পিতৃ হোৱা স্বত্বেও এইজন নেতাৰ লগত ইতিহাসে ন্যায় কৰা নাই যেন ভাব হয়। ফিৰোজ গান্ধীৰ নামত ইতিমধ্যে লিখা হৈছে এখন কিতাপ ” The forgotten Gandhi”। বিভিন্ন সময়ত ফিৰোজ গান্ধীৰ বিষয়ে বিভিন্ন কথা ৱাটছাপ আদিৰ জৰিয়তে ভাইৰেল হৈছে। কিছুমানে কয় যে তেওঁ মুছলমান আছিল আৰু তেওঁক কবৰ দিয়া হৈছিল ইত্যাদি। আচলতে ফিৰোজ জাহাংগীৰ ঘান্দী গুজৰাটৰ এটা পাৰ্চী পৰিয়ালৰ পৰা অহা। দেউতাক মেৰিন ইঞ্জিনিয়াৰ আছিল আৰু চাকৰিসুত্রে মুম্বাইত আছিল বাবে ফিৰোজৰ জন্ম মুম্বাইত হৈছিল। দেউতাকৰ মৃত্যুৰ পিছত মাকে ফিৰোজক নিজৰ দেউতাকৰ ঘৰ এলাহাবাদলৈ লৈ যায়।  কলেজীয়া শিক্ষা ফিৰোজে এলাহাবাদত সম্পন্ন কৰে। এইখন চহৰতে ১৯৩০ চনত ইন্দিৰা নেহেৰুৰ লগত তেওঁৰ দেখা হয়। ইন্দিৰাৰ মাক কমলা নেহেৰু এখন কলেজৰ সন্মুখত ধৰ্না দি থকাৰ সময়ত চেতনা হেৰুৱাই বাগৰি পৰে। সেইসময়ত ফিৰোজে মাকক সহায় কৰে আৰু ঘৰলৈ লৈ যায়। এনেকৈ ইন্দিৰা নেহেৰুৰ ঘৰত ফিৰোজৰ অহা যোৱা বৃদ্ধি পায়। যিহেতু স্বাধীনতা আন্দোলনৰ লগত জড়িত থকাৰ বাবে জৱাহৰলাল নেহেৰু প্ৰায়ে ঘৰৰ বাহিৰত থাকে আৰু কমলা নেহেৰুও অসুস্থ,  ফিৰোজে তেওঁলোকৰ  খুব সেৱা কৰিলে। ইন্দিৰা নেহেৰু লাহে লাহে ফিৰোজ ঘান্দীৰ প্ৰতি আকৰ্ষিত হ’ল। ইন্দিৰাৰ বয়স যেতিয়া ১৬ বছৰ আছিল তেতিয়া ফিৰোজে তেওঁক প্ৰেমৰ প্ৰস্তাব দিছিল। ইন্দিৰাই প্ৰথমতে ইয়াক প্ৰত্যাখ্যান কৰিছিল যদিও ইতিমধ্যে ফিৰোজৰ প্ৰতি তেওঁৰ প্ৰেম ভাব জাগিছিল। ১৯৩৬ চনত ইন্দিৰাৰ মাকৰ মৃত্যু হয়। সেই সময়ত ফিৰোজে ইন্দিৰাক খুব support  দিছিল। ইন্দিৰাই অবশেষত ফিৰোজৰ প্ৰেমৰ প্ৰস্তাব গ্ৰহণ কৰিলে। দুয়ো একেলগে লণ্ডনলৈ পঢ়িব গ’ল। ১৯৪২ চনত দুয়োজনে বিয়া পতাৰ সিদ্ধান্ত ল’লে। সেইসময়ত জৱাহৰলাল নেহেৰু জেলত আছিল। নেহেৰু এই বিয়াকলৈ সিমান সুখী নাছিল। ইন্দিৰা নিজৰ সিদ্ধান্তত অটল থাকিল। মহাত্মা গান্ধীয়ে ফিৰোজ ঘান্দী আৰু ইন্দিৰা নেহেৰু দুয়োজনক গান্ধী উপাধি দিলে আৰু ১৯৪২ চনতে দুয়োৰে বিবাহ এলাহাবাদত হিন্দু ৰীতি নীতিৰে সম্পন্ন হয়।
ইন্দিৰা গান্ধীয়ে যেতিয়া ৰাজনীতিৰ জগতত খোজ পেলালে আৰু স্বাধীন ভাৰতৰ প্ৰথম  প্ৰধানমন্ত্রী জৱাহৰলাল নেহেৰুৰ চেক্ৰেটাৰী হিচাবে নিয়োজিত হ’ল তেতিয়াৰ পৰাই ফিৰোজ অাৰু ইন্দিৰাৰ মনোমালিন্য আৰম্ভ হয়। ইয়াকে লৈ ফিৰোজ অসন্ত্তষ্ট হয়। ইন্দিৰা গান্ধীয়ে পতীৰ সলনি পিতৃৰ লগত থাকিবলৈ লয়। ফিৰোজে নেচনেল হেৰাল্ড কাকতৰ সম্পাদনাৰ কামত নিজকে নিয়োজিত কৰে। এই সময়চোৱাত ফিৰোজৰ বহু মহিলাৰ লগত সম্পৰ্কৰ খবৰ ওলায়। ৰাজীব গান্ধীৰ জন্ম ইতিমধ্যে হৈছিল আৰু সঞ্জয় মাকৰ গৰ্ভত আছিল। দুয়োৰে সম্পৰ্ক বেছি বেয়াৰ পিলে গতি কৰে। ১৯৫৮ চনত ইন্দিৰা যেতিয়া দেউতাকৰ লগত ভূটান যাত্রাত আছিল তেতিয়া তেও ফিৰোজৰ হাৰ্ট এটেক হোৱাৰ খৱৰ পায়। ইন্দিৰা ভাৰতলৈ তেওঁৰ খৱৰ লবলৈ আহি গম পায় যে ফিৰোজ বিপদমুক্ত। দুয়ো পুৰণি কথা পাহৰি পুনৰ একেলগে থাকিব আৰম্ভ কৰে। ৰাজীব আৰু সঞ্জয়ৰ লগত মাক দেউতাক দুয়ো সময় অতিবাহিত কৰে। কিন্তু ইন্দিৰা গান্ধী কংগ্ৰেছৰ সভাপতি নিযুক্ত হোৱাৰ লগে লগে সকলো সলনি হৈ যায়। ফিৰোজে প্ৰধান মন্ত্রীৰ ঘৰলৈ অহা যোৱা কৰা সম্পূৰ্ণ বন্ধ কৰি দিয়ে। কিছুদিন পিছত নিজৰ ৪৮তম জন্মদিনৰ দুই দিন আগত ফিৰোজ গান্ধীৰ মৃত্যু হয়। নেহেৰুৱে ফিৰোজক কেতিয়াও পচন্দ কৰা নাছিল কিন্তু ফিৰোজৰ মৃত্যুৰ সময়ত মানুহৰ ভিৰ দেখি আচৰিত হৈছিল। মৃত্যুৰ আগে আগে ফিৰোজে কৈছিল যে তেওঁৰ অন্তিম সংস্কাৰ হিন্দু নিয়মেৰে কৰিব লাগে। পাৰ্চী সমাজৰ যিটো নিয়ম সেইটো তেওঁ ভাল নাপায়। পাৰ্চী সকলে মৃত্যুৰ পিছত মৃতদেহটো ওপৰত ওলোমাই ৰাখে  শগুনৰ বাবে। হিন্দু নিয়ম অনুসৰি ফিৰোজ গান্ধীৰ মৃতদেহটো জ্বলোৱা হয়। তেওঁৰ অস্তিৰ কিছু অংশ গংগাত বিসৰ্জন দিয়া হয় আৰু কিছু অংশ পাৰ্চী কবৰস্থানত ৰখা হয়। এতিয়া এইজন গান্ধী পাহৰণিৰ গৰ্ভত। পৰিয়ালৰ কোনেও তেওক মনত কৰা দেখা নাযায়। কেইবছৰমান আগতে পঢ়িছিলো বৰুণ গান্ধী হেনো গৈছিল ককাকৰ কবৰস্থানত।

মমতা বেনাৰ্জীক জয় শ্ৰীৰাম শ্লোগান

  • হৰকুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


পশ্চিম বংগৰ ৰাজনৈতিক ক্ষেত্ৰ খনত  ফুৰফুৰা শ্বৰিফৰ প্ৰভাৱশালী ধৰ্মগুৰুজনে অনুভৱ কৰে  পিৰজাদা আব্বাচ সিদ্দিকিয়ে নিজৰ নতুন দল জন্ম দি ঘোষণা কৰিছে যে মমতা বেনাৰ্জী চৰকাৰে হিন্দু-মুছলমান বিভাজন সৃষ্টি কৰি মুছলমানসকলৰ বাবে ভালতকৈ অধিক ক্ষতি কৰিছে। যোৱা ১০ বছৰত, টিএমচি চৰকাৰে কেৱল মুছলমান আৰু দলিতসকলক বোকা বানাইছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁলোকৰ বাবে একো কৰা নাই।  কেৱল এটা ধাৰণা সৃষ্টি কৰিছে যে এই চৰকাৰে ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰাৰ বাবে মুছলিম সম্প্ৰদায়ৰ বাবে বহুত কাম কৰি আছে । ছিদ্দিকীয়ে কৈছিল যে “মুছলমান তোষণ ধাৰণাৰ ফলত হিন্দু আৰু মুছলমানসকলৰ মাজত বিভেদ সৃষ্টি হৈছে।
নেতাজী দিৱসৰ কাৰ্যসূচীত  উপস্থিত জনতাই জয় শ্ৰীৰাম ধ্বনি দিয়া বাবেই মমতা বেনাৰ্জীয়ে নিজৰ ভাষণ আৰম্ভ কৰিয়েই শেষ কৰিলে । এই ধ্বনি অপমানসূচক আৰু সাম্প্ৰদায়িক বুলি ধিক্কাৰ দিলে ।  যোৱা দহ বছৰ শাসন কালত নাৰা ই টকবিৰ শ্লোগান আছিল মমতা বেনাৰ্জীৰ জয়লাভৰ অমোঘ শক্তি । প্ৰায় ৩০% মুছলমান ভোট থকা পশ্চিম বংগত মুছলমানক ভোট বেংক হিচাপে গঢ়ি তুলি শাসনৰ গাদী দখলৰ কৰা বেনাৰ্জীৰ কাৰণে জয় শ্ৰীৰাম সাম্প্ৰদায়িক হ’ল । কাৰণ বিজেপিয়ে মমতা চৰকাৰৰ মুছলমান তোষণ নীতিক প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰবাদীক সংগঠিত কৰিছে । আৰু এই সংগঠন প্ৰক্ৰিয়াক সহায় কৰিছে জয় শ্ৰীৰাম শ্লোগানে ।
মমতাই খাল খান্দি ঘৰিয়াল ছপালে । বিজেপিয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে অস্ত্ৰ বিচাৰে পালে  যে মুছলমানসকলে হিন্দুসকলৰ মূল্যত সকলো পাই আছে। বিহাৰৰ শেহতীয়া বিধানসভা নিৰ্বাচনত এআইএমআইএমৰ আকৰ্ষণীয় প্ৰদৰ্শন, য’ত ইয়াৰ প্ৰাৰ্থীসকলে সীমাঞ্চল অঞ্চলৰ পাঁচটা আসন লাভ কৰিছিল, । ওৱাইচিয়ে ঘোষণা কৰিছে যে তেওঁৰ দলে পশ্চিম বংগ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব আৰু নিৰ্বাচনত মিত্ৰতা কৰিব চিদ্দিকৰ সৈতে ।  মমতা বেনাৰ্জী , মুলায়ম সিং যাদৱ , ইন্দিৰা গান্ধী , ৰাহুল গান্ধীৰ দৰে নেতাই মুছলমান ভোটৰ অংক কৰি নিজৰ নিজৰ দলৰ ৰাজনৈতিক ৰূপৰেখা তৈয়াৰ কৰে আৰু ক্ষমতাত থাকে । এই ট্ৰেণ্ডক ভিত্তি কৰি এচাম প্ৰভাবশালী মুছলমান ব্যক্তিয়ে  নতুন ৰাজনীতি আৰম্ভ কৰে । হায়দৰাবাদত ওৱেচি ভাতৃ , অসমত বদৰুদ্দিন আজমল এই নতুন চিন্তাৰ ফচল । ওৱেচি আৰু আজমলৰ উত্থানে কংগ্ৰেছ , তৃণমুল কংগ্ৰেছ আদি দলৰ মুছলমান তোষামোদ নীতি ভোটাৰৰ চকুত ধৰা দিয়ে । মুছলমান তোষামোদৰ ৰাজনীতিৰ বিৰুদ্ধে আৰম্ভ হয় ৰাষ্ট্ৰবাদী হিন্দুত্বৰ ৰাজনীতি । সাধাৰণ জনতাৰ সচেতনতাৰ ওপৰত ভিত্তি কৰি আৰম্ভ হোৱা হিন্দুত্বৰ ৰাজনীতিৰ স্বীকাৰ হবলৈ গৈ আছে মমতা  বেনাৰ্জী । জয় শ্ৰীৰাম শ্লোগান এতিয়া মমতা বেনাৰ্জীৰ নাৰা ই তকবিৰৰ বিৰুদ্ধে ব্যৱহাৰ হৈছে ।

নেতাৰ মনৰ গোপন কথা

এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


নেতাবিলাকৰ দুখন মুখ থাকে। টিভি, পেপাৰৰ সাক্ষাৎকাৰত সকলো কথা খুলি কবও নোৱাৰে। দলৰ শৃংখলা, কৰ্মীৰ মনোবল আদিৰ কথাও আছে। সেয়েহে আমি উপস্থিত হৈছিলো বিভিন্ন নেতাৰ ঘৰত। উদ্দেশ্য আছিল নেতাবিলাকৰ মনৰ কথা জনাৰ। আমি প্ৰতিশ্ৰুতি দিছিলো যে তেখেতসকলৰ নাম আমি প্ৰকাশ নকৰো। আমাৰ প্ৰতিশ্ৰুতিত ভোল গৈ সকলোৱে একেবাৰে খুলি কলে মনৰ কথাঃ
(১)
অজলা ককাইঃ আপোনাৰ বিৰূদ্ধে অভিযোগ আছে যে আপুনি অনপৰতে মৌন হৈ থাকে।আপোনাক আনকি নাম দিছে নিমাতী কুমাৰ বুলি।
নেতা ১ঃ পক্ষী মৰে ৰৈ, মানুহ মৰে কৈ। নকলেও যদি চলি থাকিব পাৰো কৈনো জগৰ লগাও কিয়? কথা বেছি নকও কাৰণে মোৰ ইমেজ ঠিকে আছে।
অজলা ককাইঃ দেখা গৈছে যে আপোনাৰ ২ নম্বৰ মন্ত্রী জন সদায় লাইম লাইটত থাকে। নাচি বাগি, চাইকেল চলাই নিৰ্বাচনত প্ৰচাৰ কৰি আছে। টিভিত সদায় তেওঁৰ দেডলাইন। আপুনি তেওঁৰ পাখি নাকাটে কিয়?
নেতা ১ঃ চোনু চুদৰ নাম শুনিছেনে? তেওঁ যি ব’ডি বনাইছে শ্বাৰখুন খানেও পাট্টা নাপায়। কিন্ত চিনেমাৰ নায়ক সদায় শ্বাহৰুখে হয়। তেওঁ যি মন যায় কৰি থাকক। চকীখনত মই বহি আছো তো।
অজলা ককাইঃ সংসাৰ কৰাৰ কথা মনত কেতিয়াবা আহেনে?
নেতা ১ঃ নাদ্দা অহাৰ দিনা অলপ আহিছিল। মই বিয়া পাতিলে মোৰ পৰিবাৰৰ লগতে তেওঁৰ পত্নীয়ে বজাৰ কৰিবলৈ যাব পাৰিলেহেতেন দিয়কছোন।
(২)
অজলা ককাইঃ কিমান দিন আৰু এনেকৈ বেলেগক জিকাই থাকিব?
নেতা ২ঃ কি কবি আৰু ভাগিন? কেতিয়াবা অকলে চকুপানী মুছো। বেছিকৈ জোকাই নলবি তয়ো।
অজলা ককাইঃ আপুনি দিল্লীত যাবনে দিছপুৰত থাকিব?
নেতা ২ঃ ২০১৯তে দিল্লী যোৱা কথা আছিল বোপাই। মোক ঠগিলে। বোলে মই ৰাজ্যত নাথাকিলে দলটো দুৰ্বল হ’ব। তেনে যদি কথা মুখ্যমন্ত্রী বনাই দিয়া। সেইটোও নিদিয়ে। গাধ খাটনি দি বেলেগক জিকাব লাগে। এইবাৰ খং উঠিলে বাপ্পেকে কৰোনা হোৱা বুলি নিৰ্বাচনৰ আগত ঘৰতে শুই যাম।
অজলা ককাইঃ ১০০ + হ’বনে এইবাৰ?
নেতা ২ঃ এই দাসজন বলীয়া হৈছে। কিবাকে ৬৪ খন পালে বাংলাদেশৰ মন্দিৰত গৈ পূজা কৰি দিল্লী পাম। ইহত কেইটা ইয়াত যেনেকে মৰে মৰি থাকক। অকলে আৰু কিমান ধাক্কা দিম?
(৩)
অজলা ককাইঃ মহাজোঁট যে কৰিলে, উজনিৰ আসন নালেগে নেকি?
নেতা ৩ঃ উজনিত এনেও শুন্য তেনেও শুন্য। জোঁট নকৰিলে নামনিৰ বিলাকো ডাৰিৱালাই থপিয়াই নিলে হেতেন। ৰাইজ আৰু ছাত্রৰ দলৰো ইয়াতে চকু।
অজলা ককাইঃ অকল নামনিৰ আসনেৰে চৰকাৰ বনাব পাৰিব জানো?
নেতা ৩ঃ চৰকাৰ পিছৰ কথা। মোৰ প্ৰথম লক্ষ্য বিৰোধীক ১০০ খন আসন পোৱাৰ পৰা বিৰত ৰখা। মই মানুহজনে খুব পজিটিভ চিন্তা কৰো।
অজলা ককাইঃ মুখ্যমন্ত্রী হোৱাৰ ইচ্ছা আছেনে?
নেতা ৩ঃ ইচ্ছানো কাৰ নাথাকে। ৰাতি ৰাতি প্ৰায়ে সপোন দেখো। মোৰ শ্ৰীমতীয়ে ধেমালিতে সকলোকে কয়_ ৰাতি এখেতৰ শপতগ্ৰহণ চাব আহিব।
(৪)
অজলা ককাইঃ আপোনাৰ ওপৰত হেনো নিশেধাজ্ঞা লগোৱা হৈছে।
নেতা ৪ঃ নাম নাজানো। মই যেতিয়া ছাত্র সংগঠনত প্ৰথম সোমাইছিলো তাৰ জন্মই হোৱা নাছিল। কটা নিধক!
অজলা ককাইঃ এতিয়া পিছে কি কৰিব?
নেতা ৪ঃ মই পিছে সেইবোৰত লাজ পোৱা মানুহ নহয়। মোৰ বিবেকে কৈছে এইটো সাধাৰণ কথা। মই দুদিনমান মনে মনে থাকি পুনৰ ছাত্র সংগঠনৰ হৈ যা তা বকি থাকিম।
অজলা ককাইঃ ৩০ বছৰ ছাত্র সংগঠনত আছে আৰু কিমান দিন থাকিব?
নেতা ৪ঃ এৰিম বুলি ভাবিলেই দেখো বিছাই দকা য়েন লাগে। ২০ বছৰ মান পিছত চাম কি হয়।

তামিলনাডুত পৰিবৰ্তন, কেৰালাত পুনৰ বিজয়ন

  • পি বাসুদেৱন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


দুমাহ পিছত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আছে। তাৰ ভিতৰত মোৰ গৃহ ৰাজ্য তামিলনাডু অন্যতম। তামিলনাডুৰ মাদুৰাই চহৰত মোৰ ঘৰ। ৰাজনীতি বুজিব পৰা দিনৰ পৰা ইয়াত দুজন নেতাৰ প্ৰতিযোগিতা দেখি আহিছো। ডি.এম.কেৰ এম কৰুণানিধী আৰু এ.আই.এ.ডি.এম.কেৰ জয়াললিতা। এইবাৰ দুয়োজনৰ এজনো নাই। সেইবাবে এইবাৰৰ নিৰ্বাচন কিছু পৃথক হ’ব। এইবাৰ চেহেৰাৰ যুঁজ নহয়। এইবাৰ যুদ্ধ হ’ব মাটিত। ডি.এম.কেৰ ষ্টেলিনে গাওঁ সভা পাতি প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে। মুখ্যমন্ত্রী পলানীছামীয়ে খেতি পথাৰত হাল বাই খেতিয়কৰ মন জয় কৰাৰ চেষ্টা চলাইছে। নেতা সলনি হ’লেও মুখ্য প্ৰতিদ্বন্দ্বিতা হ’ব পুৰণি ডি.এম.কে মিত্রজোঁট আৰু এ.আই.এ.ডি.এম.কে মিত্রজোঁটৰ মাজত। ডি.এম.কেৰ নেতা কৰুণানিধীৰ পুত্র ষ্টেলিন। লগত আছে কংগ্ৰেছ , এম.ডিএম.কে ইত্যাদি। এ.আই.এ.ডি.এম.কেক সংগ দিছে বিজেপি, পি.এম.কে আদি বহু সৰু বৰ দলে। জয়ললিতাৰ মৃত্যুৰ পিছত তেওঁৰ দলটো থৰক বৰক হৈ পৰিছে। বিজেপিৰ অক্সিজেনহে কেনেবাকৈ চৰকাৰ চলি আছে। সেয়েহে ৰাইজ চৰকাৰখনকলৈ সন্ত্তষ্ট নহয়। দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক শশীকলাই চাৰিবছৰ জেল খাটি কেইদিনমান আগতে বাহিৰ ওলাইছে। শশীকলাই নিজৰ পুত্র দিনাকৰণৰ নতুন দলত যোগদান কৰিছে। শশীকলাই নিজে জিকিব নোৱাৰিলও বিজেপি মিত্রজোঁটৰ ভোট ভাঙিব পাৰে। খৱৰ ওলোৱা মতে শশীকলাৰ ওপৰত বিজেপিৰ হেচা অব্যাহত আছে আৰু শশীকলাই শীঘ্ৰে নিজৰ পুৰণি দলৰ লগত পুত্রৰ দলৰ বিলয় ঘটাব পাৰে। ৰজনীকান্তে কিছুদিন সভা সমিতি পাতি ৰাজনীতিৰ পৰা ছত্রভংগ দিলে। তেওঁৰ ওপৰত বিজেপিৰ বহু আশা আছিল কিন্তু তেওঁ ৰাইজৰ লগত সংযোগ স্থাপন কৰাত ব্যৰ্থ হ’ল। কামাল হাচানে ভাল কথা কয় যদিও নিৰ্বাচনত তেওঁৰ দলৰ সম্ভাবনা কেবল চাৰি পাছখন আসনত। ১৯৮৯ চনৰ পৰা চলি অহা পৰম্পৰা সলনি কৰি জয়ললিতা একেবাৰে দুবাৰ জয়ী হৈ ২০১৬ চনত মুখ্যমন্ত্রী হৈছিল। এ.আই.ডি.এম.কেৰ ওপৰত ইতিমধ্যে ১০বছৰৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। শক্তিশালী নেতাৰ অভাবে দলটোলৈ বেছি বিপদ মাতিছে। বিজেপিৰ লগত মিত্র হোৱাৰ ফলত ১১% মুছলমান আৰু খ্ৰীষ্টানে দলটোক ভোট নিদিয়ে। এই তিনিটা কাৰণত বিজেপি- এ.আই.এ.ডি.এমকেৰ পৰাজয় নিশ্চিত। ষ্টেলিনে হ’ব তামিলনাডুৰ পৰবৰ্তী মুখ্যমন্ত্রী।
কেৰালাত পুনৰ বিজয়ন
আমাৰ চুবুৰীয়া ৰাজ্য কেৰালাটো যুদ্ধ সদায় দুটা ফ্ৰন্টৰ মাজত। এফালে যদি কংগ্ৰেছ নেতৃত্বাধীন ইউ.দি.এফ আনফালে চিপিএম নেতৃত্বত এল.দি.এফ। তামিলনাডুৰ নিচিনা কেৰালাটো ৫ বছৰত চৰকাৰ সলনি হয়। ১৯৮১ চনৰ পৰা এই পৰম্পৰা চলি আহিছে। এবাৰ যদি কংগ্ৰেছৰ মুখ্যমন্ত্রী আনবাৰ চি.পি.এমৰ মুখ্যমন্ত্রী। কেৰালত প্ৰায় ৫৫% হিন্দু, ২৭% মুছলমান আৰু ১৮% খ্ৰীষ্টান লোক আছে। খ্ৰীষ্টান সকলে চকু মুদি কংগ্ৰেছক ভোট দিয়ে। সেইবাবে কেৰেলাত কংগ্ৰেছে কেৰেলাত এ.কে এন্টনী, ওমান চেন্দীৰ নিচিনা নেতাক মুখ্যমন্ত্রীৰ পদ দিছিল। মুছলমান সকলৰ দল মুছলিম লীগ কংগ্ৰেছৰ মিত্রদল। কমসংখ্যক মুছলমানৰ ভোট চি.পিএমেও পায়। হিন্দুসলৰ ভোট বিলাক বহুধা বিভক্ত। জাতি ভেদে পচন্দ বেলেগ বেলেগ। বিজেপিয়ে বহু চেষ্টা কৰিও কেৰেলেত তৃতীয় শক্তি হ’ব পৰা নাই। ভোটৰ শতাংশ প্ৰত্যেক নিৰ্বাচনত বাঢ়িছে যদিও সি পৰ্য্যাপ্ত নহয়। কেৰেলাৰ কেবল দুখত জিলাতহে বিজেপিৰ অলপ প্ৰভাব আছে। অহা নিৰ্বাচনত হয়তো দহখনমান আসনত কিছু ভোট পাব বিজেপিয়ে। কেইদিনমান আগতে হৈ যোৱা স্থানীয় নিকায়ৰ নিৰ্বাচনত এল.দি.এফ জয়ী হৈছিল। কৰোণাৰ সময়ত চৰকাৰৰ বলিষ্ঠ পদক্ষেপৰ বাবে চৰকাৰখনে ৰাইজৰ মন জিনিছে। বিভিন্ন এগজিট প’লক বিশ্বাস কৰিলে পুনৰ পিনাৰাই বিজয়ন কেৰালাৰ মুখ্যমন্ত্রী হোৱাটো নিশ্চিত।

২০২১: কোনজন নেতাৰ কথাত ৰাইজে বিশ্বাস কৰিব?

২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হৈছে। প্ৰত্যেক দলে সভা সমিতি আৰম্ভ কৰি দিছে। এই নিৰ্বাচনী সভাবোৰতে সকলো নেতাই দিব বিভিন্ন ৰকমৰ প্ৰতিশ্ৰুতি। এতিয়া কথা হ’ল ৰাইজে এই নেতাসকলৰ ভিতৰত কোনজনৰ কথা বিশ্বাস কৰিব? আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক। ভোটদানৰ অন্তিম দিন ২০ ফেব্ৰুৱাৰী ২০২১।

CLICK HERE

কোৰাণত উল্লেখ নাই লাউদ স্পিকাৰত আজান দিয়া : পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠ

  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


পাকিস্তানত বাৰ বছৰ সাংবাদিকতা কৰা প্ৰাক্তন বিবিচি সাংবাদিক পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠ আৰু ভাৰতীয় সেনা তথা RAW ৰ প্ৰাক্তন বিষয়া আৰ এচ এন সিং এ প্ৰথমবাৰলৈ গুৱাহাটীত ৰাজহুৱা বক্তৃতাৰ অনুষ্ঠানত অংশ লয় যোৱা ২৫ ডিচেম্বৰ তাৰিখে । ইউনাইটেড ট্ৰাষ্ট অসম নামৰ এটা ৰাষ্ট্ৰবাদী সংগঠনৰ অনুষ্ঠানত দুয়োজন ব্যক্তিয়ে অংশ লয়  । গুৱাহাটী মেডিকেল কলেজ প্ৰেক্ষাগৃহত প্ৰায় ডেৰ হাজাৰ মানুহৰ উপস্থিতিত অসমৰ লগত ভাৰতৰ প্ৰতিখন ঠাইৰ সাংস্কৃতিক সম্পৰ্কৰ কথা ব্যক্ত কৰে । ৫৬ খন  দেৱী পীঠৰ এখন যিদৰে মা কামখ্যা আন এখন পীঠ বৈষ্ণু দেবী পীঠ জম্মু- কাশ্মীৰত । বৰ্তমানৰ পাকিস্তানৰ হিনগামাতা মন্দিৰৰ পৰা আৰম্ভ কৰি কামৰূপৰ কামাখ্যা সাংস্কৃতিক ভাবে এটা বিন্দুতে সমাহিত । আৰ এচ এন সিংৰ ভাষণত তেওঁ অসমক পাকিস্তানৰ অংগ কৰা আৰু ইছলামিক অঞ্চল হিচাপে জন্ম দিয়াৰ পৰিকল্পনা জিন্নাৰ , মুজিবৰ ৰহমান , জুলফিকৰ আলি ভুট্টোৰ সময়ত বাৰে বাৰে  কৰা হৈছিল আৰু সেই কৌশলৰ অংশ এতিয়া চাৰ্জিল ইমাম আৰু চাৰ্জিল ইমামৰ সমৰ্থক সকল।
২৬ তাৰিখ , অভিবৰ্তনৰ পিছদিনাখন , তেতিয়া সময় ৰাতিপুৱা ১০ বাজিছে । ভাতৃ এজনে ফোন কৰিলে । ‘ দাদা পুষ্পেন্দ্ৰজীৰ লগত দেখা হোৱাৰ সুযোগ এটা পাইছো , উজানবজাৰ ফেৰী ঘাটলৈ যাব লাগে ।’ অন্য সকলো কাম সামৰি লক্ষ্যস্থান উজানবজাৰ কৰিলোঁ । আমি গৈ পোৱাৰ আগতেই দুয়োজন অতিথি তাত উপস্থিত হৈছিল । ফেৰী চুকাফা সাঁজু । প্ৰথম অৱস্থাত দুয়োজন ব্যক্তিক কাষত পাই আচৰিত হৈছিলোঁ , এনেকুৱা এটা ঘৰুৱা পৰিবেশত তেওঁলোকক লগ পাম বুলি কল্পনাও কৰা নাছিলোঁ ।  ইউটিএ ৰ সদস্য ভাস্কৰ দা( ভাস্কৰ দাস)ই চিনাকী কৰাই দিয়ে । ” পুচপেন্দ্ৰ জী ইনহোনেহি সাৱৰকৰ বুক লিখা হে ” , ভাস্কৰ দাই কয় । ইয়াৰ পিছতে দুয়োজন ব্যক্তিৰ লগত ফটো উঠো । পুষ্পেন্দ্ৰ  কুলশ্ৰেষ্ঠই জনাই যে অভিবৰ্তন শেষ হোৱাৰ পিছত তেওঁক কোনোবাই বীৰ সাৱৰকৰ ওপৰত লিখা কিতাপখন দিছে । কিতাপখন অসমীয়া ভাষাত থকা কাৰণে তেওঁ পঢ়িব পৰা নাই যদিও সুচীপত্ৰখনৰ হিন্দী অনুবাদ তেওঁ শুনিছে ।
অসমত শিল্পী , সাহিত্যিক , শিক্ষাবিদ গিজগিজাই থকা স্বত্তেও বিনায়ক দামোদৰ সাৱৰকৰৰ বিষয়ে এখনো গ্ৰন্থ ওলোৱা নাছিল । এতিয়া গ্ৰন্থখন ওলোৱাৰ পিছতো মৌলৱাদী আৰু বিচ্ছিন্নতাবাদীৰ দ্বাৰা কুক্ষিগত হৈ থকা অধিকাংশ সংবাদ গোষ্ঠীয়ে গ্ৰন্থখনৰ প্ৰকাশৰ খৱৰ প্ৰচাৰ নকৰে । কিন্তু এতিয়া বিশ বছৰ আগৰ দিন নাই । চেনেল বা বাতৰি কাকত মিডিয়াক অলপ গুৰুত্ব নিদিয়াকৈ চচিয়েল মিডিয়াত খৱৰ বিয়পাব পৰা দিন আহি গৈছে । ফেৰীখনে ব্ৰহ্মপুত্ৰৰ মাজেৰে বতাহ ফালি উমানন্দৰ কাষেৰে গতি কৰিছে । এফালে উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত মন্দিৰৰ পাহাৰৰ মাজেৰে বেলিটোৱে লাহে লাহে ৰং সলনি কৰিছে । সময় তেতিয়া প্ৰায় ৪ বাজি গৈছে ।তেওঁক সুধিছিলোঁ
___”  অসমত আপুনি প্ৰথম আহিছে আৰু কেনে অনুভৱ হৈছে আপোনাৰ ? “
___” নতুন ঠাই এখনত আহিছো বুলি একোৱেই অনুভৱ হোৱা নাই । আপোনালকে মোৰ লগত হিন্দীত কথা পাতিছে । অতি শুৱলা আৰু এক পৃথক উচ্চাৰণে ভাষাটোক মধুৰ কৰি তুলিছে । ব্ৰহ্মপুত্ৰৰ মাজত ফেৰীত বহি আমি উমানন্দ দেখিছোঁ আৰু একেই শিবৰ স্থান বাৰানসীটো দেখিছোঁ । অশ্বক্লান্ত মন্দিৰৰ এই পাহাৰত শ্ৰীকৃষ্ণৰ ঘোঁৰাই ক্লান্ত হৈ জিৰণি লৈছিল , সেই শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰ গুজৰাটত দেখিছোঁ । দেৱীৰ পীঠ কামাখ্যা দৰ্শন কৰিছোঁ অসমলৈ আহি , একেই দেৱী পীঠ বৈষ্ণু দেৱী জম্মুত আছে । ক’তো একো পাৰ্থক্য নাই ।
” জিচ ব্ৰহ্মা নে ধৰতি কো চজায়া হে , য়ে ৰিভাৰ ব্ৰহ্মা কা পুত্ৰ ব্ৰহ্মপুত্ৰ হে ……” , তেওঁ কৈ গৈছিল।
 তেখেতে মোবাইলত ভিডিঅ’ ক’ল কৰি ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য্য দেখুৱাই আছিল তেওঁৰ পৰিয়ালৰ মানুহক ।
অসমত চলা কা আন্দোলনৰ সময়ত চাৰ্জিল ইমামে চাহিন বাগত অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভাবুকি প্ৰদান কৰিছিল । এই ভাবুকিক কিমান গুৰুত্ব প্ৰদান কৰিব পাৰি সেইটো জানিব বিচাৰিছিলোঁ ।
চাহিনবাগৰ আন্দোলন বা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ আক্ৰমণ এইবিলাক এটা চিক্কাৰ ইপিঠি সিপিঠি । অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ প্ৰয়াস কেবিনেট মিছনে কৰিছিল । কিন্তু আপোনালোকৰ অসমৰ নেতা যেনে গোপীনাথ বৰদলৈ প্ৰমুখ্যে ব্যক্তিসকলৰ কাৰণে অসম বাচি গ’ল । কিন্তু এতিয়াও চেষ্টা চলি আছে । উত্তৰ পুৱ আৰু ভাৰতৰ আন ৰাজ্যৰ মাজত সংযোগ স্থল এতিয়া চিকেন নেক । শিলিগুৰীৰ সেই স্থানৰ এফালে বাংলাদেশ আছে আৰু আনফালে বংগ । বংগৰ সেই স্থলত জনৱিন্যাসৰ কৌশলগত পৰিৱৰ্তন হৈ আছে । দুয়োফালে  মৌলবাদীৰ শক্তি বৰ্ধন এটা ভাৰত বিৰোধী ষৰযন্ত্ৰ ।
মানুহক ৰাষ্ট্ৰবাদী কিদৰে কৰা সম্ভৱ পুষ্পেন্দ্ৰ জীক সুধিছিলোঁ । তেওঁ কৈছিল ইতিহাসকাৰ সকলে সঁচা ইতিহাস বিকৃত কৰিলে আৰু এই ইতিহাসে ভাৰতত ভাৰত বিৰোধী শক্তিৰ উত্থানত সহায় কৰি গ’ল । সঁচা ইতিহাস নতুন প্ৰজন্মই জানিব লাগিব । বহু মাদ্ৰাছাত বিচ্ছিন্নতাবাদৰ শিক্ষা দিয়া হয় । মাদ্ৰাছা শিক্ষাক নিয়ন্ত্ৰণ কৰিব লাগিব । মাদ্ৰাছাৰ ছাত্ৰই দেশ দুনীয়াৰ , ভাৰতীয় সভ্যতাৰ কথা জানিব লাগিব ।
পুষ্পেন্দ্ৰ  কুলশ্ৰেষ্ঠই অতি সুন্দৰ ভাবে আৰু বিৰামহীন ভাবে কথাবোৰ কৈ গৈছিল । কিন্তু তেওঁৰ লগত থকা প্ৰাক্তন সেনা বিষয়া আৰ এচ এন সিং কিছু ৰিজাৰ্ভ ধৰণৰ । খুৱ কম কথা কয় । এটা প্ৰশ্নৰ উত্তৰ তেওঁ মাত্ৰ এটা বাক্যত দিয়ে । পুষ্পেন্দ্ৰ  কুলশ্ৰেষ্ঠ আৰু আৰ এচ সিংক ফেৰীত থকা ইউটিএৰ এজন সদস্যই অসমীয়া পিঠা উপহাৰ দিলে । ইউটিএৰ সদস্যৰ অনুৰোধত বিহু গীতৰ তালত দুয়োজনে প্ৰায় ১০-১৫ মিনিট সময় নাচিলে ।  সন্ধীয়া নামিল । চৰাইবোৰে নিজৰ গন্তব্য স্থানলৈ গতি কৰিছে । ফেৰীয়ে ওভতনি যাত্ৰা আৰম্ভ কৰিলে ।  পুষ্পেন্দ্ৰ  সিং ডাঙৰীয়াই ক’লে যে  অসমীয়া মানুহৰ পৰা পোৱা মৰমে তেওঁলোকক অতি আপ্লুত কৰিছে আৰু তেওঁলোকে এই পৰিবেশ দেখি আচৰিতো হৈছে । মই ক’লো কুলশ্ৰেষ্ঠজী আপোনাকলোক শ্ৰীকৃষ্ণৰ শহুৰৰ ঘৰত আহিছে । অসমৰ কুণ্ডিল নগৰ ( বৰ্তমানৰ শদিয়া)ৰ আছিল ৰুক্মিনীৰ পিতৃগৃহ । শ্ৰীকৃষ্ণ আমাৰ অসমৰ জোঁৱাই ।
বাংলাদেশীৰ অনুপ্ৰবেশে ইতিমধ্যে অসমৰ ১২-১৩ খন জিলাক গ্ৰাস কৰি পেলাইছে । মৌলবাদীৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ উপায় কি?
মৌলবাদীয়ে অকল ভুমি , সমাজনীতি, ৰাজনীতিত প্ৰভাব নেপেলায় । মানুহৰ মন – মগজুকো ইহঁতে আক্ৰমণ কৰে । মাদ্ৰাছাত মৌলবাদ শিকোৱা হয় আৰু সেই মাদ্ৰাছাই লাউদস্পিকাৰত আজান বজোৱা শিক্ষা দি থাকে । হজৰত মহম্মদৰ সময়ত বা কোৰাণত কতো লিখা নাই যে আজান লাউদস্পিকাৰত বজাব লাগে । হজৰত মহম্মদৰ সময়ত জানো বিজ্ঞানে স্পিকাৰৰ উদ্ভাৱন কৰিছিল ? একমাত্ৰ আন পন্থাৰ মানুহক বাৰে বাৰে শুনাই থকা হয় যে তেওঁলোকৰ পন্থা আচল আৰু বাকী বিলাকৰ নকল ।
ইউটিউব বা ৰাষ্ট্ৰীয় নিউজ চেনেলত যেতিয়া পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠ আৰু আৰ এচ সিংৰ ভাষণ শুনো তেতিয়া ভাব হৈছিল যে এওঁলোক পুলিচ বা সুৰক্ষা বাহিনীৰ বেষ্টনীত থাকে । ওৱাই , জেদ এনেকুৱা কিবা নহয় কিবা সুৰক্ষা বেষ্টনীত থাকে । কিন্তু গুৱাহাটীত লগ পাই  দেখিলোঁ যে  এখেতসকলৰ আশে পাশে অলপো সুৰক্ষা বেষ্টনী নাথাকে । ৰাষ্ট্ৰৰ নামত জীৱন সমৰ্পিত কৰা ৰাষ্ট্ৰবাদী এখেতসকল ।
(DISCLAIMER: The views and opinions expressed in this presentation are those of the interviewee and do not necessarily represent official policy or position of Rajniti Axom )