Tuesday, May 14, 2024
Home Blog Page 74

২০২১ ত কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰ গঠনৰ ৭ টা ফৰ্মুলা

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অজিত ভুঞা , ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে । বিৰোধী শক্তিয়ে দেখা দেখিকৈ হাতে হাত ধৰি তেওঁক ৰাজ্যসভালৈ পঠালে । সকলোৰে এটাই কথা ‘কেব বিৰোধী ‘  শক্তিক প্ৰতিনিধিত্ব কৰি অজিত ভুঞাই দিল্লী কঁপাব । অজিত ভুঞাৰ হিন্দী বা ইংৰাজী ভাষাত দিয়া ভাষণত সংসদ ভৱন কপি উঠিব বুলি কেব বিৰোধী দল সংগঠনে দাবী কৰে । আনফালে অসমৰ কেব আন্দোলনক গোটেই ভাৰতত বিয়পি পৰাত ভট্টাচাৰ্য্যই বিশেষ ভুমিকা লোৱা গোটেই অসমৰ মানুহে দেখিছে । আছুৰ নেতৃত্বই ৰাহুল গান্ধীক লগ কৰি দিল্লীত গ্ৰুপ ফটো উঠি থকা সময়ত অজিত ভুঞা নামটোৰ কোনো চৰ্চাই হোৱা নাছিল । কাৰণ প্ৰথম অৱস্থাত কেব খন লোকসভাত গৃহীত হওতে ভাৰতৰ আন প্ৰদেশ বিলাক শান্ত আছিল । কিন্তু নৰেন্দ্ৰ মোদীৰ ২ য় কাৰ্য্যকালত ৩৭০ ধাৰা ভংগ হ’ল , ৰাম মন্দিৰ ৰায় আহিল , তিনি তালক বিল পাছ হোৱাৰ পিছত , গুৱাহাটীৰ ‘কেব গৃহীত’ হোৱাৰ প্ৰতিবাদত জ্বলা জুই কুৰা গোটেই দেশত বিয়পি পৰিল  । তেনেস্থলত সমুজ্জ্বল ভট্টাচাৰ্য্যৰ তুলনাত অজিত ভুঞাৰ ভুমিকা তেনেই সীমিত । বিভিন্ন সুত্ৰই দাবী কৰা মতে কংগ্ৰেছৰ প্ৰথম পচন্দৰ প্ৰাৰ্থী অজিত ভুঞা নাছিল । কিন্তু বদৰুদ্দিন আজমলে সমুজ্জ্বল ভট্টাচাৰ্য্যক ৰাজ্যসভালৈ পঠিয়াব নিবিচৰাত কংগ্ৰেছে অজিত ভুঞাক মানি ল’বলৈ বাধ্য হয় । অজিত ভুঞাৰ প্ৰাৰ্থিত্বৰ সন্মুখত বিজেপি মিত্ৰজোঁটে বিনা যুদ্ধই পৰাজয় স্বীকাৰ কৰে ।  অজিত ভুঞাৰ ৰাজ্যসভা গমনে অসমত নতুন ৰাজনীতিৰ পাতনি মেলিলে । তৰুণ গগৈয়ে ‘হু ইজ বদৰুদ্দিন’ বুলি কোৱা আজমলৰ লগত ২০১৯ লোকসভা নিৰ্বাচনত তলে তলে মিত্ৰতা কৰি নগাও আৰু কলিয়াবৰ দখল কৰিছিল । আজমলৰ বলিদানৰ উদ্দেশ্য আছিল এটাই ___ভৱিষ্যত সময়ত অসমত  ধৰ্মীয় সংখ্যালঘু ৰাজনীতি সৱল কৰা ; যাৰ সুফল পালে অজিত ভুঞাৰ ৰূপত । এতিয়া আৰম্ভ হৈছে বিধান সভাৰ পৰিকল্পনা ।
 ক’ৰনাই অৰ্থনীতি ভাঙিছে , কেন্দ্ৰই আগবঢ়োৱা ধন বিতৰণত কেলেংকাৰী সংঘটিত কৰি বিডিঅ , কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে । চৰকাৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈছে হিতাধিকাৰী নিৰ্বাচন ।
বিজেপিয়ে পুনৰ নিৰ্বাচনত জয়ী হোৱাৰ সন্মুখত থকা বৃহৎ বাধা হৈছে কংগ্ৰেছ আৰু আজমলৰ মিত্ৰতা । অছুৱে নতুন দল খোলাৰ প্ৰচেষ্টাক ধৰ্মীয় সংখ্যালঘু ৰাইজে সমৰ্থন নকৰে কাৰণ কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ সংঘাতৰ সুযোগ বিজেপিয়ে বিজেপিয়ে ২০১৬ত লোৱা তেওঁলোকে প্ৰত্যক্ষ কৰিলে।
বিজেপিৰ বিপদৰ কাৰণ সমুহ ___
* ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলে লাভ কৰা ভোটৰ হাৰ সমূহ এনেধৰণৰ :
  • BJP:২৯.৫%
  • AGP:৮.১%
  • BPF:৩.৯%
  • CONG ৩১.০%
  • AIUDF :১৩.০%
  • INDEPENDENT:১১.০৮%
২০১৬ৰ নিৰ্বাচনত কংগ্ৰেছ, এআইইউডিএফ আৰু অন্যান্য দলৰ ভোটৰ শতকৰা হাৰ বিজেপি আৰু মিত্ৰ দলতকৈ অধিক ।
* ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰধান  ৰাজনৈতিক দল কেইটাই  অসমত লাভ কৰা ভোটৰ সংখ্যা:
  • NDA : ৮৩,২৪,০৮৩
  • UPA: ৬৩,০৮,৯২৮
  • AIUDF:১৩,৮৮,৫৩৪
  • INDEPENDENT :৪,৮৪,৫৬০
  বিগত লোকসভা নিৰ্বাচনত সমগ্র দেশজুৰি প্ৰচণ্ড মোডী ঢৌ থকাৰ পিছতো  বিজেপি মিত্ৰজোঁটে বিৰোধীতকৈ খুব কম মাৰ্জিনতহে জয়ী হৈছিল অসমত  ।
* দিল্লী বিধান সভা নিৰ্বাচনত  অৰবিন্দ কেজৰিৱালৰ “আপ” দলে বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম  হৈছে । দিল্লীত কংগ্ৰেছ দলে দেখিবলৈ পালে যে ভোটাৰৰ মাজত তেওঁলোকৰ বিশ্বাযোগ্যতা নাই । সেয়ে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত  কংগ্ৰেছে নিৰ্বাচনী যুঁজৰ পৰা পৰিকল্পিত ভাবে নিজকে আঁতৰালে ।  সেয়ে দিল্লীৰ কংগ্ৰেছৰ ভোট বেংক আৰু বিজেপি বিৰোধী দল-সংগঠনৰ ভোট অৰবিন্দ কেজৰিৱালৰ সপক্ষে থিয় হ’ল । নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ জয়ী হ’ল নিজৰ পৰিকল্পনাত  কিন্তু বিজেপিৰ তথাকথিত আই টি চেলে কংগ্ৰেছৰ ভোট কমাক লৈ পোষ্ট বনায় সুখী হৈ থাকিল ।
* ২০২১ ত দিল্লীৰ দৰে ঘটনা অসমটো  পুনৰাবৃত্তি হ’ব যদিহে কংগ্ৰেছ হাইকামাণ্ডে বিজেপি বিৰোধী ভোট বেংকক আজমল আৰু কংগ্ৰেছৰ সপক্ষে একত্ৰিত কৰাৰ স্বাৰ্থত  এজন নিৰপেক্ষ ব্যক্তিক আগত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হয়  তেন্তে বিজেপিৰ কাৰণে চিন্তনীয় ।
* ২০১৬ৰ নিৰ্বাচনত অসম বিজেপিৰ নাছিল  কোনো তুষ্টিকৰণৰ ৰাজনীতি আৰু প্ৰাৰ্থীৰ মাজত নাছিল বিসম্বাদ । কিন্তু শাসনৰ বাঘজৰী হাতত লোৱাৰে পৰা বিজেপি দল আৰু চৰকাৰে পূৰ্বৰ তৰুণ গগৈৰ চৰকাৰৰ দৰে  তোষামোদ  ৰাজনীতি আৰম্ভ কৰিলে ।  শেহতীয়াকৈ জনীয়া বিধানসভাৰ উপ-নিৰ্বাচনত স্বয়ং ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ‘ আল্লাহ ‘ ৰ নামত  ভোট ভিক্ষা কৰা ,  সনাতন ডেকাৰ হত্যাৰ পিছত ক্ষোভ উজাৰা ৰাষ্ট্ৰীয়তবাদী জনতাক সাম্প্ৰদায়িক সদভাবৰ যুক্তিত আৰক্ষী বিভাগে সকিয়নী দিয়া কাৰ্য্যই ৰাষ্ট্ৰীয়তাবাদী ভোটাৰক নিৰাশ কৰিছে । ইয়াৰ পৰিণতিত ভোটৰ দিনা যদি নোটাৰ সংখ্যা বৃদ্ধি পায় আৰু ভোটদানৰ হাৰ ৬৫% ৰ তলত আহে তেন্তে বিজেপিৰ পৰাজয় আসন্ন ।
* ‘কা” বিৰোধী একাংশ নেতাই বিজেপিত যোগদান কৰাৰ মুল উদ্দেশ্য হৈছে  বিজেপিৰ  বহু নেতাই নিজৰ নিজৰ লবি ৰাজনীতি শক্তিশালী কৰিবৰ কাৰণে । কাৰোবাৰ টিকট নিগাজী হ’ব লাগে আৰু আন কাৰোবাৰ মন্ত্ৰীত্ব । কিন্তু ইয়াৰ ফলত বিজেপিৰ ভোট বৃদ্ধি নকৰে বৰঞ্চ কেব আন্দোলনৰ সময়ত লাঞ্চিত হোৱা মানুহে বিজেপিক ত্যাগ হে কৰিব । ফলত লাভ হ’ব কংগ্ৰেছৰ ।
* ২০২১ ৰ নিৰ্বাচনত আটাইতকৈ ডাঙৰ ফেক্টৰ হ’ব এই ল’ক ডাউনৰ সময়ত বহি:ৰাজ্যৰ পৰা অসমলৈ উভতি অহা লোক সকল । এইসকল ব্যক্তিক চৰকাৰে যদি স্ব-নিয়োজিত কৰিব নোৱাৰে তেওঁলোক চৰকাৰৰ বাবে মূৰৰ কামোৰণি স্বৰূপ হ’ব । বিপদ দুই ফালে । যিখিনি সংখ্যালঘু সম্প্ৰদায়ৰ লোক ঘুৰি আহিছে সেইখিনিৰ বহুতে হয়টো যোৱা বাৰ ভোটদান কৰিব  পৰা নাছিল । কিন্তু এইবাৰ ঘৰত থকা হেতুকে ভোট দিব পাৰিব আৰু এই ভোট বিজেপিৰ সপক্ষে কোনো পধ্যেই নপৰে । বাকী ঘুৰি অহা খিলঞ্জীয়া খিনিৰ বহুতেই কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া ধন নেপাব কাৰণ অফিচ কাছাৰীত চলি থকা দালালৰ এটা শ্লীপাৰ চেলে ধন বিলাক পুনৰ সংখ্যালঘু এলেকাৰ লোক সকলক মাজত বিলায় দিয়াৰ চেষ্টা কৰিব । ফলত এই যুবক খিনিয়ে ক্ষোভ উজাৰিব চৰকাৰৰ বিপক্ষে ।
 উজনি অসমত চাহ বাগানৰ ভোটৰ কৃপাত বিজেপিয়ে উজনিৰ নম্বৰ ভাল কৰিব বিচাৰিছে কাৰণ নামনিৰ বৰক্ষেত্ৰী , বৰপেটাৰ দৰে  বিজেপি মিত্ৰজোঁটৰ হাতত থকা সমষ্টিত কংগ্ৰেছ – আজমলৰ মিত্ৰতাই মিত্ৰজোঁটক বিপদত পেলাব । আমাৰ হাতত পৰা খৱৰ  অনুসৰী কংগ্ৰেছ আৰু আজমলৰ মাজত আসন বুজাবুজিৰ মধ্যস্থতা কৰিছে ৰাজনীতিৰ পথাৰত নমা প্ৰাক্তন সাংবাদিক জনে । প্ৰাপ্ত খৱৰ মতে এতিয়ালৈ  বটদ্ৰবা , বৰক্ষেত্ৰী কংগ্ৰেছক এৰি দিব আৰু বৰপেটা আৰু বিলাশীপাৰা কংগ্ৰছে আজমলক এৰি দিব বুলি চিন্তা চৰ্চা চলি আছে  ।  আন সমষ্টি বিলাকৰো তথ্য পোৱা গ’লেই বিজেপি নেতৃত্বই সাম্ভাব্য বিপদৰ উমান অনুভৱ কৰিব পাৰিব ।

খাৰুৱা তেলৰ মূল্য হ্ৰাস ভাৰতৰ কাৰণে আৰ্শীবাদ নেকি? অগ্নিভ দত্ত

  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০২০ চন বছৰটোৰ আৰম্ভণি বৰ বেয়া নাছিল৷ পৃথিৱীৰ অৰ্থনীতিক যিকোনো মুহুৰ্তত নতুন দিশ দিব পৰা আমেৰিকাৰ অৰ্থনীতিৰ গতিও সুষম আছিল৷ আৰু বিশ্বৰ অৰ্থনীতিৰ অন্যতম মাপকাঠি খাৰুৱা তেলৰ দামো প্ৰায় ৬০ ডলাৰ প্ৰতি বেৰেলত আছিল প্ৰথম দুটা মাহ৷ কিন্তু হঠাৎ পৰিস্থিতি সলনি হৈ যাব ধৰিলে, আৰু তাৰ কাৰণ হ’লগৈ চীনত আৰম্ভ হোৱা বুলি সন্দেহ কৰা কৰ’না বিশ্বব্যাপী চলা সন্ত্ৰাস৷ মাৰ্চ মাহত ১৮০ খনৰো ওপৰৰ দেশলৈ বিয়পি পৰিল এই কৰ’নাৰ প্ৰভা
বিশ্বৰ বিভিন্ন প্ৰান্তত অঞ্চল, ৰাজ্য অথবা দেশ বা দেশৰ একো একোটা অঞ্চল স্তব্ধ হৈ গ’ল, যাক বিশ্বব্যাপী জনা গ’ল লকডাউন বুলি! বিশ্বৰ প্ৰায় প্ৰত্যেকখন দেশেই ইখনৰ পৰা সিখন দেশলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে মানুহৰ যাতায়ত পৰ্যন্ত বন্ধ কৰি দিয়া হ’ল আৰু যেতিয়াই এই লকডাউন বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰযোজ্য হ’বলৈ ধৰিলে, তাৰ লগে লগে দেখা গ’ল গাড়ী, মটৰ, উৰাজাহাজ বা অন্যান্য ক্ষেত্ৰত ব্যৱহাৰ হোৱা ইন্ধনৰ পৰিমাণ দ্ৰুত গতিত কমি যাবলৈ ধৰিলে৷ ইন্ধনৰ পৰিমাণ কমি যোৱাৰ লগে লগে এই ইন্ধনৰ কাৰণে প্ৰায়বোৰ ক্ষেত্ৰতে জৰুৰী খাৰুৱা তেলৰ চাহিদাও কমি আহিব ধৰিলে৷
এই ক্ষেত্ৰত বিগত এপ্ৰিল মাহত আমেৰিকাত হ’লগৈ এক অভূতপূৰ্ব ঘটনাৰ! আমেৰিকাত উৎপাদিত খাৰুৱা তেল যাক West Texas Intermediate বা WTI বুলি জনা যায়, সেই তেলৰ মূল্য শূন্য ডলাৰৰ তললৈ গতি কৰিলে৷ এইটো হোৱাৰ মূল কাৰণ হ’ল উৎপাদিত খাৰুৱা তেলৰ চাহিদা কমাৰ লগতে তাক থবলৈও ঠাইৰ অভাৱ৷ এইদৰেই ইতিহাসৰ এক অন্যতম সাক্ষী হৈ ৰ’ল তেলৰ ঋণাত্মক দাম৷  ২০১৪ চনৰ জুন মাহত খাৰুৱা তেলৰ দাম ১১০ ডলাৰ প্ৰতি বেৰেলত আছিল৷ কিন্তু ঠিক তাৰ পাছৰ পৰাই আৰম্ভ হৈছিল খাৰুৱা তেলৰ অধোগতি৷ অৱশ্যে সেইসময়ত খাৰুৱা তেলৰ দামৰ যুদ্ধখনৰ বাবে আমেৰিকাই নতুনকৈ উৎপাদন কৰা চেল অইলকেই দায়ী কৰা হয়৷
আমেৰিকাত উৎপাদিত এই চেল অইলৰ বাবেই আমেৰিকাৰ মধ্য প্ৰাচ্যৰ ওপৰত বিশেষ নিৰ্ভৰ নকৰাকেও চলা হ’ল৷ আনহাতে বিশ্বৰ তেলৰ বজাৰখন তেল উৎপাদনকাৰী ১২খন ৰাষ্ট্ৰৰ সংগঠন অপেক (OPEC -Organization of the Petroleum Exporting Countries) ৰ নিয়ন্ত্ৰণতেই চলা দেখা যায়৷ এই অপেকে চাহিদা চাই যোগানৰ কম বেছি নিৰ্ধাৰণ কৰে৷ যোগানৰ কম হোৱাৰ লগে লগে চাহিদা বৃদ্ধি হয় আৰু তাৰ লগে লগে তেলৰ দাম বৃদ্ধি হয়৷ এই বাৰখন ৰাষ্ট্ৰৰ ভিতৰত আকৌ চৌডি আৰৱ হ’ল সকলোতকৈ অধিক তেল উৎপাদনকাৰী ৰাষ্ট্ৰ৷ কৰ’নাত আক্ৰান্ত বিশ্বত তেলৰ চাহিদা কম হৈ যোৱাৰ অৱস্থাটোত এই অপেকে উৎপাদন কম নকৰাৰ বাবেই খাৰুৱা তেল বজাৰত উভৈনদী হৈ পৰাত খাৰুৱা তেলৰ দাম পানীৰ দৰ পালেগৈ!
চাহিদাতকৈ যেতিয়াই যোগান বেছি হয় তেতিয়াই সেইয়া হৈ পৰে ভাল অৰ্থনীতিৰ পৰিপন্থী৷ কাৰণ যোগান অপয্যাপ্ত হোৱাৰ কাৰণে পন্য দ্ৰব্যৰ দাম কমি যোৱাৰ সম্ভৱনা থাকে৷ সেই একেই কথা হৈছে এতিয়া আন্তৰ্জাতিক খাৰুৱা তেলৰ ক্ষেত্ৰত৷ খাৰুৱা তেলৰ যোগান আন্তৰ্জাতিক বজাৰত চাহিদাতকৈ বেছি হোৱাত খাৰুৱা তেলৰ মূল্য হুৰা-হুৰে নামি আহিব ধৰিছে৷ ২০১৪ চনৰ জুন মাহৰ প্ৰায় ১১০ ডলাৰ প্ৰতি বেৰেলৰ পৰা আহি আজি ৩০ ডলাৰ প্ৰতি বেৰেল পাইছেগৈ৷ আনকি এপ্ৰিলত সেইয়া প্ৰায় ১৫ ডলাৰৰ ওচৰে-পাঁজৰে আছিলগৈ! আৰু এইদৰে খাৰুৱা তেলৰ দাম কমাৰ লগে লগে আপাত দৃষ্টিত উপভোক্তাৰ কাৰণে লাভজনক হ’ব যেন লাগিলেও এই কম দামে বিশ্বৰ অৰ্থনীতিত আঘাত কৰেগৈ আৰু তাৰ ফলত অৰ্থনীতি স্তিমিত হৈ পৰে৷
বৰ্তমানৰ দ্ৰুতগতিত হ্ৰাস পোৱা খাৰুৱা তেলৰ দামে অনাগত ভৱিষ্যতত হ’ব লগা বিভিন্ন তৈলক্ষেত্ৰ প্ৰকল্পসমূহকো বিপদত পেলাইছে, বহুতো প্ৰতিষ্ঠানে বিভিন্ন প্ৰকল্পত কৰিব লগা বিনিয়োগ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে৷ এই প্ৰকল্পসমূহে, যিহেতু নিয়োগৰ সৃষ্টি কৰে আৰু সেইদৰেই অৰ্থনীতিৰ কাৰণে ধনাত্মক দিশ হৈ পৰে,  ফলত এইবোৰ প্ৰকল্প নোহোৱাৰ পৰিপ্ৰেক্ষিতত অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনাই দেখা দিয়ে৷ ইতিমধ্যেই বিভিন্ন এজেঞ্চীয়ে প্ৰস্তুত কৰা ৰিপৰ্টত দেখা গৈছে যে তৈল কোম্পানীসমূহৰ ৰেভিনিউ ২০১৯ ৰ ২,৪৭ ত্ৰিলিয়ন ডলাৰৰ পৰা নামি ২০২০ চনত ১,৪৭ ত্ৰিলিয়ন ডলাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে৷ বিশ্ব অৰ্থনীতিৰ বাবে এয়া মুঠেই সুখবৰ নহয়৷ সেইদৰে তৈলক্ষেত্ৰত ২০১৪ চনত বিনিয়োগ হোৱা প্ৰায় ১০০০ বিলিয়নৰ পৰা আহি ২০২০ চনত মাথোঁ ১২০ বিলিয়ন ডলাৰ হ’বহি বুলি বিভিন্ন ৰিপৰ্টত প্ৰকাশ পাইছে৷
তেলৰ উৎপাদন আৰু কৰ’ণাৰ প্ৰভাৱে কেৱল বিশ্বৰে নহয় ভাৰতৰ ওপৰতো প্ৰভাৱ পেলাইছে৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ভাৰতত শোধনৰ কাৰণে ব্যৱহাৰ হোৱা খাৰুৱা তেলৰ প্ৰায় ৮০% ই আমদানীকৃত, সেইফালৰ পৰা তেলৰ দাম কম হোৱা মানে ভাৰতৰ অৰ্থনীতিৰ কাৰণে ই সুখবৰ৷ কিন্তু কৰ’নাৰ প্ৰভাৱৰ কাৰণে উৎপাদিত ইন্ধনৰ চাহিদা বিশ্বৰ আনদেশৰ দৰে ভাৰততো কমি যাব৷ চাহিদা নথকাৰ কাৰণে ভাৰতৰ শোধনাগাৰ সমূহৰ শোধন ক্ষমতা কমাই আনিবলৈ বাধ্য হ’বলগীয়া হ’ব৷ প্ৰকাশিত বাতৰি মতে এপ্ৰিল মাহটোত ডিজাইন ক্ষমতাৰ মাথোঁ ৪৫% শোধন ক্ষমতাহে ব্যৱহাৰ কৰিব পৰা গ’ল, আৰু তাক বৰ্তমান মে’ মাহৰ প্ৰথম সপ্তাহত ৬০% বৃদ্ধি কৰা হয়৷ অৱশ্যে লাহে লাহে দেশৰ অৰ্থনীতি মুকলি কৰাৰ লগে লগে চাহিদা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা দিলে মে মাহৰ শেষৰ সপ্তাহলৈ শোধন ক্ষমতা ৮০% হ’ব বুলি কোৱা হৈছে৷
এতিয়া ভাৰতৰ অৰ্থনীতি যদিহে লাহে লাহে উৰ্দ্ধ মুখী হ’বলৈ আৰম্ভ হয় আৰু খাৰুৱা তেলৰ মূল্য কম হৈয়েই থাকে তেন্তে এয়া ভাৰতৰ কাৰণে হৈ পৰিব আৰ্শীবাদ সদৃশ৷ কিন্তু লাহে লাহে বিশ্বৰ আন আন প্ৰান্ততো অৰ্থনীতি অতি সাৱধানেৰে মুকলি হ’ব ধৰিলে খাৰুৱা তেলৰ চাহিদাও যে বৃদ্ধি পাব তাত কোনো সন্দেহ নাই, গতিকে এতিয়াই কোন দিশত খাৰুৱা তেলে অৰ্থনীতিক লৈ যায় সেয়া একেষাৰতে ক’ব পৰা হোৱা নাই৷ সম্ভৱতঃ আৰু দুই তিনি মাহৰ পাছতহে এটা সাধাৰণ আভাস পোৱা যাব৷

চচিয়েল মিডিয়াৰ প্ৰকোপত বন্ধ হ’ব নেকি বহু নিউজ হাউচ?

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


চচিয়েল মিডিয়া , ফেচবুক , নিউজ পোৰ্টেল ___ এটাৰ লগত আনটোৰ অস্তিত্ব জড়িত হৈ আছে ।চচিয়েল মিডিয়া অৰ্থাৎ সামাজিক মাধ্যম জনগণৰ মাজত যোগাযোগ, চিন্তা-চৰ্চা,প্ৰতিভা ,মনোৰঞ্জন ,তথ্য,সংবাদ,সুখ-দুখৰ ভাগবতৰা কৰিব পৰা এক উমৈহতীয়া বিশ্ব মঞ্চ । চচিয়েল মিডিয়া ব্যৱহাৰ কৰিব পৰা ডিজিটেল আহিলাসমূহ হ’ল মোবাইল, আইফোন,কম্পিউটাৰ ,লেপটপ ইত্যাদি । এই সমূহ আহিলাত ইণ্টাৰনেট সংযোগৰ লগে লগে  একাউণ্টৰ মাধ্যমেৰে  এজন মানুহে বিশ্বৰ লগত প্ৰত্যক্ষ সম্পৰ্ক গঢ়ি উঠে । চচিয়েল মিডিয়াৰ বহল পৃথিৱীখনৰ  ফেচবুক, টুইটাৰ, লিংকড ইন, ইনষ্টাগ্ৰাম,স্নেপচাট,পিন্টাৰেষ্ট,ৰেড্ডিট ইত্যাদি ।চাবলৈ গ’লে দেশৰ গৰিষ্ঠসংখ্যক নাগৰিকেই চচিয়েল মিডিয়া ব্যৱহাৰ কৰে ।  শ্ৰমিকৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী , ৰাষ্ট্ৰপতিলৈকে সকলোৱে ফেচবুকৰ দৰে জনপ্ৰিয় সামাজিক গণ মাধ্যমৰ ব্যৱহাৰকাৰী ।

ৰাজনৈতিক দলৰ নিৰ্বাচনী  প্ৰচাৰৰ এক আশীৰ্বাদ স্বৰূপ হৈ পৰিছে চচিয়েল মিডিয়া । চৌবিশ ঘণ্টাই প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰি  এই আধুনিক তথা কম খৰছী গণ মাধ্যমটোৰ লাভালাভ ভালকৈয়ে উঠাইছে ৰাজনৈতিক দলৰ নেতাসকলে । ফলত ফেচবুক, টুইটাৰ আদিত ৰাজনৈতিক পৰিৱেশ এটাই বাৰুকৈয়ে বিৰাজ কৰিব ধৰিছে । নিৰ্বাচনৰ সময়ছোৱাত ইয়াৰ প্ৰকোপ বাঢ়ে ।চচিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীয়ে যিকোনো বিষয়ত  মুক্ত মনে নিজৰ মন্তব্য ,সমৰ্থন বা বিৰোধিতা আগবঢ়াব পাৰে । এক অৰ্থত বাক স্বাধীনতাৰ মুক্ত প্ৰকাশ ঘটে সামাজিক মাধ্যমত । যিকোনো বিষয়ত ব্যৱহাৰকাৰীয়ে  ততালিকে নিজৰ  প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সুবিধা আছে গণমাধ্যমত । সেয়েহে সম্প্ৰতি ই অধিক সক্ৰিয় আৰু জনপ্ৰিয় হৈ উঠিছে ।
বাতৰি কাকতৰ স্থান লৈছিল টিভিৰ নিউজ চেনেলে, যিদৰে এসময়ত ৰেডিঅৰ স্থান লৈছিল দুৰদৰ্শনে । পিছলৈ চৰকাৰী দুৰদৰ্শনৰ স্থান লৈছিল ব্যক্তিগত মালিকাধীন চেনেল বিলাকে । টিভিত হিন্দী চিনেমাৰ স্থান ল’লে তামিল, তেলেগু ডাবিং চিনেমাই । এটা সময়ত চিনেমা হ’লৰ স্থান লৈছিল টিভিয়ে আৰু এতিয়া টিভিৰ স্থানত আহিল মোবাইল । মোবাইলে যেতিয়া গণ মাধ্যমৰ মুল আহিলা ৰূপে পৰিগণিত হ’ল তেতিয়া নতুন নতুন সংযোজন হৈ থাকিল এইটো মাধ্যমত । মবাইলত কেমেৰা থাকে , সেই কেমেৰাৰ সহায়ত ভিডিঅ বনাব পৰা হ’ল । ছবিয়ে কথা কয় , ভিডিঅ বিলাক খৱৰলৈ পৰিৱৰ্তন হ’ল । নিউজ চেনেল এটাৰ মালিকে নিউজ ৰিডাৰ , কেমেৰা মেন , ফিল্ডত ঘুৰি থকা সাংবাদিক , এটা ষ্টুডিঅ , যান বাহনৰ খৰচৰ মোকাবিলা কৰিবলৈ ৰাজনীতিত নামিব লগা হ’ল । ৰাজনীতি কৰা ব্যক্তিৰ আশিষ ধৈন্য হৈ বিয়াগোম ব্যৱসায়ীয়ে নিজৰ নাম আৰু প্ৰভুত্বৰ খাতিৰত নিউজ চেনেল আৰম্ভ কৰিলে । যিটো সময়ত বাতৰি কাকত এখনে ৰাজনৈতিক ভুমিকা বা চৰকাৰী বিজ্ঞাপনৰ দ্বাৰা চলি আছিল সেই একে উপায় লৈছিল নিউজ চেনেল বিলাকে । লাহে লাহে সময় সলনি হ’ল । নৰেন্দ্ৰ মোদীয়ে চ’চিয়েল মিডিয়াক ভিত্তি কৰি নিৰ্বাচনী প্ৰচাৰ চলালে , কাৰণ ভাৰতৰ বাতৰি কাকত আৰু নিউজ চেনেল বিলাকৰ অধিকাংশই বাওঁপন্থী আৰু বিদেশী ৰাষ্ট্ৰৰ অধিনত কাম কৰে । চ’চিয়েল মিডিয়াৰ সফল প্ৰয়োগ আৰু internet data সুলভ মুল্যই ৰাজনীতিত এটা নতুন উপাদান দিলে । ইয়াৰ ফলত ৰাজনৈতিক দল তথা মন্ত্ৰী-বিধায়ক সকলে নিউজ চেনেল বা বাতৰি কাকতৰ প্ৰতি গুৰুত্ব কমাই দিলে আৰু নিউজ হাউচক মেনেজ কৰিবলৈ  লাহে লাহে এৰি পেলালে । দৰ্শক নোহোৱা নাটকত ভাওঁ ল’বলৈ এৰি পেলালে প্ৰভাৱ শালী ৰাজনৈতিক ব্যক্তি সকলে । যাৰ ফলত খুব কম বিনিয়োগ কৰি জন্ম দিয়া নিউজ পোৰ্টেল বিলাক জনপ্ৰিয় হৈ পৰিল । এই বিলাকত নেতাৰ গুৰুত্ব বাঢ়িল আৰু ডাঙৰ ডাঙৰ নিউজ হাউচৰ মালিকৰ নিজৰ চেনেলৰ প্ৰতি গুৰুত্ব কমিল । তৎস্বত্তেও বহু সংখ্যক চেনেল বন্ধ হৈ গ’লেও দুই এটা চেনেল বাচি থাকিব ৰাজনৈতিক নেতাৰ প্ৰত্যক্ষ সহযোগত ।

দশম শ্ৰেণীলৈকে সংস্কৃত ভাষা বাধ্যতামূলক কৰা হওক: ডা: উৎসৱ ডেকা

  • ডা: উৎসৱ ডেকা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ভাৰতবৰ্ষ গুণ, জ্ঞান আৰু প্ৰজ্ঞাৰ ভাণ্ডাৰ। এই দেশতে স্কুলীয়া, কলেজীয়া, বিজ্ঞান, কাৰিকৰী শিক্ষা আহৰণ কৰি, ব্যুৎপত্তি লাভ কৰি  বিশ্বত উচ্চতম স্হান অধিকাৰ কৰিবলৈ সক্ষম হৈছে শত-সহস্ৰজনে । গতিকে, আমাৰ মেধা আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ তুলাচনীত সফলভাৱে উত্তীৰ্ণ। তেন্তে, মেধাৰ বহিঃগমন কিয় ?
       ৰাজ্যই ৰাজ্যই কিয় বিশ্বমানদণ্ডৰ বৃহৎ বৃহৎ অনুষ্ঠান আৰু কাৰখানা প্ৰতিষ্ঠাৰে আমি স্বনিৰ্ভৰশীল আৰু বহিঃদেশৰ উদাহৰণ হ’ব পৰা নাই ? নব্বৈ শতাংশতকৈও বেছি ৰোগৰ সফল চিকিৎসা এই দেশতে  চলি আছে। তৎসত্বেও, ভাৰতবৰ্ষৰ জনসাধাৰণৰ খৰছত (taxpayers’ money-ৰ শৰাধ কৰি ) নিজক উচ্চশিক্ষিত কৰি আধুনিক জীৱনশৈলী/যাত্ৰাৰ ভ্ৰমত আৰু লোভত লালায়িত হৈ নিজৰ দেশৰ লোকচান কৰি আমেৰিকা, ইংলণ্ড, অষ্ট্ৰেলিয়া, কানাডা, মধ্যপ্ৰাচ্য আদি দেশলৈ চিকিৎসক, ইঞ্জিনিয়াৰসকল ঢাপলি মেলে কিয় ? সেইবোৰ দেশৰপৰা উচ্চশিক্ষিত কোনোজন নাগৰিকেতো আমাৰ দেশত সেৱা আগবঢ়াবলৈ নাহে ? ( একমাত্ৰ খৃষ্টান আৰু ইছলাম ধৰ্মীয় গুৰু আৰু মানৱসেৱাত জীৱন উৎসৰ্গিত মুষ্টিমেয় দুই-চাৰিজনৰ ব্যতিৰেকে)। আমাৰ দেশৰ সম্পদেৰে নিজক গঢ়ি হাজাৰ হাজাৰ ভাৰতীয় মেধা পশ্চিমৰ ধনীদেশক আৰু ধনী কৰিবলৈ গুছি যায় কিয় ? বিদ্যা-বুদ্ধি-জ্ঞান-মেধা দেশমাতৃৰ স্বাৰ্থত আৰু দেশৰ জনগণৰ স্বাৰ্থত সদ্ব্যৱহাৰ কৰাটো নিশ্চয় নৈতিক দায়িত্ব ? অন্যথাই, নিমখহাৰাম, খাই পাত ফলা কাৰ্য।
        দেশত শিক্ষা লৈ বিদেশত সেৱা আগবঢ়োৱাজনক নীচ, লজ্জিত কৰাৰ মানসিকতা আমাৰ হ’ব লাগিব আৰু স্বদেশত সেৱা আগবঢ়োৱাজনক আমি যথোচিত স্বীকৃতি- প্ৰশংসাৰে উপচাই পেলাব লাগিব। ভাৰতবৰ্ষৰ ৰাজকোষৰ ব্যয়েৰে আহৰণ কৰা উচ্চশিক্ষাৰ মূল্য বিদেশৰ মাটিত বিলোৱাৰ নৈতিক অধিকাৰ কাৰোৱেই নাই। এয়া দেশদ্ৰোহিতা; অক্ষমণীয় অপৰাধ।
        গতিকেই, বিদ্যালয়-মহাবিদ্যালয় স্তৰতে শিক্ষাদানৰ সময়ত দেশৰ প্ৰতি দায়িত্ববোধৰ মানসিকতা জন্মাব লাগিব। নতুন প্ৰজন্মৰ, বিশেষকৈ চোকা, উচ্চশিক্ষিতচামৰ মনোজগতত স্বদেশপ্ৰেমৰ (ব্যৱহাৰিক অৰ্থত) তাড়না সৃষ্টি কৰিব পাৰিব লাগিব। প্ৰতিজন ভাৰতবাসীৰ মনঃস্তত্বত অতি দকৈ শিপাব লাগিব যে _ ‘ স্বদেশত শিক্ষা লৈ বিদেশৰ নহয়, স্বদেশৰহে সৰ্বোতপ্ৰকাৰ উন্নতি সাধিম’।
      ভাৰতবৰ্ষত জন্মলাভ আৰু শিক্ষালাভ কৰাৰ পিছত অইন দেশত চাকৰি, সংস্হাপন লৈ পৰোক্ষভাৱে মাতৃভূমিৰ ক্ষতি কৰা স্বাৰ্থান্বেষী প্ৰতিজনৰ দায়িত্ব আছিল দেশমাতৃ আৰু দেশবাসীৰ কল্যাণ আৰু উন্নতিৰ হকে সমস্ত জ্ঞানৰ ভাণ্ডাৰ একমাত্ৰ এই দেশৰ স্বাৰ্থত ব্যৱহাৰ কৰাটো। বিদেশত বহুমূলীয়া সামগ্ৰী উৎপাদন কৰা প্ৰতিষ্ঠানত কৰ্মৰত বহু লাখটকীয়া/ কোটিটকীয়া চাকৰিৰপৰা স্বদেশলৈ অহা/পঠিওৱা ধন যদি বিদেশত তেৰাসৱৰ অৰিহণাতে উৎপাদিত স্বদেশলৈ আমদানিকৃত বহুমূলীয়া সামগ্ৰী ক্ৰয় কৰাতে আকৌ ব্যয় হয়, তেন্তে স্বদেশৰ উন্নতি কেতিয়া আৰু কেনেকৈ হ’ব ? আমাৰ দেশত জন্মা আৰু গঢ়া মানৱ সম্পদৰ সদ্ব্যৱহাৰ দেশৰ চাৰিসীমাৰ ভিতৰত হোৱাতো বাঞ্চনীয়। দেশত মানৱ সম্পদ, মেধা-জ্ঞান-বুদ্ধিৰ অভাৱ নাই। তেন্তে, প্ৰায় সকলো বহুমূলীয়া বাহন, মোবাইল, টি ভি, কম্পিউটাৰ, সঁজুলি, আহিলা বিদেশৰপৰা আমদানিকৃত কিয় ?
     এয়া পিতৃ-মাতৃ তথা নিজৰ পৰিয়াল- সমাজে তুলিতালি, খুৱাই-ধুৱাইভ সমস্ত খৰছ কৰি ‘ডাঙৰ’ মানুহ বনোৱাৰ পিছত পুত্ৰ নিজৰ মাক-দেউতাক-পৰিয়াল-সমাজ পাহৰি ঘৰ-জোঁৱাই হৈ শশুৰবাৰীৰ সমৃদ্ধি বৃদ্ধি কৰি উৎপাদিত সামগ্ৰী পূজনীয় মাক-দেউতাকৰ ওচৰত বিক্ৰি কৰাৰ লেখীয়া কথা!
    সমাধানৰ উদ্দেশ্যেঃ
   ক) প্ৰথম শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈকে সংস্কৃত ভাষা বাধ্যতামূলক কৰা হওক। ( আমাৰ নিজৰ অবিশ্বাস্যভাৱে চহকী সভ্যতা-সংস্কৃতি, সাহিত্য-কলা-কাৰুকাৰ্য্য, ৰাজনীতি-পাণ্ডিত্য ইত্যাদিৰ স’তে প্ৰতিজন ভাৰতীয়ৰ আত্মপৰিচয় অত্যাৱশ্যকীয় আৰু মৌলিক দায়িত্ববোধ)
    খ) প্ৰথম শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈকে মাতৃভাষা বাধ্যতামূলক কৰা হওক। মাতৃভাষা (শিক্ষাৰ মাধ্যম) ত শিক্ষালাভ (নূন্যতম বিদ্যালয় স্তৰপৰ্যন্ত) কৰাসকলৰ মাজত শিক্ষালাভৰ অন্তত চিধাই কৰ্মসূত্ৰে/ সংস্হাপনৰ উদ্দেশ্যে বহিঃদেশলৈ ঢাপলি মেলাৰ মানসিকতা আৰু প্ৰৱণতা কমকৈ পৰিলক্ষিত হয়।
     গ) হিন্দুস্হানৰ প্ৰতিজন নাগৰিকে ক্ৰয় আৰু ব্যৱহাৰ কৰা প্ৰতিটো সা-সামগ্ৰী দেশতহে উৎপাদিত হ’ব লাগিব।
     ঘ) বহিঃদেশৰপৰা মানৱসম্পদ  আৰু মেধাৰ ব্যতিৰেকে কোনো সামগ্ৰী ক্ৰয়/আমদানি কৰাটো নিষিদ্ধ। অৰ্থাৎ, আমি বহিঃদেশৰপৰা একমাত্ৰ অত্যাৱশ্যকীয় talent- হে কিনিম, সামগ্ৰী কেতিয়াও নিকিনো।
    বাস্তৱতাৰ অৱলোকণঃ
       ক) স্কুলীয়া অৱস্হাতে, তাৰ পিছত মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়তো শিক্ষাৰ্থীৰ মনত পোক সোমায় -‘শিক্ষালাভৰ অন্তত বিশ্বৰ উন্নত দেশত গৈ সংস্হাপিত হ’ব লাগিব’।
      খ) আজিও বিবাহপোযগ্যা গাভৰুৰ, পিতৃ-মাতৃৰ, পৰিয়ালৰ, আত্মীয়-স্বজনৰ প্ৰায় আটায়ে বিচাৰে প্ৰাশ্চাত্য/মধ্যপ্ৰাচ্যত মোটা দৰমহা পোৱা প্ৰাৰ্থীৰ পাণি।
     গ) ৰাজকোষৰ ধনৰ খৰচত স্নাতক, স্নাতকোত্তৰ শিক্ষা লভি কানাডাৰপৰা বিশেষ পাঠ্যক্ৰম কৰি অহা বন্ধুৰ CAA বিৰোধী আন্দোলনৰ জোকাৰণিৰ সময়ত মন্তব্য – ‘তাতেই থাকি যাব লাগিছিল’।
     ঘ) ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়াত সংস্হাপিতসকল নিজৰ চহৰলৈ আহিলে মহাপুৰুষৰদৰে আতিথ্য, আপ্যায়ণ।
     ঙ) মধ্যপ্ৰাচ্য ফুৰি আহি মন্তব্য – ‘তাতেই চাকৰি লৈ সংস্হাপিত হ’ব লাগিছিল। কি যে সুন্দৰ, মনোমোহা সকলো: জীৱন-যাত্ৰাৰপৰা সন্তানৰ শিক্ষা-দীক্ষালৈকে।’
    চ) Sundar Pichai, CEO, Google: It is net gain or net loss so far as benefits of India and Indians are concerned? Is it not our failure to utilise such manpowers, talents, knowledge? তেন্তে, আমাৰ জয়োল্লাস কিয়? আমি বিজয়ৰ ঢাক-ঢোল বজাও কিয়? এই লোকচানবোৰ আত্মবিশ্লেষণ আৰু শুধৰণিৰ কাৰণে সকিয়নিহে। ভাৰতবৰ্ষ আৰু ভাৰতীয়ৰ উন্নতিৰ জখলাত এই ক্ষতিবোৰত আমাৰ হৰ্ষোল্লাস নহয়, অনুশোচনা-ব্যাথাহে উচিত ; প্ৰতিক্ৰিয়া যিদিনা হ’ব, সেইদিনাহে আমাৰ সঁচা, প্ৰকৃত আৰু বাস্তৱিক অৰ্থত স্বাধীনতা লাভ হ’ব।

টি.আৰ.পিৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মা আৰু আঙুৰলতা

  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কেইবছৰ মান আগতে এটা ব্যক্তিগত মালিকাধীন টি.ভি চেনেলৰ এটা আলোচনা চক্ৰৰ শিৰোনামা আছিল “হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত ধৰ্মান্তৰণ”। জালুকবাৰী সমষ্টিৰ অন্তৰ্গত এটা ঠাইত আৰু ওদালগুৰীতত কেইজনমান মানুহ হিন্দু ধৰ্মৰ পৰা ধৰ্মান্তৰিত হৈ খৃষ্টান হৈছিল। সেই খৱৰটোক হিমন্ত বিশ্ব শৰ্মাৰ নামৰ লগত জড়িত কৰাৰ প্ৰকৃততে কোনো অৰ্থ নাছিল। কিন্তু টি.আৰ.পিৰ খাতিৰত হয়তো তেখেতৰ নামটোৰ প্ৰয়োজন আছিল। আজিৰ পৰা ২০ বছৰ আগতে অসমত অকল দুৰদৰ্শন আৰু অসমীয়া ৩-৪ খন কাকত আছিল। দুৰদৰ্শনত যি দেখাইছিল ভাল নালাগিলেও সেইবিলাক চাবলৈ আমি বাধ্য আছিলো। বহুত সময়ত বিৰক্তিকৰ সাক্ষাতকাৰ বিলাক দেখাই আমাক বহুৱাই ৰাখিছিল। আজিকালি ৰিমোটেৰে আমি ক্ৰেতাৰ শক্তি প্ৰদৰ্শন কৰো। খৱৰ,চিনেমা,কমেডি আনকি জন্তু-জানোৱাৰৰ বাবেও বিভিন্ন ৰকৰমৰ চেনেল।
২০০১ চনৰ পিছৰে পৰা অসমৰ বাতৰি কাকত আৰু টেলিভিছনৰ টি.আৰ.পিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ড° হিমন্ত বিশ্ব শৰ্মা। এতিয়াও মনত আছে যেতিয়া প্ৰমোদ মাহাজন অসমত ২০০৬ৰ নিৰ্বাচন ৰ দায়িত্বত আছিল। তেওঁ কৈছিল অসমৰ আচল মুখ্যমন্ত্রী হেনো শৰ্মা। বিভিন্ন সময়ত শৰ্মা ডাঙৰীয়াই কিছু আমোদজনক আৰু কিছু বিতৰ্কিত মন্তব্য কৰি অসমৰ মিডিয়াক বিকশিত হোৱাত সহায় কৰিছে। “ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা বঢ়াই অগপৰ মুখত জোতা মাৰিম”, “আমবাৰীৰ কাৰ্য্যালয় বিবাহ ভবন হ’ব”, “চন্দ্ৰমোহন পাটোৱাৰী এদিন কংগ্ৰেছত যোগদান কৰিব”, “গুজৰাটৰ পাইপত মুছলমানৰ তেজ বয়” আদি অজস্ৰ হেডলাইনেৰে মিডিয়াক সাৰ পানী যোগান ধৰি আহি আহিছে। ৰাহুল গান্ধীৰ কুকুৰৰ কথা কৈ আকৌ শৰ্মাই ৰাষ্ট্ৰীয় চেনেলৰ টি.আৰ.পি বঢ়াবলৈও সক্ষম হৈছে।
অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ৰাজনীতি অসমৰ জন্ম হৈছিল প্ৰায় দুই বছৰ আগত। এইখন যিহেতু এখন ডিজিটেল আলোচনী সেয়েহে পঢ়ুৱৈৰ হিচাপ -নিকাচ আমি লগে লগে পাই যাও। বৰ্তমান সময়ত (লাইভ) কেইজনে কি আৰ্টিকল পঢ়ি আছে। দিনটোত মুঠ কিমান হ’ল, মাহটোৰ বা বছৰটোৰ পঢ়ুৱৈৰ হিচাবো আমি চেকেণ্ডৰ ভিতৰতে পাই যাও। আমাৰ এই দুই বছৰৰ অভিজ্ঞতাৰ পৰা আমি কব পাৰো যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ টি.আৰ.পি সকলোতকৈ বেছি। ড° শৰ্মাৰ ওপৰত থকা আৰ্টিকল বোৰে পায় সকলোতকৈ বেছি পঢ়ুৱৈ। প্ৰায় ডেৰ বছৰ আগতে আমাৰ আলোচনীত প্ৰকাশিত “হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত যোগদানৰ আৰৰ কাহিনী” আৰ্টিকলে প্ৰায় ৫৫,৬০০ ক্লিক লাভ কৰি একপ্ৰকাৰ অভিলেখ স্থাপন কৰে। মে ২০২০ত প্ৰকাশ কৰা “হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত তিনিটা নতুন প্ৰত্যাহ্বান” শীৰ্ষক আৰ্টিকলে অতিক্ৰম কৰে ১০,৫০০ ক্লিক। একেদৰে এপ্ৰিল ২০২০ ৰ “ত্রিছ বছৰ আগৰ কটনৰ ছাত্রজন আজিৰ ক’ৰোনা যুদ্ধৰ মহাৰথী” য়ে অতিক্ৰম কৰে ১৭,০০০ ক্লিক। ইয়াৰ উপৰিও শৰ্মাৰ ওপৰত লিখা প্ৰতিটো আৰ্টিকলে লাভ কৰে পঢ়ুৱৈৰ ব্যাপক সহাৰি।
শিলাদিত্য দেৱ, তৰুণ গগৈ, গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমলৰ টি.আৰ.পি কিছু আছে যদিও শৰ্মাৰ তুলনাত যঠেষ্ট কম। মহিলা নেত্রীসকলৰ ভিতৰত আঙুৰলতাৰ টি.আৰ.পি সকলোতকৈ বেছি। হইতো বোলছবি জগতৰ পৰা ৰাজনীতিত প্ৰবেশ কৰা বাবে তেওঁৰ ওপৰত ৰাইজৰ কৌতুহল বেছি। চেপ্তেম্বৰ ২০১৯ত প্ৰকাশিত ” আঙুৰলতাৰ পৰাজয়, নিশ্চিত বিজয়ৰ দিয়ে সুমন” এ ১৫,৭০০ তকৈ বেছি ক্লিক লাভ কৰে। নবেম্বৰ ২০১৯ ত প্ৰকাশিত “নতুন সমষ্টি বিচাৰি হাবাথুৰি খাইছে আঙুৰলতাই” শীৰ্ষক নিবন্ধটো পঢ়িছে ৮০০০ তকৈ বেছি লোকে।
বৰ্তমান টি.আৰ.পিৰ যুগ। অৰ্থাৎ যি ৰাইজে ভাল পায় তেনেকুৱা বস্তু মিডিয়াই প্ৰকাশ কৰিবলৈ বাধ্য।

ৰাফেলৰ পৃষ্ঠভুমি: নতুন প্ৰজন্মই জানেনে ?

  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


১৯৫০ ত সংবিধান গৃহিত হয় । ১ম নিৰ্বাচনটোত ভোটদানৰ হাৰ আছিল ৪৫.৭ % আৰু একক সংখ্যাগৰিষ্ঠ দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ । কংগ্ৰেছে ভোট পাইছিল ৪৫ %  , । আজিৰ সাধাৰণ নিৰ্বাচনৰ লগত এটা ডাঙৰ পাৰ্থক্য আছিল ১৯৫২ ৰ নিৰ্বাচনৰ । সেইটো হ’ল ৪৮৯ খন যদিও আসন আছিল , সেইসময়ত কিন্তু সমষ্টি আচিল ৪০১ টা । ৮৬ টা সমষ্টিত দুখন আসন আছিল __ এখন সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আৰু আনখন সংৰক্ষিত শ্ৰেণীৰ বাবে । বাকী এটা সমষ্টিত আছিল ৩ খন আসন । উদাহৰণ স্বৰূপে তেতিয়াৰ দিনতে জৱাহৰলাল নেহেৰুৱে প্ৰতিদন্দিতা কৰা সমষ্টিটোত দুখন আসন আছিল , এখন সাধাৰণ শ্ৰেণীৰ আৰু আনখন অনুসূচিত জাতিৰ বাবে । এলাহাবাদ পুবৰ পৰা সাংসদ আছিল ক্ৰমে নেহেৰু(GEN) আৰু মাচুৰিয়া দিন ( SCপ্ৰাৰ্থী) ।

২০১৯ ত যিদৰে আমেঠি ৰাহুল গান্ধীৰ কাৰণে সহজ হৈ নথকাৰ বাবে কৰ্ণাটক বা কেৰেলাৰ পৰাও প্ৰতিদন্দিতা কৰিব পাৰে ; সেই একেদৰে নেহেৰুৱে ও কিন্তু এনে এটা সহজ সমষ্টি বাচি লৈছিল য’ত দুখন আসনৰ এখন সংৰক্ষিত আছিল ।
সাৱৰকৰে কৈছিল যে ব্যাক্তিৰ আদৰ্শই দেশৰ নীতি নিৰ্ধাৰণক প্ৰভাবিত কৰিলে সেই দেশ যিকোনো সময়তে বিপদৰ সন্মুখিন হ’ব পাৰে । অহিংস নীতিত ব্যক্তি চলিব পাৰে কিন্তু অহিংস নীতিত দেশ নচলে । সাৱৰকৰে ভাৰতক আনবিক শক্তি আহৰণৰ বাবে জোৰ দিছিল । যেতিয়া তেওঁ পৰমাণু বোমা নিৰ্মাণ প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰাৰ কথা সভাই সমিতিয়ে বা কাকতত নিবন্ধ লেখি দাবী জনাইছিল তেতিয়া অধিকাংশ নেতাই গুৰুত্ব দিয়া নাছিল । ৰাছিয়া আমেৰিকা আৰু ইংলণ্ডৰ হাতত পৰমাণু শক্তি আছিল আৰু সেই বাবেই বিশ্বত সেই দেশ বিলাকে ৰাজত্ব চলাব পাৰিছিল ।চীনে তীব্বত দখল কৰাৰ  পিছত ভাৰতৰ ফালৰ পৰা ৰাষ্ট্ৰ সংঘত এবাৰো প্ৰতিবাদ নকৰিলে বৰঞ্চ নেহেৰুৱে চীনৰ লগত পঞ্চশীল নীতিত চহী কৰিলে । ১৯৫৪ চনৰ ২৯ এপ্ৰিলত চাক্ষৰিত চুক্তি খনে তীব্বতক চীনৰ  অংগৰ হিচাপে স্বীকৃতি দিলে । সাৱৰকৰে নেহেৰুৰ বৈদেশিক নীতিক  নীতিক সমালোচনা কৰি পুণাৰ পৰা প্ৰকাশিত ‘কেশৰী ‘  কাকতৰ  ২৬ জানুৱাৰী ১৯৫৬ সংখ্যাটোত বিস্তৃত লেখ লিখে ।  সেই সময়তে তেওঁ নেহেৰুৰ তীব্বত নীতিৰ ফলত যে এদিন নিজৰ দেশ খন চীনৰ আক্ৰমণৰ বলি হ’ব লাগিব তেওঁ আশংকা কৰিছিল ।

ভীমৰাও আম্বেদকাৰে চীনৰ লগত নেহেৰুৱে কৰা পঞ্চশীল নীতিক লৈ আশ্বৰ্য্য প্ৰকাশ কৰে । চীনৰ মানুহে বুদ্ধ ধৰ্ম পালন কৰে আৰু বুদ্ধ ধৰ্মত হিংসাৰ স্থান নাই । কিন্তু চীনে নিজৰ প্ৰতিপত্তি বিস্তাৰ কৰাৰ কাৰণে নিজৰ বিদেশ নীতিত ধৰ্মক প্ৰশ্বয় দিয়া নাছিল । প্ৰমাণ চীনৰ দ্বাৰা তীব্বত দখল । সাৱৰকৰে নেহেৰুৰ বিদেশ নীতিক সমালোচনা কৰা কাৰণে তেওঁক নেহেৰু আৰু তেওঁৰ অনুচৰ নেতা সকলে কটু মন্তব্য কৰিছিল ; আনকি নতুনকৈ স্বাধীনতাৰ সোৱাদ লোৱা অধিকাংশ ভাৰতীয়ই তেওঁৰ মন্তব্য বিলাক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি ধাৰণা কৰিছিল।  ভাৰতীয় নেতা কিছুমানৰ ধাৰণা ভুল হ’লেও চীনৰ কিন্তু লক্ষ থিক আছিল । ৬২ ‘ ৰ চীনা যুদ্ধই দেখুৱাই গৈছিল পঞ্চশীল নীতি ফোঁপোলা স্বৰূপ ।এই খিনিতে উল্লেখ যোগ্য কথাটো হ’ল যেতিয়া চীনা সৈন্যই ভাৰতৰ ভুখণ্ডত প্ৰবেশ কৰিছিল তেতিয়া সেনা বাহিনীক সহায় কৰাৰ বাবে বায়ুসেনাক আদেশ দিয়া হোৱা নাছিল ।
তীব্বত দখল কৰা চীনে অশা্ন্তি কৰিলে নেপালত , ভুটানত । অৰুণাচলৰ বমদিলাৰে চীনা সৈন্য সোমাই আহি তেজপুৰ দখল কৰো কৰো অৱস্থাত অসম বাসীক গুড বাই দিয়া নেহেৰুৰ ৰেডিঅ’ বাৰ্তা সকলোৰে মনত আছে । ১৯৫৪ ত সাৱৰকৰ আৰু আম্বেদকাৰে নেহেৰুৰ পঞ্চশীল চুক্তিৰ পৰা চীনৰ পৰা আসন্ন বিপদৰ উমান পাইছিল , কিন্তু চৰকাৰী পক্ষই গুৰুত্ব নিদিলে । ছয় বছৰ পিছত চীনে ভাৰতক আক্ৰমণ কৰিলে । ১৯৫৯ চনত তীব্বতৰ পৰা পলায় আহি অসমত সোমোৱা দলায় লামা ( ১৪ তম) ই ভাৰতত আশ্ৰয় লয় । ১৯৯১ চনত প্ৰকাশ পোৱা তেওঁৰ আত্মজীৱনী  ‘ Freedom In Exile ‘ ত নেহেৰুৱে চীনৰ লগত কৰা পঞ্চশীল চুক্তিক কটাক্ষ কৰিছে আৰু এই চুক্তিৰ দ্বাৰা তীব্বতক স্থায়ী ভাবে চীনৰ অধীনৰ অঞ্চল বুলি স্বীকৃতি দিলে ।
” Yet i was conscious that outside Tibet the world had turned its back on us.Worse , India our nearest neighbour and spiritual mentor had tacitly accepted peking’s claim to Tibet…………’ , Dalai Lama.

১ চেপ্তেম্বৰ ১৯৬৫ , যুদ্ধ ঘোষণা হয় । তিনি বছৰ আগতেই জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছে । লাল বাহাদুৰ শাস্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী । প্ৰতিৰক্ষা মন্ত্ৰী য়চৱন্ত ৰাও সাৱন্ত । গান্ধী -নেহেৰুৰ পুৰ্বৰ নীতি নাই । ভাৰতীয় সেনাই লাহোৰত  জাতীয় পতাকা উৰুৱালে । মিগ ২১ এ পাকিস্তানৰ এফ ৮৬ আৰু এফ ১০৪ ক পৰাভুত কৰি যুদ্ধ জয় কৰিবলৈ সক্ষম হয় । স্বাধীনতাৰ পিছৰ পৰা যিজন সাৱৰকৰে ভাৰতৰ সৈনিক শক্তি বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছিল সেইজন সাৱৰকৰক যুদ্ধ জয়ৰ খৱৰে উৎসাহিত কৰিছিল । আমেৰিকাৰ পৰা অহৰণ কৰা পাকিস্তানৰ যু্দ্ধ বিমান বোৰৰ শক্তি কোনো গুণে কম নাছিল । আমেৰিকাৰ পৰা ১৯৫৭ চনতেই পাকিস্তানে এফ ৮৬ যুদ্ধ বিমান কিনিছিল । আৰু ভাৰতত মিগ ২১ আছিল ১৯৬৪ চনত । মাত্ৰ একবছৰৰ ভিতৰত বিমান চলোৱা শিক্ষা লৈ আমেৰিকাৰ এফ ৮৬ ক পৰাভুত কৰিব পাৰিছিল একমাত্ৰ  ভাৰতীয় বৈমানিকৰ  সাহস  আৰু আত্মবিশ্বাসৰ বলত । মিগ ২১ নথকাহেঁতেন ফলাফল কি হ’ল হেঁতেন সেয়া উপলব্ধি কৰিলে নৰেন্দ্ৰ মোদীয়ে । ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত হ’ল ফ্ৰান্সৰ পৰা কিনা ৰাফেল যুদ্ধ বিমান । তথাপি বায়ু সেনাৰ হাতত ৰাফেল গতাব পৰাটো ইমান সহজ নাছিল । ৰাফেলক বাধা দিবলৈ চীনৰ লগত পঞ্চশীল চুক্তি কৰা জৱাহৰলাল নেহেৰুৰ দলৰ নেতা সকলৰ অনুগ্ৰহত ৰাফেল ক্ৰয়ৰ বিৰু্দ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ পৰিছিল । পিছলৈ উচ্চতম ন্যায়ালয়ত কংগ্ৰেছৰ আবেদন খাৰিজ হয় আৰু বায়ু সেনা বিভাগ শক্তিশালী হয় ।

কৃষি বিভাগত বাৰে বাৰে দুৰ্নীতি কিয়?

  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কৰ’না , ল’কডাউনৰ পিছত অৰ্থনীতিয়ে নতুন মোৰ ল’ব সেয়া স্বাভাবিক ধাৰণা । ল’কডাউনৰ পিছৰ সময়বোৰ কিদৰে মোকাবিলা কৰিব লগে সেই সিদ্ধান্ত ল’বলৈ অৰ্থনীতিবিদৰ দ্বাৰা গঠিত বিভিন্ন বিভাগ চৰকাৰৰ আছে ।
খেতি কৰিবলৈ দিয়া ট্ৰেক্টৰ চলে চহৰৰ ৰাজপথত , মীন বিভাগৰ বিভিন্ন আঁচনি একামাত্ৰ চাবচিডিৰ টকা ভগোৱাতে সীমাবদ্ধ থাকে , কৃষকক যোগান ধৰা বীজৰ নামত চলে টেন্দাৰিংৰ বেহা ইত্যাদি । প্ৰতিখন চৰকাৰতে কৃষি বিভাগৰ মন্ত্ৰী জন হৈ পৰে অতি ধনী অথবা ধোদ । দুৰ্নীতি গ্ৰস্ত বিভাগ হিচাপে কুখ্যাতিৰে জিলিকি উঠে কৃষকৰ লগত জড়িত বিভাগটো । পুৰ্বৰ চৰকাৰৰ সময়ত যদি নিলমনি সেন ডেকা নামটো দুৰ্নীতিত সোমাই পৰিছিল , এইবাৰ আকৌ কৃষি মন্ত্ৰী পথাৰত কৈ সংবাদ মেলতহে বেছি ব্যস্ত । কেন্দ্ৰই সিদ্ধান্ত ল’ব আৰু ৰাজ্য সমুহে নজিৰ সামৰ্থ্য অনুযায়ী বিভিন্ন আঁচনি ল’ব । চৰকাৰৰ অৰ্থনীতি বিভাগক সিদ্ধান্ত শুনাবলৈ বুদ্ধিজীৱীৰ প্ৰয়োজন নাই । চৰকাৰে ৰাইজৰ ভোটৰ সহায়ত গণতান্ত্ৰীক পদ্ধতিৰে নিৰ্বাচিত হয় আৰু পাঁচ বছৰ দেশৰ নেতৃত্ব লয়  । এজন সাধাৰণ মানুহ হিচাপে মনৰ ভাবহে ব্যাক্ত কৰিব বিচাৰিছো । ল’কডাউনে সকলোকে এটা শিক্ষা দিলে যে অৰ্থনৈতিক উন্নয়নৰ কাৰণে যিদৰে উদ্যোগ লাগে , সেইদৰে একে দৰে জীৱনৰ বাবে লাগে গ্ৰাম্য জীৱন ।  গাওঁত বাস কৰা দুখীয়া মানুহক সুৰক্ষিত আৰ্থিক অৱস্থাৰ বাবে বা  চহৰত বাস দুখীয়া শ্ৰেণীৰ মানুহক ১ টকীয়া চাউলৰ প্ৰয়োজন আছে । ১ টকীয়া চাউলৰ যোগান ধৰি থাকিবলৈ ৰাষ্ট্ৰ এখনৰ উদ্যোগিক উন্নয়ন অতি প্ৰয়োজন । কৃষি বিভাগৰ দ্বাৰা হাতত লোৱা আঁচনি একমাত্ৰ নিৰ্বাচন কেন্দ্ৰীক আৰু কৃষিক বাদ দি অন্য উদ্দেশ্যত হে ব্যৱহাৰ হোৱা পৰিলক্ষিত হৈছে । এইবাৰৰ কৃষি মন্ত্ৰীয়ে আকৌ নিজৰ কাৰ্য্যকালৰ বহু মাহ মন্ত্ৰী পদ ত্যাগ কৰি কেব আন্দোলনটো ব্যস্ত থাকিল । বিভাগ এটাৰ মন্ত্ৰীয়ে পদ ত্যাগ কৰি ওলায় যায় কিন্তু মুখ্যমন্ত্ৰীয়ে পদত্যাগ পত্ৰ গ্ৰহণ নকৰে । মন্ত্ৰী শুন্য হৈ বিভাগ চলি থাকে ।  মন্ত্ৰী ভঙা পতাৰ খৰাং ৰাজনীতিত খৰাং পথাৰত ধানৰ বীজে পতানৰ ৰূপ লয় ।কৰনাৰ লগে লগে বানপানী আহিব । মন্ত্ৰী – আমোলা – দল সংগঠনে এনেকুৱা লগাব যে অসমত এইবাৰেই বানপানী হৈছে । নদীৰ পানী যেতিয়া বাঢ়িব মন্ত্ৰী- বিধায়কে মথাউৰি পৰিদৰ্শন কৰিব । এইবিলাক কাম যোৱা ৩০-৪০ বছৰে মানুহে দেখি আহিছে ।ফেচবুকত ফটো দি ৰিলিফ দিবলৈ মানুহ সাজু  ৰাইজ । একোটা বিভাগত মন্ত্ৰী , সংসদীয় সচিব , মেনেজাৰ , কমিচনাৰকে ধৰি ১০ জন মানুহে দায়িত্ব লৈ ৰঙা লাইট , মোটা দৰমহা লৈ গিজগিজাই ৰাইজৰ ধন খৰচ কৰা চৰকাৰেও সময়ত ৰাইজৰ পৰাই সহায় বিচাৰিব । চৰকাৰী স্কুলত ছাত্ৰ – ছাত্ৰী কমি গ’লেও বানপানীৰ সময়ত মানুহ ৰাখিবলৈ অন্তত : সুব্যৱহাৰ এটা হয় । প্ৰতিখন পঞ্চায়তত ২০- ২৫ বিঘা মাটিৰ এটা ওখ ভেটি চৰকাৰে কিয় নবনায় , য’ত খাদ্য -বস্তুৰ লগতে বানপিড়িত মানুহ থাকিব পাৰে , পশুধন ৰাখিব পৰা যায় । খৰছো বিশেষ নাই , শ্ৰম দানত ৰাইজেই সহায় কৰিব বহু ক্ষেত্ৰত । কিন্তু বানপানীৰ সময়ত কাৰোবাক খাদ্য বিলাবলৈ যদি ঠিকা দিয়াৰ কাৰণেই এনেবোৰ কৰা নহয় তেন্তে কথাটো সুকীয়া । এই ক্ষেত্ৰত ৰাইজৰ ভুমিকাও নিৰাশজনক । নিজৰ বিধায়ক জনৰ ওচৰত পুঁজা , ফুটবল খেল , ঈদ মেহফিল , বিহুৰ কাৰণে চান্দা বিচাৰি যোৱা সাধাৰণ ৰাইজে  নিজৰ অঞ্চলক বানপানীৰ বিপদৰ সময়ত ৰক্ষা পাবলৈ সামান্য এই দাবীটো লৈ নেযায় । বানপানী আহিব । সাধাৰণ মানুহৰ ঘৰ দুৱাৰ ধ্বংস হ’ব , খেতি ডুব যাব , পঞ্চায়তৰ মেম্বাৰক ভেটি খুৱাই দুটা তিনিটা চৰকাৰী ঘৰ পোৱা এচামৰ ঘৰৰ ভেটি ডুব যাব, ধ্বংস হোৱা ঘৰৰ জৰিপ কৰি মণ্ডল- কানংগুই নিজৰ অংক কৰিব , খাদ্য সামগ্ৰী বিলোৱা ঠিকাদাৰে বিল বনায় ধনী হ’ব , মন্ত্ৰী-বিধায়কে আঁঠুলৈ লংপেন্ট কোঁচাই বান পৰিদৰ্শন কৰিব আৰু চ’চিয়েল মিডিয়া প্ৰেমীয়ে বানসাহাৰ্য্যৰ ফটো ফেচবুকত দিব । বানপানীৰ শেষত নিৰ্বাচন আহিব । ঠিকাদাৰে প্ৰাৰ্থীক নিৰ্বাচন খেলিবলৈ লাখে লাখে টকা দিব , ৰাইজেও প্ৰাৰ্থীক ভোটৰ বিনিময়ত টকা বিচাৰিব । বান বিধ্বস্ত এলেকা পানীৰ পৰিৱৰ্তে সুৰাৰ ঢল ব’ব । এনেকৈয়ে বছৰৰ পিছত বছৰ আৰু বানপানীৰ পিছত বানপানী আহি থাকিব ।

অসম বিজেপিত ফণী ধুমুহা

  • অৰুপ কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


চাৰি বছৰীয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে অহা বছৰ নিৰ্বাচনৰ সন্মুখিন হ’ব লাগিব । প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এশ খন আসনৰ টাৰ্গেট লৈছে । এশ খন আসন পাব লাগিলে বিজেপিৰ টিকট পোৱা প্ৰতিজন প্ৰাৰ্থীয়ে বিধায়ক লৈ নিৰ্বাচিত  হ’ব লাগিব আৰু উজনিত কংগ্ৰেছৰ দখলত থকা সমষ্টিত বিজেপি জিকি আহিব লাগিব ।
২০১৬ ত বিজেপিৰ নেতাৰ মাজত প্ৰতিযোগীতা আছিল যদিও কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনৰ পৰা মুক্তি বিচাৰি সকলো নেতাই নিজৰ মাজত থকা প্ৰতিযোগীতাৰ মনোভাব ত্যাগ কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ।
কিন্তু চৰকাৰ গঠন হোৱাৰ পিছত ক্ষমতা , অৰ্থ , সুযোগ-সুবিধাৰ সম বিতৰণ নোহোৱাৰ ফলত বিভিন্ন ল’বিৰ সৃষ্টি হ’ল । কংগ্ৰেছ চৰকাৰৰ দৰে একেই স্বজন তোষণ নীতি আৰম্ভ হ’ল । অধিক ক্ষমতাৰ দৌৰত একাংশ পুৰণি সদস্য মুলসুতীৰ পৰা আতৰি যাবলৈ বাধ্য হ’ল । আগৰ বাৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বিভিন্ন ভগ্নী সংগঠনৰ ওপৰত প্ৰভাবিত হৈ ভোটাৰ ৰাইজে বিজেপিক দিছপুৰত বহুৱাইছিল । কিন্তু চৰকাৰ গঠন হোৱাৰ পিছত ৰাজ্য চৰকাৰ আৰু দলৰ অভ্যন্তৰত উদ্ভৱ হোৱা বিলাসীতাক ৰোধ কৰাত অক্ষম হয় কেন্দ্ৰীয়  নেতৃত্ব আৰু নিৰ্বাচনত সহযোগ কৰা সংঘৰ বিষয়বৱীয়া সকল । নিৰ্বাচনলৈ এবছৰ বাকী থকা সময়ছোৱাত নতুন জিলা সমিটিয়ে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পিছত নেতাৰ মাজত চলি থকা খোৱা কামোৰাৰ যুঁজ খন সাধাৰণ ৰাইজে মুকলিকৈ প্ৰত্যক্ষ কৰিলে । একোখন জিলাত তিনি চাৰিটা ল’বিৰ সৃষ্টি হৈছে ।প্ৰতিটো ল’বিয়ে প্ৰক্ষেপ কৰিব নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থী আৰু তাৰে কাৰণে নিজৰ ল’বিক শক্তিশালী কৰাৰ স্বাৰ্থত চান্দাজীৱী নেতাক ৰঙা দলিছা পাৰি দিছে । ইয়াৰ মাজতে বহু নাম প্ৰকাশত অনিচ্চুক বিজেপিৰ সাধাৰণ কৰ্মীয়ে আক্ষেপ কৰা দেখা গৈছে । তেওঁলোকৰ মতে পুৰণি নেতাই যিহেতু যোৱা চাৰি বছৰে তেওঁলোকক গুৰুত্ব নিদিলে সেয়ে বিষাক্ত নেতাক সাৱতি ল’বলৈ বাধ্য । থিক নিজৰ নাক কাটি সতীনিৰ যাত্ৰা ভংগ কৰা ধৰণৰ ।
মুক্ত ভাবে উচ্চাৰণ নকৰিলেও বৰ্তমান অসম বিজেপিত দুটা শক্তিশালী প্ৰতিযোগী গোটৰ সৃষ্টি হৈছে । কংগ্ৰেছৰ দিনটো এনেকুৱা ল’বি কেন্দ্ৰীক ৰাজনীতি আছিল , কিন্তু কংগ্ৰেছৰ ল’বি আছিল প্ৰধানত: ছয় -সাতটা ।  ৰাহুল গান্ধী বা ছোনীয়া গান্ধীয়ে কংগ্ৰেছত মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাৰ দৰে বিজেপিৰ নেতা নিৰ্বাচন কিছু পৃথক ।  প্ৰফুল্ল কুমাৰ মহন্তৰ নিয়ন্ত্ৰণত থকা অগপ নেতা খিনি , নাগৰিকত্ব সংশোধনী আইন বিৰোধী এচাম প্ৰভাৱশালী ছাত্ৰ নেতা , বিজেপি আৰু মিত্ৰজোঁটৰ একাংশ জনাজাতীয় নেতা আৰু বিজেপিৰ বৰ্তমানৰ একাংশ বিধায়কক লগত লৈ  এটা গোট সক্ৰিয় হৈ আছে আৰু আনটো গঠন হৈছে কংগ্ৰেছৰ পৰা বিজেপি লৈ অহা প্ৰভাৱশালী আৰু কৰ্মথ নেতা সকল আৰু যোৱা চাৰিটা বছৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা একাংশ বিধায়ক । এই গোটৰ লগত সংঘৰ শীৰ্ষ কিছু সংখ্যক নেতাৰো আশীৰ্বাদ আছে । গোটেই ল’বি কেন্দ্ৰীক ৰাজনীতিৰ মুল আধাৰ কিন্তু আদৰ্শগত নহয় । কোনোবা জনে টিকট পাব , কোনোবা এজন বিধায়ক নিৰ্বাচিত হ’লে আন এজনে হয়টো অহাবাৰ মন্ত্ৰী পদ হেৰুৱাব । কোনোবা জিলা সভাপতিয়ে ভাবে বৰ্তমানৰ বিধায়ক জন পুনৰ নিৰ্বাচিত হ’লে অহাবাৰো ঠিকা-ঠুকুলি আগৰ গ্ৰুপৰ হাততেই থাকিব ইত্যাদি । কংগ্ৰেছৰ দিনৰ বিসম্বাদে এতিয়া অসম বিজেপিৰ দিনত ৰূপ লৈছে বিৰোধভাৱৰ ।বিধায়ক শিলাদিত্য দেৱে সংবাদ মেলত মন্ত্ৰীক কৰা কটাক্ষ আৰু তেওঁ নাম প্ৰকাশ নকৰা কান্ধত মোনা লোৱা বিশেষ ব্যক্তিৰ প্ৰভুত্বৰ সমালোচনাই প্ৰমাণ কৰে বিজেপিৰ ভিতৰত চলি থকা প্ৰচন্দ বিসম্বাদৰ উকমুকনি ।এনেকুৱা  বিসম্বাদে দলক কিমান ক্ষতি কৰিব সেইটো নিৰ্ভৰ কৰিব বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ পৰিকল্পনাৰ ওপৰত , কিন্তু এটা কথা থিক যে অসমত বিজেপিৰ নেতা -কৰ্মীৰ আচৰণে সনাতনী ভাৰতীয় সংস্কৃতিত বিশ্বাসী ভোটাৰক নিৰাশ কৰিছে ।

ক’ৰোনা প্ৰতিৰোধ: ৫০% মানুহৰ মতে সকলোতকৈ ডাঙৰ সাফল্য

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসম চৰকাৰ বিশেষকৈ স্বাস্হ্য মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিনে নিশাই ক’ৰোনাক প্ৰতিহত কৰিবলৈ যুদ্ধ অব্যাহত ৰাখিছে। অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা মে মাহৰ দ্বিতীয় সপ্তাহলৈ ১০০ৰ কম আছিল। ৰাজ্যিক সিমান্ত আৰু ৰেল খুলি দিয়াৰ লগে লগে হুৰা হুৰি বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। ড° শৰ্মাৰ ইমান দিনৰ কষ্টক যেন প্ৰত্যাহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰৰ এটা হঠকাৰী সিদ্ধান্তই। এখন ৰাজ্যৰ মানুহক আন এখন ৰাজ্যত প্ৰবেশ কৰিবলৈ অনুমতি দিয়ে যেন বিপদ মাতিছে অসমলৈ। কেন্দ্ৰীয় চৰকাৰে ২০ লাখ কৌটিৰ পেকেজ ঘোষণা কৰাতকৈ বনুৱা সকলক থকা খোৱাৰ যোগান ধৰিলেহেতেন তেন্তে হয়তো  ইমান মানুহৰ আগমন নহ’লহেতেন। ৰাস্তা-ঘাতে সামাজিক দুৰত্ব নামানি অসমলৈ প্ৰবেশ কৰা লোকসকলে নিজৰ লগতে পৰিয়ালৰো বিপদ মাতি আনিছে। কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব যে অসম চৰকাৰে খুব পৰিকল্পিত ভাবে আৰু সাহসেৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজিছে। স্বাস্হ্য মন্ত্রীয়ে নিজৰ জীৱনৰ নিৰাপত্তাৰ কথা নাভাবি হাস্পতাল বিলাকত ঘূৰি ফুৰিছে। সেয়েহে আমি ৰাইজক আমাৰ যোৱা মাহৰ অ’পিনিয়ন প’লত প্ৰশ্ন কৰিছিলো যে ক’ৰোনা প্ৰতিৰোধ ৪ বছৰীয়া সোণোৱাল চৰকাৰখনৰ শ্ৰেষ্ঠ উপলব্ধি নেকি?  ইয়াৰ উত্তৰত ৫০% মানুহে কয়_ হয় ; ক’ৰোনা প্ৰতিৰোধৰ বাবে চৰকাৰে লোৱা ব্যবস্হা এই চাৰিবছৰৰ সকলোতকৈ ডাঙৰ সফলতা। ৩০% মানুহে ভাবে ৰাকেশ পালক কাৰাবন্দী কৰাতোহে সকলোতকৈ ডাঙৰ সাফল্য। শিক্ষাৰ্থীক বিনামূলীয়া কিতাপ বিতৰণক ১০% আৰু ১০%ই অন্যৰ সপক্ষে ভোটদান কৰে।
সোণোৱাল চৰকাৰৰ বিফলতাৰ বিষয়ে প্ৰশ্ন কৰাত ৬০% ৰাইজে নিবনুৱা সমস্যাক প্ৰাধান্য দিয়ে। আন ৩০% ৰাইজে মূল্যবৃদ্ধি, চৰকাৰী বিদ্যালয়ৰ সমস্যা আৰু পি.এন.আৰ.দিৰ দুৰ্নীতিক প্ৰধান বিফলতা বুলি গণ্য কৰে।

সকলোৱে য’ত আছে তাতেই থকাটো মংগল: দিগন্ত কুমাৰ ভট্টাচাৰ্য

  • দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


আমাৰ নলবাৰীৰ ঘৰত বন কৰা বাইগৰাকীৰ পুতেকজন -কমল। সি পুনেত থাকে। ইয়াতে ছয়বছৰ হ’ল। ছিকিউৰিটি গাৰ্ড হিচাপে ইয়াৰে কোম্পেনী এটাত কাম কৰে।
লকডাউনৰ মাজতে যোৱা সপ্তাহত ফ’ন কৰি তাৰ খবৰ ল’লোঁ। পইচা-পাতিৰ অভাৱ হৈছে যদি জনাবলৈ ক’লোঁ। এতিয়া অসমলৈ ঘূৰি যোৱাৰ কিবা কথা ভাবিছে নেকি, সেয়াও সুধিলোঁ।
তেতিয়া সি যিখিনি কথা ক’লে, তাৰ সাৰমৰ্মখিনি এনেধৰণৰ-
সি যোৱামাহৰ দৰমহা পাইছে। এইমাহৰ এতিয়ালৈকে পোৱা নাই। কোম্পেনীও যিহেতু কিছুদিন বন্ধ থাকিব আৰু প্ৰায়ভাগ কৰ্মীয়ে ঘৰৰপৰা কাম কৰিব, এতিয়া থকা ইমান কেইজন ছিকিউৰিটি গাৰ্ডৰ প্ৰয়োজন নহ’ব বাবেই বহুকেইজনৰ চাকৰিও যাব পাৰে। কিন্তু আৰু তিনি-চাৰি মাহ ঠিকে-ঠাকে চলি থাকিবলৈ তাৰ অসুবিধা নহ’ব। ছিকিউৰিটি গাৰ্ডেই হওঁক বা আন কিবা সৰু চাকৰি কৰি থকাই হওঁক, চাকৰি গ’লেও (বা কাম নোহোৱা হৈ গ’লেও) আঢ়ৈহাজাৰ কিল’মিটাৰ দূৰৈত থাকি যদি কোনো এজনে পৰৱৰ্ত্তী দুই-তিনিমাহৰ কাৰণে নিজকে সুৰক্ষিত কৰি ৰাখিব নোৱাৰে, তেনেহ’লে ইমান দূৰৈত থকাতকৈ নিজৰ ঠাইত থকাই ভাল। এতিয়া সি ঘৰলৈ যোৱাৰ কথা ভবা নাই। চাকৰি গ’লেও দুই-তিনিমাহৰ পাছত ভাবিব। এতিয়া অসমলৈ গ’লেও যে হঠাতে তাত কাম পাই যাব, সেয়াও নহয়। তাতো একেই হ’ব অৱস্থা। বৰং ইমানদূৰ ঘূৰি-ফুৰি যোৱাটোহে ঘৰৰ বা ওচৰৰ আন মানুহলৈ বেছি ৰিস্কি।
তাৰ কথাখিনি ভাল পালোঁ। ময়ো সেইটোকেই ভাবি আছিলোঁ। নিজৰ ঠাইত ইমানো কাম নোহোৱা হৈ গৈছে নে যে মানুহে দুই-তিনিহাজাৰ কিল’মিটাৰ আঁতৰৰ ঠাই এখনলৈ অকল পেটে-ভাতে খাই থাকিবলৈহে আহিব লগা হৈছে আৰু দহ-পোন্ধৰ দিন কাম বন্ধ হোৱাৰ লগে লগেই আকৌ নিজৰ ঠাইলৈ ইমান দূৰ খোজ কাঢ়ি যাবলৈও কুন্ঠাবোধ নকৰে। কথাখিনি ভাবিবলগীয়া।
যদি একেবাৰে উপায়হীন হৈ পৰা নাই, মোৰ বোধেৰে সকলোৱে বৰ্তমান য’ত আছে তাতেই থকাটো নিজৰ ঠাইখনৰ কাৰণেই মংগল। অসমৰ ছবিখন দেখিয়েই কৈছোঁ। যিসকলৰ আন উপায় নাই, সেইটো বেলেগ কথা।