Monday, April 29, 2024
Home Blog Page 75

চৈয়দ আব্দুল মালিক: বৈষ্ণব আদৰ্শৰ পুৰোধা

  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


আব্দুল মালিক আদৰৰ আৰু সন্মানীয় ব্যক্তি । হিন্দু – মুছলমান – পাৰ্চীৰ উৰ্ধত তেওঁ শ্ৰদ্ধাৰ । তেওঁ কৰ্মৰাজী কোনো এক বিশেষ ধৰ্ম বা ভাষিক গোষ্ঠীৰ মালিকাধীন নহয় কাৰণ  আমি লগ পোৱা আজিৰ প্ৰজন্মৰ বহুতেই চৈয়দ আব্দুল মালিক বুলি ক’লে ছোয়েব মালিক ( ক্ৰিকেটাৰ ) বুলি ভুল কৰে ।
জ্যোতি প্ৰসাদ আগৰৱালতকৈ হয়টো মেয়াং আগৰৱালক বেছিকৈ জানে আজিৰ  স্কুলত পঢ়া ল’ৰা ছোৱালীয়ে । ইয়াৰ কাৰণে কিন্তু নতুন প্ৰজন্মক একমাত্ৰ দায়ী কৰিও লাভ নাই ।  আব্দুল মালিকৰ দৰে ব্যক্তিক কোনো ব্যক্তিয়ে চ’চিয়েল মিডিয়াত  দুটা লাইন লেখি কটাক্ষ কৰিলে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হ’ব বুলি একাংশ মানুহে  শংকা ব্যক্ত কৰিছে ,  কিছুমানে  আকৌ ফাঁচি দাবী  কৰিছে ইত্যাদি । সম্প্ৰীতি বোলা বস্তুটো ইমান ঠুনুকা বুলি ভবাটো আচৰিত বা এটা কবিতাৰ সমালোচনাই যদি সম্প্ৰীতি বিনষ্ট কৰে তেন্তে ভুল কাৰ ?  আব্দুল মালিকৰ যিটো   কবিতাৰ  অপবাখ্যা হৈছে সেই  অপবাখ্যা কৰোতা জনৰ শাস্তি , গ্ৰেপ্তাৰ , কাৰাদণ্ড   যিসকলে দাবী কৰিছে সেই সকলৰ বহুতে  কিন্তু সাধু হত্যাত মৌণ , অৰ্ণমাই বৰাৰ মৃত্যুত মৌণ আছিল । বা শংকৰদেৱক বাওঁপন্থী বুলি ব্যক্তি বিশেষৰ বিৰুদ্ধে এটা শব্দও নকয় ।  সকলোৱে স্বীকাৰ কৰে যে আব্দুল মালিকৰ গ্ৰন্থৰ সহায়ত নতুন প্ৰজন্মই শংকৰদেৱক বহু ওচৰৰ পৰাই জানিব পাৰিছিল । ‘ বৈষ্ণৱ ভাৱ ‘ ৰ গুৰিধৰোতা শংকৰদেৱ হিন্দু আছিল আৰু চৈয়দ আব্দুল মালিক চৈয়দ বংশৰ ইছলাম ধৰ্মী আছিল । মালিকক বাদ দি লক্ষ্মীনাথ বেজবৰুৱা আৰু অসমৰ খুব কম সংখ্যক সাহিত্যিকে শংকৰদেৱক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল । চৈয়দ আব্দুল মালিকৰ কবিতাৰ ভুল বাখ্যা মানেই যে অসমীয়া মুছলমানৰ শৌৰ্যক আঘাত সেই চিন্তা এজন অসমীয়া মুছলমানৰ কাৰণে অমুলক । এজন সাহিত্যিকৰ  সাহিত্যৰ অপবাখ্যা অজ্ঞানীৰ কাম । যিসকল বুদ্ধিজীবীয়ে  শংকৰদেবক ভিত্তি কৰি আব্দুল মালিকৰ সাহিত্যক মুৰত তুলি সন্মান কৰা দেখুৱাইছে , সেইসকলৰ বহুতেই হয়টো নিজৰ ঘৰত ব্ৰাহ্মণ্যবাদৰ অহংকাৰত গদ গদাই থাকে । আব্দুল মালিকৰ দৰে বৈষ্ণব কৃষ্টিৰ সাধকৰ সম্প্ৰদায়ত কেনেকৈ মৌলানা শ্বাদৰ অনুগামীৰ জন্ম হ’ল সেইবিলাক প্ৰশ্ন নকৰে বা শুদ্ধ পথ দেখুওৱাৰো প্ৰয়াস নকৰে ।
  আব্দুল মালিকে  ডেকা কাল ছোৱাত( ৩০ বছৰ বয়সৰ আগত)  মুছলীম লীগৰ নেতা আছিল আৰু মুছলীম লীগৰ মুখপত্ৰৰ সম্পাদনা কৰিছিল । কিন্তু পৰৱৰ্তী সময়ছোৱাত ( স্বাধীনতাৰ পিছত)  তেওঁ মৌলবাদক ত্যাগ কৰিছিল , বৰঞ্চ বৈষ্ণব আদৰ্শক প্ৰচাৰ হে কৰিছিল । মুছলীম লীগত থকাটো বাস্তৱ , কিন্তু সেইবুলি তেওঁৰ ব্যক্তিত্বক অপমান কৰাটো সমীচীন নহয় ।  এই ক্ষেত্ৰত অসমীয়া মুছলমানৰো কৰণীয় আছে । বাঘ হাজৰিকা , কালাপানী জেলত থকা বাহাদুৰ গাওঁবুঢ়া ( বাহাদিল ) , ফৰমুদ আলিক অসম তথা ভাৰতৰ জনগণক পৰিচয় কৰাই দিব দুৰৰ কথা অসমীয়া মুছলমানৰ নতুন প্ৰজন্মই নিজেই নেজানে হয়টো  । আব্দুল মালিকৰ মুছলীম লীগৰ লগত সংযুক্ত কালছোৱাৰ সহায়ত  তেওঁক বিচাৰ কৰিলে শুদ্ধ নহ’ব । এটা কথা  আমি মনত ৰাখিব লাগিব ঋষি  বাল্মীকি আৰু দস্যু ৰত্নাকৰ এজনেই ব্যক্তি আছিল ।  কিন্তু বাল্মীকিৰ নাম মহৰ্ষি হিচাপে লোৱা হয় কাৰণ তেওঁ ৰামা্যন ৰচনা কৰিছিল । বাল্মীকি – ৰত্নাকৰ  বুদ্ধিজীবীৰ কাৰণে গুৰুত্বহীন ( বিভাজনৰ এজেণ্ডাত খাপ নেখায় ) ; কাৰণ এইবিলাক ঘটনাৰ উপলব্ধিয়ে  হিন্দু – মুছলমান উভয়কে শিকাব যে মতান্তৰ থাকিলেও মনান্তৰ নেথাকে আৰু মতান্তৰ ভগৱানৰ লগতো থাকিব পাৰে । তথাপি স্বীকাৰ কৰিবই লাগিব যে  আমাৰ সম্প্ৰীতি বিষয়টো এতিয়াও প্ৰশ্নবোধক হৈ আছে । যিহেতু এটা ফেক নিউজে আমাৰ মন মগজুত অলপ হ’লেও ক্ৰিয়া কৰে । সেয়ে আব্দুল মালিক বিতৰ্কটোক সমাজে পজিটিভ হিচাপে ব্যৱহাৰ কৰিব পাৰে । ডেকা বয়সৰ ৰত্নাকৰে যিদৰে পৰিৱৰ্তন হৈ   বাল্মীকি হ’বলৈ সক্ষম হৈছিল , সেইদৰে  ডেকা বয়সত মুছলীম লীগ কৰা ব্যক্তি এজনে যে পৰৱৰ্তী সময়ত মৌলবাদ ত্যাগ কৰি সনাতনী বৈষ্ণব বাদ আৰু শংকৰদেৱক নিজৰ সৃষ্টিৰে নতুন মাত্ৰ প্ৰদান কৰাৰ প্ৰয়াস কৰিছিল ।

অলপ ভাল লগা কথাও ভাবোচোন: দিগন্ত কুমাৰ ভট্টাচাৰ্য

  • দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


শাক-পাচলি,গাখীৰ আদি আনিবলৈ তিনি-চাৰিদিনৰ মূৰে মূৰে ওলাও বাহিৰলৈ অলপ সময়ৰ কাৰণে। আমাৰ zone টোত প্ৰায় ১০২জন আক্ৰান্ত (কালি ৰাতিৰ বাতৰি মতে)।
যিয়ে নহওক, ফ’ন কৰিলে অসমৰ পৰা বহুকেইজনে কয়-‘বাহিৰৰপৰা আহিলে ডাইৰেক্ট ঘৰত নোসোমাবি। গা-পা, কাপোৰ-চাপোৰ চাবোন, ডেটল পানীৰে ভালদৰে ধুইহে সোমাবি’ ।
বুজোঁ, তেওঁলোকৰ মৰমবোৰ বুজোঁ। কিন্তু কিমান বা কেনেকৈনো বুজাম যে আমি থাকো দুটা কোঠাৰ ফ্লেট এটাত। ওলোৱা-সোমোৱা সেই এখনেই দুৱাৰ। সেই দুৱাৰখনেৰে সোমাই দুখোজ দিলে ঘৰটো(মানে ফ্লেটটোক বুজাইছোঁ) শেষেই। আমি থাকো পঞ্চম মহলাত। এতিয়া ডাইৰেক্ট ঘৰত নোসোমাবলৈ হ’লে মই অষ্টম মহলালৈ যাব লাগিব। তাত খালী ঠাই আছে। তাৰে পৰা মই ৰচী এডাল লৈ বা ইঘৰৰ খিৰিকী, বাহিৰৰ ৱাল বগাই লাহে লাহে নামি (সেই যে চিনেমাত দেখুৱায়.. এবাৰ পিচলে, ধূলি বালি উৰে, কিবাকৈ ধৰে আকৌ)আমাৰ বাথৰুমৰ সৰু খিৰিকীখনেৰে সোমালে হৈ যাব কামটো। মানে, গা পা ধুই ঘৰত সোমাব পৰা ৰাস্তা একমাত্ৰ সেইটোৱেই। ৰিস্ক আছে। ক’ৰ’ণাতকৈও বেছি ৰিস্ক। বাকী বাদ, আমি যে মাত্ৰ এখন দুৱাৰ বন্ধ কৰিলেই হৈ যায় ৰাতি, সেয়া আজি হে মন কৰিলোঁ। সেই যে ৰজা-মহাৰজাৰ সাম্ৰাজ্যলৈ সোমাবলৈ এখনেই থাকে প্ৰৱেশদ্বাৰ (এইখিনিত দুটা হাঁহি থকা ইম’জি থাকিব নেপথ্যত)…
বাকী যি নহওঁক, আমাৰ ছোৱালীৰ মুখলৈ যেতিয়া চাওঁ, এনে লাগে ‘লকডাউন’ দিয়াৰ কাৰণে কিজানি সবাতোকৈ সুখী মানুহ তাই (বা তাইৰ দৰে অনেক কণমানি) !
আগতে দিনটোত তাইৰ লগত আছিলোঁ প্ৰায় ৩ ঘন্টা (পুৱা ১ ঘন্টা, ৰাতি ২ ঘন্টা), এতিয়া আছোঁ গোটেই সময়!
লকডাউনে সুখী কৰিছে বৃদ্ধ পিতৃ-মাতৃবোৰকো, যিয়ে আগতে দিনটোত ১০ মিনিটো নেদেখা পুত্ৰৰ মুখখন দেখিবলৈ পাইছে সৰহ সময়। অস্তগামী সূৰুযটোৰ দৰেই হয়তো উজ্বল হৈ পৰিছে তেওঁলোকৰ শোতোৰা পৰা মুখ… সেই যে কয়-‘দাগ অচ্চে হোতে হ্যে’! ক’ৰণাও কেতিয়াবা তেনেই.. কিমান আৰু মহাৰাষ্ট্ৰৰ সংখ্যা গণিম! অলপ ভাললগা কথাও ভাবোচোন

২০২১: আজমল আগবাঢ়িছে

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ক’ৰোনাৰ সন্ত্রাসৰ মাজত ৰাজনীতিৰ কথা বাৰ্তা বেছি চলা নাই। আশা কৰিব পাৰি কেইমাহমানৰ পিছত দেশৰ পৰিস্হিতি স্বাভাবিক হ’ব। তাৰ পিছতেই আৰম্ভ হ’ব অসমৰ ২০২১ নিৰ্বাচনৰ কুচ-কাবাজ। কংগ্ৰেছ দলে ইতিমধ্যে আজমলৰ দলৰ লগত মিত্রতা কৰাৰ ইংগিত দিছে। তেনে হ’লে ৰাজ্যৰ ৰাজনীতিৰ সমীকৰণ সলনি হৈ যাব নেকি? কাৰ আসন বাঢ়িব; কাৰ কমিব? এই প্ৰশ্ন আমি কৰিছিলো যোৱা মাহৰ অ’পিনিয়ন প’লত।
 ৩৯.১% লোকৰ মতে কংগ্ৰেছ-আজমলৰ মিত্রতাৰ ফলত বিজেপিৰ আসনৰ সংখ্যা বাঢ়িব। ৩৪.৮% লোকৰ মতে কংগ্ৰেছৰ লাভ হ’ব। ২৬.১% লোকৰ মতে আজমলৰ এ.আই.ইউ.দি.এফৰ আসন বাঢ়িব।
আমাৰ দ্বিতীয় প্ৰশ্নটো আছিল যে এই মিত্রতাৰ ফলত কোনটো দলৰ আসনৰ সংখ্যা কমিব। আজমলৰ আসনৰ সংখ্যা কমিব বুলি কোনেও নাভাবে। ৫৬.৫% লোকৰ মতে কংগ্ৰেছৰ আসন কমিব আৰু ৪৩.৫% লোকৰ মতে বিজেপিৰ আসনৰ সংখ্যা কমিব।
এই অ’পিনিয়ন প’লৰ পৰা এটা কথা স্পষ্ট যে আজমলৰ দলে মিত্রতাৰ ফলত কোনো আসন হেৰুওৱাৰ সম্ভাবনা নাই। তেওঁলোকৰ আসনৰ সংখ্যা ১২ খন। কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা নকৰাৰ ফলত এই ১২খনত তেওঁলোকৰ জয় নিশ্চিত। ইয়াৰ উপৰিও আশা কৰিব পাৰি যে কংগ্ৰেছে তেওঁলোকক ২০ খন মান আসন এৰি দিব। এই ২০খনৰ সৰহ সংখ্যকত তেওঁলোক জয়ী হ’ব বুলি আশা কৰিব পাৰি। কংগ্ৰেছৰ লগত মিত্রতাই আজমলক এইবাৰ আসনৰ সংখ্যা ২০ৰ ওপৰলৈ লৈ যোৱাত সহায় কৰিব।
আনহাতে কংগ্ৰেছ-বিজেপিৰ মাজৰ ৰণত এই মিত্রতাই উজনি অসমত কংগ্ৰেছক ক্ষতি কৰিব। কংগ্ৰেছে উজনি অসমত হেৰুৱাল পৰা সমষ্টি মাত্র ৬ টা। সেই কেইটা হ’ল ডুমডুমা, নাজিৰা, শিৱসাগৰ,মৰিয়ণি, গোলাঘাট আৰু সৰুপথাৰ। তাৰ ভিতৰতো নাজিৰা আৰু গোলাঘাটত কংগ্ৰেছ যঠেষ্ট শক্তিশালী। নামনি আৰু মধ্য অসমৰ বটদ্ৰবা , হাজো, বৰপেটা, বিলাসীপাৰা পূব, গোলকগঞ্জ আৰু বৰক্ষেত্রী এই মিত্রতাৰ ফলত বিজেপি-অগপৰ হাতৰ পৰা ওলাই যাব পাৰে। বৰাকত এই মিত্রতাই কি প্ৰভাব পেলায় তাক কোৱাটো কঠিন যদিও সোনাই আৰু বৰখোলাত বিজেপি পৰাজয় হোৱাৰ সম্ভাবনাই বেছি। এই দুখন আসনক পুৰ কৰিবলৈ বিজেপিয়ে জোৰ দিব কৰিমগঞ্জ উত্তৰ আৰু লক্ষীপুৰ সমষ্টি দুটাত। বড়োভূমিত এই মিত্রতাই আজমলক দুখনমান অতিৰিক্ত আসন দিব পাৰে। কাৰ্বি আংলত বিজেপিৰ শক্তি অটুট আছে।
মুঠৰ ওপৰত কংগ্ৰেছ -আজমলৰ মিত্ৰতা হ’লে অসমত ধৰ্মীয় মেৰুকৰণ হ’ব। কংগ্ৰেছ আৰু বিজেপিৰ আসনৰ সংখ্যাৰ যে বিশেষ কোনো পৰিবৰ্তন হ’ব সেয়া আমাৰ অ’পিনিয়ন প’ল আৰু বিশ্লেষণৰ পৰা স্পষ্ট। দুয়োটা দলৰ আসন কিছু কমিব পাৰে। আজমলৰ দলৰ আসনৰ সংখ্যা বৃদ্ধি পালে আচৰিত হ’বলগীয়া নাই।

গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু , নাঙল বিহু… : প্ৰদীপ কুমাৰ পাটোৱাৰী

  • প্ৰদীপ কুমাৰ পাটোৱাৰী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ৰঙালী বিহু , বা বহাগ বিহুৰ বিভিন্ন নাম আৰু এই বছৰৰ সাত বিহুৰ তাৰিখ মোৰ সাধাৰণ জ্ঞানেৰে ব্যক্ত কৰিলোঁ , ভুল হ’লে নিজে নিজে শুধৰাই লব ::-
১) গৰু বিহু- চ’তৰ সক্ৰান্তি (১৩/০৪/২০২০)
২) মানুহ বিহু – প্ৰথম বহাগ /
    অসমীয়া নতুন বছৰ (১৪/০৪/২০২০)
৩) গোসাই বিহু – ২য় বহাগ (১৫/০৪/২০২০)
৪) কুটুম বিহু -৩য় বহাগ (১৬/০৪/২০২০)
৫) নাঙল বিহু – ৪বহাগ  ( ১৭/০৪/২০২০)
৬) মেলা বিহু – ৫ বহাগ ( ১৮/০৪/২০২০)
৭) চেৰা বিহু – ৬ বহাগ,
     সাত বিহু (১৯/০৪/২০২০)
          অৱশ্যে ঠাই আৰু জনগোষ্ঠী বিশেষে বিহু কেই দিনৰ নাম , পালনৰ নিয়ম নিতি  আৰু ক্ৰমিক নম্বৰৰ কিছু সালসলনি হয়। যেনে – ‘মানুহ বিহুৰ’ আন এটা নাম কিছুমানৰ মতে ‘তাঁতৰ বিহু’ আৰু ‘মেলা বিহুৰ’ আন এটা নাম ‘ঘৰচীয়া জীৱ-জন্তুৰ বিহু’ ।
         জ্ঞানী জনে এই বিষয়ে নিজৰ মতামত দয়া কৰি আগবঢ়ালে ভাল হব, কিয়নো এই বিষয়ে মোৰ জ্ঞান তেনেই সীমিত।
        গৰু বিহুৰ দিনাৰ পৰাই ৰঙালী বিহু বা বহাগ বিহুৰ আৰম্ভ হয়, সিদিনা ঘৰচীয়া গৰু-ছাগলীক নৈ, জান জুৰি, পুখুৰী আদিৰ পানীত নমাই পানীৰে ভালদৰে গা পা ধুৱোৱাই মাখিয়তী, দীঘলতী আদি গছৰ পাতেৰে গৰুৰ গাত কোবাই লাও বেঙেনা হালধি আদিৰ মালা গৰুৰ গালৈ দলিয়াই দিয়ে অথবা খাবলৈ দিয়ে বা পিন্ধাই দি – গৰুক সেৱা আৰু মৰম কৰে  আশীৰ্বাদ দিয়ে – ” মা ৰ সৰু, বাপে ৰ সৰু, তই হʼবি বৰ গৰু ” । কিছুমান ঠাইত গৰুৰ শিঙ আৰু ভৰিৰ খুড়াত মিঠাতেল, হালধি ৰস  সানি দিয়া নিয়ম আছে। গোহালি চাফ চিকুন কৰি গধূলি গৰু ছাগলীক নতুন পঘাৰে বান্ধি থয় আৰু গোহালিত খেৰ আদি জ্বলাই ধোৱা দি ম’হ মাখিৰ পৰা জীৱ-জন্তুক ৰক্ষা কৰিবলৈ যত্ন কৰে। গৰু বিহুৰ দিনাখন গঞা ৰাইজে দিনতে গা পা ধুই নামঘৰ আদিলৈ গৈ চাকি বন্তি জ্বলাই ভগৱানলৈ শৰাই আগবঢ়াই নাম কিৰ্ত্তন কৰি সকলোৰে মঙ্গলৰ কাৰণে আশীৰ্বাদ বিচাৰে , প্ৰসাদ বিতৰণ কৰে। বিহু সন্মিলনীত বিহু পতাকা উত্তোলন কৰে। দুপৰীয়া দৈ-চিৰা পিঠা আদিৰে লঘু আহাৰ গ্ৰহণ কৰে। ডেকা গাভৰুৱে এই দিনাৰ পৰাই বিহু গীত, হুঁচৰি আদি গাই ঘৰে ঘৰে বিহু নৃত্য প্ৰদৰ্শন কৰে আৰু গৃহস্থক আশীৰ্বাদ দিয়ে – ধনে জনে বাঢ়ক, সুস্বাস্থ্য বৰ্তাই ৰাখক বুলি। গৃহস্থই ও তামোল-পাণ , টকা পইচা আদিৰ মাননি দি শৰাই আগবঢ়াই সকলোৰে সেৱা লয়। গাঁওত নানা ধৰণৰ থলুৱা খেল-ধেমালিৰ আয়োজন চলি থাকে। গধূলি বিহু মঞ্চত নানা ধৰণৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন হয়।
           বহাগৰ প্ৰথম দিনৰ ৰাতিপুৱা আৰম্ভণিতে নিম গছৰ  পাত ( নিমৰ কোমল তিতা পাত আৰু কেইটামান মচুৰ দাইল ধুই ) চোবাই খোৱাৰ কিছুমান ঠাইত নিয়ম আছে – যাতে বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰে । সকলোৱে নামঘৰ, মন্দিৰ আদিত প্ৰাৰ্থনা কৰি গোটেই নতুন বছৰ টো শুভ হোৱাৰ কামনা কৰে। নতুন কাপোৰ পিন্ধে ,
” বিহুৱান ” লয় আৰু নিজৰ আত্মীয় সকলকো দিয়ে , পিঠা-পনা দৈ-চিৰাৰ জলপান খায় আৰু আনকো দিয়ে। ঘৰে ঘৰে গৈ হুঁচৰি আৰু বিহুনামৰ কাৰ্য্য ক্ৰমণিকা চলি থাকে। সৰু ল’ৰা-ছোৱালীৰ পৰা ডাঙৰলৈ সকলোৰে মাজত খেলা ধুলাৰ জৰিয়তে হাঁহি ধেমালিৰ সমাহাৰ চলি থাকে। গধূলি বিহু মঞ্চত নানা ধৰণৰ থলুৱা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন  থাকে । চাৰিওফালে তাতঁৰ শালৰ শব্দ, নতুন কাপোৰ লোৱা আৰু পোৱাৰ আশা আৰু আনন্দ। খেল ধেমালীৰ প্ৰতিযোগিতা,  ৰং ৰইচ হাঁহি, বিহু নৃত্য , হুঁচৰি, ঢোল পেপাৰ মাতত চৌদিশ ৰজন-জনাই থাকে কাৰণে এইয়াই আমাৰ পৈত্ৰিক সম্পত্তি বা বাপতি সাহোন – ” ৰঙালী বিহু “।
       এনেদৰে ঠাই বিশেষে দুদিন , তিনি দিন ধৰি নানান খেলা ধুলা, সাংস্কৃতিক অনুষ্ঠান আদিৰ পৰিবেশনৰ মাজে মাজে বিহুৰ আন আন কাৰ্য্যপ্ৰণালী চলি থাকে সাত বিহু পৰ্য্যন্ত। বহাগৰ প্ৰথম কেই দিনতে অধ্যাপক বা গণকৰ দ্বাৰা পৰিয়ালৰ মঙ্গল চায় , ভাগ্য বিচাৰ কৰে, নতুনকৈ গৰু- ছাগলীৰ কিনা বেচা কৰে, নতুন ঘৰত সোমায়,
নতুন খেতিৰ আৰম্ভণি কৰে, দোকানীয়ে হিচাবৰ নতুন বহীৰ আৰম্ভণি কৰে বা হালখাতা পাতে, ঘৰলৈ জী-জোৱাই ,  আলহীক নিমন্ত্ৰণ কৰে , নতুন কাপোৰ যাচে , দুখীয়াক দান দক্ষিণা কৰে।   বহাগৰ পৰাই বিয়া-বাৰুৰ কাম আৰম্ভ হয়।
          বহাগৰ ষষ্ঠ দিনৰ দিনা “সাত বিহু” আৰু  ৰঙালী বিহুৰ সামৰণিৰ দিন। সিদিনাখন সাত শাক ( সাত বা ততোধিক শাক বা বনৌষধী গছৰ পাতেৰে বনোৱা আন্জা ) খোৱা নিয়ম আছে যাতে মনৰ সুস্থতাৰ লগতে গোটেই নতুন বছৰ দেহ ও সুস্থ হৈ ৰয়। এই সাতবিহুৰ দিনাখন নামনি অসমৰ বিভিন্ন ঠাইত বহাগ বিহুৰে আন এটি পাৰ্ব্বন – ” ভঠেলি উৎসৱ বা পাৰ তোলা উৎসৱৰ ” আয়োজন কৰে।  গঞা ৰাইজে দীঘল বাহঁ এদাল ভাল দৰে বিহুৱান, ৰঙীণ কাগজ আদিৰে সজাই তোলে- আৰু ইয়াকে
‘ পাৰ ‘ , বোলা হয় । পিছত শৰাই ,ধুপধূনা  দি , ঢোল- তাল বজাই সেৱা কৰি পাৰ ডালক কান্ধত তুলি নি গাঁওৰ ওখ বট বা আহত ( আগতীয়াকৈ চফা কৰি ৰখা হয় ) গছৰ ডালত থৈ ওপৰলৈ উলিয়াই দিয়ে ( পতাকা উত্তোলন কৰাৰ দৰে) আৰু ইয়াকে পাৰ তোলা বুলি কোৱা হয়। ভাৱৰীয়া,  ওজাপালি , আৰু নাম কীৰ্তনৰ মাজে মাজে  ” তেল গছত বগোৱা ” প্ৰতিযোগিতা ; ‘ৰচি টনা ‘ , আদি বিভিন্ন প্ৰতিযোগিতা চলে আৰু সন্ধিয়া সাংস্কৃতিক নাচ-গান আৰু নাটকৰ আয়োজন হয়। এনেকৈয়ে আমাৰ আদৰৰ বহাগ বিহু ৰঙালী বিহু হৈ পূৰ্ব্ব পুৰুষৰ পৰা নানান যোগ-বিয়োগ আৰু ন ন সংযোজনৰ মাজেৰে পাৰ হৈ পূৰ্ব্ব পুৰুষৰ পৰা পোৱা পৈত্ৰিক সম্পত্তি অথবা  ” বাপতি-সাহোন” হৈ বৰ্ত্তী আছে।
          কিছুমানে যথা সময়ত ৰঙালী বিহু পাতিব নোৱাৰিলে বহাগ মাহৰ শেষত অথবা জেঠ মাহৰ আৰম্ভনিতে ” বহাগী বিদায় ” আদি অনুস্থান পাতি বিহুৰ বাৰে ৰহনীয়া কাৰ্য্যসুচী পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা দেখা যায়।
         পিছে এই বেলি মৰমৰ ৰঙালী বিহু টো
” কৰোণা” ৰ গ্ৰাসত পৰি মুখত মাস্ক , হাতত চেনিটাইজাৰ লৈ থাকি টেলিভিচনৰ পৰ্দাৰ বিহু লৈ ৰূপান্তৰিত হ’ল ! দুখ নকৰিব- ঘৰতে থাকক, সুস্থ থাকক ;   ভালদৰে সাৱধানে জীয়াই থাকিলে,  জীৱন থাকিব আৰু অসমীয়াৰ জীৱন থাকিলেহে – ৰঙালী বিহু থাকিব , আগন্তুক কেতিয়াবা আকৌ বহাগত মনে বিচৰা কাৰোবাক বিহুৱান যাচিব পাৰিব , লগহৈ বিহু হুচৰী গাব পাৰিব।
         কৈ য়ে থাকো মানে ওৰকে নপৰে- ৰঙালী বিহুৰে কথা—-

অসমলৈ বহু দূৰ: আমেৰিকাৰ পৰা নৱজ্যোতি ডেকা

  • নৱজ্যোতি ডেকা

‘ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


চাৰি বছৰ হ’ল। আমেৰিকাৰ বোষ্টন চহৰত আছো। নলবাৰীত মোৰ ঘৰ। বাংগালোৰত অভিযান্ত্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ কিছু বছৰ চাকৰি কৰাৰ পিছত আমেৰিকা পালো। সৰু পৰিয়াল; মোৰ পত্নী আৰু ৩ বছৰীয়া কন্যা সন্তান। আমাৰ এপাৰ্টমেন্টত প্ৰায় ৫০টা মান ফ্লেট আছে। আজি ডেৰ মাহৰ পৰা কোনেও ওলোৱা নাই। চাৰিওফালে বিভিষিকা। আমেৰিকা বিশ্বৰ ভিতৰতে ক’ৰোনা আক্ৰান্তৰ ক্ষেত্রত নম্বৰ ১। সংখ্যা প্ৰায় ১০ লাখৰ ওচৰা ওচৰি। বাহিৰত ওলাই যোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে।
বজাৰ-সমাৰ অ’নলাইনত কৰো। শ্লট পোৱা মুস্কিল, সেয়ে একেলগে বহুত অৰ্দাৰ কৰো। বস্তু অহাৰ পিছত গ্লোভছ পিন্ধি একাশৰীয়া কৰি তিনিদিন থৈ দিও। শুনিছো ক’ৰোনা ভাইৰাছ হেনো প্লাচটিকত তিনিদিনতকৈ বেছি নাথাকে। ততাতৈয়াকৈ কিবা ব্যবহাৰ কৰিব লাগিলে চেনিটাইজ কৰিহে ব্যবহাৰ কৰো। যোৱাকালি বিষ্কুটৰ পেকেটৰ বাহিৰটো চাবোনেৰে ধুলো তাৰ পিছতহে খুলিলো। উপায় নাই ছোৱালীজনীক লাগে।

 ঘৰৰ পৰাই কাম কৰি আছো। কনফাৰেঞ্চ ক’লবোৰৰ মাজতে কেতিয়াবা মেনেজাৰে মোৰ ছোৱালীজনীৰ থুনুক-থানাক  মাত শুনিব পায়। তায়ো আজিকালি ফূৰ্টিত থাকে। সপ্তাহত দুদিন ভালদৰে লগ পোৱা মানুহ জনৰ লগত সদায় থাকিব পাৰে। এনে পৰিস্হিতি আৰু কিমান দিন থাকে নাজানো। ভাৰতৰ তুলনাত ইয়াৰ লকডাউন অনেক শিথিল। কিছুমান মানুহে আকৌ লকডাউন মানিবলৈ অমান্তি হৈছে। ইয়ে হেনো ব্যক্তি স্বাধীনতাক আঘাত কৰে। চৰকাৰী তথ্য মতে নিউয়ৰ্ক চহৰত স্বাভাবিক অবস্থাত দৈনিক প্ৰায় ১৫ জন মানুহৰ মৃত্যু হয়। কিন্ত ক’ৰোনাৰ বাবে ইয়াত দৈনিক মৃত্যুৰ সংখ্যা প্ৰায় ১০০০ লৈ বৃদ্ধি পাইছিল। যোৱা দুদিনত অবশ্যে দৈনিক মৃত্যুৰ সংখ্যা কমি ৬০০ হৈছে। এনে পৰিস্হিতিত চৰকাৰে ১ জুনৰ পৰা কিছু স্হানত ল’কডাউন প্ৰত্যাহাৰ কৰাৰ সম্ভাবনা আছে।

ভাৰতৰ বিশেষকৈ অসম চৰকাৰৰ ক’ৰোনাৰ বিৰুদ্ধে লোৱা পদক্ষেপবোৰ শলাগীবলগীয়া। এনে সন্ধিক্ষনত মনত পৰিছে মোৰ চহৰ নলবাৰীলৈ। আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা আৰু কিমান মাহ বন্ধ থাকে তাৰ কোনো নিশ্চয়তা নাই। প্ৰথম ফ্লাইটখনতে যেন চিৰ দিনৰ বাবে আমেৰিকা এৰি অসমলৈ গুছি যাম। কিন্তু ভাবো অসমলৈ গৈ যেন মই নিজৰ মানুহক বিপদতহে পেলাম । এতিয়া সচাকৈ এনে লাগিছে…অসমলৈ বহু দূৰ।

 

ক’ৰোনা বনাম কেৰেলা: লণ্ডনৰ পৰা বিজো পুনোছ

  • বিজো পুনোছ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


প্ৰায় ৮ বছৰ আগতে মই লণ্ডনলৈ আহিছিলো। আজি মই ইয়াৰ নাগৰিক। মোৰ মা-দেউতা কেৰেলাৰ। চাকৰি সূত্রে তেওঁলোক বাংগালোৰলৈ আহিছিল। মোৰ আৰু বাইদেউৰ জন্ম বাংগালোৰত। মই ইঞ্জিনিয়াৰিং পাছ কৰি বাংগালোৰত কিছু বছৰ চাকৰি কৰি লণ্ডনলৈ আহো। বাইদেউক বিয়া দিছে আমেৰিকাত। মই লণ্ডনলৈ অহাৰ পিছত মা-দেইতাই বাংগালোৰৰ ঘৰটো ভাড়া দি কেৰেলালৈ গুছি যায়। বছৰত এবাৰ অন্ততঃ মই কেৰেলালৈ গৈ তেওঁলোকৰ খবৰ লও। যোৱা বছৰ এইখিনি সময়ত মই কেৰেলাত আছিলো। মাৰ অলপ অসুখ হৈছিল। আমাক কোৱা হৈছিল যে এটা টেষ্ট আছে যিটো অকল চৰকাৰী চিকিৎসালয়তহে কৰাৰ সুবিধা আছে। মই তেতিয়ালৈকে কেৰেলাৰ চৰকাৰী চিকিৎসালয়ত গৈ পোৱা নাই। বাংগালোৰৰ চৰকাৰী চিকিৎসালয় বিলাক খুব লেতেৰা। সেয়েহে চৰকাৰী চিকিৎসালয়ত যোৱাৰ সিমান মন নাছিল। কিন্তু উপায়হীন হৈ সিদিনা যাব লগাত পৰিল। মই হতবাক হ’লো। ইমান চাফ-চিকুনতা আনকি লণ্ডনৰ চিকিৎসালয় ( এন.এইটছ.এছ) টো নাই। হাস্পতাল খনৰ পৰিবেশক এটা আই.টি কোম্পানীৰ লগত তুলনা কৰিব পাৰি। কৰ্মীসকলেও ৰোগীসকলক যথেষ্ট সন্মানসহকাৰে কথা পাতে আৰু সকলোৰে সুবিধাৰ প্ৰতি যত্ন লয়। সিদিনা জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা হৈছিল।

ক’ৰোনা ভাইৰাছৰ এই সন্ত্রাসৰ মাজত মোক অনেক চিন্তাই আমনি কৰি আছে। মই লণ্ডনত আৰু মা-দেউতা কেৰেলাত। হঠাৎ প্ৰয়োজন হ’লেও যাব নোৱাৰিম। সদায় ফোনত কথা পাতো যদিও চিন্তা এটা মনত থাকি যায়। বৰ্তমানলৈ অন্য দেশৰ তুলনাত ভাৰতবৰ্ষই ক’ৰোনাৰ বিৰুদ্ধে যুঁজখন তীব্ৰ কৰি তুলিছে। ভাৰতৰ ভিতৰত প্ৰথম ক’ৰোনা ৰোগী জন আছিল আমাৰ কেৰেলাৰ। কিন্তু কেৰেলা চৰকাৰৰ বলিষ্ঠ পদক্ষেপৰ বাবে ক’ৰোনাই কেৰেলাত সন্ত্রাস সৃষ্টি কৰিব নোৱাৰিলে। এতিয়া ক’ৰোনা প্ৰতিৰোধত সক্ষম হোৱা ৰাজ্যবিলাকৰ ভিতৰত কেৰেলা প্ৰথম স্থানত। এইটো সম্ভব হৈছে বহু বছৰৰ চৰকাৰৰ প্ৰচেষ্টাৰ ফলত। চৰকাৰী হাস্পতাল বিলাক কেৰেলেত অতি উন্নত মানৰ। বৰ্তমানৰ স্বাস্হ্য মন্ত্রী শৈলজা আৰু মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নো ধন্যবাদৰ পাত্র। চৰকাৰে প্ৰতিখন জিলাৰ প্ৰতিটো অঞ্চলত ক’ৰোনা পৰীক্ষা কৰাৰ ব্যবস্হা কৰিছে। বিদেশৰ পৰা অহা প্ৰতিজন ব্যক্তি বিচাৰি উলিয়াই পৰীক্ষা কৰাৰ লগতে কোৱাৰিন্টাইন কৰিছে। উন্নত মানৰ কোৱাৰিন্টাইন চেন্তাৰ গঢ়ি তুলিছে। ৩ লাখ স্বাস্হ্য কৰ্মী দিনে নিশাই কামত লাগি আছে। স্বেচ্ছা সেৱী সংগঠন বিলাকেও সহায়ৰ হাত আগবঢ়াইছে। মুঠৰ ওপৰত কেৰেলাৰ জন সাধাৰণ নিশ্চিত যে তেওঁলোক নিৰাপদ। আমিও নিজৰ মা-দেউতাক লৈ চিন্তা অলপ কমকৈ কৰিবগীয়া হৈছে কাৰণ চৰকাৰ আমাৰ লগত আছে।

দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে ‘ৰাজনীতি অসম’ৰ ৰাজনৈতিক লেখনিৰ প্ৰতিযোগিতা

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম ‘ এ সম্পূৰ্ণ কৰিলে দুটা বছৰ। ২০১৮ চনৰ ৰঙালী বিহুৰ দিনা জন্ম গ্ৰহণ কৰা ‘ৰাজনীতি অসম ‘ এ পঢ়ুৱৈৰ সংখ্যাৰে  স্হাপন কৰিলে অভিলেখ। যোৱা দুটা বছৰত ৰাজনীতি অসম ই-আলোচনীখনৰ পঢ়ুৱৈৰ সংখ্যাই অতিক্ৰম কৰিলে ১ লাখ ৬৯ হাজাৰ। আমাৰ ফালৰ পৰা সকলোকে জনালো ধন্যবাদ। আমাৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে আমি ৰাইজৰ বাবে মুকলি কৰিছো ৰাজনৈতিক লেখনিৰ প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ নগদ ৫ হেজাৰ টকা। ইয়াত উপৰিও থাকিব ৫ টা আকৰ্ষনীয় পুৰস্কাৰ। প্ৰতিযোগিতাৰ নিয়ম সমূহ এনে ধৰণৰঃ
১) অসম বা ভাৰতবৰ্ষৰ ৰাজনীতিৰ লগত জড়িত যিকোনো বিষয়ৰ ওপৰত লেখিব পাৰিব।
২) অসমীয়া লিপিকাৰত লিখি rajnitiaxom@gmail.com ত পঠাই দিব লাগিব।
৩) লেখনি ১০০০ টা শব্দৰ ভিতৰত হ’ব লাগিব।
৪) লেখনি জমা দিয়াৰ শেষ তাৰিখ ৩১ মে ২০২০।
৫) নিৰ্বাচিত লেখনিবিলাক ৰাজনীতি অসমত প্ৰকাশ কৰা হ’ব।
৬) এজন মানুহে এটা লেখনি দিব পাৰিব। বয়স ১৮ বছৰৰ ওপৰৰ হ’ব লাগিব।
৭) ইতিহাস, বৰ্তমান, খুহুটীয়া যোকোনো প্ৰকাৰৰ ৰাজনীতিৰ লগত জড়িত লেখনি পঠাব পৰা যাব।
৮) পুৰস্কাৰৰ ক্ষেত্রত বিচাৰকৰ সিদ্ধান্তই শেষ সিদ্ধান্ত।

গগৈ-সোণোৱালৰ ক’ৰোনা বিহু

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ বাপোতি সাহোন ৰঙালী বিহুটো এইবাৰ পালন কৰিব নোৱাৰিলো। ক’ৰোনাই আহি চব খেলিমেলি লগাই দিলে। বিহু মঞ্চত গান গাম বুলি ভাবি থকা সকলৰ লগতে বিহুলৈ গৈ ধুনীয়া ছোৱালী চাম বুলি ভাবি থকা সকলোৰো আশাত পৰিল চেচাপানী। এনে সময়ত আমাৰ ৰাজনেতা সকলেনো কি কয় জানো আহকঃ
সুদৰ্শন সোণোৱালঃ এইবাৰ সকলোৱে ঘৰতে বিহু পাতক। বাহিৰলৈ ওলাই নাহিব। পুৰুষ-মহিলা সকলোৱে বিহুৰ কাপোৰ পিন্ধি ফেচবুকত ফটো দিয়ক। ঘৰতে গান ৰেকৰ্ডি কৰি হোৱাটছাপ গ্ৰুপত চেয়াৰ কৰক। এইবাৰ হ’ব ডিজিটেল বিহু।
কৰুণ গগৈঃ কি কৰিব আৰু পৰিবাৰৰ লগত বহি দুবেলা ৰামায়ণ চাই আছো। যোৱাবেলি বিহুৰ ৰেকৰ্ডি কিছুমান চেনেলে দি আছে। সেইবিলাক চাবৰ মন নাযায়। কিবা মনটো দুখ লাগি যায়। পৰিবাৰৰো মন বেয়া, বোৱাৰীজনীয়ে পিঠা বনাব নাজানে , সেইবাবে কেক খাইয়েই বিহু পালন কৰিছো।
বিমন্ত বিশ্বঃ মই কৈছিলো অসমক দেশৰ পাছখন আগশাৰীৰ ৰাজ্যৰ ভিতৰত এখন কৰিম। এতিয়া কেৰেলা ১ নম্বৰ , অসম ৫ নম্বৰ। ক’ৰোনা প্ৰতিৰোধৰ ক্ষেত্রত অন্ততঃ আমি সফল হৈছো। এইবাৰ বিহু পতা নহ’ব। কিন্তু এইবাৰ বিহুৰ বতৰত বিশুদ্ধ বতাহ পাব। এই বতাহ উপভোগ কৰক আৰু ঘৰৰ ভিতৰতে বিহু নাচক।
কফুল্ল মহন্তঃ বিহুত পুৰনা কাজিয়া সমাপ্ত কৰিবলৈ গৈছিলো চি.এমৰ কাষত। ক’ৰোনা শেষ হ’লেই নিৰ্বাচন। টিকট টো কাটি দিলে দিগদাৰ হ’ব। শৰ্মা চালু আছে, ভাইটিয়ে এতিয়া যি কৰে। পি.এমেও ফোন কৰিছে। ৰাজ্যপাল হ’লেও বেয়া নহয়।
উজ্জ্বল ভট্টাচাৰ্য্যঃ ক’ৰোনাত স্কুল-কলেজ বন্ধ। অলপ আৰাম কৰিছো। কিমান আৰু অনশন, প্ৰতিবাদ, সমদল কৰিম। পৰিয়ালৰ মানুহেও টো সময় বিচাৰে।

ক’ৰোনা প্ৰতিৰোধ অসমৰ চৰকাৰখনৰ শ্ৰেষ্ঠ উপলব্ধি নেকি?

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ চৰকাৰখনে বৰ্তমান ক’ৰোনাৰ বিৰুদ্ধে যুঁজি আছে। বহু লোকে চৰকাৰৰ কামক প্ৰশংসা কৰিছে। যি সময়ত বিশ্বৰ ডাঙৰ নেতাসকলক ক’ৰোনাই ঘোটা ঘোট পানী খুৱাইছে তেনে সময়ত অসমৰ দৰে ৰাজ্য এখনে সাহসেৰে কাম কৰিছে। বিজেপি চৰকাৰখনৰ চাৰিবছৰীয়া কাৰ্য্যকালৰ এয়া শ্ৰেষ্ঠ উপলব্ধি নেকি? আমাৰ অ’পিনিয়ন পলত ভাগ লবলৈ তলত ক্লিক কৰকঃ অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন ২০ মে ২০২১।

ত্ৰিশ বছৰ আগৰ কটনৰ ছাত্ৰজন আজি কৰ’ণা যুদ্ধৰ মহাৰথী

  • অগ্নিভ দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


প্ৰায় চাৰে তিনি কৌটি মানুহৰ ৰাজ্য অসম । সকলোৰে আশা আকাংক্ষা একে সময়তেই পুৰণ কৰাটো সহজ নহয়, তথাপি চৰকাৰখনে এই দুঃসময়ত যিখিনি কৰি আছে গৌৰৱ কৰিব লগিয়া ৷ সমগ্ৰ দেশতে লক ডাউন দিয়া হৈছে,যাতে সংক্ৰমণ কম কৰিব পাৰে, কিন্তু হাজাৰ হাজাৰ মানুহ যি দৰে ঘৰলৈ যাবলৈ ওলাল বিভিন্ন ঠাইত, এতিয়া চৰকাৰে বাছৰ যোগাৰ কৰি দিব লগা হৈছে ৷ উপায় নাই, দিলেও বিপদ, নিদিলেও বিপদ ৷ আমাৰ দেশৰ আন্তঃগাঠনি আমেৰিকা বা লণ্ডনৰ লগত তুলনা কৰিব খুজিলে ভুল হ’ব, তথাপি চৰকাৰ প্ৰশাসনে যি তৎপৰতাৰে সকলোবোৰ সমস্যাক সমাধান কৰিবলৈ চেষ্টা কৰিছে প্ৰশংসা কৰিলেও কম হ’ব ৷
এই যুঁজ কেৱল কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ নহ়য়, এই যুঁজ সকলোৱে মিলিজুলি কৰিব লাগিব ৷ চৰকাৰে যিদৰে জানুৱাৰী মাহৰ মাজ ভাগৰ পৰাই যুঁজি আছে তাক আজি বিশ্বৰ সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰিছে ৷ এতিয়া ৰাইজৰ দায়িত্ব চৰকাৰৰ সকলো নিৰ্দেশ মানি চৰকাৰক সহযোগ কৰা ৷ যিখন যুদ্ধত বিশ্বৰ আটাইতকৈ শক্তিশালী ব্যক্তি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আদিও থমকি ৰ’বলৈ বাধ্য হৈছে ; তাৰ বিপৰীতে সীমিত সুবিধাৰে অসমত  এজন মানুহে কৰ’ণাৰ বিৰুদ্ধে ৰণ শিঙা বজাইছে  ৷  দিনক ৰাতি কৰি দিয়া ব্যক্তিজন হৈছে কৰবাত বন্দিত – কৰবাত নিন্দিত হিমন্ত বিশ্ব শৰ্মা ।তেওঁৰ সহযোদ্ধা হৈছে গাওঁৰ খেতি কৰা সাধাৰণ যুবক চাম , নিস্বাৰ্থ মনৰ কিছুমান  ল’ৰা – ছোৱালী , ডাক্তৰ , নাৰ্চ , ৱাৰ্ড বয় , মিস্ত্ৰী , বনুৱা , অশিক্ষিত ৱেল্ডাৰ , হস্পিতলৰ কাম কৰা সৰু সৰু চাকৰিয়াল , বুকুত অজস্ৰ আশা পুহি ডাক্তৰি পঢ়ি থকা ছাত্ৰ – ছাত্ৰী এদল ইত্যাদি ।

কৰ’ণাই ধৰাশায়ী কৰা ইটালি এতিয়া মৰিশালিত পৰিণত হৈছে । যিখন ইটালিক বুজিবলৈ লিখা হয় __ ‘ROME WAS NOT BUILT IN A DAY ‘ । কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহৰ সহযোগত বিশ্বক দেখুৱালে যে অসমৰ মানুহে ইচ্ছা কৰিলে এদিনতে ৰোম বনায় দেখুৱাব পাৰে । অতি কম সময়ৰ ভিতৰত ষ্টেডিয়াম , খেল পথাৰক ৰূপান্তৰ কৰি পেলালে কৰ’ণা প্ৰতিৰোধী ক’ৰেণটিন গৃহলৈ  । হিমন্ত বিশ্ব শৰ্মা এই কেইদিনৰ কুচ-কাবাজ দেখি মনত পৰিছে আজিৰ পৰা ৩০ বছৰ আগৰ কটনীয়ান হিমন্তলৈ ।

১৯৯০ চনৰ আগষ্ট মাহৰ কোনোবা এটা দিনত চিৰ চঞ্চলা চিৰযৌৱনা কটন কলেজত নাম ভৰ্ত্তি কৰিলোগৈ । কটনত পঢ়িম তাকো হোষ্টেলত থাকি, মনতো উগুল থুগুল লাগিছিল । মোৰ ভাগত হোষ্টেল পৰিল ঐতিয্যপূৰ্ণ চেকেণ্ড মেছ । নাম ভৰ্ত্তিৰ পাছত হোষ্টেলৰ অধীক্ষকৰ ৰুমলৈ গৈ হোষ্টেলৰ ফিজ আদিকে ধৰি বিধিমতে কৰিব লগা কামখিনি কৰি ওলাই আহোতেই হোষ্টেলৰ এটা মূৰৰ পৰা কোনোবা এজনে মাতিলে । ইমান দিনে ৰেগিঙ , চিনিয়ৰ এইবোৰ শব্দ শুনিহে আছিলো ।

ইতিমধ্যে আৰু দুই তিনিজন গোট খাইছেই ।লাহে লাহে সেই খিনি পোৱাৰ পাছত ৰুমটোৰ ভিতৰলৈ মাতি নিলে এজনে । নাম কি ? ঘৰ ক’ত ? এইবোৰ সুঁধি থাকোতেই এজনে বহিবলৈ ইংগিত দিয়াত ওচৰৰে বিচনাখন দেখি তাতেই বহি দিলোঁ । বহাৰ লগে লগেই এজনে চিঞৰ মাৰি উঠিল, খালি খালি , তই ক’ত বহিলি ?
কি হ’ল ধৰিব নোৱাৰি বিচনাৰ পৰা জাপ মাৰি উঠি বিচনাখনৰ ফালে চাব ধৰিলো কি হ’ল বুলি । ” ধেৎ তই তেনেকৈ বহি দিলি সেইখন বিচনাত , সেৱা কৰ বিচনাখন । প্ৰথম ভুল ভ্ৰান্তি হ’ল কাৰণে , মাফ কৰিব
বুলি । ”

মই ধৰিব নোৱাৰি চাই থাকিলোঁ ।

” এইমাত্ৰ যে ওলাই গ’ল কোন আছিল গম পাৱনে ? হিমন্ত দা আছিল বুইছ ! তেখেতেই এইখনত বহি আছিল । ইমান ডাঙৰ মানুহ বহি থকা বিচনাখনত ফটকে বহি দিছ । মাফ খুজ মাফ খুজ বিচনা খনক । ”
পিছৰ কথাখিনি মনত নোসোমালেগৈ । মনতো হে বেয়া লাগি গ’ল ইমান ওচৰতে পায়ও মানুহজনক দেখা নাপালোঁ । হয় সেইজনেই আছিল হিমন্ত বিশ্ব শৰ্মা । তেতিয়াও আজিৰ দৰেই চৰ্চিত নাম । অতি বিচক্ষণ ছাত্ৰ নেতা বুলি তেখেতৰ নাম কটনত নাম লিখোৱাৰ আগতেই শুনি আহিছিলোঁ ।
লাহে লাহে আমিও কটনৰ আৱা হাৱাত মিলি গ’লো । তাৰ লগে লগে হিমন্ত দাৰ ভাল বেয়া অসংখ্য মুখৰোছক কথাই মানুহজনৰ প্ৰতি কৌতুহলি কৰি তুলিলে । সেই সময়ত কটনৰ হোষ্টেল সমুহৰ বিশেষকৈ চেকেণ্ড মেছ আৰু থাৰ্ড মেছৰ বাথৰুমৰ যি দুৰবস্থা আছিল সেইবোৰ দেখিলে হয়তো আজিৰ বহুতে কটনত নপঢ়ো বুলি শপত খাব । আমি কটন যোৱাৰ আগতে হিমন্ত দাই একক প্ৰচেষ্টাৰে কেনেকৈ সেইসময় মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক কৈ বাথৰুম বিলাক নতুনকৈ নিৰ্মান কৰিবলৈ পইচা মুকলি কৰিবলৈ বাধ্য কৰাইছিল ; সেইবোৰ সাধুৰ দৰে আমাক আমাৰ চিনিয়ৰ বোৰে কৈছিল । তেনেকুৱা অসংখ্য কথাৰ মাজতে এদিন শুনিলো তেতিয়াৰ হিতেশ্বৰ শইকীয়াৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিছে ।

ইতিমধ্যে বাতৰি ওলাল হিমন্ত দাই হেনো গোপনে হিতেশ্বৰ শইকীয়াৰ লগত হাত মিলালে । হিমন্ত দাক কাঠঘৰাত থিয় কৰাই আচামী কৰোৱাত পৰাগ দাসে মূখ্য ভুমিকা ল’লে ।পৰাগ দাস হঁতে হিমন্ত বিশ্ব শৰ্মাক এক জাতীয় ইচ্ছু কৰি পেলালে । হিমন্ত আৰু হিতেশ্বৰ শইকীয়াই কটন কলেজৰ ছাত্ৰ ৰাজনীতি যাতে নিজৰ হাতলৈ নিব নোৱাৰে তাৰ কাৰণে আপ্ৰাণ চেষ্টা চলালে । পৰাগ দাহঁতৰ আহ্বানত আমাৰো তেজে তুমুৰলি দি উঠিব ধৰিলে । হিমন্ত দা আমাৰ চকুত হৈ পৰিল বিশ্বাসঘাটক আৰু কংগ্ৰেছৰ হৈ কাম কৰা দালাল । কাৰণ কংগ্ৰেছ আমাৰবোৰৰ কাৰণে আছিল সদায় শত্ৰু! ইতিমধ্যে হিমন্তদা জেলৰ পৰা মুক্ত হৈ ওলাই আহিল । ওলাই অহাৰ পাছতেই শুনা গল কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদৰ বাবে তেওঁ হেনো প্ৰতিদ্বন্দিতা আগবঢ়াব ।

বিশ্বাসঘাটক হিমন্ত দাক এচাট দিবলৈ ইতিমধ্যে সকলো সাজু । সেই ইলেকচন খেলাৰ গুজবৰ মাজতে এদিন খবৰ আহিল , হিমন্ত দা হোষ্টেল আহিব আৰু ল’ৰাবোৰৰ লগত কথা পাতিব । তেতিয়ালৈ আমি হিমন্ত দাৰ কথা শুনিহে আছো প্ৰথমবাৰ দেখা পাম ইমান চৰ্চিত মানুহজনক । সময়ত আহিল হিমন্ত দা মিটিংলৈ । মিটিং আৰম্ভ হোৱাৰ আগতেই আমি দুজনমানে হিমন্তদাক কিবা কিবি প্ৰশ্ন সুধি বিপাঙত পেলোৱাৰ কথা ভাবি থৈছো । সুধিম বুলি ভাবিছো যদিও মনত অকণমান সংশয় । “দুজনকৈ চি এমৰ লগত উঠা বহা মানুহতোক কিবা সুধিলে কিবা ধৰণে লয় ? যি হয় যি নহয় এই বুলি ভাবি গুনি হিমন্তদা লৈ বুলি এৰিলো এপাত প্ৰশ্ন বান– আপুনি যে জেল যাব লগা হ’ল কিহৰ কাৰণে ? আপুনি জেল যোৱাৰ কাৰণে জানো ঐতিসাহিক কটনৰ নাম কলংকিত নহল ?

প্ৰশ্ন সুধি আমি মনতে ভাবিলো __ পা মজাটো এতিয়া । আমাৰ প্ৰশ্ন একান্ত মনে শুনিলৈ তাৰ উত্তৰ দিবলৈ বুলি হিমন্তদাই প্ৰথমেই আৰম্ভ কৰিলে __ ”স্বদেশ আৰু স্বজাতিৰ বাবে হিমন্ত বিশ্ব শৰ্ম্মা এবাৰ কিয় হাজাৰ বাৰ জেললৈ যাব , ব্ৰহ্মপুত্ৰৰ পানী …….” বাক্য শেষেই নহ’ল সকলোৰে লগতে হিমন্তক এচাট দিবলৈ ৰৈ থকা সকলেও হাত তালি মাৰি তত নোপোৱা হ’ল। উদাত্ত কন্ঠেৰে যি ভাষন দিলে তাৰ পাছত জেল যোৱা কথা কৰবাত পৰি ৰ’ল। কটনৰ উন্নতিৰ কাৰণে কি কৰিব কি নকৰিব তাৰ পৰিকল্পনাৰ কথাকৈ সকলোৰে হাত তালিৰ অভিবাদনলৈ হিমন্ত দা গ’ল গৈ সেইবাৰ ।

প্ৰথম বাৰ লগ পাওতেই দেখাত সেই সাধাৰণ মানুহজনে ভাষনেৰে কি দৰে মানুহক সন্মোহিত কৰি ৰাখিব পাৰে অনুভৱ কৰিলো । যি কি নহঁওক কিবা কাৰণত সেইবাৰ ইলেকচনত নিজে নুঠি নিজৰ মনোনিত প্ৰাৰ্থী এজনক নিউ হোষ্টেলৰ পৰা উঠালে । হিমন্ত দাৰ বিৰোধীতা আমাৰ বুদ্ধিজীৱিমহলৰ পৰা চলিয়েই থাকিল । গতিকে সেই জোৰতে হিমন্ত দাৰ মনোনিত প্ৰাৰ্থীক পৰাজিত কৰি আমাৰ হোষ্টেলৰ জয়দ্বীপ কলিতাক জয়যুক্ত কৰাবৰ কাৰণে আমি উঠি পৰি লাগিলো ।

জীৱনত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ নিৰ্বাচনত ওচৰৰ পৰা জড়িত হৈ পৰিলো । আজিৰ দিনত যে আমি কঁও মোডী ভক্ত বা কেজৰিৱাল ভক্ত, প্ৰথমবাৰৰ বাবে ঠিক তেনেকুৱা হিমন্ত ভক্ত চকুৰ আগত দেখা পাইছিলো । হিমন্তদা ইলেকচনত নুঠিলেও মানুহজনৰ কি প্ৰভাৱ সেইয়া প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলো । হিমন্তৰ গোট আৰু হিমন্তবিৰোধী গোটৰ মাজৰ টেনচন এনেকুৱা প্ৰৰ্য্যায়লৈ পাইছিল গৈ নিজৰ নিজৰ লগৰ বন্ধু বান্ধৱৰ মাজতেই মাত বোল প্ৰৰ্য্যন্ত বন্ধ হোৱাৰ নিচিনা হৈছিলগৈ । হিমন্তদাই বিভিন্ন কৌশলেৰে ইলেকচনত সৰ্বশক্তিৰে নিৰ্বাচনত নামি পৰিল ।

আমাৰ হোষ্টেলৰ ময়ূৰ কাকতি দাহঁতৰ নেতৃত্বত হিমন্ত দাৰ সকলো কৌশল উফৰাই জয়দ্বীপ দাক বিপুল ভোটত জয়ী কৰাবলৈ সক্ষম হ’লো আমি। সকলোৱে ধৰি ল’লে হিমন্ত দাৰ মনোনীত প্ৰাৰ্থীৰ পৰাজয়ৰ লগে লগে হিমন্ত দাৰ কটনৰ ৰাজনীতিৰ অন্ত পৰিল । কিন্ত্ত পৰিল জানো অন্ত হিমন্ত দাৰ কেৰিয়াৰৰ ? তাৰ পাছৰ বছৰ হিমন্তদা নিজেই সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী হিচাবে থিয় দিলে । এইবাৰো আগৰবাৰৰ দৰেই আমাৰ হিমন্তদাৰ বিৰোধিতা অব্যহত থাকিল ঠিক তাৰ লগে লগে পৰাগ দাসহঁতেও হিমন্ত- হিতেশ্বৰ শইকীয়াৰ কটন অভিযান ৰুদ্ধ কৰিবলৈ সাদিন, প্ৰতিদিন, বুধবাৰৰ পাত ভৰাই দিলে । হিমন্ত হিতেশ্বৰ শইকীয়া আৰু পৰাগ দাহঁতৰ সন্মানৰ যুঁজ হৈ পৰিল । হয়তো এইবাৰো পৰাগদাহঁতে নজনাকৈয়ে হিমন্তৰ জালত ভৰি দিলে তাৰ ফলত হিমন্ত হৈ পৰিল ছাত্ৰ ৰাজনীতিৰ এক অন্য নাম ।

সকলো বাধাক প্ৰত্যাহ্বান জনাই হিমন্ত দা সেইবাৰ সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী জয়ী হোৱাৰ লগে লগে হিমন্ত দা হৈ পৰিল অসমৰ ঘৰে ঘৰে চৰ্চিত নাম আৰু ছাত্ৰ ৰাজনীতিৰ অপ্ৰতিদ্বন্দী নায়ক বা খলনায়ক যিয়েই নকও । আৰু সকলোতকৈ ডাঙৰ সুবিধাটো হ’ল হিমন্ত দাৰ এই ক্ষেত্ৰত অসমৰ ৰাজনীতিৰ আটাইতকৈ বিচক্ষণ ৰাজনীতিবিদ হিতেশ্বৰ শইকীয়াৰ একেবাৰে বিশ্বস্ত মানুহ হৈ পৰিল । তাৰ পাছৰ খিনি এতিয়া কেৱল ইতিহাস ।

আজি কৰ’ণাৰ বিৰুদ্ধে বিশ্বই ঘোষণা কৰা যুদ্ধত বিশ্বৰ এটা চুকত অৱস্থান কৰা এখন ঠাই, যাৰ অস্তিত্বই হয়তো বহুতে অনুভৱ নকৰে তেনে এখন ঠাই অসমক যিধৰণেৰে প্ৰতিনিধিত্ব কৰি যুঁজি গৈছে সেই যুঁজত থিক ৩০ টা বছৰ আগতে উজ্বলি উঠা হিমন্ত বিশ্ব শৰ্মাকেই যেন আকৌ এবাৰ দেখিছো! এতিয়া হিমন্ত বিশ্ব শৰ্মাক প্ৰয়োজন অসম তথা প্ৰতিজন ভাৰতীয়ৰ সহায় আৰু সহযোগীতা যাতে এইখন যুঁজতো জয়ী হৈ ৰাজ্য তথা দেশবাসীক এক উজ্বল ভৱিষ্যত দিব পাৰে ।