অপৰ্ণা , আমিৰ , শ্বাবানাৰ গোপন এজেণ্ডা

3110
  • পাৰ্থ প্ৰতীম লহকৰ

  • ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


২৩ জুলাই তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ মানে চিঠি লেখিছে কেইজনমান সাংস্কৃতিক কৰ্মীয়ে , কৰ্মী মানে আচলতে এওঁলোক একো একোজন নিজৰ সময়ৰ ষ্টাৰ । অপৰ্ণা সেন , অনুৰাগ কাশ্যপ , মনিৰত্নম সহিতে ৪৯ জন ব্যক্তিয়ে উদ্দেগ ব্যক্ত কৰিছে আৰু বৰ্তমান সময়ৰ দেশৰ পৰিস্থিতি মুছলমান আৰু আন সংখ্যালঘু মানুহৰ কাৰণে বিপদজনক হোৱা বুলি চিঠিখনত প্ৰকাশ কৰিছে । হিন্দু ধৰ্মীয় উন্মাদনাই এই অসহিষ্ণু পৰিবেশৰ মুল কাৰক বুলি প্ৰকাশ কৰিছে । মুম্বাই আৰু দেশৰ বাহিৰত কাম কাজত ব্যস্ত এইসকল সাংস্কৃতিক কৰ্মী হৈছে চিনেমা চোৱা মানুহখিনিৰ কাৰণে চিনাকী নাম । তেওঁলোকে নিজেই বহু সময়ত ঘোষণা কৰে __শিল্পীৰ ধৰ্ম নাই , ভাষা নাই , প্ৰান্ত নাই ।  উত্তৰ প্ৰদেশ , বিহাৰ , ৰাজস্থানত গৰু চুৰী সংক্ৰান্তিয় বিভিন্ন ঘটনাৰ পিছত দুই এজন মানুহৰ হত্যা নোহোৱা নহয় । হত্যা হৈছে __ হত্যা অকল নিন্দনিয় নহয় , হত্যাকাৰীৰ ফাঁচী পৰ্যন্ত হ’ব লাগে । কিন্তু এই হত্যাক কেন্দ্ৰ কৰি এখন সমাজ বা এটা ধৰ্মৰ মানুহক দোষাৰোপ কৰাটো অযুক্তিকৰ আৰু সুবিধাবাদী চৰিত্ৰৰ নমুনা । অসমৰ চুকে কোণে গৰু চোৰ হৈ আছে । চৰকাৰ আৰু প্ৰশাসনে বিশেষ প্ৰতিৰোধৰ ব্যৱস্থা ল’ব পৰা নাই । হয়টো অসমৰ লগত লাগি থকা আন্ত:ৰাষ্ট্ৰীয় সীমা থকা কাৰণেও ফলাফল আশাব্যঞ্জক হোৱা নাই । কিন্তু অসমতেই যদি এনেকুৱা গৰু চোৰ কেতিয়াবা  ৰাইজৰ হাতত প্ৰহত  হয় তেন্তে তাত চৰকাৰ আৰু প্ৰশাসনৰ কিবা কৰিবলগীয়া থাকিব নে ? মুঠেই নাই । তথাপি অসহিষ্ণুতাৰ কথা কোৱা ব্যক্তিসকলৰ কথাবিলাক যদি গুৰুত্ব সহকাৰে ল’ব লাগে তেতিয়া হ’লে তেওঁলোকৰ অতীতৰ কাম কাজবিলাকৰ ওপৰতো গুৰুত্ব দিব লাগিব । মুম্বাইৰ চিত্ৰ নিৰ্মাতা কিছুমানে বিহাৰ , উত্তৰ প্ৰদেশৰ ঘটনা কিছুমানকলৈ উদ্দেগ প্ৰকাশ কৰিছে । ভাল কথা । কিন্তু স্বয়ং মুম্বাই যেতিয়া ‘অমৰ জোৱান জ্যোতি’ ভাঙি দিছিল ৪০ হাজাৰ মুছলমান মৌলবাদীৰ দল এটাৰ ৰেলীয়ে তেতিয়া এইসকল শিল্পীয়ে কিবা প্ৰতিক্ৰিয়া দিছিল জানো ?  ২০১২ চনৰ ১১ আগষ্টত আজাদ মৈদানত  সমবেত হৈছিল ৪০ হাজাৰ মানুহ । প্ৰতিবাদ কৰিছিল অসমৰ বিটিএডি অঞ্চলত হোৱা গোষ্ঠী সংঘৰ্ষৰ  আৰু ম্যনমাৰত হোৱা গোষ্ঠী সংঘৰ্ষৰ । ক’ত বিটিএডি আৰু ক’ত মুম্বাই ___  জ্বলাই দিছিল  আৰক্ষীৰ বাহন , দোকান ঘৰ , আহত হৈছিল অসংখ্য আৰক্ষী , সাধাৰণ মানুহ । তেতিয়া অপৰ্ণা সেন , মনি ৰত্নম , আমিৰ খান ,  অনুৰাগ বসুৰ দৰে অসহিষ্ণুৰ কথা কোৱা বলিউদৰ মানুহবিলাকে একো এটা শব্দ কোৱা নাছিল । কিন্তু বিজেপি চৰকাৰৰ সময়ত গৰু চোৰৰ সন্দেহত যদি বিহাৰৰ ভিতৰুৱা গাওঁত কোনোবাৰ মৃত্যু হয় তেন্তে গোটেই ভাৰতীয় সংস্কৃতিক  বদনাম কৰিবলৈ এচাম মানুহ ওলাই আহে ।  কাশ্মীৰত হিন্দু পণ্ডিতসকলৰ ওপৰত অত্যাচাৰ হয় , কাশ্মীৰৰ পৰা পলায় আহিবলৈ বাধ্য হয় লাখ লাখ কাশ্মীৰী পণ্ডিত । তেতিয়া অপৰ্না সেন , আমিৰ খান , শ্ববনা আজমি  মৌণ আছিল ।
স্পষ্ট কথাটো হ’ল  বিজেপিৰ চৰকাৰ থকাটো এইসকল ল’বিৰ মানুহে সহ্য কৰিব পৰা নাই । অপৰ্না সেনৰ মতলব হ’ল পশ্চিম বংগ নিৰ্বাচন ।  তেওঁৰ প্ৰেছৰ আগত দিয়া মন্তব্যৰ পতা প্ৰমাণ হৈ গৈছে । ”  বিজেপিত যোগ দিয়া পশ্চিম বংগৰ অভিনেত্ৰীসকল সুবিধাবাদী , তেওঁলোকে বিজেপিৰ ভাল দিন দেখি বিজেপিত যোগ দিছে । কংগ্ৰেছ আৰু চিপিএম দলে পশ্চিম বংগত নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন আছে ” , অপৰ্না সেন , ১৯ জুলাই , ২০১৯  ।  উল্লেখ্য যে মাত্ৰ এদিন আগত ১৮ তাৰিখে বংগত বহু কেইজন অভিনেত্ৰীয়ে বিজেপিত যোগ দিছিল । এই ঘটনাৰ তিনি – চাৰিদিন পিছতেই অপৰ্না সেনে ইনট’লাৰেন্সৰ চিঠি লিখে প্ৰধানমন্ত্ৰীলৈ ।
শ্বাবনা আজমিয়ে  নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰিছে । ২০ নৱেম্বৰ ২০১৫ চন, দেশত অসহিষ্ণু পৰিবেশ হোৱা বুলি আজমিয়ে মন্তব্য কৰিছে । কিন্তু এইজন আজমিয়ে কাশ্মীৰী পণ্ডিতৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে একো নেমাতে । নৱৰাত্ৰীৰ সময়ত টুইট কৰে দুৰ্গা , কালি ,  সৰস্বতী দেৱীক উপলুঙা কৰি ( চেপ্তেম্বৰ ২৯ , ২০১৭) । ক্ৰিমিনেল অপৰাধ যৌতুক প্ৰথাক বিৰোধ কৰি নাৰীবাদী আৰু সমাজ শুধাৰক কথা কয় , কিন্তু তিনি তালাকৰ কথা নকয় । এইজন শ্বাবনা আজমিয়ে চিপিআই প্ৰাৰ্থী কানাইয়া কুমাৰৰ হৈ বেগুচৰাই সমষ্টিত প্ৰচাৰ কৰিব যোৱা ভাষণ সকলোৱে দেখিছে  ( ২৫ এপ্ৰিল, ২০১৯) ।  হয়টো চ’চিয়েল মিডিয়া নথকাহেতেঁন এইজন নাৰীবাদী বুলি আজমীৰ আচল চৰিত্ৰ মানুহে গমেই নেপালেহেতেঁন ।
আমিৰ খান , মিষ্টাৰ পাৰফেক্ট বুলি পেজ থ্ৰীত বিখ্যাত । চিনেমাৰ কথা বাদেই দিলো টিভি শ্ব ‘ ‘সত্যমেৱ জয়তে ‘ ৰ দ্বাৰা বিভিন্ন  সমাজ শুধাৰক আলোচনা কৰে । ২৫ টা খণ্ডত ঠাই পালে যৌতুক , ধৰ্ষণ , প্ৰেম বিবাহ আৰু হত্যা , পানী সংৰক্ষণ ,  নাবালক বিবাহ , শিশু যৌণ নিৰ্যাতন ইত্যাদি । কিন্তু এবাৰৰ বাবেও আলোচনা নহ’ল  তিনি তালাক , প’লিগেমি ( বহু বিবাহ)ৰ বিষয়ে ।  এইজন ব্যক্তিয়ে ২০১৫ চনৰ ২৩ নৱেম্বৰ তাৰিখে মন্তব্য কৰিছিল ইনট’লাৰেন্সৰ কথা ।  তেওঁ এখোপ আগুৱাই গৈ কৈছিল যে , ‘ভাৰত এৰাৰ চিন্তা মনলৈ আহিছে । ‘
উল্লেখ্য যে ২০১৪ ত বিজেপিয়ে কেন্দ্ৰত চৰকাৰ কৰিছিল ।  সত্যমেৱ জয়তে অনুষ্ঠান আৰম্ভ হৈছিল ২০১২ ত আৰু শেষ হৈছে ২০১৪ চনত । ২০১৪ চনতেই নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হয় আৰু এবছৰ পিছতেই ২০১৫
ত ইনট’লাৰেন্সৰ নাটক আৰম্ভ  কৰে আমিৰ খানে ।
২০০৬ চনৰ  ‘ৰংগ দে বসন্তী ‘ ত কেইটামান চৰিত্ৰ আচলাম খান ( কুণাল কাপুৰ) , লক্ষ্মণ পাণ্ডে ( অতুল কুলকাৰ্ণী ) , ডিজে ( আমিৰ খান ) । হিন্দু ৰাষ্ট্ৰীয়তাবাদী দল এটাৰ কৰ্মী লক্ষ্ণণ পাণ্ডেক আমিৰ খান আৰু ফিল্মখনৰ চৰিত্ৰ আচলাম খানে মাৰপিত কৰে । আচলামক ( কুণাল কাপুৰ) লিবাৰেল দেখায় । ফিল্মখনক লক্ষ্মণ পাণ্ডেৰ দ্বাৰা সমগ্ৰ হিন্দু সংগঠনক অপমান কৰা হ’ল আৰু আমাৰ দৰ্শকে চিনেমা হলত পইচা দি আমিৰ খানক ধনী কৰিলে ।
PK , ২০১৪ চনৰ ব্লক ব্লাষ্টাৰ হিট । হনুমান , মহাদেৱ সকলো ভগৱানকে তাচ্ছিল্য কৰি হাঁহিৰ পাত্ৰ সজাঁলে ।  ধৰ্ম নিৰপেক্ষতা দেখুৱালৈ  দৰগাহত চাঁদৰ দিয়া প্ৰথাক ব্যংগ কৰি দেখুৱাইছিল । কিন্তু উদ্দেশ্য প্ৰণোদিত ভাবে বাচি লৈছিল দৰগাহ  , যি দৰগাহ ইছলামৰ মুলনীতিত অন্তৰ্ভুক্তই নহয় । শ্বৰিয়তৰ  কানুন চলা  ইছলামিক দেশবিলাকত দৰগাহৰ কোনো স্থানেই নাই ।
এই সকলোবিলাক এটা প্ৰোপাগেণ্ডা পোলিচিৰ অংশ । ভাৰতক  বিশ্বমানৱৰ দৃষ্টিত বদনাম কৰা , ভাৰতীয় সংস্কৃতিক অপমান কৰা সমষ্ট ঘটনাবিলাক নিয়ন্ত্ৰীত হয় বিদেশৰ মাটিৰ পৰা । ২০১৭ চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট , আহমদাবাদৰ প্ৰফেচাৰ ধিৰাজ শৰ্মাই এটা ৰিচাৰ্চ কৰিছিল । ১৯৬০ চনৰ পৰা ২০১০ চনলৈ , প্ৰতি দশকৰ ৫০ খন বলিউদৰ চিনেমা  বাচি লৈছিল । A ৰ পৰা Z  লৈ প্ৰতিটো আখৰত ২-৩খন চিনেমা তেওঁ লৈছিল যাতে ৰিচাৰ্চটো নিৰপেক্ষ হয় । ৰিচাৰ্চৰ অন্তত তেওঁৰ ৰিচাৰ্চ টিমে যিটো দেখা পাইছিল সেয়া আছিল আচহুৱা । ৭৪ %  শিখ ধৰ্মালম্বী চৰিত্ৰক হাঁহিয়াতৰ পাত্ৰ হিচাপে দেখুৱা হৈছিল,   ৮৪ % মুছলমান চৰিত্ৰ ধাৰ্মিক আৰু নীতি পৰায়ন দেখুৱা হয় ( ক্ৰিমিনেল চৰিত্ৰ হ’লেও ) , পাকিস্তানৰ উল্লেখ থকা ২০ খন চিনেমাৰ ১৮ খনত পাকিস্তানৰ সাধাৰণ জনতাক অতি দয়ালু দেখুৱা হৈছে আৰু পাকিস্তান চৰকাৰহে বেয়া দেখুৱা হৈছে । আনহাতে এই ২০ খন চিনেমাত ভাৰতৰ হিন্দু মানুহক অতি ঠেক মনোবৃত্তিৰ দেখুৱা হৈছে । ৫৮ % শতাংশ দুৰ্নীতি কৰা চৰিত্ৰ ব্ৰাহ্মিণ ,৭৮ % বেয়া স্বভাবৰ  নাৰী চৰিত্ৰ খ্ৰীষ্টান মহিলা । এই হৈছে যোৱা ৫০ বছৰত বলিউদত চলা প্ৰপাগেণ্ডা পলিটিকচ ।