ওলা-উবেৰ-ৰেপিড’ ইত্যাদি…

1762
  • ৰঞ্জন লাল শৰ্মা

চৰকাৰে, মানে পৰিবহন বিভাগে ৰেপিড’ৰ বাইক চাৰ্ভিছ নিষিদ্ধ কৰাৰ খৱৰ সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আছে ।  ৰেপিড’ৰ বাইক চাৰ্ভিছ নিষিদ্ধ কৰাৰ দুটা প্ৰধান কুফল প্ৰথমে মোৰ চকুলৈ আহিছে। এক- ৰেপিড’ৰ বাইক চলোৱাসকল নিশাটোৰ ভিতৰতে কৰ্মহাৰা হ’ল। এককথাত নিবনুৱা। দুই – মোৰ দৰে অসংখ্যজনে, যাৰ কোনো নিজা বাহন এখনো নাই-যি কেৱল ৰেপিড’ টাইপ বাইক চাৰ্ভিছৰ ওপৰত নিৰ্ভৰ কৰি নিতৌ কাম-কাজ কৰে তেওঁলোকৰ তাৎক্ষণিক অসুবিধা ভোগ। এতিয়া প্ৰশ্ন হ’ল – পৰিবহন বিভাগে কিয় হঠাতে নিষিদ্ধ কৰিলে ৰেপিড’ চাৰ্ভিছ ? হয়তো কাৰণ আছে। থাকিব পাৰে। কিন্তু, সেই কাৰণবোৰ নোহোৱা কৰাৰ সহজ উপায় নাছিল নে ? নীতি-নিয়ম, আইন-কানুন কেৱল কাগজত থাপি থোৱা বস্তু নেকি? সেইবোৰ লাগু কৰাৰ বাবে পৰিবহণৰ দৰে বৃহৎ বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে উৱাদিহ পোৱা নাছিল নে ? ইমান দিনে যে মহানগৰখনৰ অলি-গলি-মহল্লাই মহল্লাই ৰেপিড’ৰ বাইক দৌৰিছিল সেয়া দেখা নাছিল নে বিভাগটোৰ দায়িত্বশীল বিষয়া-কৰ্মচাৰীৰ দলে? ৰেপিড’ই যদি আইন ভংগ কৰি ব্যৱসায় কৰিছে শাস্তি হওঁক, জৰিমনা বিহা হওঁক, আইন মানিবলৈ বাধ্য কৰা হওঁক। কিন্তু, সেইটো কৰিবলৈ যাওঁতে – এইটো চাব লাগিছিল বাইক চলাই জীৱিকা নিৰ্বাহ কৰা এক বুজন সংখ্যক লোকৰ কি হ’ব ! মই নিজেই জানো – বহু যুৱকে পাৰ্ট টাইম বাইক চলাই (তাকো বাইকখনো ভাড়াতীয়া) পঢ়াৰ খৰচ উলিয়াইছিল। গুৱাহাটী কমাৰ্চ কলেজ, বি বৰুৱা কলেজ আদিৰ বহুকেইজন তেনে ছাত্ৰ মই নিজে পাইছোঁ। এতিয়া এই সকলৰ কি হ’ব? নিয়ম বলবৎ হ’বই লাগিব, কিন্তু সেই নিয়ম বলবৎ কৰিবলৈ গৈ অন্য এটা সামাজিক সমস্যা সৃষ্টি কৰাটো কোনো বুদ্ধিমান লোকৰ কাম হ’ব নোৱাৰে। দ্বিতীয়তে, ৰেপিড’ৰ বাইক চাৰ্ভিছ দিয়া ল’ৰাসকলে কাৰো বোজা নোহোৱাকৈ নিজে কিবা এটা কৰি পৰিয়াল বা নিজকে পোহ-পাল দিয়াৰ ব্যৱস্থা কৰিছিল। ইয়াৰে গৰিষ্ঠসংখ্যকেই এই ৰাজ্যৰে। এই কথাটো চৰকাৰে বুজেনে? প্ৰশ্ন হয় – ৰেপিড’ৰ দৰে বহিৰাগত ব্যৱসায়িক গোষ্ঠীয়ে মাহৰ পিছত মাহ ধৰি কাৰ সাহসত ব্যৱসায় চলাই নিছিল? পৰিবহণ বিভাগে সেই দায়িত্ব এৰাই চলিব পাৰিবনে?  ৰেপিড’ৰ বাইক চাৰ্ভিছ বন্ধ কৰাৰ আগতে তেওঁলোকে যিবোৰ নীতি-নিয়ম অমান্য কৰিছিল সেইবোৰ পালন কৰাৰ স্বাৰ্থত তাৎক্ষণিকভাৱে আৰু থিতাতে পৰিবহণ বিভাগে ব্যৱস্থা লোৱা উঠিত আছিল। এই ধৰক – লাইচেন্স, ইনচিওৰেন্স, অন্যান্য কাগজ পত্ৰ, মাছুল আদি আদায়ৰ সৰলীকৃত ব্যৱস্থা। মই ভাবো, নিয়ম নমনাৰ অজুহাতত ‘চান্স পাই ডেন্স’ দিয়াৰ দৰে তেওঁলোকৰ ওপৰত মাধমাৰ সোধাই আক্ৰোশ পূৰণৰ চেষ্টা নকৰাই ভাল। কাৰণ, লাইচেন্সৰাজত সেয়া সহজ। পৰিবহন বিভাগ, আৰক্ষীৰ বিভাগৰ ক্ষেত্ৰত এই ‘বদনাম’ নতুন নহয়। আৰু এটা কথা, ৰেপিড’ৰ চাৰ্ভিছ বন্ধ কৰি দিয়া হৈছে, অথচ ওলা-উবেৰৰ মটো চাৰ্ভিছ চলি আছে। তাৰমানে তেওঁলোকে নিয়ম মানি চলিছে? চলিব পাৰে। কিন্তু একেখন ৰাজ্যত একেটা পৰিবহন বিভাগৰ অধীনত কোনোৱে নিয়ম মানি চলিছে, কোনোৱে চলা নাই। তাকো দীৰ্ঘদিন ধৰি। কিবা মানি ল’ব নোৱাৰা সত্য ! ক’ৰবাত কিবা এটা যে গণ্ডগোল হৈ আছে সেয়া অনুমান কৰিবলৈ অসুবিধা নহয়।