ৰাজীৱ গান্ধীৰ অন্তিম খন জনসভা

1553
  • পাৰ্থ প্ৰতীম লহকৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


২১ মে’ তামিলনাডুৰ শ্ৰীপৰুম্বুদুৰত এখন নিৰ্বাচনী জনসভাত সম্বোধন কৰিব লাগে । নিশাৰ ভাগত অনুষ্ঠিত হ’ব উক্ত সভা খন । ৰাজীৱ গান্ধী সভাৰ কাৰণে ইতিমধ্যে বহু সময় পলম হৈ আছিল । সভাত যাবলৈ খৰধৰৰ কাৰণে ব্যক্তিগত সুৰক্ষা বিষয়াক লগত নিবলৈ পাহৰি গ’ল । জনতা দলৰ চৰকাৰৰ পতনৰ পিছত মধ্যকালিন নিৰ্বাচন জৰুৰী আছিল । কংগ্ৰেছ পুনৰ শক্তিশালী স্থিতিত উপনিত হৈছে ।
সন্ধিয়া ছয় বজাত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ জনসভাত ভাষণ শেষ কৰি চেন্নাই ( তেতিয়াৰ মাদ্ৰাজ ) লৈ যাত্ৰা কৰিবলৈ সাজু হৈছে । বিমানবন্দৰত হেলিকপ্তাৰ সাজু কৰা হৈছে । পাইলতে শেষৰ বাৰৰ বাবে ইঞ্জিন পৰীক্ষা কৰি আছে । আনফালে চেন্নাইত সাজু হৈ আছে কংগ্ৰেছ নেতা জি কে মুপনাৰ , চন্দ্ৰশেখৰ আৰু জয়ন্তী নটৰাজন প্ৰমুখ্যে অজস্ৰ গুণমুগ্ধ । ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি ___পাইলটে হেলিকপ্তাৰত কোনো কাৰিকৰী বিজুতী হোৱা বুলি জনালে , হেলিকপ্তাৰেৰে চেন্নাই যোৱা সম্ভৱ নহ’ব । ৰাজীৱ গান্ধী নিৰাশ মনেৰে অতিথি গৃহলৈ উভতি গ’ল । এচকৰ্ট বাহনেৰে বিমান বন্দৰৰ পৰা অতিথি গৃহলৈ গৈ থকাৰ সময়ত এচকৰ্ট বাহিনীক ৱায়াৰলেচ বাৰ্তা আহে । হেলিকপ্তাৰ ভাল হৈছে , চেন্নাইলৈ যাত্ৰা কৰিবলৈ হেলিকপ্তাৰ সাজু । এই খৱৰ ৰাজীৱ গান্ধীয়ে পোৱা মাত্ৰেই গাড়ী ঘুৰাবলৈ নিৰ্দেশ দিয়ে ।  ( পিছৰ সময়ত পাইলট কেপ্তেইন চন্দোকে জনোৱা মতে কিংচ এয়াৰলাইনচৰ অভিযন্তাই হেলিকপ্তাৰ খন ভাল কৰাত সহায় কৰিছিল )
চেন্নাইত ৰাজীৱ গান্ধী উপস্থিত হ’ল । কিন্তু খৰ ধৰ কৰা হেতুকে ব্যক্তিগত সুৰক্ষা বিষয়া  ও পি সাগৰ আৰু তেওঁৰ দলটোক
ৰাজীৱ গান্ধীয়ে খৱৰ দিব পাহৰি গ’ল । এতিয়াৰ দৰে হাতে হাতে মোবাইল থকা হেঁতেন বিষয়া সাগৰো ৰাজীৱ গান্ধীৰ লগত চেন্নাইতেই থাকিল হেঁতেন ।
সময় তেতিয়া নিশা প্ৰায় ৮ বাজি ৩০ মিনিট ; মাদ্ৰাজ বিমানবন্দৰত কংগ্ৰেছ নেতা সকলে গান্ধীক আদৰণী জনালে । এম চন্দ্ৰশেখৰ , জি কে মুপনাৰ আৰু কংগ্ৰেছ নেতা ৰামমুৰ্তী ৰাজীৱ গান্ধীৰ লগত একে খন বাহনতেই জনসভালৈ ৰাওনা হ’ল ।  প্ৰায় ১০ বাজি ১০ মিনিট মানত শ্ৰীপেৰুম্বুদুৰ উপস্থিত হয় । বিশাল জনসমাগমে ৰাজীৱ গান্ধীক অপেক্ষা কৰি আছিল । মঞ্চত মাতৃ ইন্দিৰা গান্ধীৰ জীৱন বন্দনা ভিত্তিক গীত বাজি আছে । বিশাল জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি  মহিলা আৰু পুৰুষৰ কাৰণে গেলাৰী পৃথক কৰা হৈছে ।  পুৰুষ বৰ্গৰ ওচৰলৈ গৈ সম্ভাষণ জনোৱাৰ পিছত মহিলা সকলে ৰাজীৱ গান্ধী জিন্দাবাদ শ্লোগান দিয়ে ।  মহিলা ভিৰৰ মাজৰ পৰা এজনী ত্ৰিশ বছৰ মান বয়সৰ মহিলাই ৰাজীৱ গান্ধীৰ ওচৰলৈ আহিব বিচাৰিছে । মহিলা আৰক্ষী এজনে বাধা দিছে । আৰক্ষীয়ে বাধা দিয়া গান্ধীৰ চকুত পৰিল । ৰাজীৱ গান্ধীয়ে মহিলা আৰক্ষী জনক কয় , ‘ তেখেতক আহিবলৈ দিয়ক , চিন্তা কৰিব নেলাগে , ৰিলাক্স কৰক । ”  এইয়াই আছিল ৰাজীব গান্ধীৰ মুখৰ পৰা ওলোৱা শেষ বাক্য হ’ব বুলি কোনোৱে ভবা নাছিল ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৬ বছৰ ।  ১৯৯১ চনৰ ২১ মে ‘ ৰ নিশা মৃত্যু হয় নতুন ভাৰতৰ সপোন দেখা এজন সপোনৰ সদাগৰৰ । অকল ভাৰতেই নহয় সমগ্ৰ বিশ্বই হেৰুৱালে এজন সম্ভাৱনাপুৰ্ণ বিশ্ব নেতাক ।