চিটিবাছত যৌনতা

6048
  • বুবুল ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


শিৰোনামাটোৰ পৰাই স্পষ্ট হয় আজি আমি কি কবলৈ বা লিখিবলৈ গৈ আছোঁ!নব্বৈৰ দশকৰ শেষৰ পিনে কলেজলৈ বুলি মিনি বাছত উঠা আমিবোৰে কোনো দিনেই ভিতৰলৈ সোমাই নাপালোঁ কিয়নো ছোৱালী বোৰে সাধাৰণতে বহি যায় আৰু বহিব নোৱাৰা খিনিয়ে থিয় হৈ যায়।আমি হয় পাওদানীত, পিছত ওলমি নাইবা ব’ডীৰ ওপৰত বহি গৈছিলোঁ মুক্ত বতাহ খাই।দুই-এক ব্যতিক্ৰম আছিল বাৰু!এতিয়া সেই দিন নাই। বাইক,স্কুটি নহলে কলেজত “নো এন্ত্ৰী বাই ষ্টুডেন্ট অনলী” সদৃশ হৈছে!ষ্টেটাছৰো কথাটো মন কৰিবলগীয়া।বাইকৰ পিছত মন পছন্দৰ লগৰী এজনী বহুৱাব নোৱাৰিলে তেনে “জীৱন কা কই মতলব হি নেহি” সদৃশ হৈ পৰিছে।আৰম্ভণি লাহে লাহে তাৰ পৰাই হব পাৰে।লাহে লাহে কৰ্মৰ সন্ধানত চহৰমুখী হোৱাৰ প্ৰৱণতাই এইবোৰত ইন্ধন যোগাই মানে মুক্ত যৌনতাত আগ্ৰহী সকলোৰ কথা কোৱা হৈছে।সুযোগৰ অপেক্ষাত খাপ পিটি থকা নির্লজ বোৰৰ কথা কোৱা হৈছে।
অলপ দিন আগতে গুৱাহাটীৰ চিটিবাছত দিন দুপৰতে এজনী ছোৱালী “লাইভ ইন ফেচবুক”!বিষয় আদ বয়সীয়া ব্যক্তি এজনে হেনো তেওঁৰ শৰীৰৰ স্পৰ্শকাতৰ অংগত হাত বুলোৱাৰ প্ৰয়াস কৰিছিল।হৈ-হাল্লা বহু হ’ল।ফেচবুকৰ পৰা অসমৰ প্ৰিন্ট-ইলেকট্ৰনিক মেডিয়াত ধুম- ধামেৰে বাতৰি প্ৰচাৰ হ’ল,টক-শ্বো পৰ্যন্ত হ’ল।পুলিচে নিজে গোচৰ ৰুজু কৰিলে ইত্যাদি।শেষত “গালোঁ-বালো খোলাকোটিৰ তাল” হ’ল!সঁচা কোন মিছা কোন আমি কব নোৱাৰো,কিন্তু হয় কিয় এনে ঘটনা?ইয়াৰ উপযুক্ত কাৰণ কি?বহু কাৰক ইয়াত জড়িত হৈ আছে।ইণ্ডিয়া টুডে এটা সমীক্ষা চলাইছিল দেশৰ বিভিন্ন চহৰত যৌনতাৰ ওপৰত ২০১৮ চনত।সেই সমীক্ষা মতে গুৱাহাটীত ৮৬% অফিচৰ কৰ্মীৰ মাজত যৌন সম্পৰ্ক স্থাপন হয়-পৰস্পৰৰ সন্মতি বা বলপূৰ্বক ভাবে।সমীক্ষাত ২৭% গুৱাহাটীৰ ব্যক্তিৰ মতামত লোৱা হৈছিল।আৰু আশ্চৰ্যৰ বিষয় এইটো যে যৌনাচাৰ সংঘটিত হোৱা ঠাইবোৰ সৰহ সংখ্যকেই ব্যক্তিগত খণ্ডৰ অফিচ আৰু কৰ্মৰ সময়তে সেইবোৰ ঘটে।সমীক্ষাটোত আৰু আচৰিত ধৰণে কেইটামান স্থানৰ কথাই চকু কপালত তুলিছে যে সেইবোৰ ঠাইতো এনে নিকৃষ্ট কাণ্ড বোৰ হব পাৰে।তাৰ ভিতৰত বিভিন্ন অফিচৰ ষ্টোৰ ৰুম,ৱাছ ৰুম, হস্পিটেলৰ অপাৰেচন থিয়েটাৰ,ইউনিভাৰ্চিটি আৰু কলেজৰ প্ৰফেছৰ’চ কেবিন,বাছ আস্থান,চিনেমা হ’ল ইত্যাদি।এনেকুৱা পৰিঘটনা ও শুনিবলৈ পোৱা যায়-তোমাৰ অন্তৰ্বাসৰ ৰংটো বৰ ধুনীয়া বুলি বিব্ৰত কৰা পুৰুষ এচাম, ছোৱালীৰ সন্মুখত কন্ড’ম মুখেৰে ফুলাই থাকি নিৰ্যাতন কৰা সুপুৰুষৰ কাহিনীও এইখন গুৱাহাটীত সুলভ।
পাপনৰ চুমা বিতৰ্কৰ ৰৌজাল-বৌজাল কৰা মেডিয়াৰ কাণ্ড,মহন্ত কাণ্ড,নাথৰ দুজন স্বামীৰ কাণ্ড,জি এছ ৰোড কাণ্ড,ইত্যাদি অলেখ কাণ্ডৰ কেন্দ্ৰ বিন্দু গুৱাহাটী তথা উৎসৰ সন্ধান দিয়াবোৰ গুৱাহাটীৰ মেডিয়া।
ওপৰোক্ত কথাবোৰৰ বিশ্লেষণ কৰিলে বাহিৰত সংস্কাৰী দেখুওৱা সৰহ সংখ্যকেই সুযোগৰ অপেক্ষাত ৰৈ থকা বাঘটোৰ দৰে যেন হৰিণী জনী পালেই কামুৰি নেফানেফ কৰিব আলসুৱা দেহ!তেনেকুৱাকৈ অসমৰ বিভিন্ন ঠাই বা বহি ৰাজ্যৰ পৰা গুৱাহাটীত আহি পঢ়াৰ বাবে,চাকৰিৰ বাবে থিতাপি লোৱা অসংখ্য ছোৱালীও এই ক্ষেত্ৰত পাকৈত খেলুৱৈ সদৃশ। ইয়াত অশিক্ষিত খিনিয়ে হয়তো স্থান-কাল-পাত্ৰ পাহৰি আগবাঢ়ে আৰু জেলৰ ভাত খাই আৰু শিক্ষিত খিনি আন্ধাৰত থাকি নিশাৰ আহাৰ গ্ৰহণ কৰা বাদুলী সদৃশ ভাও ধৰি চিকাৰ কৰে আৰু চিকাৰীও বাচি যায় চিকাৰ ও নীৰৱ হয় সমাজৰ ভয়ত,পৰিয়ালৰ ভয়ত ইত্যাদি..!
এইখন অসমত ছোৱালীক শিকোৱা হয় ধৰ্ষণৰ পৰা কেনেকৈ নিজক ৰক্ষা কৰিব পাৰি,কিন্তু পুৰুষক শিকোৱা নহয় ধৰ্ষণ যে কৰিব নালাগে।এজনী ধৰ্ষিতাৰ জীৱন ধ্বংস হয় কিন্তু এজনী পৰ্ণষ্টাৰ নায়িকা হৈ যায় এটা ৰাতিতে।
ইণ্ডিয়া টুডেৰ সমীক্ষাটোৰ সময়ত গুৱাহাটী ইউনিভাৰ্চিটি ৰ প্ৰফেছৰ ড° ননী গোপাল মহন্তক সোধা হৈছিল গুৱাহাটীত ঘটি থকা ঘটনাবোৰৰ  মূলতে কি?তেতিয়া তেওঁ কৈছিল যে মৰেল পুলিচৰ অভাৱ অৰ্থাৎ তেওঁ কৈছিল এসময়ত আলফা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে সংগঠনৰ ভয়ত এই কাণ্ড বোৰ কমকৈ ঘটিছিল।এতিয়া সেইবোৰৰ অভাৱেও এইবোৰ কাণ্ডত অনুঘটক হিচাপে কাম কৰিছে।সমীক্ষাটোত গুৱাহাটীৰ এজন চিকিৎসকৰ মতামত জানিব খোজোঁতে কৈছিল যে এই কথাবোৰ ৰাজহুৱাকৈ লিখিব নালাগে,নহলে RSS এ ফটোৱা জাৰি কৰিব যে মহিলাৰ বাবে সকলো অফিচত বেলেগ ব্যৱস্থা কৰিব লাগে,যাতে অকলশৰে থাকি কাম কৰিব পাৰে।গতিকে ভাৱক এইখন গুৱাহাটী বা এইখন অসমত কি হৈ আছে আৰু ভৱিষ্যতে কি হব?
যদিহে চৰকাৰে এইক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন নকৰে,প্ৰশাসন কঠোৰ নহয় তেন্তে এনেবোৰ নিৰ্যাতনৰ সাক্ষী হবলৈ আমি সাজু থাকিব লাগিব!
বি:দ্ৰ:ইণ্ডিয়া টুডেৰ সমীক্ষাটোৰ বিষয়ে লিখিছিল কৌশিক ডেকা নামৰ গুৱাহাটীৰ সাংবাদিক এজনে ইণ্ডিয়া টুডে আলোচনী খনত।লিখনিটোৰ কিছু অংশৰ কথাখিনি ডেকাৰ লিখনিটোৰ সৌজন্যত লিখা হৈছে।