কৰ্ণাটকৰ কিনাবেচা বজাৰৰ ভিতৰৰ কথা

1943
  • পাৰ্থ সাৰথি দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


২২ জুন ২০১৯, স্হান বাংগালুৰু হোৱাইট ফিল্ড, সময় ৰাতিপুৱা ১০ বজাঃ এখন উবেৰ গাড়ীত উঠিলো, গন্তব্য স্হান বাংগালুৰু এয়াৰ পোৰ্ট। দুপৰীয়াৰ ফ্লাইটত গুৱাহাটীলৈ যাম। এয়াৰ পোৰ্টলৈ প্ৰায় দুঘন্টা সময় লাগিব। অলপ সময় পিছত ভাবিলো ড্ৰাইভাৰ জনৰ লগতে অলপ কথা পাতো। চাকৰি সুত্রে বহু বছৰ বাংগালোৰত থকা বাবে ইয়াৰ স্হানীয় ভাষা কানাড়া কিছু আয়ত্ত কৰিছিলো। কানাড়া ভাষাত ড্ৰাইভাৰ জনক সুধিলো তেওঁৰ ঘৰ কত? ড্ৰাইভাৰজনে মোৰ মুখৰ পিনে চালে। মই কলো যে মই অসমীয়া কিন্তু বাংগালোৰত বহুদিন ধৰি আছো সেয়ে কানাড়া অলপ অলপ জানো। মানুহজনৰ মুখত দেখা গ’ল এটা সন্ত্তষ্টিৰ হাঁহি। “বাংগালোৰলৈ চাকৰি কৰিবলৈ বছৰি লাখ লাখ মানুহ আহে কিন্তু কোনেও ইয়াৰ ভাষাটোক সন্মান নজনায়। আপুনিয়ে প্ৰথম যিয়ে উত্তৰ ভাৰতৰ পৰা আহি মোৰ লগত কানাড়াত কথা পাতিবলৈ চেষ্টা কৰিছে।” তাৰ পিছত এয়াৰপোৰ্ট পোৱালৈকে মই তেওঁৰ লগত কানাড়াত কথা পাতিলো। মাজে মাজে শব্দৰ সন্ধান কৰিব লগীয়া হয় যদিও কিবাকৈ মেনেজ কৰিছিলো। অফিচত লগৰ বোৰৰ লগত ৰাজনীতিৰ কথা প্ৰায়ে পাতো; আজি ভাবিলো এই ড্ৰাইভাৰজনৰ মুখেৰে শুনা যাওক তেওঁ দেশ আৰু ৰাজ্যৰ নিৰ্বাচনৰ বিষয়ে ।
তুলনামূলক ভাবে কৰ্ণাটকৰ কানাড়ী মানুহবোৰ আন দক্ষিণ ভাৰতীয় মানুহ যেনে তামিল, তেলেগু, মালায়ালম আদিৰ তুলনাত বেছি ভদ্ৰ আৰু অমায়িক। ড্ৰাইভাৰজনো আছিল খুব সহজ সৰল। “এইবাৰ ছাৰ জাত পাত নাই সকলোৱে মোদীক ভোট দিছে। আনকি বহুতো মুছলমান লোকেও মোদীক ভোট দিছে। মই লিংগায়ট জাতিৰ কিন্তু লোকসভা নিৰ্বাচনত ভোক্কালিগা বিলাকেও মোদীক ভোট দিছে। বিজেপি নহয় সকলোৱে মোদীক চাইহে ভোট দিছে। কংগ্ৰেছ আৰু জনতা দলৰ অবস্হা বেয়া। যোৱা বিধানসভা নিৰ্বাচনৰ পিছত কৰ্ণাটকত কেবল নাটক চলি আছে। এই চৰকাৰখন বেছি দিন নচলে। সদায় কাজিয়া পেচাল চলিয়েই থাকে। এনেকে এখন চৰকাৰ কেনেকৈ চলিব? খুব সোনকালে ইয়াত নিৰ্বাচন হ’ব আৰু এইবাৰ ৰাজ্যতো বিজেপিৰ চৰকাৰ আহিব।”
ড্ৰাইভাৰজনে খুব উৎসাহেৰে সকলো কথা কৈ গ’ল। মোদীৰ প্ৰতি তীব্ৰ সমৰ্থন ব্যক্ত কৰিও কিন্ত্ত তেওঁ শেষত এষাৰ কথা ক’লে ” যাৰে চৰকাৰ নাহক, আমাৰ দুখীয়া মানুহবিলাকৰ একো পৰিবৰ্তন নহয়। ৰাস্তাবিলাক যদি অলপ ভাল কৰি দিয়ে , ডিজেলৰ দাম যদি কমাই দিয়ে তাতে আমাৰ সন্ত্তষ্টি।”

সচাকৈয়ে কৰ্ণাটকৰ নাটক। সদায় ইয়াত উৎপন্ন হ’য় নতুন নতুন খবৰ। ৰাইজৰ সন্মুখত পোহৰলৈ নিত্য নতুন আমোদজনক খবৰ। ২৩ মে ২০১৮ চনত কুমাৰস্বামীয়ে মুখ্যমন্ত্রী পদত শপত লোৱাৰ পিছত প্ৰায়ে কৰ্ণাটকৰ ৰাজনৈতিক ঘটনাবিলাক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে। ৩৭ খন আসন পোৱা জনতা দল ( চেকুলাৰ) ৰ পৰা হ’ল মুখ্যমন্ত্রী । ৭৮ খন আসন পোৱা কংগ্ৰেছৰ পৰা ‘পৰমেশ্বৰ’ হৈছে উপ মুখ্যমন্ত্রী । ১০৪ খন আসন পোৱা বিজেপি হৈছে প্ৰধান বিৰোধী দল । দেউতাক দেৱগৌড়াৰ নিচিনা পুত্রৰো ভাগ্যদেবী সদায় সুপ্ৰসন্ন যদিও ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ প্ৰভাব কেতিয়া কেনেকৈ পৰিব সেয়া লক্ষণীয় হ’ব ।

কৰ্নাটকৰ নাটকৰ ১০ টা দৃশ্য ৰাজনীতি অসমৰ পাঠকৰ বাবেঃ
  • ৰাজ্যপাল বাজুভাই ৱালাৰ নিমন্ত্ৰণ ক্ৰমে ১৭ মে’ ২০১৯ ত মুখ্যমন্ত্রী ৰুপে শপত গ্ৰহণ কৰে বিজেপিৰ য়েদুৰাপ্পাই। কংগ্ৰেছে ইয়াৰ প্ৰতিবাদত ন্যায়ালয়ত গোচৰ তৰে ।
  • ন্যায়ালয়ে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ য়েদুৰাপ্পাক দুইদিন সময় দিয়ে।
  • সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ অসমৰ্থ হৈ য়েদুৰাপ্পাই পদত্যাগ কৰে । মুখ্যমন্ত্রী পদৰ শপত লয় কুমাৰস্বামীয়ে।
  • শপত গ্ৰহণৰ কিছুদিন পিছতে কুমাৰস্বামীয়ে এখন সভাত তেওঁ কংগ্ৰেছ দলৰ লগত হোৱা মিত্রতাৰ ফলত কিমান কষ্ট  সহিব লগা হৈছে সেই কথা বৰ্ণনা কৰিবলৈ গৈ ইয়াক বিষপাণৰ লগত তুলনা কৰে।
  • লোকসভা নিৰ্বাচনৰ আগত পদত্যাগ কৰে কংগ্ৰেছ বিধায়ক উমেশ যাদবে । বিজেপিৰ টিকটত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ পৰাজিত কৰে কংগ্ৰেছৰ  নেতা মল্লিকাৰ্জুন খাৰ্গেক ।
  • লোকসভা নিৰ্বাচনত ২৮ খন আসনৰ ভিতৰত বিজেপিয়ে পায় ২৫ খন । কংগ্ৰেছ আৰু জনতা দলে মাত্র এখনকৈ আসন লাভ কৰিবলৈ সক্ষম হয় । দেবগৌড়া নিজে আৰু লগতে তেওঁৰ এজন নাতি নিৰ্বাচনত পৰাজিত হয় ।
  • নিৰ্বাচনৰ ফলাফলৰ পিছত পদত্যাগ কৰে জনতা দলৰ ৰাজ্যিক সভাপতি বিশ্বনাথে ।  কংগ্ৰেছ আৰু জনতা দল দুয়োটা দলৰ নেতা কৰ্মীয়ে নিৰ্বাচনত ইজনে আনজনক সহায় নকৰাৰ অভিযোগ উত্থাপন কৰিছে ।
  • কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী ৰৌচন বেগে ৰাজ্যিক প্ৰভাৰী কে.ভেনুগোপালক buffon বুলি সমালোচনা কৰিছে। বেগক ইতিমধ্যে দলৰ পৰা বহিস্কাৰ কৰা হৈছে । কংগ্ৰেছৰ প্ৰাক্তন গৃহমন্ত্রী ৰামলিংগা ৰেদ্দীয়েও কংগ্ৰেছ নেতৃত্বক সমালোচনা কৰিছে ।
  • জনতা দল আৰু কংগ্ৰেছে বিজেপিক বিধায়ক কিনিবলৈ চেষ্টা কৰি থকা বুলি অভিযোগ কৰিছে । বিজেপিয়ে অভিযোগ খণ্ডন কৰি কৈছে যে তেওঁলোক চৰকাৰৰ স্বাভাবিক মৃত্যুৰ অপেক্ষাত আছে ।
  • দেবগৌড়াই কৰ্ণাটকক মধ্যবৰ্তীকালীন নিৰ্বাচনৰ ভবিষ্যতবাণী কৰি কিছু ঘন্টা পিছত তাক খণ্ডন কৰিছে । কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্রী সিদ্দাৰামায়াই কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বক মিত্রতা ভংগৰ অনুৰোধ জনোৱা বুলি খবৰ ওলাইছে।

কৰ্ণাটকৰ নাটকৰ যবনিকা পৰিব চৰকাৰ পতন হোৱাৰ লগে লগে। নতুন চৰকাৰ আহিব। হয়তো আৰম্ভ হব পাৰে আৰু এখন নতুন নাটক।