বন্ধৰ নামত উদ্ভণ্ডালি কিয়?

1763

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


কেই বছৰ মান আগতে এটা বিশেষ কামত চেন্নাইলৈ যাবলগীয়া হৈছিল। মোৰ উভতনি ৰেল যাত্রাত হোৱা  অভিজ্ঞতা জীৱনত পাহৰিব নোৱাৰিম  । চেন্নাইৰ পৰা দুদিন যাত্রা কৰাৰ পিছত তৃতীয় দিনা ৰাতিপুৱা  বঙাইগাঁৱ ষ্টেচনত। হকাৰ এজনে ক’লে , ” আজি কিবা বন্ধ সেইবাবে ৰেলখন আৰু আগলৈ নাযায়।” গোটেই দিনটো আমি শ শ যাত্রী ৰেলখনতে আবদ্ধ হৈ থাকিলো ।  মোতকৈ বেছি অসুবিধা হ’ল কিছুমান পৰিয়ালৰ। শিশু, মানসিক ৰোগী আদি লগত লৈ অহা কিছুমান পৰিয়ালৰ এটা খুব বেয়া দিন পাৰ হ’ল । ৰাতি ১০ বজাত ৰেলখনে গুৱাহাটী অভিমুখে ৰাওঁনা হ’ল । যাত্রাপথৰ প্ৰতিটো ষ্টেচন যেনে বৰপেটা ৰোড, ৰঙিয়া আদিত দেখিলো অসংখ্য যাত্রীয়ে প্লেটফৰ্মত শুই আছে । ৰাতি  ১ বজাত গুৱাহাটী পাই দেখো তাতো একেই পৰিবেশ । শৌচ পেচাবৰ গোন্ধত এক কদৰ্য্যময় পৰিবেশ । প্লেটফৰ্মত শুই থকা মানুহৰ বাবে খোজ দিব নোৱাৰা অবস্হা । এতিয়া প্ৰশ্ন হ’ল কাৰ ভূলৰ বাবে এইসকল যাত্রীয়ে এনে এটা দিন দেখিব লগীয়া হ’ল? বন্ধৰ আহ্বান দি নিজৰ অধিকাৰ সাব্যস্ত কৰা xyz সংগঠনটোৰ বাবে কিন্তু আমাৰ দৰে লাখ লাখ মানুহৰ অধিকাৰ খৰ্ব হ’ল ।
বন্ধক কেনেকৈ বন্ধ কৰিব পাৰি ?
বিভিন্ন ন্যায়ালয়ে বিভিন্ন সময়ত বন্ধক অবৈধ বুলি ঘোষণা কৰি আহিছে । তৎসত্বেও কিন্তু আমি  বন্ধ দেখিয়েই আছো । কি কংগ্ৰেছ, কি বিজেপি , কি ছাত্র সন্হা সকলোৱে বন্ধৰ আহ্বাণ জনাই আছে। বহু মানুহে বন্ধক সমৰ্থন জনাই ঘৰৰ পৰা ওলাই নাহে। আন বহুতক আকৌ বন্ধ মানিবলৈ বাধ্য কৰোৱা হয় । বন্ধৰ আহ্বান জনাই সংগঠন বোৰে ঘৰত বহি থাকিলে  কবলগীয়া নাই । কিন্তু গাড়ী মটৰ ক্ষতিসাধন কৰা , দোকান জোৰকৈ বন্ধ কৰা , শিলগুটি নিক্ষেপ কৰা আদিৰে লোকক বন্ধ মানিবলৈ বাধ্য কৰোৱা হয় । এই ক্ষেত্রত চৰকাৰৰ কৰণীয় আছে। বন্ধৰ আহ্বানৰ প্ৰতি ৰাইজে সহাঁৰি জনাব নে নাই সেই অধিকাৰ ৰাইজৰ লগতে থকা উচিত।  বন্ধৰ সময়ত উদ্ভাণ্ডালী কৰা মানুহৰ বিৰুদ্ধে বিধানসভাত আইন প্ৰণয়ন কৰি কঠোৰ শাস্তিৰ ব্যবস্হা কৰিলেও ৰাইজে কিছু সকাহ পাব। গণতন্ত্রত ৰাইজেই ৰজা হৈ থকাতো প্ৰয়োজনীয়।