অযোধ্যা: হিন্দু-মুছলমান উভয় পক্ষ কেতিয়া বুজাবুজিত উপনিত হৈছিল ?

1489
  • পুলক চৌধুৰী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কেন্দ্ৰত তেতিয়া জনতা দলৰ সংখ্যালঘু চৰকাৰ । কংগ্ৰেছে চৰকাৰক বাহিৰৰ পৰা সমৰ্থন দিছে । প্ৰধানমন্ত্ৰীৰ আসনত চন্দ্ৰ শেখৰ ।  ৰাম মন্দিৰ-বাবৰি মছজিদ বিষয়টো অধিক স্পৰ্শকাতৰ ৰূপ লৈছে ।  উত্তৰ প্ৰদেশৰ মুলায়ম সিং যাদৱ চৰকাৰে ১৯৯০ চনৰ ৩০ অক্টোবৰ আৰু ২ নৱেম্বৰৰ দিনাখন অযোধ্যাৰ ৰাম জন্ম ভুমিৰ প্ৰাংগনত বহু কেইজন  কৰ সেৱকক গুলীয়াই নিহত কৰে । কৰ সেৱকৰ হত্যাই বিষয়টোক নতুন মাত্ৰা প্ৰদান কৰে । এই ঘটনাৰ প্ৰায় এমাহ পিছত প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰে বিশ্ব হিন্দু পৰিষদ , আৰ এছ এছ , বিজেপি , চুন্নী  নেতা সকলৰ লগত আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।  সেই সময়ত ৰাজস্থানৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ভৈৰৱ সিং শেখাৱট আছিল চন্দ্ৰ শেখৰৰ ঘনিষ্ঠ বন্ধু । একে সময়ত মহাৰাষ্ট্ৰৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী শৰদ পাৱাৰ আৰু ভৈৰৱ সিং শেখাৱটক মধ্যস্থতাকাৰী হিচাপে  নিয়োগ কৰে । স্বৰ্ত ৰাখিছিল যে আলোচনা সম্পুৰ্ণ গোপন ৰাখিব লাগিব । মধ্যস্থতা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগত দুই পক্ষৰ লগত প্ৰত্যক্ষ ভাবে প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰে নিজৰ পক্ষ স্পষ্ট কৰে । ১৯৯০ চনৰ ডিচেম্বৰ মাহ । বিশ্ব হিন্দু পৰিষদে গঠন কৰি দিয়া ৰাম জন্ম ভুমি ন্যাস  আৰু মুছলীম পক্ষৰ পৰা বাবৰি মছজিদ এক্সন সমিতিৰ লগত আলোচনা আগবঢ়াবলৈ সিদ্ধান্ত লোৱা হয় ।  পোন প্ৰথমে আমন্ত্ৰণ জনায় হিন্দু পক্ষক । স্থান প্ৰধানমন্ত্ৰী কাৰ্য্যলয় । ডিচেম্বৰৰ শীতে দিল্লী কপায় আছে । কিন্তু প্ৰধান মন্ত্ৰী  কাৰ্য্যলয়ৰ পৰিবেশ তেতিয়া গৰম হৈ আছে । প্ৰধানমন্ত্ৰীৰ লগত আছে কেবিনেট মন্ত্ৰী মুৰাৰকা । হিন্দু পক্ষক যথা স্থানত বহিবলৈ দিয়া হয় ।  আলোচনা আৰম্ভ হ’ল ।
” কওক , কি কৰিম অযোধ্যাত ” , চন্দ্ৰ শেখৰে অতি সাধাৰণ ভাবে প্ৰশ্ন কৰে ।
কি কৰিব !! অযোধ্যাত ৰাম মন্দিৰ আছে আৰু থাকিব ” , এই উত্তৰ দিছিল ন্যাসৰ পদাধিকাৰীয়ে ।
শুনক , মই ইয়াত আপোনালোকক এনে স্ফুৰ্তীত মতা নাই , কথা বিলাক ভালকৈ চিন্তা কৰি কওক , মই দেশৰ প্ৰধানমন্ত্ৰী , কিন্তু  কিমান দিনলৈ এই পদত থাকিম ক’ব নোৱাৰো । কিন্তু এটা কথা থিক যে মই যিদিনালৈ থাকো বাবৰিক কাকো চুব নিদিও । মই ভি পি সিং নহয় , মুখ্যমন্ত্ৰীৰ অনুমতি  কাৰণে মই অপেক্ষা নকৰো । বাবৰিৰ এই চিহ্নক ৰক্ষা কৰিবলৈ গুলী চলোৱাৰ অনুমতি দিবলৈ মই সদায় প্ৰস্তুত । “
ইয়াৰ পিছত মুছলমান পক্ষক আমন্ত্ৰণ কৰে ।  মুছলমান পক্ষক তেওঁ জনায় যে অযোধ্যাৰ বিবাদৰ সমাধান সোনকালে হ’ব লাগে ।  আপোনালোকে সমাধান সুত্ৰ বাহিৰ কৰক , কাৰণ ভাৰতৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰায় ৫ লাখ গাওঁত হিন্দু আৰু মুছলমান একেলগে বাস কৰে । সেয়ে সাম্প্ৰদায়িক সংঘৰ্ষ যদি হয় তেন্তে সেই পৰিস্থিতি আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰে । মই হিন্দু পক্ষক কৈছো যে আপোনালোকৰ বাবৰি ষ্ট্ৰাকচাৰ সম্পুৰ্ণ সুৰক্ষিত কৰি ৰাখিব চৰকাৰে । “
ইয়াৰ পিছতেই আলোচনা আৰম্ভ হয় । পোন্ধৰ বিশদিন পাৰ হৈ গ’ল । কেবিনেট মন্ত্ৰী মুৰাৰকাক সাক্ষাৎ কৰে সেই সময়ৰ ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভৈৰৱ সিং শেখাৱটে । মুৰাৰকাই ব্যক্ত কৰা মতে শেখাৱটে তেওঁক কৈছিল যে  দুয়োটা পক্ষই সমাধান বিচাৰে কিন্তু তেওঁলোকে ভয় কৰে নিজৰ নিজৰ সমৰ্থক সকলক । কাৰণ তেওঁলোকেই বিষয়টোক অধিক স্পৰ্শকাতৰ  কৰি পেলাইছে ।
দুয়ো পক্ষই সিদ্ধান্তত উপনীত হয় । মুছলীম পক্ষই অযোধ্যাৰ বিবাদিত ভুমি  হিন্দু পক্ষক এৰি দিবলৈ প্ৰস্তুত আৰু ইয়াৰ বাবে চৰকাৰে আন ঠাইত ভুমি দিব লাগিব । ইয়াৰ লগতে চৰকাৰে আইন প্ৰস্তুত কৰিব লাগিব যাতে অযোধ্যাৰ পিছত আন যিকোনো ঠাইক লৈ বিবাদ সৃষ্টি কৰিব নোৱাৰিব । ১৯৪৭ চনৰ ১৫ আগষ্টক ভিত্তি বৰ্ষ কৰি এই আইন প্ৰবৰ্তন হ’ব লাগিব । মুছলমান পক্ষৰ এই দাবীক হিন্দু পক্ষই সন্মতি  জনায় ।
১৯৯১ চনৰ জুন মাহ ।  মধ্যস্থতা সম্পুৰ্ণ হোৱাৰ পিছত দুয়োপক্ষক লগত লৈ প্ৰধানমন্ত্ৰী কাৰ্যলয়ত ৰোডমেপ তৈয়াৰ কৰা হয় । ইমান দিনলৈ গোপন হৈ থকা আলোচনাৰ খৱৰ প্ৰধানমন্ত্ৰী কাৰ্যলয়ৰ পৰা বাহিৰলৈ আহে এজন মধ্যস্থতাকাৰীৰ দ্বাৰা । সেই সময়ৰ কংগ্ৰেছী আৰু মুখ্যমন্ত্ৰী শৰদ পাৱাৰে ৰাজীৱ গান্ধীক জনায় যে অযোধ্যা বিবাদ শেষ হোৱাৰ অন্তিম পৰ্যায় পাইছে । লগে লগে  ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰক ফোন কৰে ।
” আপোনাক শুভেচ্ছা জনালোঁ । আপুনি অযোধ্যা বিবাদটোক সমাধান কৰিব পাৰিছে বুলি শুনিছো ।” ৰাজীৱ গান্ধীয়ে মধ্যস্থতা কৰা চৰ্তবোৰ  বিচাৰে আৰু দুদিন পিছত তেওঁক এই বিষয়ে জনাব বুলি কয়। দুদিন পিছত ৰাজীৱ গান্ধীয়ে কিবা উত্তৰ দিলে নে নাই সেই বিষয়ে একো তথ্য নাই । কিন্তু দুই দিন পিছত ২১ জুন ১৯৯১ ত কংগ্ৰেছে চন্দ্ৰ শেখৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে আৰু প্ৰধানমন্ত্ৰী কাৰ্যলয়ত তৈয়াৰ হোৱা অযোধ্যা বিবাদৰ সমাধান সুত্ৰ  কাগজতেই সীমাবদ্ধ থাকি গ’ল ।