Monday, April 29, 2024
Home Blog Page 77

এখন বিশেষ ফুটবল খেলেই কাল হ’ল ইটালিৰ

  • হৰকুমাৰ ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ফেব্ৰুৱাৰী ১৯ তাৰিখ , চেম্পিয়নচ লীগ ফুটবলৰ গুৰুত্ব পুৰ্ণ খেল । স্থান শ্বান ছিৰো ষ্টেডিয়াম , বাৰগামো চহৰ । স্পেইনৰ দল ভেলেঞ্চিয়া বিপক্ষে বাৰগামোৰ স্থানীয় দল আটলান্টা । বাৰগামোৰ প্ৰায় এক তৃতীয়াংশ মানুহে ষ্টেডিয়ামত খেল উপভোগ কৰে আৰু স্পেইনৰ পৰাও প্ৰায় ২৫ শ মানুহ ইটালীৰ বাৰগামো চহৰ পায় । বাৰগামোৰ গোটেই চহৰ খনেই উত্ৰাবল হৈ পৰে । বহু বছৰ মুৰত স্থানীয় দলে চেম্পিয়নচ লীগত ঘৰুৱা মাটিত অংশ লয় । ৪-১ ব্যৱধানত আটলান্টা জয়ী হয় । ষ্টেডিয়ামৰ ভিতৰত থকা ৪০ হাজাৰ দৰ্শক আৰু চহৰত থকা প্ৰায় ১ লাখ মানুহে গোটেই নিশা ঘৰে বাহিৰে পাৰ্টী কৰে । মাত্ৰ দুদিন পিছতেই ইটালীত কৰ’ণা ভাইৰাছৰ প্ৰথম জন ৰোগী চিনাক্ত হয় । ৰোগী জন বাৰগামোৰ আৰু ১৮ তাৰিখে ফুটবল খেল উপভোগ কৰা এজন দৰ্শক । থিক একেসময়তে স্পেইনত কৰ’ণাৰ দ্বিতীয় জন ৰোগী চিনাক্ত হয় । এজন ক্ৰীড়া সাংবাদিক আৰু চেম্পিয়নচ লীগৰ খেল খনত উপস্থিত আছিল । কিছু ঘন্টা পিছত খৱৰ আহে আটলান্টা দলৰ গলৰক্ষক জনো কৰ’ণাত আক্ৰান্ত হৈছে । লগে লগে ভেলিঞ্চিয়‍াই পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে আৰু দলৰ ৭-৮ জন খেলুৱৈ কৰ’ণাত আক্ৰান্ত হৈছে । ফেব্ৰুাৱৰী ১৯ তাৰিখৰ পৰা মাৰ্চৰ ১৯ তাৰিখলৈ প্ৰায় ১ হাজৰ মানুহৰ মৃত্যু হৈছে বাৰগামো চহৰত আৰু ৭ হাজাৰৰ ওপৰত ৰোগী চিনাক্ত হৈছে। ইটালীত এতিয়ালৈ ৯ হাজাৰ অধিক মানুহৰ   মৃত্যু হ’ল আৰু প্ৰায় ৯০ হাজৰ মানুহৰ দেহত কৰ’ণা ভাইৰাছ পোৱা গৈছে । কিন্তু খেল চাব যোৱা ৪০ হাজৰ মানুহৰ কিমান সংক্ৰমণ কৰিলে বা কৰি আছে সেই ফলাফল আৰু অধিক ভয়াবহ হ’ব । আটলান্টাৰ কেপ্তেইন এলজেন্দ্ৰো গোমেজে নিজেই কৈছে যে , ” খেল খনৰ অভিজ্ঞতা অতি ভয়াবহ হ’ল ।” মাত্ৰ ১ লাখ ২০ হাজৰ জনসংখ্যাৰ চহৰ বাৰগামোৰ ৪০ হাজৰ মানুহে খেল চাব গৈছিল । এতিয়া প্ৰশ্ন হয় চহৰ খনৰ ভৱিষ্যত কি ?

মোদীৰ ল’ক ডাউন সঠিক সময়তনে?

  • তাৰক দাস

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ইয়াৰ আগতে তেখেতে লৈছিল বিমুদ্ৰাকৰণৰ সিদ্ধান্ত। টিভিৰ সন্মুখত বহি ঘোষণা কৰিছিল আজিৰ পৰা ৫০০ আৰু হাজাৰ টকীয়া নোট অচল। প্ৰায় চাৰে তিনি বছৰ পিছত তেখেতৰ আৰু এটা কঠোৰ সিদ্ধান্ত _ ২১ দিনৰ বাবে গোটেই দেশত ল’ক ডাউন। তেখেতৰ ঘোষনাৰ আগতে প্ৰায় গোটেই ৰাজ্য চৰকাৰবোৰে ল’ক ডাউনৰ সিদ্ধান্ত লৈ পেলাইছিল। সেয়েহে এই ঘোষণাই বিমুদ্ৰাকৰণৰ ঘোষণাৰ দৰে মানুহক আচৰিত কৰা নাই।
২১ দিন , সঠিক সময়তনে?
ভাৰতৰ নিচিনা দেশ য’ত বেছিভাগ মানুহে দৈনিক কাম কৰি জিবীকা নিৰ্বাহ কৰে তাত ২১ দিন ল’ক ডাউনে প্ৰচুৰ প্ৰভাব পেলাব। ফ্লাইট বন্ধ, দোকান বন্ধ, চিনেমা বন্ধ; সেইবোৰে চৰকাৰৰ কৰ সংগ্ৰহক বাৰুকৈয়ে প্ৰভাব পেলাব। ভাৰতৰ অৰ্থনীতি বেয়াকৈ ক্ষতিগ্ৰস্হ হ’ব। তথাপিও ৰাইজৰ বেছিভাগে এই লকডাউন সমৰ্থন কৰিছে। জীৱন থাকিলেহে বাকী কাম হ’ব। ২১ দিন নাখালেও জীয়াই থাকিম কিন্তু ক’ৰণাৰ চাইকলটো বন্ধ নকৰিলে হাজাৰ-লাখ মানুহক গ্ৰাস কৰিব। ইটালীত কি হৈছে দেখিছোৱেই। কিন্তু প্ৰশ্ন হয় এই দেশখনে ২১ দিনতকৈ বেছি লকডাউন সহ্য কৰিব পাৰিবনে? নিশ্চয় অসুবিধা হ’ব। খাবলৈ নাপাই বহুতে ত্রাহিমাম কৰিব। তেনে ক্ষেত্রত এইটো খুব গুৰুত্বপূৰ্ণ যে এই ২১ দিনৰ লক ডাউন সঠিক সময়ত হয়। না আগত ; না পিছত। কাৰণ ভাৰতৰ নিচিনা দেশএখনক ২১ দিনতকৈ বেছি লকডাউনত ৰাখিলে বহুতৰে ধৈৰ্য্যৰ বান্ধ ভাঙি যাব। আমাৰ বোধেৰে চৰকাৰে এই লক ডাউন আৰু অলপ সোনকালে কৰা ভাল আছিল। এমাহ আগতেই চৰকাৰে বিদেশী বিমান সেৱা বন্ধ কৰা দৰকাৰী আছিল। এয়াৰপৰ্টত চেক কৰা নিয়মো কিছুদিন আগৰ পৰাহে আৰম্ভ হৈছে। যিয়ে নহওক ২১ দিন ল’ক ডাউন শেষ হোৱাৰ পিছতো চৰকাৰে সুনিশ্চিত কৰিব লাগিব যে যেতিয়ালৈকে গোটেই বিশ্বত কৰোণা শেষ হৈ নাযায় তেতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় বিমান বন্ধ। ঠিক তেনেকৈ অসম চৰকাৰেও নিশ্চিত কৰিব লাগিব যাতে অন্য ৰাজ্যৰ লোক যাতে ইয়াত প্ৰবেশ কৰিব নোৱাৰে। ৰাজ্যৰ ভিতৰতে স্বাভাবিক জীবন যাত্রা চলি থাকক। কিন্তু প্ৰশাষনে কঢ়া নজৰ ৰাখিব লাগিব।

কংগ্ৰেছ-বদৰুদ্দিনৰ মিত্রতাত কাৰ লাভ বেছি হ’ব?

ৰাজ্য সভাত একলগ হোৱাৰ পিছত কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ মিত্রতা ২০২১লৈ থাকিব বুলি সকলোৱে কবলৈ আৰম্ভ কৰিছে। ইয়াকে লৈ আমাৰ এই মাহৰ অ’পিনিয়ন প’ল।
আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২২ এপ্ৰিল

দায়িত্বহীন জনতাৰে কৰ’ণা প্ৰতিৰোধ সম্ভবনে?

  • নৰেন কলিতা

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


অভূতপুৰ্ব বিপদৰ সন্মুখিন হৈছে দেশৰ জনতা আৰু দেশৰ ভৱিষ্যত । ৰাইজৰ প্ৰতিনিধি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনাকাংখিত বিপদৰ লগত মোকাবিলা কৰাৰ কাৰণে চৰকা্ৰৰ প্ৰতিটো বিভাগ আৰু ৰাইজক সজাগ আৰু তৈয়াৰ কৰাৰ বাবে দিন  ৰাতি একাকাৰ  কৰি অসমৰ ইমুৰৰ  পৰা সিমুৰ ঘুৰি আছে । ৫০ হাজাৰ ৰোগীক একেলগে চিকিৎসা প্ৰদান কৰিব পৰাকৈ হস্পিতল সাজু কৰা হৈছে । ডাক্তৰ,স্বাস্থ্য কৰ্মী সকলোৱে মহামাৰী প্ৰতিৰোধত নিজৰ সৰ্বস্য উজাৰী দিছে । হাতত মোবাইলটো লৈ ইউ টিউব ভিডিঅ’ চোৱা বা ৱাটচ এপত মেছেজ ভাইৰেল কৰা আজিৰ মানুহে বুজি পোৱা নাই ক’ৰ’ণাৰ ভয়াবহতা ।
ভুৱা নিউজ ভাইৰেল কৰা আজিৰ  প্ৰজন্মই এই মহামাৰীৰ পৰা বাচি থকাৰ পদ্ধতি ভাইৰেল কৰিব নোৱাৰে । ক’ৰ’ণা কোনো আইন বা আন্দোলন নহয় যে ইয়াৰ নামত আৰক্ষী বা অৰ্ধ সামৰিক বাহিনীয়ে ৰাইজক উত্তম মাধ্যম দিব লগা পৰিবেশ এটা সভ্য সমাজ বুলি দাবী কৰা সমাজৰ কাম্য ।

কিন্তু ছবি খন ওলোটা । বেমাৰক প্ৰতিৰোধ কৰাতকৈ বেমাৰক বিস্তাৰ কৰিবলৈ হে এচাম জনতা উঠি পৰি লাগিছে । যিটো সময়ত দুৰ্গত জনক স্বাস্থ্য কৰ্মী বা আৰক্ষীয়ে সহায় কৰাত নিমজ্জিত হ’ব লাগে , সেই সময়ছোৱাত নিয়ম ভংগকাৰীক লৈও আৰক্ষী আৰু স্বাস্থ্য কৰ্মী ব্যস্ত থাকিব লগাত পৰিছে । যিটো সময়ত ন্যায়ালয়ে জেলত থকা কিছু সংখ্যক  অপৰাধীক মুক্তি দিয়াৰ কথা চিন্তা কৰি আছে , সেই সময়ছোৱাতে আকৌ এচামে বিভিন্ন উৰা বাতৰি প্ৰচাৰ কৰি সমাজক বিপথে পৰিচালিত কৰিবলৈ প্ৰয়াস কৰি আছে , ছ’চিয়েল মিডিয়াত ৰাজনৈতিক অভিসন্ধিৰে চৰকাৰক সমালোচনা কৰি জনতাক আইন হাতত তুলিবলৈ উচতনি দি আছে । প্ৰধান মন্ত্ৰীয়ে ২১ দিনীয়া ল’ক ডাউন ঘোষণা কৰাৰ পিছতো মানুহক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী নিয়োজিত  হ’ব লগা হৈছে । চীনৰ পৰা অহা নিজ পুত্ৰৰ ভ্ৰমণৰ কথা হাইলাকান্দিত স্বয়ং পঞ্চায়ত সচিবে লুকাইছে । পশ্চিম বংগত ডাক্তৰ পিতৃয়ে লণ্ডনৰ পৰা অহা নিজ পুত্ৰক ঘৰত সোমাই নেৰাখি নিজেও হস্পিতলত ৰোগী চাই আছিল । সতৰ্ক নহয় আমি আৰু কথাই কথাই চৰকাৰক সমালোচনা কৰা  প্ৰতিষ্ঠিত ব্যক্তি সকলেই নিজৰ সমাজ খনক চৰম দুৰ্ভোগলৈ ঠেলি দিবলৈ কুন্ঠাবোধ নকৰে । হয়টো আমি বিলাক সুষ্ঠ থাকিবলৈ যোগ্য নহয় , মাত্ৰ ভুৱা খবৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিবলৈ হে দক্ষ ।

অৰ্থনীতি; বাচি থাকিলে উপায় ওলাব কিবা এটা : ক’ৰণাকলৈ ৰাইজৰ মত

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


কৰ’ণাই ইতিমধ্যে বহু দেশত ভয়াবহ ৰুপ ধাৰণ কৰিছে। সেই কৰ’ণাকলৈ আমি কিছুমান প্ৰশ্ন কৰিছিলো ৰাইজক।
অনিন্দিতা ডেকা, গুৱাহাটী
১) কৰ’ণা প্ৰতিৰোধৰ বাবে অসম চৰকাৰে লোৱা ব্যবস্হাবোৰত সন্তুষ্টনে?
  • সন্তুষ্ট
২) ২১ দিনতকৈ অধিক ল’ক ডাউন হলে খাটি খোৱা মানুহৰ কি হ’ব?
  • তেওঁলোকৰ ভৰণ পোষনৰ বাবে মই জনাত চৰকাৰে আঁচনি লৈছে |১টকীয়া চাউল আদিৰ লগতে দূখীয়া মহিলা আদিক পা – পইচা দি সহায় কৰাৰ দায়িত্ব লওক| আমিও কিবা অলপ পাৰিলে কৰিব লাগে | যেনে- এসাজ আমাৰ পৰা দিব পাৰো |
৩) দেশৰ অৰ্থনীতি কোন ফালে?
  • অৰ্থনীতিত প্রভাবতো পৰিব | চাওচোন কি হয় | বাচি থাকিলে উপায় ওলাব কিবা এটা…..
মহম্মদ হুছেইন আহমেদ , কলেজ শিক্ষক কলগছীয়া
১) কৰ’ণা প্ৰতিৰোধৰ বাবে অসম চৰকাৰে লোৱা ব্যবস্হাবোৰত সন্তুষ্টনে?
  • সন্তুষ্ট
২) ২১দিনতকৈ অধিক ল’ক ডাউন হলে খাটি খোৱা মানুহৰ কি হ’ব?
  • চৰকাৰে ব্যৱস্থা ল’ব লাগিব৷
৩) দেশৰ অৰ্থনীতি কোন ফালে?
  •  চৰকাৰৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰিব । বৰ্তমান দেশৰ জি ডি পি ৪.৫ % ।
ৰতনলাল ব্ৰহ্ম, কোকৰাঝাৰ
১) কৰ’ণা প্ৰতিৰোধৰ বাবে অসম চৰকাৰে লোৱা ব্যবস্হাবোৰত সন্তুষ্টনে?
  • সন্তুষ্ট
২) ২১দিনতকৈ অধিক ল’ক ডাউন হলে খাটি খোৱা মানুহৰ কি হ’ব?
  • অসুবিধা হ’ব কিন্তু ইয়াৰ কোনো বিকল্প নাই ।
৩) দেশৰ অৰ্থনীতি কোন ফালে?
  • ভাৰতৰেই নহয় বিশ্বৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হ’ব ।
দেবজিত ফুকন, ডিব্ৰুগড়
১) কৰ’ণা প্ৰতিৰোধৰ বাবে অসম চৰকাৰে লোৱা ব্যবস্হাবোৰত সন্তুষ্টনে?
  • সন্তুষ্ট। বিশেষকৈ স্বাস্হ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লবই লাগিব।
২) ২১দিনতকৈ অধিক ল’ক ডাউন হলে খাটি খোৱা মানুহৰ কি হ’ব?
  • উপায় নাই। বাচি থাকিলেহে বাকী কাম হ’ব। চৰকাৰৰ পৰাও বেছি আশা কৰিব নোৱাৰি। কৰ অহাৰ বেছিভাগ ৰাস্তাই বন্ধ।
৩) দেশৰ অৰ্থনীতি কোন ফালে?
  • অৰ্থনীতি ২ বছৰ মান পিছুৱাই যাব।
ৰাজু ৰায়, ধুবুৰী
১) কৰ’ণা প্ৰতিৰোধৰ বাবে অসম চৰকাৰে লোৱা ব্যবস্হাবোৰত সন্তুষ্টনে?
  • ইয়াতকৈ বেছি আশা কৰিব নোৱাৰি। আমি ভাগ্যবান যে এনে স্বাস্হ্য মন্ত্রী পাইছো।
২) ২১দিনতকৈ অধিক ল’ক ডাউন হলে খাটি খোৱা মানুহৰ কি হ’ব?
  • চৰকাৰে ৩ মাহ মানৰ বাবে চাউল-দাইল খিনি দি থাকিব লাগিব যাতে মানুহ অনাহাৰে নমৰে।
৩) দেশৰ অৰ্থনীতি কোন ফালে?
  • আমি বাচি থাকিলে অৰ্থনীতি পিছতো চাব পাৰিম।

চাচা-মামাৰ সৈতে গগৈ চাৰ

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


সময় সলনি হ’ল। গগৈ চাৰৰ মুখত আজিকালি “হু ইজ বদৰুদ্দিন”ৰ ঠাইত “হাও আৰ ইউ বদৰুদ্দিন?” অহা নিৰ্বাচনত কিবা অলপ বেলেগ হ’ব যেন লাগিছে। কিমান আৰু কংগ্ৰেছ, বিজেপি, আজমলৰ ত্রিকোণীয়া যুঁজ চাব? কিমান আৰু কংগ্ৰেছে বিজেপিক আৰু বিজেপিয়ে কংগ্ৰেছক আজমলৰ লগত গোপন মিত্রতা কৰাৰ অভিযোগ আৰু প্ৰতি-অভিযোগ শুনিব। এইবাৰ সকলো ক্লিয়াৰ হ’ব যেন লাগিছে। গগৈ+আজমল বনান সোণোৱাল+শৰ্মা+বৰা+ মহিলাৰী। কংগ্ৰেছও নো অকলে অকলে কিমান যুঁজিব? হিমন্তই যোৱাবাৰ নাচ দেখুৱাইছিল। এইবাৰ আকৌ কি দেখায় তাৰ ঠিক নাই। গগৈ-আজমলে একেলগে নাচিলে হিমন্তই পাট্টা নাপায়। পিছে হিমন্তই বা অহা নিৰ্বাচনত এই মিত্রতাক  কেনেকৈ তুলাধুনা দিয়ে? শৰ্মাৰ নিৰ্বাচনী ভাষনবোৰ কেনেকুৱা হ’ব? আমি গৈছিলো ৰাইজৰ কাষত। কেইজনমানে দিলে কিছু আমোদজনক উত্তৰঃ
১) আগতে কৈছিল “হু ইজ বদৰুদ্দিন?” আৰু আজি কৈছে “হামাৰা বদৰুদ্দিন”। ইমানতে কিয় সন্তুষ্ট হ’ব লাগে? নিজৰ চিম্বলটোও সলনি কৰি লুঙি-তুপী কৰক…
 ২) এইবাৰ হ’ব আই.পি.এলৰ শেষ যুদ্ধ। আচাম ৰাইনোজ বনাম বাংলাদেশ ইলিছ। আমাৰ লগত আছে সোণোৱাল, বৰা আৰু মহিলাৰী। তেওঁলোকৰ লগত আছে আজমল, হুছেইন, কাজমী আৰু গগৈ।
৩) সময় বৰ ভাল নহয়। গগৈয়ে আশা কৰি আছে মুখ্যমন্ত্রী পদ তেওঁ নিজে ৰাখি আজমলক গৃহমন্ত্রী পাতিব।  কিন্তু তেওঁ  পাহৰি গৈছে যে এই অসমীয়াই এদিন ঔৰংজেৱ আৰু মিৰজুমলাক বাধা দিছিল, আজমল কি বস্তু? আপোনালোকে আজমলক গৃহমন্ত্রী হ’ব দিবনে? ডাঙৰকৈ কওক_ আজমলক গৃহমন্ত্রী পাতিব নেকি?
৪) কংগ্ৰেছ নেতাবোৰে হেনো এতিয়া পিঠা খোৱা বাদ দিছে। বিৰিয়াণী খোৱা প্ৰেক্টিছ কৰি আছে।
৫) গগৈয়ে কৈছে বদৰুদ্দিনৰ পৰা হেনো আমাৰ বিপদ নাই? কিয় নাথাকিব? আপোনাৰ লগৰ এজনে বাংলাদেশত ঘৰ কিনা বুলি শুনিছো, আপুনিও যাব নেকি তাত?

কজিত ভূঞাৰ সৈতে অজলা ককাই

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত আমাৰ বিশিষ্ট সাংবাদিক অজলা ককাইৰ সৈতে কজিত ভূঞাৰ সাক্ষাৎকাৰঃ
অজলা ককাইঃ যিটো কাম কয়ন্ত বৰুৱাই নোৱাৰিলে, কাইদৰ হুছেইনে নোৱাৰিলে সেইটো আপুনি কেনেকৈ কৰি দেখুৱালে?
কজিত ভূঞাঃ আপুনি যেনেকৈ অজলা ককাই মই হ’লো বৰলা ককাই। বৰ্তমান মাৰ্কেটত আমাৰ ডিমাণ্ড বেছি। মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বাবে না সোণোৱালে বিৰোধ কৰিলে না মুডীয়ে। শৰ্মালৈ অলপ ভয় আছিল। তেওঁক ফিটিং কৰোতে অলপ সময় লাগিল।
অজলা ককাইঃ শৰ্মাক কেনেকৈ ফিটিং কৰিলে?
অজিত ভূঞাঃ বহু চেষ্টা কৰিলো। নামানে বুজিছেনে? শেষত ,প্ৰধানমন্ত্রী হ’ব বুলি আশীৰ্বাদ দিলোঁ… মোৰ ভৰিত পৰি গ’ল।
অজলা ককাইঃ এটা সময়ত আপুনি ঘোৰ কংগ্ৰেছ বিৰোধী আছিল। আজি তেওঁলোকৰ সমৰ্থন কিয় ল’লে?
কজিত ভূঞাঃ ডেকা কালত জন্তৰ প্ৰতি মোৰ স্নেহ আছিল সঁচা। কিন্তু বয়স বঢ়াৰ লগে লগে বুজিলোঁ যে হাতখন নহ’লে মানুহ চলিব নোৱাৰে। লগতে তলা চাবিযোৰো খুব কামৰ বস্তু।
অজলা ককাইঃ আপুনি কোনখন মুখেৰে কাজমলৰ দলক ধৰ্ম-নিৰপেক্ষ বুলি ক’লে?
কজিত ভূঞাঃ চাওক..আমি ভূঞা  বংশৰ মানুহ। আমাৰ পূৰ্ব পুৰুষ আহিছিল কণৌজৰ পৰা । অসমৰ পৰা দুৰত্ব ২৫০০ কিলো মিটাৰ। এওঁলোক আহিছে গাতে লাগি থকা বাংলাদেশৰ পৰা। সেয়েহে তেওঁলোক আমাতকৈও বেছি অসমীয়া। কোনোবাই যদি অপমান কৰে মই কিন্তু সহ্য নকৰো ।কাজমলকা কাগজৰ নহয় আচল বাঘ ।
অজলা ককাইঃ দিল্লীত গৈ প্ৰথমে কি কৰিব?
কজিত ভূঞাঃ প্ৰথমতে কোৱাৰ্টাৰটো ল’ব লাগিব। দিল্লীলৈ  ইমান গৈ থাকো ; এতিয়া অন্ততঃ ৬ বছৰলৈ নিজা ঠিকনা এটা হ’ল। পিছে ঘৰৰ ঠিকনা কাকো নিদিও। নহলে মনজৌতি, ৰাজগৰু হ’তে তাতে বাহৰ পাতিব।
অজলা ককাইঃ অহা বিধানসভা নিৰ্বাচনত আপোনাৰ দায়িত্ব  কি হ’ব?
কজিত ভূঞাঃ কাজমলকা আৰু ৰাহুলৰ লগত বহি অসমত সাম্প্ৰদায়িকতাক উৎখাত কৰাৰ নীতি বনাম । দিল্লীৰ পৰা লুঙি আনি অসমত বিলাব লাগিব । কম্বল বিলায় লাভ নাই বুলি গগৈ দাক কৈ দিছোঁ  ।
অজলা ককাইঃ আপুনি ‘কেব’ আন্দোলনৰ যোগেদি সাংসদ হ’ল , এতিয়া ‘কেব’ খনৰ কি হ’ব ?
কজিত ভূঞাঃ আন্দোলন চলি থাকিব । ইমান ডাঙৰ এটা আন্দোলনেৰে মাত্ৰ এজন সাংসদ যথেষ্ট নহয় । ২০২১ ত কুৰিণ জ্যোতিক মুখ্যমন্ত্ৰী আৰু কাজমলকাক গৃহমন্ত্ৰী বনায় চৰকাৰ আমি বনাব পাৰিব লাগিব ।
অজলা ককাইঃ সাংবাদিক, সম্পাদক, এম.পি  ___ইয়াৰ পিছত কি?
কজিত ভূঞাঃ পদৰ প্ৰতি আসক্তি নাই।কিন্তু ভাৰত এতিয়াও তথ্য জনসংযোগ বিভাগত পিছ পৰি আছে।ধৰ্ম নিৰপেক্ষ চৰকাৰ আহিলে কেন্দ্ৰত এই বিভাগটোত কাম কৰিব লগিব বুলি ৰাহুলে কৈছে ।
অজলা ককাইঃ ক’ৰোণাৰ বিৰিদ্ধে অসম চৰকাৰে যুদ্ধংদেহী মনোভাবেৰে কাম কৰি আছে। আপুনি সন্ত্তষ্ট নে?
কজিত ভূঞাঃ শৰ্মাই এনেই হাৰাশাস্তি কৰি আছে মানুহ বিলাকক । আমাৰ বৰ্মন চাৰ স্বাস্থ্য মন্ত্ৰী থকাহেঁতেন তেওঁৰ বিৰা কেইটাৰেই কৰ’ণাক খেদিলেহেঁতেন ।
অজলা ককাইঃ সকলো সাংসদে মুখ্যমন্ত্রী সাহায্য নিধিলৈ টকা দিছে। ‍আপুনি কিবা দিব নেকি?
কজিত ভূঞাঃ এতিয়ালৈকে বাকীতে চলি আছো। কিবা দিম বুলি ঘোষণা কৰি পিছত দৰমহা নাপালে সমস্যা নহ’ব জানো ।

সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া খিলঞ্জীয়া বিৰোধী:  উপমন্যু হাজৰিকা

  •  উপমন্যু হাজৰিকা

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অধিসূচনা অনুসৰি অসমত লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। সমষ্টি পুনৰ গঠন কৰিলে খিলঞ্জীয়া লোকচানত থাকিব আৰু বাংলাদেশী উপকৃত হ’ব , কিয়নো সমষ্টি পুনৰ গঠন হ’ব জনসংখ্যা ভিত্তিত! আৰু আজিৰ দিনত বৰ্তমান সময়ত খিলঞ্জীয়া অধ্যুষিত সমষ্টিতকৈ বাংলাদেশী অধ্যুষিত সমষ্টি অধিক।
সমষ্টি সমুহৰ পুনৰ গঠন প্ৰক্ৰিয়া স্থগিত কৰা হৈছিল ২০০৮ চনত আইন শৃংখলা ব্যৱস্থা উন্নত নোহোৱা বাবে। অধিসূচনা অনুসৰি বৰ্তমান সময়ত আইন শৃংখলা বাতাবৰণ উন্নত ।CAA বিৰোধী আন্দোলন ,বিটিএডি ত চলি থকা অবড়ো আন্দোলন  তীব্র গতিত চলি থকা অৱস্থাত অধিসূচনা জাৰী কৰা  যুক্তি ভিত্তিহীন।ইয়াৰ গুৰিত আছে শাসকীয় দলৰ ৰাজনৈতিক অংক। CAA  বিৰোধী আন্দোলনৰ বাবে বিজেপি-অগপ ই  খিলঞ্জীয়া সমৰ্থন হেৰুৱাব তাৰ বাবে সমষ্টি পুনৰ গঠন কৰি খিলঞ্জীয়া সমষ্টি হ্ৰাস কৰিব আৰু বাংলাদেশী অধ্যুষিত অঞ্চলত সমষ্টি বাঢ়ি যাব।ইতিমধ্যে বৰ্তমান চৰকাৰে NRC ত বিদেশী সুমুৱাই তেওঁলোকৰো সমৰ্থন লাভ কৰিব।যোৱা ৪০ বছৰে খিলঞ্জীয়া নেতাই খিলঞ্জীয়াক ঠগি আছে,এইটো আৰু এটা উদাহৰণ!
যেতিয়া নেতা সকলে ৬ নং দঁফাৰ নামত সমষ্টি সংৰক্ষণ কৰি ল’ব তেতিয়া তেওঁলোক বাংলাদেশী ভোটত নিৰ্বাচিত হৈ থাকিব পাৰিব। যেতিয়া NRCত ৭০ লাখ বিদেশী অন্তৰ্ভুক্ত হোৱা বুলি ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু আন নেতা সকলে কৈয়ে থাকে আৰু পুনৰ পৰীক্ষণৰ দাবী কৰে,যি পুনৰ পৰীক্ষণৰ ক্ষমতা স্বয়ং চৰকাৰৰ হাততেই আছে।যদি প্ৰকৃততে পুনৰীক্ষণ হয় তেন্তে বহু কিছু সমষ্টিত নাগৰিকৰ জনসংখ্যা হ্ৰাস পাব। NRC সম্পূৰ্ণ পুনঃৰীক্ষন নকৰাকৈ সমষ্টি পুনৰ গঠন কৰিবলৈ আগবঢ়া মানেই বুজাই যে বিজেপি -অগপ NRC পুনঃৰীক্ষণৰ কোনো সদিচ্ছা নাই। প্ৰকৃততে য’ত আজি খিলঞ্জীয়াৰ  প্ৰয়োজন আছিল  দূৰদৰ্শী আৰু জাতিপ্ৰেমী নেতাৰ , আমি পালোঁ নেতাৰ নামত ৰাজনৈতিক ব্যৱসায়ী ।
বিজেপিৰ শক্তিশালী নেতা সকলেও বিদেশীৰ ফালে হাত উজান দিয়ে , (কংগ্ৰেছতেই থাকক বা বিজেপিতে থাকক) । আগন্তুক দিনত  যেতিয়া দল বাগৰিব তেতিয়া বাংলাদেশী মুছলমান সকলক গৌৰবেৰে ক’ব পাৰিব বিজেপিত থাকোঁতেও তেওঁলোকক সুৰক্ষিত কৰি ৰক্ষণাবেক্ষণ দিছিলোঁ আৰু এতিয়াও দি আছোঁ। NRCৰ জৰিয়তে মুছলমান বাংলাদেশী আৰু CAA ৰ দ্বাৰা হিন্দু বাংলাদেশীক সুৰক্ষিত কৰি খিলঞ্জীয়াক ধ্বংসৰ বাবে ঠেলি দিলে এই ৰাজনৈতিক ব্যৱসায়ী বোৰে।।

দুৰ্বল বুদ্ধিজীবী আৰু আলফা – চৰকাৰ আলোচনাৰ ভৱিষ্যত

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


১৯৯১ চনৰ চেপ্তেম্বৰ মাহত অপাৰেচন ৰাইনো আৰম্ভ হয় । অসমত চলে পুনৰ সেনাৰ অভিযান  । ইয়াৰ কিছু মাহ পিছতেই জানুৱাৰীত অৰবিন্দ ৰাজখোৱাই ৫ জনীয়া এটা আলফাৰ দলক প্ৰধান মন্ত্ৰী নৰসিংহ ৰাওঁৰ লগত আলোচনা কৰিবলৈ দিল্লীলৈ পঠায় । সেই দলটোৰ নেতৃত্ব লৈছিল অনুপ চেতিয়াই ।
এমাহ পিছত অৰুণাচলৰ কোনো অজ্ঞাত স্থানত আলফাই সাধাৰণ সভা পাতে , য’ত পৰেশ বৰুৱা উপস্থিত নাছিল । তৎস্বত্তেও প্ৰদীপ গগৈৰ নেতৃত্বত পুনৰ আলফাৰ এটা দল দিল্লীলৈ গৈ গৃহ মন্ত্ৰালয়ৰ বিষয়াক লগ কৰে । এনেকৈ কিছুদিন যোৱাৰ পিছত আলফাৰ ফালৰ পৰা আলোচনা প্ৰক্ৰিয়া বন্ধ হোৱা বুলি ঘোষণা কৰে আৰু দিল্লীলৈ যোৱা শীৰ্ষ নেতা সকলে পুনৰ আত্ম গোপন কৰে ।কিন্তু এই সময়ছোৱাতেই প্ৰায় ১৫ জনীয়া শীৰ্ষ আলফা নেতা কেইজনমানে তেতিয়াৰ আলফাৰ প্ৰচাৰ সচিব সিদ্ধাৰ্থ ফুকন ( আচল নাম সুনিল নাথ ) ৰ নেতৃত্বত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওচৰত আত্মসমৰ্পণ কৰে । এইয়াই আছিল আলফাত প্ৰথম বিভাজন ।

অসমীয়া জাতীয়তাবাদী সমাজৰ দৃষ্টিত ‘ গণ শত্ৰু ‘ বুলি অভিহিত হিতেশ্বৰ শইকীয়াৰ ওচৰত আত্মসমৰ্পণ কৰা যুবক খিনিক জাতীয়তাবাদী শিবিৰ সমুহে অস্পৃশ্য ঘোষণা কৰে ।হিতেশ্বৰ শইকীয়া আৰু কংগ্ৰেছ চৰকাৰৰ লগত যোগাযোগ
কৰাটো অসমীয়া জাতীয়তাবাদী শিবিৰৰ কাৰণে গ্ৰহণযোগ্য নাছিল , বিদেশী বহিষ্কাৰ আন্দোলনত এখন মঞ্চৰ পৰা আন্দোলন কৰি এইচাম যুবকে  ভিন্ন লক্ষ্য আগত ৰাখি সশস্ত্ৰ সংগ্ৰামৰ পথত ওলায় যোৱাৰ পিছত পুনৰ মুলসূতীলৈ উভতি আহিছিল । ৰাইজৰ দ্বাৰা নিৰ্বাচিত মুখ্যমন্ত্ৰী জনৰ কাষ চপা প্ৰক্ৰিয়াটোক জাতীয়তাবাদী শিবিৰ টোৱে সহজ ভাবে লোৱা নাছিল  । ছাত্ৰ সংগঠনৰ দ্বাৰা সামাজিক ভাবে বৰ্জন কৰা মুখ্যমন্ত্ৰী জনৰ কাষত থিয় দিয়াটোেৱেই আছিল দোষ । ১৯৯২ চনতে অসমীয়া জাতীয়তাবাদী শিবিৰৰ পৰা এটা নতুন উপ-শিবিৰৰ জন্ম হৈছিল , যিটো গোটে আলফাৰ অনানুষ্ঠানিক প্ৰচাৰ বিভাগৰ কাম কৰিছিল । আলফা আৰু চৰকাৰৰ মাজত যাতে কোনো ধৰণৰ আলোচনা সম্ভৱ নহয় তাৰ কাৰণে বিভিন্ন কৌশল অৱলম্বন কৰিছিল । আলফা এৰি অহা সকলক বিশ্বাস ঘাটক , চৰকাৰৰ দালাল আদি বিশেষণেৰে অভিহিত কৰি ভাতৃঘাটী সংঘৰ্ষৰ কাৰণে পৰিবেশ ৰচনা কৰিছিল ।
উল্লেখ্য যে যিকোনো সংগঠনৰ পৰা যদি এচামে সংগঠন ত্যাগ কৰে তেনে পৰিস্থিতিত সংগঠন ত্যাগ কৰা সকল মিত্ৰ হোৱাৰ অৱকাশ নেথাকে ; কিন্তু জ্বলা জুইত ঘী ঢালি শত্ৰু কৰা কাম সেই সময়ত এচাম বুদ্ধিজীবীয়ে কৰিছিল ।
কিছু সংযম আৰু ভৱিষ্যত উপলব্ধি কৰা গুণ যদি সেই সময়ৰ অসমীয়া জাতীয়তাবাদী শিবিৰ সমুহৰ থাকিলহেঁতেন তেন্তে অসমীয়া যুবকৰ মৃত্যু হয়টো তেতিয়া সুলভ নহ’লহেঁতেন ।
১৯৯২ চনৰ পৰা ১৯৯৬ চনলৈ অসমীয়া জাতীয়তাবাদী শিবিৰ সমুহৰ মাজত ঐক্যতাই বিৰাজ কৰিলে । সকলোৱে হিতেশ্বৰ শইকীয়া নেতৃত্বৰ কংগ্ৰেছ চৰকাৰ খনৰ পতনৰ লক্ষ্য আগত ৰাখি মিত্ৰতা স্থাপন কৰিলে । আলফাৰ পৰাও আঞ্চলিক দলৰ চৰকাৰ এখন কাম্য আছিল , কাৰণ আলফাই ধাৰণা কৰিছিল যে আঞ্চলিক দলৰ চৰকাৰৰ স্থিতি আলফাৰ প্ৰতি নৰম হ’ব । আলফাই নিৰ্বাচনত নিৰপেক্ষ স্থিতিক ত্যাগ কৰিলে । আনহাতে পুৰ্ব বংগীয় মুছলামন ভোটাৰ , বাওঁপন্থী দল , জনজাতীয় দল বিলাকেও এখন অকংগ্ৰেছী চৰকাৰৰ খাতিৰত জাতীয়তাবাদী শিবিৰৰ লগত এখন মঞ্চতে থিয় হ’ল । প্ৰফুল্ল মহন্তৰ নেতৃত্বত চৰকাৰ গঠন হ’ল । প্ৰথম অৱস্থাত আলফাৰ প্ৰতি নমনীয় স্থিতি গ্ৰহণ কৰি কেইবাজনো কাৰাবন্দী আলফা নেতাক জামিনত মুক্তি দিয়ে । লাহে লাহে আলফাৰ প্ৰভাব বৃদ্ধি পাব ধৰে আৰু চৰকাৰ শলথেকত পৰে । আলফা আৰু  চৰকাৰে বিপৰীত স্থিতি লয় । ইউনিফাইড কামাণ্ড প্ৰবৰ্তণ হয় । আক্ৰমণ প্ৰত্যাক্ৰমণে পৰিস্থিতি অগ্নিগৰ্ভা কৰে । গুপ্তহত্যাৰ বিভিষীকাই আকাশ বতাহ ছানী ধৰে । সশষ্ট্ৰ জাতীয়তাবাদী শিবিৰ আলফা আৰু ভাৰতীয় সংবিধানত বিশ্বাসী জাতীয়তাবাদী শিবিৰৰ মাজত প্ৰত্যক্ষ সংঘাত আৰম্ভ হয়।
এই সময়ছোৱাত অসমীয়া জাতীয়তাবাদৰ বিভিন্ন শিবিৰ আৰু উপ-শিবিৰ সমুহে এনেকুৱা এক কাম কৰিলে যাৰ কুফল হয়টো আজিও অসমৰ জনতাই ভোগ কৰি আছে । আলফাৰ লক্ষ্য আৰু কৰ্মপন্থাক মুকলি কৈ আৰু আনুষ্ঠানিক ভাবে অনুমোদন নজনালেও এই শিবিৰ সমুহে আলফাৰ প্ৰতি সক্ৰিয় সহানুভুতি প্ৰদান কৰি আহিছিল ।
সৰ্বভাৰতীয় দল , বহিৰাগত ব্যৱসায়ীৰ বিৰু্দ্ধে আলফাক অহিলা কৰি ৰখাৰ স্বাৰ্থত আলফাৰ সংগ্ৰামৰ পদ্ধতি সলনি হোৱাটো বিচৰা নাছিল । আন এক ৰাজনৈতিক অংক আছিল যে আলফা আৰু চৰকাৰৰ মাজত হোৱা আলোচনাই যদি সফল সমাপ্তিত উপনিত হয় তেন্তে হিতেশ্বৰ শইকীয়াই মাইলেজ পাব । ২০১১ চনত আলফাৰ
বৈদেশিক সচিব (জামিনত মুক্তি পোৱা ) শশ চৌধুৰীয়ে জনসভাত স্বীকাৰ কৰিছে যে আলফাক এচাম প্ৰভাবশালী মানুহে দোকানৰ দৰে ব্যৱহাৰ কৰিলে । ৯২’ৰ পিছত এতিয়া ২০২০ পালে । পুনৰ আলোচিত হৈছে বহু প্ৰত্যাশিত আলফা চৰকাৰ আলোচনা । কেন্দ্ৰত এইবাৰ নৰেন্দ্ৰ মোদী আৰু আলফাৰ পৰা একেজনেই পৰেশ বৰুৱা , যাৰ অবিহনে আলোচনাই গন্তব্য স্থান পাব নোৱাৰে । কেন্দ্ৰ আৰু ৰাজ্যত ৰাইজৰ দ্বাৰা নিৰ্বাচিত ৰাষ্ট্ৰীয় দলৰ চৰকাৰ , থিক ৯২’ ৰ দৰেই । পক্ষ একেই আছে , মাত্ৰ দুৰ্বল বুদ্ধিজীবী আৰু বাটকটীয়া বিটিআৰ চুক্তি ।

কেজৰীৱালৰ জয়ত কম্পিত বিজেপি

  • পাৰ্থ সাৰথি দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


আগষ্ট ২০১৯ ত দিল্লী ভ্ৰমণ কৰি ‘ৰাজনীতি অসম’ নিশ্চিত হৈছিল যে কেজৰীৱাল পুনৰ দিল্লীৰ মুখ্যমন্ত্রী নিৰ্বাচিত হ’ব। বিশেষকৈ স্বাস্হ্য আৰু শিক্ষাৰ ক্ষেত্রত যুগান্তকাৰী পৰিবৰ্তন আনি দিল্লীবাসীৰ অন্তৰত স্হান কৰি লৈছিল আন্না আন্দোলনৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দিয়া নেতাজনে। বিজেপিৰ ৰথী মহাৰথী উবুৰি খাই পৰিছিল এইজন কেজৰীৱালৰ বিৰুদ্ধে। কেইমাহমান আগতে হোৱা লোকসভাৰ নিৰ্বাচনত ৭ ৰ ভিতৰত ৭ খন দখল কৰা বিজেপিৰ বিধানসভাত শোচনীয় পৰাজয় হ’ল। কংগ্ৰেছে খাটাই খুলিব নোৱাৰিলে।
মোদীৰ বাবে প্ৰত্যাহ্বান কেজৰীৱাল
দেশত লাহে লাহে কংগ্ৰেছ দুৰ্বল হৈ গৈ আছে। গান্ধী পৰিয়ালে দলক জিকাবও নোৱাৰে ; কিন্তু দলে গান্ধী পৰিয়ালক এৰিবও নোৱাৰে। বিজেপিয়ে ভালকৈ জানে যে অহা বহু বছৰলৈ কংগ্ৰেছ বিজেপিৰ বাবে ভাবুকি নহয়। কিন্ত্ত আন বিৰোধী দলৰ পৰা যদি কোনো সৰ্বগ্ৰহণযোগ্য  নেতাৰ জন্ম হয় তেন্তে বিজেপিৰ বাবে  বিপদ। বিৰোধী নেতা সকলৰ ভিতৰত এতিয়া সকলোতকৈ বেছি উজলি উঠিছে কেজৰীৱাল। দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা কেজৰীৱালৰ একেৰাহে দ্বিতীয় বৃহৎ জয় বিজেপিৰ বাবে হৈ পৰিছে মূৰৰ কামোৰণি। ২০২৪ত সকলো বিৰোধী দল যদি একলগ হৈ কেজৰীৱালক প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থী নিৰ্বাচিত কৰে তেন্তে মোদী-শ্বাহ নিশ্চিত ভাবে শংকিত হোৱাৰ থল আছে। এতিয়া লোকসভাৰ নিৰ্বাচন হৈ পৰিছে প্ৰধানমন্ত্রী নিৰ্বাচন। প্ৰধানমন্ত্রীৰ নাম ঘোষনা নকৰিলে ভোট লাভ কৰাৰ সম্ভাবনা কম। যোৱা দুটা নিৰ্বাচনত সেই ভুল কৰা বিৰোধীয়ে অহা নিৰ্বাচন শিক্ষা ল’বই লাগিব। নহ’লে ২০২৪ত বিজেপিৰ জয় অবধাৰিত।
কেজৰীৱালৰ সমৰ্থনত কোন?
কংগ্ৰেছক বাদ দি বেছিভাগ বিৰোধী দলে কেজৰীৱালক সমৰ্থন কৰাৰ সম্ভাবনা আছে। তাৰ ভিতৰত আছে ডি.এম.কে, তেলেগু দেশম, বিজেডি, এন.চি.পি, এছ.পি আৰু আৰ.জে.দি। মমতাৰ স্থিতি নিৰ্ভৰ কৰিব ২০২১ৰ পশ্চিমবংগৰ নিৰ্বাচন ফলাফলৰ ওপৰত। মমতা পুনৰ জয়ী হলে নিজকে প্ৰধানমন্ত্রীৰ বাবে প্ৰক্ষেপিত কৰাৰ চেষ্টা কৰিব। তেনে ক্ষেত্রত বিৰোধী ঐক্যক আঘাত পৰিব আৰু লাভবান হ’ব বিজেপি। মুঠৰ ওপৰত বিৰোধী দলবিলাকে যদি সময় থাকোতে কেজৰীৱালক প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে অহা সাধাৰণ নিৰ্বাচন হ’ব আকৰ্ষনীয়। নহ’লে নিৰ্বাচনৰ পিছত পৰাজয়ৰ কাৰণৰ পৰ্য্যালোচনা কৰি সময় পাৰ কৰিব লাগিব।