Saturday, May 4, 2024
Home Blog Page 69

বটদ্ৰৱাৰ পৰা ৰিপুন বৰা..

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কংগ্ৰেছ – এআইইউডিএফ ৰ মুক্ত মিত্ৰতাই অসমৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰিলে । বিজেপিয়ে  নিৰ্বাচনক আজমলময় কৰি পেলাব সেয়া খাটাং । কিন্তু ৰিপুন বৰাই বিজেপিৰ ইচ্ছ্যুক প্ৰত্যুত্তৰ দিবলৈ বিভিন্ন পৰিকল্পনা তৈয়াৰ কৰাত ব্যস্ত আছে । বিজেপিয়ে সত্ৰৰ মাটি  বাংলাদেশীয়ে বেদখল কৰা বুলি প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছে শংকৰদেৱৰ জন্মস্থান বটদ্ৰবাত  অসমীয়াভাষী হিন্দু প্ৰাৰ্থী এজনক  জিকায় অনাৰ চেষ্টা কৰিব । সেইসুত্ৰে বৰ্তমানৰ বটদ্ৰবাৰ পৰা  এআইইউডিএফ ক আতৰাই ৰখা হ’ব , কাৰণ শংকৰদেৱৰ জন্মস্থান আজমলৰ দখলত বুলি হিমন্ত বিশ্ব শৰ্মাই চলোৱা প্ৰচাৰত যোৱাবাৰ বিধান সভা নিৰ্বাচনত আংগুৰলতা ডেকাই বাঁজি মাৰিবলৈ সমৰ্থ হৈছিল । ইয়াৰ বিপৰীতে  মামুন ইমদাদুল হকৰ দখলত থকা  নাওবৈচাত এইবাৰ কংগ্ৰেছ প্ৰাৰ্থীক এৰি দিব আৰু ইয়াৰ বিপৰীতে  বৰপেটা সদৰ সমষ্টিত মামুন ইমদাদুল হকক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ চিন্তা চৰ্চা অব্যাহত আছে । উজনিত আজমলৰ দখলত থকা সমষ্টি কেইটা কংগ্ৰেছৰ হিন্দু প্ৰাৰ্থীক এৰি দিয়া হ’ব , আনহাতে নামনিত এআইইউডিএফে অধিক আসনত প্ৰতিদন্দীতা কৰিব ।
ৰিপুন বৰাই নিৰ্বাচন খেলাটো প্ৰায় নিশ্চিত হৈছে। কাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলে যাব পাৰে এটা ভুল বতৰা। বিজেপিয়ে ৰিপুনৰ নিৰ্বাচন খেলাৰ সাহস নাই বুলি প্ৰচাৰ চলাব। কিন্তু নিজৰ গৃহ সমষ্টি গহপুৰত মুঠেও সুৰক্ষিত নহয় বৰা। সেয়েহে এখন সুৰক্ষিত অাসনৰ সন্ধান কৰিছে তেওঁ। প্ৰথমতে নাওবৈচাৰ কথা ভবা হৈছিল যদিও তাত জয়কলৈও কিছু শংকা আছে। ৰিপুন বৰাৰ বাবে সকলোতকৈ সুৰক্ষিত আসন হ’ব বটদ্ৰৱা । কাৰণ কংগ্ৰেছ – আজমলৰ মিত্রতাৰ পিছত এই সমষ্টিত কংগ্ৰেছক ৰোধা প্ৰায় অসম্ভব। গুৰুজনাৰ জন্মস্হানত কংগ্ৰেছৰ সভাপতিৰ প্ৰতিদ্বন্দ্বিয়াই কিছু হ’লেও ধনাত্মক প্ৰভাব পেলাব বুলি কংগ্ৰেছ দলে আশা কৰিছে।

কংগ্ৰেছৰ নিশ্চিত আসন ১৭খন

  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কংগ্ৰেছ-আজমলৰ মিত্রতা চুৰান্ত হ’ল। উজনি অসমৰ বিধায়কসকলৰ প্ৰবল বিৰোধিতা স্বত্বেও এই মিত্রতা সম্ভব হ’ল একমাত্র তৰুণ গগৈৰ হেচাৰ বাবে। পুত্রৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে আজমলৰ শৰনাপন্ন হোৱাৰ বাহিৰে তেখেতৰ গত্যন্তৰ নাছিল। ৰিপুণ বৰাৰ চিন্তা কেবল সভাপতিৰ চকীখনকলৈ। তৰুণ গগৈৰ সৈতে শত্ৰুতা কৰি নিজৰ বিপদ চপাব নুখুজিলে বৰাই। তৰুণ গগৈৰ লগত দিল্লীৰ হাই-কামাণ্ডৰ সম্পৰ্ক খুব ভাল। সেয়েহে অসমৰ ৰাজনীতিত এতিয়াও তৰুণ গগৈৰ গুৰুত্ব সকলোতকৈ বেছি।
কংগ্ৰেছে দিলে ৱাক অভাৰ
ৰাজনৈতিক বিশ্লেষক হিচাপে আমি সদায় নিৰ্বাচনত দলবিলাকৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাটো বিচাৰো। ইয়ে সাধাৰণ ৰাইজৰ মাজত নিৰ্বাচনকলৈ উৎসাহ জন্মায়। নিৰ্বাচনৰ ফলাফল আগতীয়াকৈ জানিলে নিৰ্বাচনৰ আচল আমেজ পোৱা নাযায়। আমি বিচাৰিলেও কংগ্ৰেছ দলে এনে বিচৰা নাই যেন অনুমান হয়। ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ পিছত ক্ৰমাগত ভাবে উপ-নিৰ্বাচন, পঞ্চায়ত, লোকসভা, পৰিষদীয় আদি সকলো নিৰ্বাচনত বিদ্ধস্ত হোৱাৰ পিছত কংগ্ৰেছ দলে আত্মবিশ্লেষন কৰিব বুলি ভবা হৈছিল যদিও নকৰিলে। যদি কৰিলেহেতেন তেওঁলোকে বুজি পালেহেতেন যে অসমৰ চাহ জনগোষ্ঠী, মূলসুতিৰ অসমীয়া, বঙালী হিন্দু, জনজাতীয় সকলো তেওঁলোকৰ পৰা আতৰি গৈছে। তেওঁলোকৰ লগত আছে অকল মুছলমান ভোটাৰসকল। বিজেপিক যিহেতু মুছলমানসকলে কোনোপধ্যে সমৰ্থন দিব নোৱাৰে সেয়েহে কংগ্ৰেছ বা আজমলক সমৰ্থন দিয়াৰ বাহিৰে তেওঁলোকৰ গত্যন্তৰ নাই। কংগ্ৰেছৰ পৰা আতৰি যোৱা মানুহসকলক নিজৰ প্ৰতি আকৰ্ষিত কৰাৰ পৰিবৰ্তে তেওঁলোকে বাচি ল’লে আজমলৰ লগত মিত্রতা কৰাৰ পথ। ইয়াৰ ফলত মুছলমান ৰাইজক বাদ দি বাকীসকলৰ অবশিষ্ট সমৰ্থনখিনিও কংগ্ৰেছ দলে হেৰুৱাব।
কংগ্ৰেছৰ নিশ্চিত আসন ১৭
কংগ্ৰেছ-আজমলৰ মিত্রতাৰ ফলত দলৰ ১৫জন বিধায়ক অনায়াসে জয়ী হ’ব। তেওঁলোক প্ৰচাৰলৈ নগ’লেও হ’ব।  ইয়াৰে ১৪জন সংখ্যালঘু সম্প্ৰদায়ৰ। বদৰপু্ৰৰ জামালুদ্দিন আহমেদ, মানকাচাৰৰ মতিউৰ ৰহমান মণ্ডল, চালমাৰা দক্ষিণৰ ৱাজেদ আলি চৌধুৰীয়ে , অভয়াপুৰী উত্তৰৰ আব্দুল হাই নাগৰী, গোৱালপাৰা পূৱৰ আব্দুল কালাম, গোৱালপাৰা পশ্চিমৰ আব্দুল ৰচিদ মণ্ডল, বাঘবৰৰ শ্বেৰমান আলি, সৰুক্ষেত্রীৰ জাকিৰ হুছেইন, চেঙাৰ শুকুৰ আলি, চয়গাওঁৰ ৰেকিবুদ্দিন আহমেদ, দলগাওঁৰ ইলিয়াছ আলি, লাগৰিঘাটৰ নজৰুল ইছলাম, ৰুপহীহাটৰ নুৰুল হুদা আৰু চামগুৰিৰ ৰকিবুল হুছেইনে এই মিত্রতাৰ ফলত পাই গ’ল বৰদান। ইয়াৰ উপৰিও অনুসুচিত জাতিৰ বাবে সংৰক্ষিত বকোত নন্দিতা দাসে অনায়াসে জয়ী হ’ব কাৰণ তাত সংখ্যালঘুৰ ভোট নিৰ্ণায়ক। ইয়াৰ বাহিৰে বাকী হিন্দু বিধায়কসকলৰ ভিতৰত তৰুণ গগৈৰ বাহিৰে আন এজনৰো বিজয় নিশ্চিত নহয়। অজন্তা নেওগ , দেবব্ৰত শইকীয়া, কমলাক্ষ দে, ৰাজদ্বীপ গোৱালা, দুৰ্গা ভূমিজ, ৰোজলিনা তিৰ্কী আৰু ৰূপজ্যোতি কুৰ্মীয়ে হয়তো বিজেপিত যোগদান কৰিব লাগিব নহ’লে নিজৰ সমষ্টিত তীব্ৰ প্ৰত্যহ্বানৰ সন্মুখীন হ’ব লাগিব। সংখ্যালঘুই বিজয় নিশ্চিত কৰা সমষ্টিবিলাকৰ বাহিৰে আন কোনো সমষ্টিত যে কংগ্ৰেছৰ আশা নাই সেয়া ২০১৯ৰ লোকসভা নিৰ্বাচনে প্ৰমাণ কৰিলে। আজমলৰ সৈতে মিত্রতাই ইয়াত চীল-মোহৰ লগালে। কংগ্ৰেছ- আজমলৰ মিত্রতাৰ একমাত্ৰ যোগাত্মক দিশ হ’ল ইয়ে দলটোক ৮টা সমষ্টি বিজেপিৰ পৰা কাঢ়ি অনাত সহায় কৰিব। সোনাই, বৰখোলা, গোলকগঞ্জ, বিলাসীপাৰা পূব, গোসাইগাওঁ, সৰভোগ, বৰপেটা আৰু বটদ্ৰবাত বিজেপি মিত্রজোঁট পৰাজয় হোৱাৰ আশংকাই বেছি। কিন্তু এই ৮টাত ভিতৰত আজমলৰ দলে টিকট দিব ৭টাত। ২০২১ত বটদ্ৰবাৰ পৰা নিৰ্বাচন খেলিব পাৰে ৰিপুণ বৰাই। ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছৰ নিশ্চিত আসন মাত্র ১৭ খন। তাৰ ভিতৰত বৰ্তমানৰ ১৪ জন সংখ্যালঘু বিধায়ক আৰু ৩ জন হিন্দু বিধায়ক। বকোৰ নন্দিতা দাস, তিতাবৰৰ তৰুণ গগৈ আৰু বটদ্ৰবাৰ পৰা ৰিপুণ বৰাই হ’ব সেই তিনিখন মুখ।

কা আন্দোলনৰ ছন্দপতন

  •  সন্দীপ বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কৰোনাকালত দেশ, ৰাজ্যৰ বিপৰ্যয়ৰ মাজত ককবকাই থকাৰ সময়তে শাসকীয় দলৰ বাবে যেন আশীৰ্বাদ উঠিল এই নিষিদ্ধ সময়৷ বিগত বছৰৰ ডিচেম্বৰ মাহত ৰাজ্যৰ পৰিৱেশ যিধৰনে উত্তাল হৈ উঠিছিল সেই পৰিৱেশ চাই ধাৰনা কৰা হৈছিল যে এই আন্দোলনে শলঠেকত পেলাব ভাৰতীয় জনতা পাৰ্টীক৷ আন্দোলনৰ গুৰি ধৰোতাসকলেও ৰাজহুৱাভাৱে কৈছিল, এই আন্দোলন দীঘলীয়া হ’ব৷ কিন্তু সাম্প্ৰতিক দৃশ্যপট এতিয়া সম্পূৰ্ণ ওলোটা৷ একাংশ সুবিধাবাদী অভিনেতা-গায়ক, ছাত্ৰনেতাৰ ওলোটা খৰত যেন দিশহাৰা অসমৰ ৰাইজৰ এই আন্দোলন৷
ভুলটো ক’ত আছিল?
প্ৰথম ভুলটো আছিল আন্দোলনত তৃতীয় পক্ষ সোমাই পৰাটো৷ প্ৰধানতঃ  কটন আৰু সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ডিচেম্বৰত সেই দিনটোত যেতিয়া প্ৰতিবাদী সমদল উলিয়াই দিছপুৰ অভিমুখে যাত্ৰা কৰিছিল তেতিয়ালৈ ই আছিল এক নিভাজ প্ৰতিবাদ৷ কিন্তু কোনো নিৰ্দিষ্ট নেতৃত্ব নোহোৱা এই আন্দোলনটোত সোমাই পৰা এচাম দুষ্কৃতিকাৰীয়ে কিদৰে সমগ্ৰ গুৱাহাটী জ্বলাই দিলে সেয়া ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰিলে৷ কলাক্ষেত্ৰকে ধৰি জাতীয় তথা বহু ব্যক্তিগত সম্পত্তিৰ ক্ষতিসাধনে ৰাইজৰ মনত প্ৰথমবাৰৰ বাবে আনি দিছিল এক অনাস্থা৷ এফালে ধোঁৱা আৰু ছাইৰ মাজত গুৱাহাটী আনফালে আন্দোলন দমনৰ নামত পাঁচজনকৈ উঠি অহা যুৱকৰ মৃত্যুৱে যেন ইংগিত দিছিল তিৰাশীৰ সেই অশান্ত সময়ৰ৷ কিন্তু আকৌ এবাৰ তেনে এক পৰিবেশৰ মুখামুখি হ’বৰ বাবে যেন আগ্ৰহী নাছিল অসমীয়া সমাজ৷ বিশেষকৈ জুয়ে পোৰা তিৰাশীৰ মাজেৰে খোজকাঢ়ি অহা অভিভাৱকসমাজ মুঠেও আগ্ৰহী নাছিল তেওঁলোকৰ সন্তানক পুনৰ তেনে এক অশান্ত সময়ৰ মাজলৈ ঠেলি দিবলৈ৷ আনহাতে আন্দোলনৰ ধ্বংসাত্মক দিশটো চাই তাত তৃতীয় পক্ষ জৰিত থকাৰ কথা নিশ্চিত হোৱাৰ পাছতেই দ্বিধাবোধত ভুগিছিল ৰাইজ৷ ধ্বংসলীলাত উদ্বিগ্ন হৈ আনকি সদৌ অসম ছাত্ৰ সন্থায়ো নিশাৰ সকলো প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰিছিল৷ আমাৰ দৃষ্টিত এয়াই আৰম্ভনি৷  শাসকীয় দলৰ প্ৰতি থকা তীব্ৰ ক্ষোভৰ পিছতো আন্দোলনৰ প্ৰতি ৰাইজ সন্দিহান হৈ পৰিল৷ ইয়াৰ মাজতেই শিল্পী জুবিন গাৰ্গৰ অংশগ্ৰহণে যে আন্দোলনটোক এক নতুন উদ্যম দিলে৷ শিল্পী সমাজ, আছুকে ধৰি ছাত্ৰ নেতৃত্বত গুৱাহাটী কেন্দ্ৰিক আন্দোলনটো প্ৰসাৰিত হ’ল ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ৷ কিন্তু আন্দোলন ব্যাপক হোৱাৰ সমান্তৰালভাৱে আন্দোলনকাৰী অশালীন আচৰনে বিৰক্ত কৰিছিল সাধাৰন জনতাক৷ বহু বিবাহযাত্ৰীৰ দলক অশালীন আচৰন কৰাৰ খবৰ সেই সময়ত সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল৷ কা সমৰ্থনকাৰীক আঁঠু কঢ়াই থোৱা, অপদস্থ কৰা আদিয়ে দখল কৰিছিল সংবাদ শিৰোনাম৷ ইয়াৰ মাজতেই হঠাৎ “কা” প্ৰতিবাদত নতুন দিল্লীত উলংগ হোৱা নেতাৰ গেৰুৱাবসন পৰিধানে টেঙা খুৱালে ৰাইজক৷ দুৰ্ভাগ্যজনকভাৱে শাৰিৰীক অসুস্থতাৰ বাবে উন্নত চিকিৎসাৰ বাবে জুবিন গাৰ্গ মুম্বাইলৈ যায়৷ ইয়াৰ পিছতেই কাৰ্যতঃ প্ৰতিবাদটো এচাম সুবিধাবাদীৰ আখৰাথলীত পৰিনত হয়৷ ৰাইজৰ আন্দোলনটো ৰূপান্তৰিত হয় সাংস্কৃতিক অনুষ্ঠানলৈ৷ আন্দোলনত গান গোৱাটো পৰিনত হ’ল  সেই সময়ৰ অন্যতম গ্লেমাৰলৈ৷ ইয়ে দ্বিতীয় বাৰৰ বাবে ছন্দপতন ঘটালে ৰাইজৰ প্ৰতিবাদী সত্বাটোক৷ ইয়াৰ মাজতে আহিল মহামাৰী কৰোনা৷ আহিল লকডাউন৷ স্তব্ধ হৈ পৰিল দেশ৷ বন্ধ হৈ গ’ল আন্দোলনৰ নামত চলা গান-বাজানাৰ অনুষ্ঠান৷ হঠাৎ যেন হেৰুৱা চন্দ ওভটাই পালে শাসকীয় দলটোৱে৷ একাষৰীয়া নকৰিবলৈ ৰাইজক খোদ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাবলগীয়া হোৱা পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সকলো প্ৰকাৰৰ ৰাজনীতি আৰম্ভ হ’ল৷ তলাবন্ধত স্বাস্থ্যসেৱা , সাহায্য, আৰ্থিক অনুদানেৰে ৰাইজৰ কিছু আস্থা ঘুৰাই পাবলৈ সক্ষম হয় দলটো৷ ইয়াৰে সুযোগ গ্ৰহন কৰি বিজেপিয়ে খেলিলে এটা মাষ্টাৰষ্ট্ৰোক৷ আৰম্ভ হ’ল সাম দাম দণ্ড ভেদৰ ৰাজনীতি৷ আন্দোলনৰ সময়ত পদত্যাগৰ জোৱাৰ উঠা দলটোত যোগদানৰ উজান উঠিল৷ ৰাইজে যেন চকুৰ আগত প্ৰত্যক্ষ কৰিলে একাংশ নীতিহীন সুবিধাবাদীৰ উলংগ ৰূপ৷ কিন্ত ক্ষমতাৰ খোৱা কামোৰাত যে এইসকলে দুইকুল হেৰুৱালে সেয়া গম পাবলৈ তেওঁলোকক কিছু সময় লাগিব৷ মেৰুদণ্ড নোহোৱা নীতিহীন খিনিয়ে এৰেহাকো অমৃত বুলিয়ে খাব৷ কিন্তু অনুশোচনাত ভুগিব এতিয়াও কিছু আত্মসন্মান থকা সকল৷ হালৰো নহ’ল ফালৰো নহ’ল ধৰনে ওলমি থাকিব আস্থাহীনতাৰ পৃথিৱীত৷ যিটো দেখা পোৱা গৈছিল হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত৷ বিভিন্ন চৰকাৰী অনুগ্ৰহ প্ৰদানেৰে সংযুক্ত মুক্তি বাহিনী অসমৰ ব্যাপক আন্দোলনটো ভাঙি দি সৃষ্টি কৰা হৈছিল ছাৰেণ্ডাৰড আলফা অৰ্থ্যাৎ ছালফা৷ আজি এজন ছালফাই যিমানেই ঐশ্বৰ্য বিভুতি আহৰন নকৰক কিয় ছালফা নামটো শুনিলে প্ৰথমেই মনত কি ধাৰনা আহে সেয়া প্ৰতিজন অসমীয়াই জানে৷ সেই ইতিহাসৰেই যেন পুনৰাবৃত্তি হ’বলৈ গৈ আছে সম্প্ৰতি৷ কিয়নো সামাজিকেই হওঁক ৰাজনৈতিকে হওঁক,বিপ্লৱৰ ইতিহাসত আত্মসমৰ্পণকাৰীৰ কোনো স্থান নাই৷

অগপৰ ২০ খন আসন : মহাৰাষ্ট্ৰৰ ৰাজনীতি

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিশেষ সুত্ৰই দাবী কৰা মতে নতুন দল জন্ম হোৱাৰ আঁৰত সৰ্বানন্দ সোণোৱালৰ দুৰ্বল ভুমিকা জড়িত হৈ আছে । বিগত  চাৰে চাৰি বছৰত ছাত্ৰ সংগঠনৰ ল’ৰাই বিজেপি বা অগপ কৰ্মীতকৈ অধিক কাম কৰিবলৈ সুবিধা পাইছে । যি সুবিধা কংগ্ৰেছৰ দিনত অতি সীমিত আছিল । মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লগত যোগাযোগ ৰক্ষাকাৰী ভুমিকা লৈছিল  প্ৰাক্তণ ছাত্ৰ নেতা এজনেই ।  বহিব দিলে শুবও খোজে ___চৰকাৰ নথকাকৈ যিহেতু ক্ষমতা লাভ কৰিছে সেয়ে ক্ষমতাত থাকি অধিক ক্ষমতাৰ লোভে ছাত্ৰ সংগঠন বোৰক ৰাজনৈতিক দল খুলিবলৈ আগ্ৰহ জন্মায় ।  কেব আন্দোলনে জাতীয়তাবাদী সংগঠনক ধনে জনে শক্তিশালী কৰিলে ।অসম চৰকাৰে কেব আন্দোলন নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে । বিজেপিৰ জিলা সভাপতিৰ পৰা আৰম্ভ কৰি মন্ত্ৰী পৰ্যন্ত কেব আন্দোলনকাৰীৰ হাতত অপদস্থ হৈছে ।  এই আন্দোলনক ব্যৱহাৰ কৰি লতাশিলৰ উদাহৰণত দিল্লীত চাহিনবাগ বহিল । মুঠৰ ওপৰত অসমৰ জাতীয়তাবাদী সংগঠনবোৰে বাট দেখুৱাইছিল ভাৰতৰ মৌলবাদী সংগঠনবোৰক ।  হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন মন্তব্যই জ্বলা জুইত ঘী ঢালিছিল ।  অগপৰ অধিকাংশ নেতা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থিয় দিছে ।  কেশব মহন্ত আৰু অতুল বৰাৰ বাহিৰে অধিকাংশ নেতা বিটুষ্ট ।  তেনেস্থলত অগপই  আগন্তুক নিৰ্বাচনত ২০ খন আসন পালেই সমীকৰণ সলনি হ’ব । অগপই আই এম ডি টিৰ স্ৰষ্টা আব্দুল মুহিব মজুমদাৰৰ লগত মিত্ৰতা কৰি ১৯৯৬ ত  চৰকাৰ গঠন কৰিছিল । বদৰুদ্দিন আজমলৰ তুলনাত  আব্দুল মুহিব মজুমদাৰ আছিল অধিক সাম্প্ৰদায়িক ব্যক্তি ।  কংগ্ৰেছে হেৰুৱাব লগীয়া উজনিৰ আসনত আছু , কৃষক মুক্তি , অজিত ভুঞাৰ দলৰ  মাজত যদি  ১০ টা সমষ্টিও দখলত থাকে তেন্তে বিজেপিৰ উৎখাত নিশ্চিত । উজনি অসমত কংগ্ৰেছৰ নেতা কেইজনমানে দলত্যাগ কৰি আছুৰ দলত যোগ দিলে কংগ্ৰেছৰ ক্ষতি হ’ব কিন্তু বিজেপিৰ একো লাভ নহয় । বৰঞ্চ কংগ্ৰেছী ভোটাৰ খিনি সংগঠিত হৈ বিজেপিৰ বিৰুদ্ধে নতুন দলক প্ৰাধান্য হে দিব ।  নিৰ্বাচনৰ পিছত অগপ , আছু ,কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত মিত্ৰজোঁটৰ চৰকাৰ এখন অসমৰ ৰাইজে যদি প্ৰত্যক্ষ কৰে তেন্তে আচৰিত হ’ব লগা নেথাকিব  ।

অঞ্জলী দৈমাৰীৰ বিপিএফত যোগদানে সমীকৰণ সলনি কৰিব

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


হাগ্ৰাম মহিলাৰীৰ  নেতৃত্বত থকা বিটিচি পৰিষদ খনৰ বিৰুদ্ধে প্ৰধান অভিযোগ উত্থাপন হৈছে দুৰ্নীতিৰ । বিৰোধী দলৰ অভিযোগ বহু পৰিমানে অসত্যও নহয় । কিন্তু প্ৰশ্ন হয় দুৰ্নীতি অকল হাগ্ৰামা মহিলাৰীয়ে কৰিছে নেকি ? তৰুণ গগৈৰ চৰকাৰৰ দিনত এপিএছচিত মুক্ত দুৰ্নীতি হোৱা নাছিল নে ? বিপিএফৰ লগত মিত্ৰজোঁটত থকা বিজেপিৰ শুন্য সহনশীল  চৰকাৰৰ শ্লোগান বোৰক পিএনআৰডি , জনসংযোগ নিযুক্তি আদিয়ে  সেমেকা কৰি পেলোৱা নাইনে ?  দুৰ্নীতিৰ বাহিৰে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কিবা অন্য গভীৰ অভিযোগ আছেনে ? আজিৰ পৰা ২০ বছৰ আগত বৰ্তমানৰ বিটিচি অঞ্চলত থকা ভয়ৰ পৰিবেশ এতিয়া নাই । গোষ্ঠী সংঘাত প্ৰায় শুন্য বুলি ক’ব পাৰি । সাধাৰণ জনতাই বিটিচি অঞ্চলত ফুৰিব বা পিকনিক খাবলৈ বেছি প্ৰাধান্য দিয়ে । কাৰণ আন অঞ্চলৰ তুলনাত বিটিচিৰ অঞ্চল বিলাকত পৰ্যতকে সুৰক্ষিত অনুভৱ কৰে । এটা সময় আছিল মানুহে বিটিচি  এৰি গুৱাহাটীত আশ্ৰয় লৈছিল । কিন্তু বৰ্তমান সময়ত বিটিচি অঞ্চলত বড়ো জনগোষ্ঠীৰ মানুহৰ লগতে আন জনগোষ্ঠীৰ মানুহেও দুমহলীয়া ঘৰ বান্ধি থাকিবলৈ উৎসাহ পাইছে । স্কুল, কলেজ, বিশ্ব বিদ্যালয় বোৰে বিটিচিক এক নতুন মাত্ৰা প্ৰদান কৰিছে ।বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত ইউপিপিএল দলত প্ৰমোদ বড়োৱে যোগদান কৰিছে । আবছুৰ পৰা ৰাজনীতিৰ পথাৰত প্ৰবেশ কৰা প্ৰমোদ বড়োৰ জনপ্ৰিয়তা হাগ্ৰামা মহিলাৰীত কৈ কোনো গুনে কম নহয় । কিন্তু প্ৰমোদ বড়োক বিটিচিৰ জনতাই ভোটৰ ৰাজনীতিত কেনেদৰে  আকোৱালি লয় সেয়া সময়ত দেখা যাব ।  বিপিএফত অঞ্জলী দৈমাৰীৰ যোগদানে নিৰ্বাচনৰ বহু সমীকৰণ সলনি কৰিন বুলি বিভিন্ন সুত্ৰই দাবী কৰে । বিপিএফৰ লগত বড়োভাষী ভোটাৰ থকাৰ তুলনাত আন ভাষা- ভাষীৰ সমৰ্থন অধিক আছিল বিগত নিৰ্বাচন বোৰত ।  একমাত্ৰ লোকসভা নিৰ্বাচনত  বিপিএফক অধিকাংশ ভোটাৰে প্ৰধান্য নিদিয়ে । কাৰণ লোকসভাত চাংচুমা বিছমুতিৱাৰিৰ পৃথক বড়োলেণ্ডৰ প্লে কাৰ্ড বিলাক ৰাইজে পাহৰা নাই । ২০১৪ ত প্ৰাক্তন আলফা নেতা  নব শৰনীয়াই ৰাজনীতিত প্ৰবেশ কৰি পৃথক ৰাজ্যৰ দাবীক বিৰোধীতা কৰি ৰাইজক সংগঠিত কৰাৰ পিছত কোকৰাঝাৰ লোকসভা আসন খন বিপিএফ বা ইউপিপিএল দলে লাভ কৰিব পৰা নাই । লোকসভাত নব শৰনীয়াক ভোট দিয়া অধিকাংশ ভোটাৰে কিন্তু বিধানসভা আৰু পৰিষদীয় নিৰ্বাচনত আন দলকহে সমৰ্থন দিয়ে ।  এইবাৰো বিটিচি নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু ভোটাৰে জয় পৰাজয় নিৰ্ধাৰণ কৰাত বিশেষ ভুমিকা ল’ব ।  কোঁচ ৰাজবংশী ভোটৰ বিভাজন হ’ব ইউপিপিএল আৰু বিপিএফৰ মাজত , অসমীয়া ভাষী ভোট বিপিএফ , বিজেপি , ইউপিপিএল মাজত বিভাজিত হ’ব । বঙালী ভাষীৰ ভোটক লৈ বিপিএফ আত্ম বিশ্বাসী ।  ধৰ্মীয় সংখ্যালঘুৰ ভোটৰ ওপৰত বদৰুদ্দিন আজমলৰ নিয়ন্ত্ৰণ আছে , সেয়ে উৰ্খা গৌড়া ব্ৰহ্মই আজলমৰ লগত বুজাবুজি কৰি কিছু লাভবান হ’ব । বড়ো ভাষী ভোটৰ ওপৰত আবছু আৰু ইউপিপিএলৰ প্ৰভাব আছে । আজিৰ ৰাজনীতি ঐকিক অংকৰ নিয়মত নচলে , আজিৰ ৰাজনীতি চলে ৰসায়ন বিজ্ঞানৰ নিয়মত ।  বিটিচিত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ ফলত  নব শৰনীয়া দল তীব্ৰ চাপত থাকিব ।নিৰ্বাচনী বতাহ তুংগত থকা অৱস্থাত পুনৰ বাৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিছি গঠন হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে । শেষত ৬-৭ খন আসন কম হ’লে বিজেপি বা ইউপিপিএলৰ সমৰ্থন নেপাব বুলি আজিতে কৈ দিব নোৱাৰি ।

হু ইজ অজিত ভূঞা? আমি হ’ম মুখ্যমন্ত্রী

  • ৰজত হালৈ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কংগ্ৰেছ -এ.আই.ইউ.দি.এফৰ সমৰ্থনত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত অজিত কুমাৰ ভূঞাৰ আশে-পাশে থকা মানুহখিনিয়ে লাভ কৰিছিল ৰাজনৈতিক অক্সিজেন। তেওঁলোকে নিজকে অসমৰ ভাগ্য বিধাতা বুলি ভাবিবলৈ আৰম্ভ কৰিছিল। জন্ম পাইছিল আঞ্চলিক গণ মৰ্চা। উদ্দেশ্য আছিল সকলো বিজেপি বিৰোধী শক্তিক একলগ কৰা। কিন্তু দেখা গ’ল যে বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰাত ইঞ্চিমানো সাফল্য তেওঁলোকে লাভ কৰা নাই। কংগ্ৰেছ , আছু, কৃষক মুক্তি, আজমল কোনেও তেওঁলোকক গুৰুত্ব দিয়া নাই। মীৰা বৰঠাকুৰে টি.ভি চেনেলত আহি নিজৰ টেটু ফালিলে। বাইদেউ জনীয়ে সকলোকে বুজাবলৈ অপ্ৰাণ চেষ্টা কৰিছে_ বিজেপি শক্তিশালী দল; অকলে নোৱাৰিব; আমাৰ লগত আহক। কিন্তু কোনোৱে শুনিব নোখোজে। আঞ্চলিক গণ মৰ্চা গৈ হাঁহিয়াতৰ মৰ্চা হৈছে।
অজিত ভূঞাক কোনে দায়িত্ব দিছিল?
অজিত কুমাৰ ভূঞা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল এটা বিশেষ অংকত। যিহেতু কংগ্ৰেছ আৰু আজমলক এজন নিৰপেক্ষ আৰু গ্ৰহণযোগ্য ব্যক্তি লাগে সেয়েহে তেওঁলোকে সমৰ্থন কৰিছিল ভূঞাক। ভূঞাৰ পৰা আশা কৰা হৈছিল তেওঁ যাতে সংসদলৈ গৈ কা তথা বিজেপিৰ বিৰুদ্ধে মাত মাতে। কিন্তু অজিত ভূঞাই চিন্তা কৰিলে বহু উপৰত। এখন মঞ্চ গঠন কৰি সকলো বিজেপি বিৰোধীক লগ লগাব। যত থাকিব কংগ্ৰেছ , আজমল, আছু, যুৱ ছাত্র, কৃষক মুক্তিকে প্ৰমুখ্যে সকলো সৰু বৰ ৰাজনৈতিক দল। সকলোৰে boss হ’ব অজিত ভূঞা। অজিত ভূঞাই পাহৰি গ’ল যি কংগ্ৰেছৰ ভিতৰতে সকলোৱে ৰিপুন বৰাক নামানে। আছে ৪-৫ টা গোট। আছু আৰু অখিলে পৰস্পৰৰ চকুলৈ নাচায়। তেনে পৰিস্থিতিত কেনেকৈ সকলোৱে অজিত ভূঞাৰ অধীনত কাম কৰিব? আৰ.এছ.এছ- বিজেপিৰ আৰ্হিত অজিত ভূঞাৰো মন আছিল গণমৰ্চাৰ অন্তৰ্গত দলবিলাকক নিজৰ নিয়ন্ত্ৰণত অনা। কিন্তু সকলোৰে চকু মুখ্যমন্ত্রীৰ চকীখনলৈ। মৃগাংক নাথ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ আদিকে ধৰি বহুতো মুখ্যমন্ত্রীৰ দাবীদাৰ। কিয় এওলোকে অজিত ভূঞাৰ বশ্যতা স্বীকাৰ কৰিব? আৰ.এছ.এছৰ নিজৰ সংগঠন আছে দেশৰ প্ৰায় প্ৰতিখন জিলাত। এওঁলোকে বিজেপিৰ জয়ত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিজেপিৰ নেতা সকল মোহন ভাগবতৰ কথা শুনিবলৈ বাধ্য। অজিত ভূঞাৰ অসমত কোনো সংগঠন নাই। গণমৰ্চা নিৰ্ভৰশীল হ’ব লাগিব আছুৰ কেডাৰৰ ওপৰত। গতিকে নিয়ন্ত্রণ ভূঞাৰ হাতত এৰি দিয়াৰ প্ৰশ্নই নুঠে। সময় বাগৰাৰ লগে লগে অজিত ভূঞাৰ গণমঞ্চ পৰিণত হৈছে কাগজৰ হাতীলৈ। এই মঞ্চখন নিৰ্বাচনৰ আগতে ভঙা যায় নে পিছত সেয়া দুমাহমানৰ ভিতৰত গম পোৱা যাব।

অখিল গগৈ কিমান প্ৰাসংগিক ?

  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ ৰাজনীতিত অখিল গগৈ নামটো নতুন কথা নহয় ৷ প্ৰায় দুটা দশক জুৰি বিভিন্ন ধৰণেৰে অখিল গগৈ়ৰ নামটো বিভিন্ন ধৰণেৰে সাঙুৰ খাই আছে ৷ এটা সময়ত অসমৰ ৰাজনীতিত বিভিন্ন ধৰণেৰে অখিল গগৈয়ে চৰ্চা লাভ কৰিলেও অখিল গগৈ কেৱল চমক সৃষ্টিকাৰী এক্টিভিষ্টৰ ৰূপতেই বেছিকৈ জনাজাত হব ধৰিলে ৷

আজিৰ অসমৰ ৰাজনৈতিক পৰিস্থিতিয়ে এনেকুৱা এক ৰূপ লৈছেগৈ যে অসমত বিৰোধীৰ শক্তি প্ৰায় শূন্যৰ দৰে ৷ বৰ্তমান দেখা গৈছে বিৰোধীৰ হাতত বিশেষ কোনো এনেকুৱা ইচ্ছ্যু নাই যিয়ে চৰকাৰখনক শলঠেকত পেলাব পাৰে ৷ বিৰোধীৰ হাতত থকা একমাত্ৰ অস্ত্ৰপাত হৈছে “কা” বিৰোধ ৷ কিন্তু ২০১৯ ৰ লোকসভা  নিৰ্বাচনত প্ৰচণ্ড কা বিৰোধীতাৰ মাজতো বিজেপিয়ে উল্লেখযোগ্য সাফল্য দেখুৱাবলৈ সক্ষম হৈছিল ৷
গতিকে বিৰোধী দল সমুহ বিশেষকৈ কংগ্ৰেছৰ দৰে দলক দৰকাৰ হৈছে অখিল গগৈৰ দৰে এক্টিভিষ্টক, যাৰ কান্ধত ভৰষা দি ২০২১ ৰ বৈতৰণি পাৰ কৰাৰ সপোন দেখিছে বিৰোধীয়ে ৷ কিন্তু কথা হল কিমান গ্ৰহণযোগ্য অখিল গগৈ বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ?
যোৱা চাৰিটা বছৰত অখিল গগৈৰ ৰাজনৈতিক অৱস্থা প্ৰায় বিধস্ত  ৷ অসমৰ সকলোৱে আজি জানে অখিল গগৈৰ খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা কিমান আৰু আচল দায়বদ্ধতা কাৰ প্ৰতি ৷ সেইবোৰ আজি অপেন চিক্ৰেট ৷ অখিল গগৈয়েও হয়তো লাহে লাহে বুজি উঠিছে যাৰ ওপৰত ভৰষা কৰি আছে সেইসকলে কিন্তু আচল খেল মানে নিৰ্বাচন আদিত কিন্তু এক মিনিটো নলগাকৈ ভোট কাক দিব নিশ্চিত ( অৱশ্যে কেৱল আন্দোলন কৰি থাকিবলৈ হলে সেইবোৰ চিন্তা নকৰিলেও হয়)  ৷
ইয়াৰ মাজতো  অখিল গগৈ  ৰৈ আছিল অসমৰ কাৰণে আটাইতকৈ চেনচিটিভ ইচ্ছ্যু বিদেশীৰ ইচ্ছ্যুটোলৈ ৷ সুযোগলৈ ৰৈ থাকোতে সঁচাই সুযোগ আহিলো ৷ সেই সুযোগ হৈ আহিল কেব বা তাৰ পাছৰ পৰ্য্যায়ৰ কা যোগেদি  ৷জোৰদাৰ চলিল আৱেগ ঢলাৰ   ৷ বাঁওপন্থীও হৈ পৰিল ৰাতিটোৰ ভিতৰতে উগ্ৰ জাতীয়তাবাদী ( জাতীয়তাবাদী হোৱাটো বেয়া কথা নহয় বাৰু) ৷ কিন্তু আৱেগৰ এই নাটকখন বহুত দিন চলাৰ সুযোগ নাপালে, ইফালে অখিল গগৈ স্বয়ং গ্ৰেপ্তাৰ হব লগা হল ৷
কা ক লৈ চলা আন্দোলনটো যে এক আৱেগ সৃষ্টিকাৰী ভুৱা আন্দোলন আছিল অসমৰ মীনুহে বুজাত খুব সম্ভৱ ভুল কৰা নাছিল, গতিকে আন্দোলনৰ গতি ধীৰ হোৱাই নহয় আন্দোলনটোৰ দুমাহৰ ভিতৰতেই স্তবিৰ হৈ পৰিল ৷ আন্দোলনটো মানুহে পাহৰাই নহয় অখিল গগৈ বোলা মানুহ এজন যে জেলত সোমাই আছে সেইটোতো মা নুহে গুৰুত্ব দিয়া দেখা নগল ৷ আনকি অখিল গগৈৰ নিজৰ সংগঠনটোৱো দিশহাৰা ৷ কেতিয়ীবা আছু কেতিযাবা শিল্পী সমাজে বা অন্য সংগঠনে অখিল গগৈৰ মুক্তিৰ দাবী নকৰাৰ ওপৰত তোলা প্ৰশ্নতেই সীমাবদ্ধ হৈ পৰিল সেই সংগঠনটো৷
কিয় এলাগী হৈ পৰিল অখিল গগৈ?  এই যে অখিলৰ পূৰ্ব বংগীয় মূলৰ মানুহখিনিৰ প্ৰতি থকা দুৰ্বলতা , আৰু সেইয়াই যে অখিলক খিলঞ্জীয়া মানুহখিনৰ পৰা আতৰাই নি কৰবাত পোৱালেগৈ বিভিন্ন পৰ্য্যায়ত  সেইয়া হয়তো অখিলে গগৈয়ে লগতে অখিল গগৈৰ সংগঠনেও  বুজি নাপালে বা বুজিবলৈ  চেষ্টাই নচলালে ৷ তাৰেই প্ৰতিফলন  দেখা গল অখিল গগৈ কাৰাৰুদ্ধ হৈ থকা অৱস্থাটো খিলঞ্জীয়া মানুহখিনিৰ নিৰ্বিকাৰ ভুমিকা দেখি  ৷ যি  অখিল গগৈৰ সমৰ্থনৰ মূল উৎস আছিল অসমৰ গ্ৰাম্য অঞ্চল । সেই গ্ৰাম্য অঞ্চলত  অখিল গগৈৰ শক্তি এতিয়া নোহোৱাৰ দৰেই ৷তাৰ বিপৰীতে এতিয়াও তেখেতৰ কাৰ্য্য পন্থাই চহৰ অঞ্চলৰ বিশেষকৈ নতুন যুৱ চামক আকৰ্ষিত কৰিব পৰা নাই। তাৰ কাৰণ হয়তো কেবাটাও । তাৰে এটা নিশ্চয়- তেখেতৰ নিদিষ্ট কোনো এজেণ্ডা নথকাটো ।
গতিকে এনে এক অৱস্থাত অখিল গগৈক বিকল্প হিচাবে খাৰা কৰিব খোজাটো কিমানদুৰ পৰিপক্কতা সেইয়া সময়েহে কব কিন্তু আজিৰ সময়ৰ হিচাব অখিল গগৈ নিজেই যুঁজি থাকিব লগা হৈছে নিজৰ অস্তিত্বৰ যুঁজ সেইয়া দিনৰ পোহৰৰ দৰেই উজ্বলি আছে!
(অগ্নিভ দত্ত)

অযোধ্যা: হিন্দু-মুছলমান উভয় পক্ষ কেতিয়া বুজাবুজিত উপনিত হৈছিল ?

  • পুলক চৌধুৰী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কেন্দ্ৰত তেতিয়া জনতা দলৰ সংখ্যালঘু চৰকাৰ । কংগ্ৰেছে চৰকাৰক বাহিৰৰ পৰা সমৰ্থন দিছে । প্ৰধানমন্ত্ৰীৰ আসনত চন্দ্ৰ শেখৰ ।  ৰাম মন্দিৰ-বাবৰি মছজিদ বিষয়টো অধিক স্পৰ্শকাতৰ ৰূপ লৈছে ।  উত্তৰ প্ৰদেশৰ মুলায়ম সিং যাদৱ চৰকাৰে ১৯৯০ চনৰ ৩০ অক্টোবৰ আৰু ২ নৱেম্বৰৰ দিনাখন অযোধ্যাৰ ৰাম জন্ম ভুমিৰ প্ৰাংগনত বহু কেইজন  কৰ সেৱকক গুলীয়াই নিহত কৰে । কৰ সেৱকৰ হত্যাই বিষয়টোক নতুন মাত্ৰা প্ৰদান কৰে । এই ঘটনাৰ প্ৰায় এমাহ পিছত প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰে বিশ্ব হিন্দু পৰিষদ , আৰ এছ এছ , বিজেপি , চুন্নী  নেতা সকলৰ লগত আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।  সেই সময়ত ৰাজস্থানৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ভৈৰৱ সিং শেখাৱট আছিল চন্দ্ৰ শেখৰৰ ঘনিষ্ঠ বন্ধু । একে সময়ত মহাৰাষ্ট্ৰৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী শৰদ পাৱাৰ আৰু ভৈৰৱ সিং শেখাৱটক মধ্যস্থতাকাৰী হিচাপে  নিয়োগ কৰে । স্বৰ্ত ৰাখিছিল যে আলোচনা সম্পুৰ্ণ গোপন ৰাখিব লাগিব । মধ্যস্থতা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগত দুই পক্ষৰ লগত প্ৰত্যক্ষ ভাবে প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰে নিজৰ পক্ষ স্পষ্ট কৰে । ১৯৯০ চনৰ ডিচেম্বৰ মাহ । বিশ্ব হিন্দু পৰিষদে গঠন কৰি দিয়া ৰাম জন্ম ভুমি ন্যাস  আৰু মুছলীম পক্ষৰ পৰা বাবৰি মছজিদ এক্সন সমিতিৰ লগত আলোচনা আগবঢ়াবলৈ সিদ্ধান্ত লোৱা হয় ।  পোন প্ৰথমে আমন্ত্ৰণ জনায় হিন্দু পক্ষক । স্থান প্ৰধানমন্ত্ৰী কাৰ্য্যলয় । ডিচেম্বৰৰ শীতে দিল্লী কপায় আছে । কিন্তু প্ৰধান মন্ত্ৰী  কাৰ্য্যলয়ৰ পৰিবেশ তেতিয়া গৰম হৈ আছে । প্ৰধানমন্ত্ৰীৰ লগত আছে কেবিনেট মন্ত্ৰী মুৰাৰকা । হিন্দু পক্ষক যথা স্থানত বহিবলৈ দিয়া হয় ।  আলোচনা আৰম্ভ হ’ল ।
” কওক , কি কৰিম অযোধ্যাত ” , চন্দ্ৰ শেখৰে অতি সাধাৰণ ভাবে প্ৰশ্ন কৰে ।
কি কৰিব !! অযোধ্যাত ৰাম মন্দিৰ আছে আৰু থাকিব ” , এই উত্তৰ দিছিল ন্যাসৰ পদাধিকাৰীয়ে ।
শুনক , মই ইয়াত আপোনালোকক এনে স্ফুৰ্তীত মতা নাই , কথা বিলাক ভালকৈ চিন্তা কৰি কওক , মই দেশৰ প্ৰধানমন্ত্ৰী , কিন্তু  কিমান দিনলৈ এই পদত থাকিম ক’ব নোৱাৰো । কিন্তু এটা কথা থিক যে মই যিদিনালৈ থাকো বাবৰিক কাকো চুব নিদিও । মই ভি পি সিং নহয় , মুখ্যমন্ত্ৰীৰ অনুমতি  কাৰণে মই অপেক্ষা নকৰো । বাবৰিৰ এই চিহ্নক ৰক্ষা কৰিবলৈ গুলী চলোৱাৰ অনুমতি দিবলৈ মই সদায় প্ৰস্তুত । “
ইয়াৰ পিছত মুছলমান পক্ষক আমন্ত্ৰণ কৰে ।  মুছলমান পক্ষক তেওঁ জনায় যে অযোধ্যাৰ বিবাদৰ সমাধান সোনকালে হ’ব লাগে ।  আপোনালোকে সমাধান সুত্ৰ বাহিৰ কৰক , কাৰণ ভাৰতৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰায় ৫ লাখ গাওঁত হিন্দু আৰু মুছলমান একেলগে বাস কৰে । সেয়ে সাম্প্ৰদায়িক সংঘৰ্ষ যদি হয় তেন্তে সেই পৰিস্থিতি আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰে । মই হিন্দু পক্ষক কৈছো যে আপোনালোকৰ বাবৰি ষ্ট্ৰাকচাৰ সম্পুৰ্ণ সুৰক্ষিত কৰি ৰাখিব চৰকাৰে । “
ইয়াৰ পিছতেই আলোচনা আৰম্ভ হয় । পোন্ধৰ বিশদিন পাৰ হৈ গ’ল । কেবিনেট মন্ত্ৰী মুৰাৰকাক সাক্ষাৎ কৰে সেই সময়ৰ ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভৈৰৱ সিং শেখাৱটে । মুৰাৰকাই ব্যক্ত কৰা মতে শেখাৱটে তেওঁক কৈছিল যে  দুয়োটা পক্ষই সমাধান বিচাৰে কিন্তু তেওঁলোকে ভয় কৰে নিজৰ নিজৰ সমৰ্থক সকলক । কাৰণ তেওঁলোকেই বিষয়টোক অধিক স্পৰ্শকাতৰ  কৰি পেলাইছে ।
দুয়ো পক্ষই সিদ্ধান্তত উপনীত হয় । মুছলীম পক্ষই অযোধ্যাৰ বিবাদিত ভুমি  হিন্দু পক্ষক এৰি দিবলৈ প্ৰস্তুত আৰু ইয়াৰ বাবে চৰকাৰে আন ঠাইত ভুমি দিব লাগিব । ইয়াৰ লগতে চৰকাৰে আইন প্ৰস্তুত কৰিব লাগিব যাতে অযোধ্যাৰ পিছত আন যিকোনো ঠাইক লৈ বিবাদ সৃষ্টি কৰিব নোৱাৰিব । ১৯৪৭ চনৰ ১৫ আগষ্টক ভিত্তি বৰ্ষ কৰি এই আইন প্ৰবৰ্তন হ’ব লাগিব । মুছলমান পক্ষৰ এই দাবীক হিন্দু পক্ষই সন্মতি  জনায় ।
১৯৯১ চনৰ জুন মাহ ।  মধ্যস্থতা সম্পুৰ্ণ হোৱাৰ পিছত দুয়োপক্ষক লগত লৈ প্ৰধানমন্ত্ৰী কাৰ্যলয়ত ৰোডমেপ তৈয়াৰ কৰা হয় । ইমান দিনলৈ গোপন হৈ থকা আলোচনাৰ খৱৰ প্ৰধানমন্ত্ৰী কাৰ্যলয়ৰ পৰা বাহিৰলৈ আহে এজন মধ্যস্থতাকাৰীৰ দ্বাৰা । সেই সময়ৰ কংগ্ৰেছী আৰু মুখ্যমন্ত্ৰী শৰদ পাৱাৰে ৰাজীৱ গান্ধীক জনায় যে অযোধ্যা বিবাদ শেষ হোৱাৰ অন্তিম পৰ্যায় পাইছে । লগে লগে  ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰক ফোন কৰে ।
” আপোনাক শুভেচ্ছা জনালোঁ । আপুনি অযোধ্যা বিবাদটোক সমাধান কৰিব পাৰিছে বুলি শুনিছো ।” ৰাজীৱ গান্ধীয়ে মধ্যস্থতা কৰা চৰ্তবোৰ  বিচাৰে আৰু দুদিন পিছত তেওঁক এই বিষয়ে জনাব বুলি কয়। দুদিন পিছত ৰাজীৱ গান্ধীয়ে কিবা উত্তৰ দিলে নে নাই সেই বিষয়ে একো তথ্য নাই । কিন্তু দুই দিন পিছত ২১ জুন ১৯৯১ ত কংগ্ৰেছে চন্দ্ৰ শেখৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে আৰু প্ৰধানমন্ত্ৰী কাৰ্যলয়ত তৈয়াৰ হোৱা অযোধ্যা বিবাদৰ সমাধান সুত্ৰ  কাগজতেই সীমাবদ্ধ থাকি গ’ল ।

২০২১ত আহি আছে দাদাৰ ব্ৰেক ডান্স

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০১৯ত অসমত গেৰুৱাদলে ৯ খন আসন জিকাৰ অন্যতম কাৰণ কি বুলি প্ৰশ্ন কৰিলে আনে কি কয় নাজানো; মোৰ কিন্তু দাদাৰ নাচবোৰলৈ মনত পৰে। হালি-জালি , পৰি- উঠি দাদাই কিমান যে নাচিলে। দাদাৰ মিটিংত সেইকাৰণে হেনো অসম্ভব  ভিৰ হৈছিল। ফ্ৰিটে নাচ শিকিব কাৰ নো মন নাযায়? ২০২১ত পিছে? বহু কৰ্মকৰ্তাৰ গা হেনো পিৰপিৰাই আছে। দাদাই ২০২১তো জানো নাচিব? সেয়েহে দাদাক লগ পাই আমি সুধিয়ে পেলালো।
কতনু ভূঞাঃ ২০১৯ত আপোনাৰ নাচ অতি জনপ্ৰিয় হৈছিল। ২০২১ত আমি আপোনাৰ নাচ দেখিবলৈ পামনে?
দাদাঃ পাব কিন্তু মনে মনে চাব। গগৈ চাৰে গম পালে বি.পি বাঢ়ি যাব পাৰে। এই বয়সত আমাক দেখি তেওঁ নাচিবলৈ গ’লে কিবা অঘটন হ’লে কোন জগৰীয়া হ’ব? তেওঁৰ পুত্রতকৈও মই তেওঁৰ বেছি চিন্তা কৰো।
কতনু ভূঞাঃ যোৱা বাৰৰ নিচিনা একে প্ৰকৃতিৰ নাচ থাকিবনে?
দাদাঃ একে প্ৰকৃতিৰ বুলি নকব ; সেই নাচটোক মই পেতেন্ট কৰি লৈছো। সেইটোক গুগোলত মাৰিলে দাদা নাচ বুলি ওলাব। এইবাৰ অবশ্যে মই অলপ ভেৰিয়েচন আনিম। ঘৰতো সদায় একেবিধ তৰকাৰি খাই বিৰক্তি নালাগে যানো।
কতনু ভূঞাঃ নতুন কিবা নাচৰ অভ্যাস কৰি আছে নেকি?
দাদাঃ মুম্বাইৰ মাৰহা খানৰ পৰা স্কাইপত  শিক্ষা লৈ আছো। পেটটোৱে বিধি পঠালি নিদিলে ২০২১ত মোৰ ব্ৰেক ডেন্স দেখি যাব। চালচা ,ৰোম্বা এইবিলাকো মাথা মাৰিছিলো কিন্তু কৰোণাই চ’ব শেষ কৰি দিলে।
কতনু ভূঞাঃ ২০২১ত নিৰ্বাচনী বক্তৃতাত কি কি থাকিব?
দাদাঃ আপুনিটো জানেই মই ওৱান লাইনাৰৰ বাবে বিখ্যাত। মই বৰ্তমান ট্ৰায়েল কৰি আছো। কেইটামান ইতিমধ্যে মাৰ্কেটত এৰি দিছো। ৰাইজৰ সহাৰি কেনেকুৱা হয় তাৰ ওপৰত সিদ্ধান্ত ল’ম।
কতনু ভূঞাঃ এতিয়ালৈকে কোন কেইটাত ভাল সহাৰি পাইছে।
দাদাঃ আজমল ভৱন, গাধৰ মাংস আৰু গগৈ ছাৰৰ হৰিনাম লোৱাকলৈ ৰাইজ উৎসাহিত। তিনি নম্বৰটোত সিদিনা সাংবাদিক এজন হাঁহি  হাঁহি  বাগৰিয়ে গ’ল। মই বুজিলো মিটিংত ৰাইজে খুৱ তালি মাৰিব।
কতনু ভূঞাঃ আপোনাক এইবাৰ মুখ্যমন্ত্রী পাতিবনে?
দাদাঃ এইবাৰ নাপাতিলে আৰু হিমালয়লৈ যাব লাগিব। কিমান আৰু বোজা টানি থাকিম?
কতনু ভূঞাঃ কেন্দ্ৰীয় নেতৃত্বৰ পৰা কিবা প্ৰতিশ্ৰুতি পাইছে নেকি?
দাদাঃ মোটাভাইক মুখ্যমন্ত্রী কেতিয়া পাতিব বুলি সুধিলেই ঢোকলা, ফাফৰা আদি খুৱাই পঠাই দিয়ে। এইবাৰ ময়ো তিল পিঠা খুৱাই দিম।
কতনু ভূঞাঃ আমি ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে আপুনি অসমৰ ৰাজনীতিত সদায়  থাকে।
দাদাঃ আপোনাৰ এই স্নেহৰ বাবে ধন্যবাদ।
কতনু ভূঞাঃ স্নেহ নহয় ; আপোনাৰ বাবেই আমাৰ ঘৰবোৰ চলি আছে। আপুনি নাথাকিলে দেখো অসমত নিউজেই নোহোৱা হ’ব। চব চেনেল বন্ধ হৈ যাব।
দাদাঃ হৰ ঘড়ী বদল ৰহি হ্যে ৰূপ জিন্দেগী…কল হো না হো।

হালধীয়া সাংবাদিকতাৰ দিন চমু চপাই আনিব পাৰে নিউজ পৰ্টেলে

  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কুলদিপ নায়াৰৰ পৰা অজিত ভুঞা , স্বপন দাসগুপ্তাৰ পৰা কুমাৰ কেটকাৰলৈ ভাৰতৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰায় হাজাৰ জন সাংবাদিকে ৰাজ্যসভাৰ সাংসদ পদত অধিষ্ঠিত হৈছে ।ৰাজ্যসভাৰ এখন আসনৰ বাবে এজন ৰাজনীতি কৰা মানুহে জীৱনত কিমান ত্যাগ কৰিব লগা হয় তাৰ কোনো লেখ নেথাকে । কিন্তু একেই আসন খনত বহু সাংবাদিক বা বুদ্ধিজীৱীয়ে একো বিশেষ কষ্ট নকৰাকৈ সন্মানীয় আসন খন ৰাজনৈতিক দলৰ আশীৰ্বাদত পায় । বিজেপি,অগপ,সমাজবাদী, কংগ্ৰেছ আদি সকলো দলৰ পৰাই বুদ্ধিজীৱী সকলক ৰাজ্যসভালৈ নিয়া হয় । বিজেপিক বিৰোধ কৰি অজিত ভুঞাই আজমল আৰু তৰুণ গগৈৰ হাতত ধৰি ৰাজ্যসভা যোৱাৰ বহু আগতে পাইঅনিয়াৰ কাকতৰ লগত জড়িত চন্দন মিত্ৰই বিজেপিৰ সমৰ্থনত ৰাজ্যসভাৰ সাংসদ হৈছিল । ডাঙৰ ডাঙৰ নিউজ হাউচৰ বুদ্ধিজীৱী সকলে সময়ে সময়ে ৰাজনৈতিক দলৰ সমৰ্থনত ৰাজ্যসভাৰ আসন খন লাভ কৰি আছে । সংবাদ মাধ্যমে নিৰপেক্ষ বুলি দাবী কৰা বাক্যষাৰ ৰাইজে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে । যিটো সময়ত ইনটাৰনেট নাছিল , চ’চিয়েল মিডিয়া নাছিল ,সেই সময়ছোৱাত এখন কাকতে জনমত সৃষ্টি কৰাত বিশেষ ভুমিকা ল’ব পাৰিছিল । পাঠকৰ কাৰণে কাকতত নিবন্ধ লিখা মানুহবোৰৰ কথাবোৰ বেদৰ বানীৰ দৰে আছিল । বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কোনো মাধ্যম উপলব্ধ নাছিল আৰু বুদ্ধিজীৱী সকলৰ ব্যক্তিগত জীৱনৰ বিভিন্ন তথ্যৰ বিষয়ে অৱগত হোৱাৰ সুযোগ নাছিল ।
ৰাজপথৰ আন্দোলনৰ হুংকাৰ দিয়া কাকতৰ সম্পাদকৰ পুত্ৰ দিল্লী , পুনাত পঢ়ি আছিল সেই বাতৰি পাঠকৰ হাতত পৰা নাছিল । দহ হাজাৰ কপি বাতৰি কাকত বিক্ৰি নোহোৱা কাকতৰ সম্পাদকৰ বিলাসী অট্টালিকাৰ ফটো মানুহে দেখা নাছিল , খৱৰ নাছিল সম্পাদকৰ পত্নীয়ে মন্ত্ৰীৰ অনুগ্ৰহত চাকৰি পোৱা জীয়া কাহিনী । ৰাজনৈতিক দলে মিডিয়াক মেনেজ কৰিবলৈ ইচ্ছা কৰাটো স্বাভাবিক আৰু সেই সুবাদতেই মিডিয়াৰ বুধিয়ক মানুহখিনিয়ে মাছৰ তেলেৰে মাছচ ভাজিবলৈ চেষ্টা কৰিবই । আজিৰ দিনটোত অসমত চলি থকা ভালেকেইটা ইলেকট্ৰনিক মিডিয়াৰ লগত ৰাজনৈতিক ব্যক্তি বা দলৰ লগত থকা সম্পৰ্ক দৰ্শকৰ মাজত প্ৰায় স্পষ্ট ৰূপত ধৰা পৰিছে ।
প্ৰায় প্ৰতিটো চেনেলে কেব আন্দোলনৰ সময়ত নাগৰিকত্ব বিধেয়ক খনৰ বাতৰি প্ৰচাৰ কৰোতে বিধেয়ক খনক জাতিধ্বংসী বুলি লেবেল লগায় দিছিল । ধাৰা ৩৭০ ভংগৰ ক্ষোভক একাংশ মৌলবাদী সংগঠনে অসমত একাংশ অসমীয়া ভাষীয়ে কৰা আন্দোলনৰ সুযোগ লৈ মধ্য প্ৰদেশ , দিল্লী , উত্তৰ প্ৰদেশ অশান্ত কৰিলে । অসমত এই আন্দোলনক নেতৃত্ব দিয়া মিডিয়াৰ মানুহ ৰাজ্যসভাৰ সাংসদ হৈ গ’ল । ক’ৰনাৰ সময়ত চলা লকডাউনৰ প্ৰভাবত বহু মেধা সম্পন্ন যুবকে জীবিকাৰ দিশ সলাবলৈ বাধ্য হ’ল আৰু যাত ফলশ্ৰুতিত জন্ম ল’লে অজস্ৰটা নিউজ প’ৰ্টেল । প্ৰতিটা নিউজ পৰ্টেলৰ দৰ্শক সমান নহয় । কিন্তু প্ৰতিটো নিউজ প’ৰ্টেলে সময়ত যিকোনো এটা খৱৰ ভাইৰেল কৰাৰ ক্ষমতা ৰাখে । এতিয়া কিন্তু ৰাজনৈতিক নেতা বা ডাঙৰ ডাঙৰ জাৰ্নেলিষ্ট সকলে নিউজ পৰ্টেল বিলাকৰ দায়িত্ব বোধ আৰু নিউজৰ গুণগত মাণদণ্ডক প্ৰশ্ন কৰিব । যিসকলে প্ৰশ্ন কৰিব সেই সকল জানো ধোৱা তুলসীৰ পাত ? চেনেলত বহি মানুহক প্ৰৰোচনা কৰি ষ্টুডিঅৰ পৰা সংসদ পোৱা চেনেলৰ সাংবাদিক অসমৰ ৰাইজে দেখিছে , ৰাইজে দেখিছে নেতাৰ দল পৰিৱৰ্তন হোৱাৰ পিছত নেতাৰ পত্নীৰ মালিকাধীন চেনেলৰ বাতৰিৰ কন্টেন্ট সলনি হোৱা , গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি দাবী নিউজ এংকৰে গণতান্ত্ৰীক নিয়মত আইনলৈ ৰূপান্তৰ হোৱা নাগৰিকত্ব আইনক বিৰোধ কৰা ইত্যাদি । নিউজ চেনেল ৫-৬ টাত সীমাবদ্ধ থকা ( বাতৰি কাকতক বাদ দিয়া হৈছে , কাৰণ অসমীয়া বাতৰি কাকতৰ প্ৰচলন এতিয়া অতি নগণ্য) অসমত এতিয়া পাঁচশৰ পৰা হাজাৰটা নিউজ পৰ্টেল আছে । সেয়ে হাজাৰটা পৰ্টেলক মেনেজ কৰিবলৈ ৰাজনৈতিক নেতা সক্ষম নহয় আৰু দুৰ্ণীতি পৰায়ন ব্যক্তি সকলেও হাজাৰটা পৰ্টেলক মেনেজ কৰিব নোৱাৰে । দুটা পৰ্টেল যদি মেনেজো হৈ যায় তেন্তে বাকী ৯৯৮ টা মেনেজ নোহোৱাকৈ থাকি যাব । যাৰ ফলশ্ৰুতিত মেনেজ কৰাৰ ফল শুন্য প্ৰমানিত হ’ব । অসমত আৰু অধিক নিউজ পৰ্টেলৰ প্ৰয়োজনীয়া আছে ।
হালধীয়া সাংবাদিকতা একমাত্ৰ চাকৰি , পদৱী, ঠিকা আদিতেই সীমাবদ্ধ নেথাকে । বহু সময়ত এই ধৰণৰ সাংবাদিকতাক হাথিয়াৰ কৰি লয় ৰাষ্ট্ৰ বিৰোধী চক্ৰই । দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বক ক্ষতি কৰা সাংবাদিকতা কোনো ক্ষেত্ৰতেই সহজ ভাবে লোৱা উচিত নহয় ।